Written by sdblogs2011 3:54 pm Poems

মূঢ়মতি

ধীমান বৰ্মন

দুটা শাৰীৰ মাজৰ শূন্যতাক

পঢ়িবলৈ নিশিকিলোঁ

আমি মূঢ়মতি

নাজানো ভকতি

আমি কি মূঢ়মতি?

সঁচাই নাজানো ভকতি?

আমি পঢ়িলোঁ

ক’লা আৰু বগা ছাগলীয়ে

একেলগে ঘাঁহ খাই থকা এখন পথাৰ

পথাৰৰ সজন কাঁটাৰ সৰু সৰু জেং

সৰি থকা

কুঁহি এখিলা  আৰু বুঢ়াপাত এটাৰ মাজৰ

যৎকিঞ্চিত ঘাঁহ

ভকতি কৰিবলৈ শকতি নাই

শকতিত থাকিবনে ভকতি??

তথাপি

আমি যে মূঢ়মতি

দীঘল দীঘল শাৰী

মাজৰ খালী ঠাইহে পঢ়িব নোৱাৰি

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close