Written by sdblogs2011 7:37 am Poems

মুখৰোচক খবৰবোৰ

পূবালী বৰুৱা শৰ্মা

অঘৰী বতাহজাকে

লৰি- ঢাপৰি আহি

ঠায়ে ঠায়ে

ঘূৰ্ণিৰ ৰূপ লৈছে৷

ইতিমধ্যে

ধোঁৱাচাঙত উঠা

বিয়নী-মেলৰ ফুচফুচনিবোৰ

বিভিন্ন ‘চেনেলে’

সিৰ ফুলাই

পৰিৱেশন কৰিছে ।

অৰ্ধনগ্ন ‘ৰীল’বোৰ

‘ছাবস্ক্ৰাইবাৰে’ৰে ভৰি পৰাত

সমৃদ্ধ হৈ উঠিছে দেশ ।

এতিয়া

হাজাৰ বানপানীত

দৈৱাসন তল নাযাওক

কাৰো কাণৰ কণামাকৰি নলৰে ,

যিমান লৰাব পাৰে

মুখৰোচক এটা ঘৰুৱা খবৰে।

***

ঠিকনা :

পূবালী বৰুৱা শৰ্মা

ডাক- তেজপুৰ

মুঢ়াতেঁতেলী ‘চন্দ্ৰালয়’

জিলা- শোণিতপুৰ

ফোন- ৮০১১১২৩৫৫৬

Visited 2 times, 1 visit(s) today
Website |  + posts
Close