Written by sdblogs2011 8:04 am Poems

মূল কবিতা : The Hollow Men (ৰচনাকাল : ১৯২৫)

কবি :

 টি. এছ. এলিয়টঅনুবাদ : 

° দীপশিখা ভাগৱতী 

ৰিক্ত মানুহ

বৃদ্ধ জনৰ বাবে একড়ি

(১)    

শুকান তৃণৰে পূৰ্ণ কৰি শিৰসজ্জা, সমগ্ৰতাৰে হাওলি পৰা,

আমি ৰিক্ত মানুহ, আমি অসাৰ মানুহ৷ অস্! নিৰ্জৰ কণ্ঠৰ বৃন্দগীত যেন

এই দুৰ্বল কোলাহল, যেন আৰৈয়া ঘাঁহত বতাহৰ সমদল,

বিদীৰ্ণ স্ফটিকত মুষিকৰ হিলদল৷

আমাৰ শুকান পাতালগৃহত

বিন্যাসবৰ্জিত দেহাৱয়ব, বৰ্ণহীন ছায়া,

অচল শকতি, নিৰুত্তাপ অংগভংগী,

সৰল দৃষ্টিৰে যি পাৰ হৈ গ’ল

মৃত্যুৰ ভিন্ন সাম্ৰাজ্যলৈ,

আমাক মনত ৰাখিবা—

হেৰাই যোৱা উন্মত্ত আত্মাৰ দৰে নহয়,

মাথোঁ ৰিক্ত মানুহৰ দৰে, অসাৰ মানুহৰ দৰে৷

(২)

মৃত্যুৰ স্বপ্নভোৰ সাম্ৰাজ্যত,

যি দুনয়নক মই সাক্ষাৎ কৰাৰ সাহস সাঁচিব নোৱাৰিলোঁ

সি আৰু এতিয়া উভতি নাহে,

তাত, সেই চকুযুৰি এক স্তম্ভৰ ঊৰ্ধ্বৰ সূৰ্যৰ পোহৰ,

তাত, এজোপা গছৰ বিষণ্ণ দোলনি,

আৰু মৰুৎ গীতত কন্ঠবোৰ হৈ পৰে নিলগৰ, অধিক শোকাৰ্ত

এক জীৰ্ণ নক্ষত্ৰতকৈও৷

মৰণৰ স্বপ্ন সাম্ৰাজ্যত মই যেন আৰু নিবিড় নহওঁ

যেন পিন্ধি লওঁ এনে স্বতঃস্ফূৰ্ত গুপ্তবেশ

এন্দুৰৰ চোলা, বায়সৰ ছাল৷

তিৰ্যক লগুড়,

কাষ চাপি নহা বতাহৰ দৰে বিচ্ছিন্ন আচৰ,

নহয় সেই অন্তিম সংযোগ সান্ধ্য সাম্ৰাজ্যৰ৷

(৩)

এয়া মৃত পৃথিৱী

কেকটাছৰ পৃথিৱী

ইয়াত উত্থিত হয় প্ৰস্তৰ প্ৰতিচ্ছায়া,

স্বীকাৰ কৰে মৃতকৰ হাতৰ আৰাধনা

গধূলিৰ এক বিবৰ্ণ তৰাৰ তলত৷

এয়া একেইনে

মৃত্যুৰ আন এক জগততো

নিঃসংগ হৈ খোজ দিয়াৰ দৰে,

কোমলতা হৈ যেতিয়া কঁপি উঠোঁ সেই নিৰ্ঘণ্টত

চুম্বন আকুল ওঁঠে প্ৰাৰ্থনাক পৰিণত কৰে ভগ্ন শিলাখণ্ডত৷

(৪)

চকুবোৰ ইয়াত নাই

ইয়াত নাই সেই নয়নতৰাৰ পোহৰ

মৃত্যুমুখী নক্ষত্ৰৰ এই উপত্যকাত

এই শূন্যগৰ্ভ সমভূমিত

আমাৰ হেৰোৱা সাম্ৰাজ্যৰ এই অধঃহনুত

সাক্ষাতৰ এই অন্তিম স্থলীত

আমি খেপিয়াই ফুৰোঁ, আৰু উপেক্ষা কৰোঁ

স্ফীত নদীৰ মোহনাই জুকিয়াই থোৱা বহু কথা৷

দৃষ্টিনিৰ্জন মৰণৰ সান্ধ্য নগৰীত

চকুবোৰ বহুভাষী গোলাপ হৈ

সনাতন তৰা হৈ ঘূৰি নহালৈকে

আশা মাথোন

উদং মানুহৰ৷

(৫)

কণ্টকময় ফলৰ দাঁতিয়ে দাঁতিয়ে

আমাৰ আৱৰ্তন

কাঁইটীয়া ফল

কাঁইটীয়া ফল

প্ৰভাতৰ পঞ্চবাদনত

অমূৰ্ত কল্পনা আৰু পৰমৰ অন্তৰত

কৃত কৰ্ম আৰু স্পন্দনৰ মাজত

সৰি পৰে ছাঁ

তোমাৰ বাবেই এই সাম্ৰাজ্য

ধৃতি আৰু সৃষ্টিৰ অন্তৰত

আৱেগ আৰু সঁহাৰিৰ মাজত

সৰি পৰে ছাঁ

জীৱন সুদীৰ্ঘ যাত্ৰা

আকাংক্ষা আৰু অঙ্গগ্ৰহৰ অন্তৰত

অস্তিত্ব আৰু শক্তিমত্তাৰ মাজত

আৰক আৰু অৱৰোহণৰ অন্তৰত

সৰি পৰে ছাঁ

তোমাৰ বাবেই এই সাম্ৰাজ্য

তোমাৰ বাবেই আয়ু

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close