Written by sdblogs2011 12:44 pm Poems

মুনি

দ্বীপৰাজ

ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা

ধোঁৱাবৰণীয়া বৰ্ণ এটা

তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই

আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক

|

– এইটো ক!

মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ সিপাৰে

ধেনুভেৰীয়া নৈ খনত

গাৰ চেঙেলীয়া গোন্ধটো পমি

মাছৰ ফুলত লাগি ৰৈছিল উশাহৰ আখৰ ৷

মাতিছিলনে তেতিয়া ৰৈ ৰৈ ভাঙি যোৱা মাতৰ ফুকলীয়া

পখীটোৱে? কি এক এন্ধাৰ ৰাতি হাফপেণ্টৰ জেপত

সোমাইছিলহি জোনাকী পৰুৱা এটা!

– কাগজৰ ক’লাত মুনিক বিচাৰি ফুৰোঁতে অলপ

আগতে প্ৰেয়সীক এইখিনি কৈ আছিলোঁ৷

আন্ধাৰ-মুন্ধাৰ ঘৰটোত পৰক বুলিয়েই পোহৰ

কবিতা মাতি আছিলোঁ। বাঢ়ক বুলিয়েই মৰম গোলাপী

জামুত বিচাৰি আছিলো – ওলমি থকা লাজ

উশাহত থকা শব্দবোৰত এই যেন সুমথিৰা সুগন্ধি!

আজি বতৰ গোমা- আহাঁ কবিতা পঢ়োঁ

আইক মনত পেলাই নদীৰ গৰাত বহি চাম তিলফুল ৷

ভ্ৰাম্যভাষ : ৮৬৩৮১৪৭৫১৮

Visited 3 times, 1 visit(s) today
Website |  + posts
Close