মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰ
অনুবাদ : ড° ৰমেন ঠাকুৰীয়া

মিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি আঁকে৷ পদুম ফুল, মানুহ, ৰজা-ৰাণী— কত কি যে ছবি! সকলোৱে তাৰ ছবি চাই প্ৰশংসা কৰে৷
মিণ্টুৱেও এদিন ককায়েকে অঁকা ছবিৰ বহীখনৰ পৰা পাত এখিলা লৈ ছবি এখন আঁকি পেলালে৷ ছবিৰ বিষয় হ’ল— মাকে তাৰ সৰু ভনীয়েক মিনুক গাখীৰ খুৱাই আছে৷ ছবিখন আঁকি লৈ সি মাকক দেখুৱাবলৈ গ’ল৷ সেই সময়ত মাকে ওচৰৰে বুঢ়ী আইতাকৰ লগত কথা পাতি আছিল৷ মিণ্টুৱে ছবিখন নি মাকৰ হাতত দিলে৷
মিণ্টুৰ ছবিখন চাই মাকে ক’লে— ‘‘এই কাগজখন আৰু কলম তই ক’ত পালি? নিশ্চয় ৰঞ্জনৰেই হ’ব?’’ মিণ্টুৱে ক’লে— ‘‘ছবিখন কেনে হৈছে কোৱানা মা৷ কোৱানা৷’’
— ‘‘তই ৰঞ্জনৰ দৰকাৰী কাগজ নষ্ট কৰিছ?’’
— ‘‘নষ্ট কৰিলোঁ বাৰু, কিন্তু ছবি আঁকিছোঁ চোৱাচোন৷ সুন্দৰ হৈছেনে?’’
‘‘তোৰ মূৰটো হৈছে৷ এইবোৰ ভূতৰ ছবি আঁকিছ তই৷ ককায়েৰা আহি তাৰ কাগজ আৰু কলম লোৱা কাৰণে তোক ভালকৈ মজা এপালি দিব৷’’
মিণ্টুৰ ছবিখন নোচোৱাকৈয়ে বাৰে বাৰে তাক ককায়েকৰ ভয় দেখুৱাওৱা কাৰণে তাৰো খং উঠি গ’ল৷
মাকৰ ওচৰতে বহি থকা আইতাকে এইবাৰ ক’লে— ‘‘আহ্-হা কিয়নো তাক এনেকৈ বকিছ? সিনো কি জানে? চাচোন তাৰ মুখখন কেনে ক’লা পৰি গৈছে!’’
মিণ্টুৱে কান্দো কান্দোকৈ তাৰ টেবুললৈ ঘূৰি আহিল৷ চকীত বহি সি ভাবিলে— ইমান সুন্দৰ ছবিখন বাৰু মাই কিয় ভূতৰ দৰে হোৱা বুলি ক’লে৷ ভূতবোৰ বাৰু দেখিবলৈ এনেকুৱাই নেকি? ককায়েকে আঁকি বেৰত আঁৰি থৈ দিয়া ছবিবোৰ চাই মিণ্টুৱে তাকেই ভাবিবলৈ ধৰিলে৷
মিণ্টুহঁতৰ ঘৰৰ গাতে লাগি আছে পিনাকিহঁতৰ ঘৰ৷ পিনাকিক সি বাইদেউ বুলি মাতে৷ পিনাকিৰ পৰীক্ষা৷ তাই এইকেইদিন দিন-ৰাতি পঢ়াতে ব্যস্ত হৈ আছে৷ মিণ্টু সিহঁতৰ ঘৰলৈ গৈ সি অঁকা ছবিখন পিনাকিয়ে পঢ়ি থকা কিতাপখনৰ ওপৰতে ৰাখি দিলে৷ তাকে দেখি পিনাকিৰ খং উঠি গ’ল৷ তাই বিৰক্তিৰে ক’লে— ‘‘কি হ’ল? নিজেও নপঢ়া আৰু মোকো পঢ়াত দিগদাৰি কৰিবলৈ আহিছা৷’’
— ‘‘পিনাকি বা চোৱানা।’’
— ‘‘কি চাব লাগে?’’
— ‘‘মোৰ ছবিখন কেনে হৈছে কোৱা?’’
মিণ্টুৱে জোৰ দি ধৰিলে৷
‘‘একেবাৰে বান্দৰ হৈছে৷ এতিয়া ইয়াৰ পৰা যা৷’’ — এই বুলি মিণ্টুৰ ছবিখন মাটিত পেলাই দি পিনাকি পঢ়াত লাগিল— ‘‘দূষিত পানী সেৱন কৰিলে টাইফয়েড, কৃমি, নানান ৰোগ হ’ব পাৰে৷’’
ছবিখন বুটলি লৈ মিণ্টুৱৈ ভাবিবলৈ ধৰিলে৷ ছবিখন ইমান বেয়া হৈছেনে? মাকে ক’লে ভূতৰ দৰে হোৱা বুলি, পিনাকি বায়েকে ক’লে বান্দৰৰ দৰে হোৱা বুলি। বান্দৰৰ দৰে যে হোৱা নাই, সেইটো সি ভালকৈয়ে জানে৷ কাৰণ সিহঁতৰ ঘৰৰ কাষতে থকা পাণদোকানীজনৰো এটা বান্দৰ আছে, আৰু সি বান্দৰনাচ দেখুওৱা বান্দৰ দেখিছে, চিৰিয়াখানাৰ বান্দৰো দেখিছে৷ সেইবোৰৰ কাৰো লগতে তাৰ ছবিখনৰ মিল নাই৷ কিন্তু ছবিখনত এয়া যে তাৰ মাক, ভনীয়েক মিনু কোনেও বাৰু কিয় বুজি নাপায়৷
সেই দিনা আছিল দেওবাৰ৷ দেউতাকৰ অফিচ বন্ধ৷ ঘৰতে আছে৷ মিণ্টু দেউতাকৰ কাষ চাপিল। সি জানে, দেউতাকেহে তাক ভাল পায়৷ সি জানিব বিচৰা সকলো প্ৰশ্নৰ উত্তৰ দেউতাকেহে দিব পাৰে৷ অৱশ্যে তাৰ প্ৰশ্ন শুনি দেউতাকৰো কেতিয়াবা খোকোজা লাগে৷ কিন্তু দেউতাকে যিমান দূৰ সম্ভৱ তাৰ কথাবোৰ শুনিবলৈ যত্ন কৰে৷ দেউতাকৰ কাষ চাপি গৈ সি দেখিলে, দেউতাকে মস্ত কিতাপ এখন পঢ়ি আছে৷ মিণ্টুৱে মাত লগালে— ‘‘দেউতা৷’’ দেউতাকে কিতাপৰ পৰা চকু নোতোলাকৈ ক’লে— ‘‘হুঁ’’৷ মিণ্টুৱে তাৰ ছবিখন দেউতাকৰ কিতাপখনৰ ওপৰত থৈ ক’লে— ‘‘দেউতা, কোৱাচোন মোৰ ছবিখন কেনে লাগিছে?’’
— ‘‘ছবি? কোনে আঁকিলে?’’
— ‘‘মই আঁকিছোঁ দেউতা৷’’
দেউতাকৰ মুখত হাঁহি এটা ফুটি উঠিল৷ মিণ্টুৰ মনটো ভাল লাগি গ’ল৷ দেউতাকে সুধিলে— ‘‘এইখন কিহৰ ছবি?’’
দেউতাকৰ কথাত মিণ্টু উৎসাহিত হৈ উঠিল৷ সি ক’লে— ‘‘এয়া মা, এইজনী মিনু৷ মায়ে মিনুক গাখীৰ খুৱাই আছে৷’’
মিণ্টুৰ ছবিৰ কথা শুনি দেউতাকে এইবাৰ জোৰকৈ হাঁহি মাৰি ক’লে— ‘‘পিছে গাখীৰৰ বাটি ক’ত?’’
দেউতাকৰ কথা শুনিহে মিণ্টুৰ মনত পৰিল— এৰা সিচোন গাখীৰৰ বাটিটো আঁকিবলৈকে পাহৰি থাকিল৷ মিণ্টুৱে ইফালে-সিফালে চাই দেউতাকৰ টেবুলত পেঞ্চিল এডাল দেখি লৈ আহিল আৰু মাকৰ হাতত গাখীৰৰ বাটি এটা আঁকি দিলে৷ দেউতাকে এইবাৰ ছবিখন উৰাই-ঘূৰাই চাই তাক ক’লে— ‘‘মাৰাক দেখুওৱাগৈ যোৱা৷’’
‘‘মাক দেখুৱাইছিলোঁ, মাই ক’লে ভূতৰ দৰে হোৱা বুলি, পিনাকি বাক দেখুওৱাত ক’লে বান্দৰৰ ছবি হোৱা বুলি৷ কেনেকুৱা হৈছে তুমি কোৱানা দেউতা৷’’
‘‘আচ্ছা তুমি ৰঞ্জনৰ পৰা ছবি আঁকিবলৈ শিকিব পাৰা৷’’ — দেউতাকে তাক ক’লে৷
— ‘‘কোৱানা দেউতা কেনে হৈছে?’’
‘‘ককায়েৰাক দেখুওৱাঁগৈ যোৱা৷’’ — এই বুলি দেউতাকে তাৰ গালখন টিপি তাৰ পৰা যাবলৈ ক’লে৷
সেই সময়তে ৰঞ্জনে ‘মিণ্টু, মিণ্টু ক’ত আছ’ বুলি মাতিবলৈ ধৰিলে৷ ককায়েকৰ মাত শুনি মিণ্টুৰ পেটত হাত-ভৰি লুকাল৷ সি দেউতাকৰ আৰামী চকীখনৰ পিছপিনে গৈ থিয় দি থাকিল৷ কিছু পৰৰ পাছত ৰঞ্জনে ছেণ্ডেলৰ শব্দ তুলি কোঠাটোলৈ আহি খঙেৰে ক’লে— ‘‘তই মোৰ চাইনিজ কলমটোৰ নিবটো ভাঙি পেলাইছ, বহীখনৰ কাগজো ফালিছ। তোক মোৰ বস্তু চুবলৈ মানা কৰিছোঁ নে নাই?’’
ককায়েকৰ খং দেখি মিণ্টুৱে তলমূৰকৈ ৰৈ ক’লে— ‘‘তোমাৰ দৰে ছবি আঁকিব খুজিছিলোঁ দাদা…৷’’
মিণ্টুৰ কথা শুনি ককায়েকৰ এইবাৰ হাঁহি উঠিল৷ মিণ্টুৱেও মনতে ভাবিলে, সি আৰু কেতিয়াও ছবি অঁকাৰ নামত ককায়েকৰ বস্তুত হাত নিদিয়ে৷
পাছ দিনাৰ পৰা মিণ্টুৱে তাৰ কোঠাৰ দেৱাল, বহী, দেউতাকৰ টেবুলৰ কাগজ, বাৰাণ্ডা সকলোতে ছবি আঁকি ভৰাই দিলে৷ তেতিয়াও কিন্তু কোনেও মিণ্টুৰ ছবিৰ প্ৰসংশা নকৰিলে৷ বৰং গালি-গালাজ, কাণমলা আদিহে পুৰস্কাৰ পালে সি৷
শেষত তাৰ দেউতাকে মনতে সিদ্ধান্ত এটা লৈ ৰঞ্জনক ক’লে— ‘‘তাকো তোমাৰ লগত ছবি আঁকিবলৈ শিকাবা৷’’ দেউতাকৰ কথা মানি ককায়েকে তাক ছবি আঁকিবলৈ শিকালে৷ লাহে লাহে মিণ্টুৰ ছবিয়ে এটা গঢ় ল’বলৈ আৰম্ভ কৰিলে৷ তাকে দেখি মাকেও এদিন ক’লে— ‘‘চাওঁ চাওঁ… আমাৰ মিণ্টুৱে কি সুন্দৰ ছবি আঁকিছে!’’
মাকৰ আগ্ৰহ দেখি মিণ্টুৱে লাজ পোৱাৰ দৰে তলমূৰ কৰি ৰ’ল৷
লেখকৰ ঠিকনা :গাঁও: সৰপাৰা, কামৰূপ (অসম)পিন : ৭৮১১২২ভ্ৰাম্যভাষ: ৮৬৩৮৯০৪৩৮৯
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
