Written by sdblogs2011 9:14 pm Poems

মোৰ জন্মৰ পাছৰখিনি

ৰেমী শৰ্মা 

পুৱাই

গাড়ীয়ে খুন্দিওৱা কুকুৰটোৰ ওপৰেদি 

দিনটোৰ গাড়ীবোৰ চলি থাকিল

মৰিল জী উঠিল 

আকৌ মৰিল । তাৰ পাছত 

চকাৰ তলত মৰিল হাজাৰ বাৰ

ৰাতি সপোনত সি মোৰ ওচৰলৈ আহি 

নেজডালেৰে চুই দিলে 

মোৰ গাত তেতিয়াহে তৎ আহিল

অঃ মোৰ দেখোন জন্মই হোৱা নাই আজিলৈকে

ইমান যন্ত্ৰণাত শুই থাকিব জানো পাৰি

বা জন্ম হ’ব?

মই আৰু কুকুৰটো একেলগে ওলাই গ’লোঁ

ইমান দীঘলীয়া সময় ধৰি ধৈৰ্য ধৰাটো 

অপেক্ষা হ’ব নোৱাৰে 

এই যেন ব’ডলেয়াৰে এঙামুৰি দি উঠি আহিব

ইণ্টেৰিঅ’ৰ অব্ মাই ষ্টুডিঅ’ৰ পৰা

সেইদিনাই আমি  তাৰ দুৱাৰমুখত ৰৈ আছিলোঁ

একেলগে সাৰ পাম 

এটা ফ্ৰে’মত 

ভগাই ল’ম এখন ছবি

আমৃত্যু

Visited 3 times, 1 visit(s) today
Website |  + posts
Close