Written by sdblogs2011 7:38 pm Poems

“মুংখ”ৰ চিঞৰটোৱে

 জোনমণি দাস

“মুংখ”ৰ চিঞৰটোৱে মুখ মেলি খেদে–

ঘোলা কণীৰ চোকোৰা ভাঙি

ওপজে মৃত্যু

তিয়নি সলাই তৰাবোৰ নামে পানীত

আখলৰ জুয়ে বেৰ বগাই আটাল চোৱে

এলান্ধুৰ এন্ধাৰত মই বহি থাকোঁ

যুগসন্ধিত জৰাগ্ৰস্ত সময়

মৃত্যুৱে মোক ৰিঙিয়াই সোধে :

ছিটিকাত পৰা চৰাইৰ আছুতীয়া আকাশ থাকেনে?

খিৰিকিৰে সদায় দেখা আকাশ

আৰু উৰি উৰি অনন্তত হেৰাই যোৱা সৰু চৰাইটো

মোৰ চাৱনিয়ে চুবগৈ নোৱাৰে

অশ্ৰুৰো অন্তিম আশ্ৰয় আছে হাতৰ তলুৱাত

Visited 2 times, 1 visit(s) today
Website |  + posts
Close