Written by sdblogs2011 1:09 pm Poems

মুখা

ড° চিত্ৰজিৎ শইকীয়া

দেখা আৰু নেদেখা অনেক মুখা

মুখাৰ অন্তৰালতো আন এক মুখা

সবাক মুখক নিৰ্বাক কৰিবলৈ মুখা লাগে

নিজক সুৰক্ষিত স্থানত ৰাখিবলৈয়ো লাগে

একোখন মুখা

মুখা সুৰক্ষা

মুখা অস্ত্ৰ

সকলোৱেই মুখা পিন্ধে

কিছু দেখি কিছু নেদেখি

মুখা পিন্ধাটোও এক কৌশল

মুখাই সত্যক অসত্য কৰে

আৰু অসত্যক সত্য

মুখাপিন্ধাৰ প্ৰতিযোগিতাই সমাজখনক মুখৰ কৰি ৰাখে

মুখাপিন্ধাৰ সমদলে সমাজলৈ ক্ৰান্তি আনে

মুখাপিন্ধি শ্লোগান দিবলৈ ভাল

মুখাপিন্ধাই সলনি কৰে কাল

মুখাধাৰীয়ে সমাজক দিয়ে নেতৃত্ব

আনকো প্ৰৰোচিত কৰে একোখন মুখা পিন্ধিবলৈ

মুখ থকালৈকে মুখাৰ অস্তিত্ব বৰ্তি থাকে

মুখা খোল খোৱাৰ ভয়ত মুখবোৰ সচেতন হৈ ৰয়

ক্ৰমশঃ

মুখে মুখাক সুৰক্ষা দিয়ে

ঠিকনা:

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,

দুলীয়াজান মহাবিদ্যালয়, দুলীয়াজান-৭৮৬৬০২

ভ্ৰাম্যভাষ – ৭০০২৪৮৪৫২২

ই-মেইল – chitrajitsaikia@gmail.com

Visited 4 times, 1 visit(s) today
Website |  + posts
Close