Written by sdblogs2011 4:54 am Poems

মোৰ ছাঁ

হৰেকৃষ্ণ ডেকা

মোৰ ছাঁ এটা আচৰিত বস্তু

ই অশৰীৰী কিন্তু বিদ্যমান ৷

ই মই নহয় কিন্তু ইয়াক মই অস্বীকাৰ কৰিব নোৱাৰোঁ ৷

ই পোহৰ ভাল পায় কিন্তু নিজে পোহৰহীন হয় ৷

ই আকাৰ সলনি কৰে ৷

কেতিয়াবা মোৰ সমুখত ওলায়,

কেতিয়াবা মোৰ পিছফালে, আৰু কেতিয়াবা

 গা’ৰ দাঁতিত কোনোবা এটা ফালে ৷

ই মোৰ ভিতৰতে লুকায় কিন্তু মোৰ মাজত ইয়াক

বিচাৰি নাপাওঁ ৷

কোনোবাই কৈছিল, ভুতৰহে ছাঁ নাথাকে

কিন্তু ভুত নিজেই কোনোবা ভূতপূর্ব শৰীৰৰ ছাঁ ৷

ছাঁৰ বিষয়ে বিজ্ঞানৰ সহজ ব্যাখ্যা আছে

কিন্তু দর্শনে দীঘলীয়া ন্যয়-যুক্তিত নামে ৷

এই বিষয়ত মোৰ মনত পৰি গৈছে

প্লেটো’ৰ গুহাৰ উপকথাটোৰ কথা ৷

মই দাবী কৰিব পাৰোঁ যে মোৰ শৰীৰৰহে কেৱল ছাঁ আছে

আৰু মোৰ মন ছাঁ-মুক্ত ৷

কিন্তু ছাঁ মোৰ মনৰ উৎকণ্ঠা, নিৰাপত্তাহীনতা,

সন্দেহ আৰু উদ্বিগ্নতাৰ উৎপ্রেক্ষা ৷

যিহেতু ছাঁৰ আকাৰ সলনি হৈ থাকে

মোৰ চঞ্চলতাকো কোনোৱাই ছাঁৰ সতে ৰিজাব পাৰে ৷

মোৰ ছাঁটো কোনোৱে কাটিব নোৱাৰে, আৰু মই

মোৰ ছাঁটোৰ দৰেই অভেদ্য হ’ব খোজোঁ ৷

এটা দিন আহিব যিদিনা মোৰ ছাঁ আৰু মই

একে হৈ যাম ৷ আৰু তেতিয়াহে মই অভেদ্য হ’ম ৷

সেইদিনা কেৱল মৰণহে মোৰ গৰাকী হ’ব ৷

মৃত্যুৰ ধাৰণাই মোক মনত পেলাই দিয়ে

সি মোৰ পৰম ছাঁ আৰু সিয়েই মোৰ আজীৱন

অস্ত্বিত্বৰ তুড়ীয় সূচক ৷<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close