Written by sdblogs2011 8:37 pm Poems

মোৰ প্ৰশ্ন আপুনি

ঋষভ নাথ

কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত

আৰু সিপিনৰ সেঙেটা আন্ধাৰত

বতাহৰ চপৰা পিটিকি হাতবোৰ

তাত, ঠিক স্থৱিৰতাত।

জুয়ে চোবাই চুহি শুহি

শৰীৰৰ তেজ-মঙহ খালেও

হাতেৰে ধোঁৱা ঢুকি পাব নোৱাৰি

তাত বাৰু মোৰ কোনো সন্দেহ নাই

বিশ্বাসো অটুট আপোনাৰ মহানতাত

মইহে পঢ়ি উলিয়াবলৈ অপাৰগ

কেনেকৈ মান্ধাতা পুস্তকৰ পোক

আজিও আছে জী আৰু শূন্যতাই

শিপাক দি আছে পুষ্টি ভিতৰি ভিতৰি

বিৱৰ্তিত টোপ বিপ্লৱৰ প্ৰকোপ

সকলো নেতি নেওচি

মনুষ্য মগজু এনে কি সাৰ-পানী

যে সূৰ্য ছানি সৰাপাত বাহিনী

ভেকুলীৰ টোৰটোৰণিত

কি অৰ্থ কিয় কেতিয়া ইংগিত ব্যৰ্থ

সেই জ্ঞানৰ লাড়ুও বাৰু পাব নোৱাৰোঁ

বিশ্বাস মজবুত আপোনাৰ পাণ্ডিত্যত

পৈত্রিক লাখুটিত অস্পৃশ্য-তেজ সানি

বাটে-পদূলিয়ে গোনা মগনীয়াৰ লানি

টিকনিয়ে চিয়াঁহীৰে বান্ধি থয় সময়

মেঘাচ্ছন্ন চকুবোৰৰ টোপাল সৰি পৰি

তিলতিলকৈ মৰুময় স্বপ্নৰ ৰাজধানী

গাধৰ ছালত অবাধ বাঘৰ ৰং

অথচ সম্ভূ ত্যাগী জ্ঞানী

আশীৰ্ৱাদ ভংগীত

উন্মুক্ত পঞ্চশূল

আপোনাক স্থিতিত থৈ মোৰ স্মৃতি নাই

বিশ্বাসো অটল আপোনাৰ ক্ষমতাত

তেতিয়া গংগাত জুবুৰিয়াই যেতিয়া

ঘঁৰিয়ালক জামুৰঙী আমঠু দিলোঁ

দিন-দুপৰতে টহলদাৰীৰ কুকুৰে

টানি-আঁজুৰি খালে মোৰ মাতটো

আপোনাৰ দৌৰত তেজৰ দাগ পাই

আৰু নাই ইয়াত মোৰ উপযোগী উত্তৰ

চুঙা চাই কথাৰ সোপা আপুনিয়েই দিয়ক

শুনোতাই শুনক যদি কোনোবা অনিচ্ছুক

সি নিজকে বধিৰ-ভূমিলৈ দাঙি নিয়ক

সোধা মানে আপোনাৰ সময় অপব্যয়

হয়, সেইকাৰণে মুখত সমাধিস্থ

মোৰ প্ৰশ্নটো আপুনি।

—- 

ঠিকনা :

বাপুজীনগৰ, ৱাৰ্ড নং ১৬

ডাকঘৰ আৰু জিলা–গোৱালপাৰা

সূচাংক-৭৮৩১০১

ভ্ৰাম্যভাষ-৯৮৫৯৯৭৬৬৪৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close