Written by sdblogs2011 4:53 am Poems

মোক্ষণাৰ নামত

 অনুভৱ তুলসী

সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ

গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ

তোমাৰ অচেতনৰ আন্ধাৰ গলিত চৰি ফুৰা নিজান বতৰৰ বতৰা

মই বহু আগতীয়াকৈ পাওঁ

গাত লোৱা গামোচাৰ দীঘ-বাণিৰ সূতা আৰু আঁচুৰ ৰৈ-ৰমলি পাৰ হৈ

উৰা মাৰিবৰ পৰত তোমাৰ দুই কলাফুল বতাহত দোলে কেনেকৈ

স্তনৰ মুখৰ মড়লৰ ৰং-বৰণ মোৰ তন্ময়তাৰ কানসমনীয়া

যাওঁ নাযাওঁকৈ ৰৈ থকা বাটৰ দাঁতিত দোঁ খাই ধেনুভিৰীয়া হোৱা

চেলাউৰিৰ ওচৰত

হাত যোৰ কৰি আঁঠু লৈ মোৰ কাতৰ জিজ্ঞাসা

টুলুঙা নাওখন বাই

সেয়া কোন উজাই যায়

নীলদৰিয়াৰ আদিমূললৈ

ললিতা, সিন্ধুৰ সিপাৰৰ সকলো সভ্যতাৰ খুঁতি-নাতিৰ আভাসেৰে

তোমাৰ চকুৰ জেউতি

সেয়ে তুমি অজন্মা চিলনীৰ জীয়েকৰ সাধুও জানা

ডাঙৰ ডেউকাৰ চৰায়ে দিনত নেদেখা তৰাৰ সতে কি কথা পাতে

সেই কথাৰ পৰম বাঙ্ময় ধ্বনি-প্রতিধ্বনি

আৰু নীৰৱতাৰ ইপাৰ-সিপাৰৰ নুশুনা ৰৱ

আৰু বহু দূৰ সুদূৰৰ দেশ-দুনিয়াৰ কথা জানিবলৈ

হাত যোৰ কৰি আঁঠু লৈ মোৰ কাতৰ জিজ্ঞাসা

টুলুঙা নাওখন বাই

সেয়া কোন উজাই যায়

নীলদৰিয়াৰ আদিমূললৈ

কান্তা, কিবাকৈ তোমাৰ অজনাখিনিও মই জানো

বুকুৰ ধপ্‌ধপনিৰ মৰ্মলৈ মইহে সোমাব পাৰোঁ

বানান কৰি পঢ়ি থাকোঁ তোমাৰ নৈপৰীয়া পুলি-পোখা

যি আখৰ ঠন ধৰি হয়গৈ তোমাৰ চেতনাৰ লাহী ধান

সিৰা-ধমনীৰ বোৱতী তেজ কোন সাগৰত পৰেগৈ

নেদেখা ভূগোলৰ অলীক আকাশৰ চিত্ৰ চিনিবই লাগে

হাত যোৰ কৰি আঁঠু লৈ মোৰ কাতৰ জিজ্ঞাসা

টুলুঙা নাওখন বাই

সেয়া কোন উজাই যায়

নীলদৰিয়াৰ আদিমূললৈ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close