Written by sdblogs2011 11:45 am Articles

মামণি ৰয়ছম গোস্বামীৰ ‘মেগনলীয়া’-ত নাৰী মনস্তত্ত্বৰ প্ৰতিফলন

  ড অৰুণিমা ভট্টাচাৰ্য্য

‘মেগনলীয়া’ মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পৰ সংকলন। সৰ্বমুঠ ২৮ টা গল্প থকা সংকলনটোত তেওঁৰ ১৯৬০-ৰ দশকত বিভিন্ন কাকত, আলোচনীত প্ৰকাশিত চুটিগল্প সমূহক একত্রিত কৰা হৈছে। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ, গুৱাহাটীয়ে প্ৰকাশ কৰা এই সংকলনটো সবিতা শৰ্মাৰ দ্বাৰা সম্পাদিত। সংকলনটোৰ বেছিভাগ চুটিগল্প নাৰীকেন্দ্ৰিক। নাৰীৰ মনোজগত আৰু সমস্যাসমূহৰ উপস্থাপন এই গল্প সংকলনটোৰ অন্যতম দৃষ্টি আকৰ্ষণকাৰী দিশ। মামণি ৰয়ছম গোস্বামীৰ ৰচনাত নাৰীৰ জীৱনৰ বিভিন্ন অৱস্থা স্বতঃফূৰ্তভাৱে প্ৰতিফলিত হোৱা দেখা যায়। নাৰীজীৱনৰ সুখ, দুখ, হতাশা, সহনশীলতা, কাৰুণ্য আৰু সৌন্দৰ্য্য ইত্যাদি সকলোবোৰ দিশৰ অংকন এই সংকলনটোৰ চুটিগল্প সমূহত দেখিবলৈ পোৱা গৈছে।

পিতৃতান্ত্রিক সমাজ ব্যৱস্থাত নাৰীৰ স্থান সদায় অৱনমিত আৰু অৱহেলিত। বিংশ শতিকাৰ মাজভাগত অসমীয়া সমাজ ব্যৱস্থাৰ আধুনিকীকৰণৰ প্ৰভাৱত নাৰী সমাজৰ কিছুসংখ্যকে কিদৰে পশ্চিমীয়া সভ্যতাৰ অন্ধ অনুকৰণত ব্যস্ত হৈছিল, তাৰ প্ৰভাৱ তেওঁলোকৰ জীৱন কেনেকৈ কৰুণ হৈ পৰিছিল, সেই বিষয়ে লেখিকাই দুটামান গল্পত উল্লেখ কৰিছে। ‘মেগনলীয়া’ শীৰ্ষক গল্পটো এই ক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ। মেগনলীয়া এগৰাকী অতীব সুন্দৰী, সংস্কৃতি-প্ৰবণ মহিলা। আভিজাত্য আৰু প্ৰাচুৰ্যৰ পৃথিৱীৰ বাসিন্দা মেগনলীয়াৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰে তেওঁৰ বান্ধবী অপৰাই। অপৰা এগৰাকী সাধাৰণ মহিলা। তেওঁ স্বামী আৰু সন্তানক লৈ সাংসাৰিক জীৱনত ব্যস্ত। আনহাতে মেগনলীয়া সমাজ আকাশৰ এক উজ্জ্বল নক্ষত্ৰ। অতি নাটকীয়ভাৱে চুটিগল্পটোৰ শেষত আমি গম পাওঁ মেগনলীয়াৰ নিজৰ দোষত হোৱা ভগ্ন স্বাস্থ্য আৰু ভাঙি যোৱা সংসাৰৰ বিষয়ে।

“সেমেকা দৃষ্টিৰে আকৌ অপৰাই চাই পঠিয়ালে মেগনলীয়ালৈ – উঃ মানুহৰ ইমান পৰিৱৰ্তন ! সেই আগৰ উৰ্ব্বশীজনী ক’ত ? যি মেগনলীয়াক দেখিলে এদিন মানুহে মুহূৰ্তৰ কাৰণে ৰৈ গৈছিল সেই মেগনলীয়া ক’ত ?” (পৃষ্ঠা: ২০)

“ফাগুনৰ গান” নামৰ চুটিগল্পটোত অৰুন্ধতী নামৰ এক আধুনিকা নাৰীৰ চৰিত্ৰ অংকন কৰা হৈছে। আধুনিকতাৰ অন্ধ অনুকৰণৰ ফলত তেওঁ স্বামী আৰু পৰিয়ালৰ প্ৰতি কৰা অৱজ্ঞা গল্পটোৰ মুখ্য বিষয়। দিনে ৰাতিয়ে ক্লাবত থাকি ভালপোৱা অৰুন্ধতীয়ে শাহুয়েকৰ নৰিয়াৰ খবৰ পাই উচাৎ মাৰি উঠি গৈছে। আন এটা সময়ত মিছা চকুলোৰে স্বামীক বিপথে পৰিচালিত কৰিছে। কিন্তু স্বামী চন্দনে অৰুন্ধতীক আওকাণ কৰি মাকক লৈ দাৰ্জিলিঙলৈ যাত্রা কৰে। গাৰ্ডেন পাৰ্টিত ব্যস্ত হৈ থকা অৰুন্ধতীৰ খবৰটো পাই মন ক’লা পৰিছে যদিও নিমিষতে তেওঁ ব্যস্ত হৈ পৰিছে অত্যধুনিক জীৱনৰ ৰঙীন আখৰাত:

“উইলছন আহিছে, মনৰ ফাগুনে ক’লা ডাৱৰ ছটা মুহূৰ্তৰ ভিতৰতে উৰুৱাই লৈ গ’ল। ষ্টেপকেইটাইদি অৰুন্ধতী বেগাই নামি গ’ল-হাঁহিৰে ভৰা মুখখন লৈ…” (পৃষ্ঠা: ৬৪)

“নীলা আকাশৰ ভাষা” নামৰ গল্পটোত এগৰাকী পশ্চিমীয়া সভ্যতাত অভ্যস্ত নাৰীৰ বৰষুণ বিলাসিতাই স্থান পাইছে। নায়িকাৰ ভাবৰ প্ৰকাশ হৈছে এনেদৰে,

“কিয় জানো ধূসৰিত আকাশৰ ৰং হঠাতে তাইৰ খুব ভাল লাগি গ’ল। মনত পৰিল ধোঁৱাবৰণীয়া নাইলনৰ নতুন শাৰী এখনৰ কথা। আকাশলৈ চাই চায়ে তাই ঠিক কৰি পেলালে আজি ক্লাবলৈ যাওঁতে সেইখন শাৰীকে পিন্ধি যাব।” (পৃষ্ঠা:১৩৩)

একেটা গল্পতে বৰষুণৰ বাবে চিন্তাত পৰা আন এগৰাকী নাৰীৰ চিত্র অংকণ কৰা হৈছে। তেওঁৰ বাবে বৰষুণ বিলাসৰ বিষয় নহয়, বৰং চিন্তা আৰু বিষাদৰ কাৰক। নীলা আকাশৰ ভাষা দুটা পৰস্পৰবিৰোধী পৰিস্থিতিত সম্পূৰ্ণ পৃথক।

নাৰী জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ অভিজ্ঞতা হ’ল মাতৃত্ব। এই সংকলনটোৰ কেইবাটাও গল্পত মাতৃৰ মনৰ বিভিন্ন ভাবনাৰ সাকাৰ ৰূপ দেখিবলৈ পোৱা যায়। “বাৎসল্য”, “বিৰজা দেৱী”, “ভুল” আদি গল্পত মাতৃ হৃদয়ৰ সুখ-দুখ, আবেগ-অনুভূতি অংকিত হৈছে। “বাৎসল্য” গল্পটোত পুত্রহীনা এগৰাকী মাতৃৰ আবেগে কেনেকৈ জোঁৱাইৰ মাজত পুত্রক বিচাৰিছে তাকে দেখুওৱা হৈছে। দুগৰাকী ছোৱালীৰ মাক যশোমতীয়ে জোঁৱায়েক অচ্যুতক খুব আদৰ-সাদৰ কৰিছিল। নিজৰ চেষ্টাৰে জোঁৱায়েকৰ চাকৰি সুনিশ্চিত কৰিছিল। জীয়েক লাৱণ্যৰ মৃত্যুৰ পিছতো তেওঁৰ আবদাৰ একেই থাকিল। অচ্যুতৰ দ্বিতীয় বিৱাহৰ পিছত তেওঁৰ মাতৃ হৃদয়ে পুত্রসম জোঁৱাইৰ সুখৰ বাবে নিজৰ কন্যাৰ সকলো স্মৃতি আঁতৰাই পেলাবলৈ কুন্ঠাবোধ নকৰিলে,

“যশোমতীয়ে লাৱণ্যৰ কোনো স্মৃতি নৰখাকৈ অচ্যুতক নতুন জীৱন উপভোগ কৰিবলৈ দিবলৈ গছজোপা কাটিলে। কাৰণ অচ্যুতৰ নতুন জীৱনত লাৱণ্যৰ কোনো স্মৃতিৰ প্ৰয়োজন নহ’ব। পুত্রহীনা যশোমতীয়ে অবচেতন মনত অচ্যুতক পুত্র হিচাপে লৈছিল। এয়া যশোমতীৰ বাৎসল্য প্ৰেম!” (পৃ: ৭৫)

“বিৰজা দেৱী” গল্পটোত এগৰাকী মাতৃৰ নিসংগতাৰ বেদনা মৰ্মস্পৰ্শী ৰূপত উপস্থাপন কৰা হৈছে। বিৰজা দেৱী মৌজাদাৰনী। প্ৰাচীন প্ৰতিপত্তি আৰু প্ৰভাৱেৰে তেওঁ স্বামীৰ মৃত্যুৰ পিছত সকলো ৰাজহুৱা দায়িত্ব সম্পাদন কৰে। কিন্তু ঘৰখনত বৰবোৱাৰী কেতেকীয়ে তেওঁৰ বিৰোধিতা আৰম্ভ কৰে। এটা সময়ত বৰপুত্র- বোৱাৰী তেওঁক এৰি বেলেগকৈ থাকিবলৈ গুচি যায়। দ্বিতীয় পুত্রই খ্ৰীষ্টান ছোৱালী বিয়া কৰোৱাৰ বাবে মাক বিৰজা দেৱীয়ে পুত্রৰ কাৰণে গাঁৱৰ ঘৰৰ দুৱাৰ চিৰকালৰ কাৰণে বন্ধ কৰিলে। তৃতীয় পুত্রই একে ধৰণে নগৰীয়া ছোৱালী বিয়া পাতি মাকক অকলশৰীয়া কৰিলে। এনেদৰে তিনি পুত্রৰ বিশ্বাসভংগৰ বেদনা বুকুত বান্ধি নিসংগ হোৱা মাতৃৰ মৌন বেদনা চুটিগল্পটোত প্ৰকাশ পাইছে। “ভুল” নামৰ চুটিগল্পটো সৈনিকৰ মাতৃৰ বিষয়ে। সৈনিক পুত্র জীৱিত ৰূপত থকাৰ এটা খবৰ শেষলৈ ভুল খবৰ বুলি গম পোৱা যায়। কিন্তু খবৰটোৱে মাকৰ হৃদয়ত সৃষ্টি কৰা আবেগৰ বৰ্ণনা গল্পটোত পোৱা যায়। মাকে আকুলতাৰে অপেক্ষা কৰিছে বহুবছৰৰ বিৰতিৰ পিছত উভতি আহিবলগীয়া পুত্রৰ। খাদ্য, থকা ঠাইৰ পৰা বিয়াৰ বাবে উপযুক্ত ছোৱালী বিচৰালৈকে নানা কথাই মাকৰ মনত ঠাই পাইছে। কিন্তু শেষত এখন সৰু চিঠিৰে মাকে গম পাইছে তেওঁৰ পুত্রৰ নামটো খবৰ দিয়া মানুহজনে ভুলকৈ শুনিছিল।

নাৰীৰ ৰূপ, যৌৱন আৰু সৌন্দৰ্য্ সুখ আৰু দুখ উভয়ৰে কাৰক হ’ব পাৰে। লেখিকাই “কুৱঁৰীতোলাৰ হত্যাকাণ্ড” শীৰ্ষক চুটিগল্পটোত এগৰাকী নাৰীৰ শাৰীৰিক সৌন্দৰ্য্ই কেনেকৈ এক ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰিছে তাকে দাঙি ধৰিছে। নিপুণ খনিকৰে গঢ়াৰ দৰে ৰূপহী কাবেৰীক গাঁৱৰ মৌজাদাৰে বিয়া কৰাইছিল। তিনিটা সন্তানৰ মাতৃ হোৱাৰ পাছতো তেওঁৰ সৌন্দৰ্য ম্লান হোৱা নাছিল। অশোকাষ্টমীৰ মেলালৈ যাওঁতে তাইৰ ৰূপৰ পৰা চকু আঁতৰাব পৰা নাছিল হিন্দুস্তানী দেউ নামৰ কাশীৰ পৰা অহা পণ্ডিতজনে। এইজন মানুহেই কাবেৰীক পাবৰ বাবেই ৰাতিৰ আন্ধাৰত এক ঘৃণনীয় হত্যাকাণ্ড সংঘটিত কৰে। কাবেৰীৰ স্বামী মৌজাদাৰক হত্যা কৰি হিন্দুস্তানী দেউৰ কাবেৰীক লাভ কৰাৰ অভিলাষ অৱশ্যে অপূৰ্ণ হৈ ৰয়।

নাৰী যুগে যুগে উপেক্ষিতা, শোষিতা আৰু বঞ্চিতা। নাৰীৰ সৰলতা আৰু আবেগিক চৰিত্রৰ বাবে পুৰুষৰ হাতত শোষিত হোৱাৰ কাহিনী মামনি ৰয়চম গোস্বামীৰ গল্পত বিদ্যমান। সংকলনটোৰ “সহযাত্রী” নামৰ চুটিগল্পটো দুগৰাকী বাই-ভনীৰ জীৱন যাত্রাৰ কাহিনী। সমাজৰ নিম্নবৰ্গৰ অহা দুজনী গাভৰু পিতৃতান্ত্রিক সমাজ ব্যৱস্থাত পুৰুষৰ ছলনাৰ বলী হোৱাৰ এক নিৰ্মম কাহিনী উপস্থাপন কৰা হৈছে। বায়েক ইতিমধ্যে প্ৰতাৰিত হৈছে বিদেশৰ পৰা অহা পুৰুষৰ দ্বাৰা, একেদৰে ভনীয়েকেও বায়েকৰ কথা আওকাণ কৰি সুখৰ সন্ধানত একে পথতেই খোজ দিছে আৰু প্ৰতাৰণাৰ বলী হৈছে। অবশেষত দুয়ো ভগ্নী সহযাত্রী হৈছে দুখৰ পৃথিৱীৰ। আনহাতে “বনহংসী” নামৰ চুটিগল্পটোত এগৰাকী নাৰীৰ মনৰ নিভৃত বেদনা প্ৰকাশ পাইছে। জ্যেষ্ঠা ভগ্নীৰ মৃত্যুৰ পাছত সাগৰিকা বিয়াত বহিল বায়েকৰ সংসাৰখন পৰিপূৰ্ণ কৰিবলৈ। তেওঁ সেই কামত অকণো চেষ্টাৰ ত্ৰুটী কৰা নাছিল। কিন্তু তেওঁৰ স্বামীয়ে সেই অৱদান আওকাণ কৰি সাগৰিকাৰ জীৱন দুখেৰে ভৰাই তুলিলে। নিস্বাৰ্থ ত্যাগৰ পিছতো অবহেলিতা আৰু উপেক্ষিত হৈ ৰ’ল সাগৰিকা,

“তেতিয়া সাগৰিকাৰ দৃষ্টিত প্ৰতিফলিত হৈছিল মায়াহীন দিগন্ত। পুৰুষৰ নিষ্ঠুৰ প্ৰতিমূৰ্তি। ওৰে বাটটো তাই ভাবি গ’ল সঁচাই জানো তাই চন্দনৰ ওচৰলৈ পথ ভুল কৰা বনহংসীৰ দৰে আহিছিল?” (পৃষ্ঠা:২৮)

“মৰুতৃষ্ণা” সংকলনটোৰ অান এটা নাৰী কেন্দ্ৰিক চুটিগল্প। ইয়াত প্ৰেমৰ কাৰণে জীৱনত চৰম কষ্টৰ সন্মুখীন হোৱা নায়িকা ৰমাৰ কথা বৰ্ণনা কৰা হৈছে। প্ৰেমবিহীন জীৱন  এটাত চুটিগল্পটোৰ শেষত ৰমা সম্পূৰ্ণ যদিও সুখী নহয়। “ডাউকীৰ আন্ধাৰ “ নামৰ চুটিগল্পটোত লিণ্ডা নামৰ এগৰাকী জনজাতীয় (খাচী) ছোৱালীৰ জীৱনৰ কৰুণ কাহিনী তুলি ধৰা হৈছে। জীৱনৰ জটিলতা বুজি নোপোৱা সৰল মনৰ ছোৱালীজনী আপোনজনৰ দ্বাৰা নিষ্পেষিত, নিপীড়িত হৈ উৱাদিহ হেৰুৱাইছে। আনহাতে “অপমৃত্যু” শীৰ্ষক চুটিগল্পটোত এগৰাকী নাৰীয়ে অগতানুগতিক তথা সমাজৰ চকুত অপবাদযুক্ত জীৱন এটাত স্বেচ্ছাই প্ৰবেশ কৰা ঘটনাক অপমৃত্যুৰ লগত তুলনা কৰা হৈছে। মিছা সন্দেহৰ আৱৰ্তত সোমাই পৰা এগৰাকী বিৱাহিতা নাৰীৰ বেদনাৰ উমান পোৱা যায় “মূখাৰ্জী” নামৰ গল্পটোত। মালতী নামৰ কাহিনীৰ নায়িকাই মিছা সন্দেহ আৰু অপযশৰ কাৰণে নিৰ্বিকাৰ ভাবে স্বামী গৃহ ত্যাগ কৰিছে।

“সৃষ্টি” নামৰ চুটিগল্পটোত ৰাবিয়া নামৰ ছাফাইকৰ্মী মহিলাৰ স্বামীৰ হাতত হোৱা মানসিক নিৰ্যাতনৰ ছবি ফুটি উঠিছে। তাৰপিছতো ৰাবিয়া স্বামীক ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়।

নাৰী জীৱনত হোৱা এক অপূৰণীয় ক্ষতি হ’ল স্বামীক হেৰুওৱাৰ বেদনা আৰু ইয়াৰ  লগত জড়িত দুখ যন্ত্রণাৰ ছবি ফুটি উঠিছে মামণি ৰয়ছম গোস্বামীৰ বিধবা নাৰীৰ ওপৰত লিখা গল্পবোৰত। “নীলা বেদনা” নামৰ চুটিগল্পটোত এগৰাকী বিধবা নাৰীৰ মনৰ অৱস্থাৰ সাৱলীল বৰ্ণনা পোৱা যায়।

আত্মহত্যাৰ প্ৰবণতা মামণি ৰয়ছম গোস্বামীৰ নাৰী চৰিত্রসমূহৰ মাজত প্ৰায়ে দেখা যায়। এগৰাকী নাৰীৰ হৃদয় বিদীৰ্ণ কৰা অভিজ্ঞতাই কেনেদৰে তেওঁক আত্মহত্যাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য কৰায় সেয়া পৰিস্ফুট হৈছে “কক্ষচ্যুত” নামৰ চুটিগল্পটোত। একেদৰে দুখ-বেদনাই জৰ্জৰিত কৰা এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ বৰ্ণনা আছে “তমসা” নামৰ চুটিগল্পটোত:

“ কেইঘণ্টামান মূৰত এইখন পৃথিৱীৰ পৰা বিদায় ল’ম। এতিয়া মই গংগাৰ পাৰৰ হেলনীয়া বেলিটোৰ ৰঙা পোহৰ লৈ বহি আছোঁ তোলৈ চিঠি লিখি…।”(পৃষ্ঠা: ২৩)

নাৰী মনৰ বিভিন্ন সংবেদনশীলতাৰ সুন্দৰ, গীতিময় উপস্থাপন প্ৰায় আটাইকেইটা চুটিগল্পতেই বিদ্যমান। লেখিকাই নাৰী হৃদয়ৰ অনুভূতিবোৰ বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। তেওঁ নাৰীৰ আত্মত্যাগ আৰু স্বাৰ্থপৰতা দুয়োটা দিশতেই আলোকপাত কৰিছে। মামনি ৰয়চম গোস্বামীৰ নাৰী চৰিত্রসমূহৰ প্ৰায়ভাগেই সবল।তেওঁলোক ৰূপে গুণে অতুলনীয়। কিন্তু তেওঁলোকৰ জীৱন সৰল ৰৈখিক নহয়। জীৱনৰ ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ তেওঁলোক নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ উঠিছে। মামণি ৰয়ছম গোস্বামীৰ দৰে বিশাল ব্যক্তিত্বৰ লেখিকাৰ সাহিত্য কৰ্মৰ আলোচনাৰ এয়া মাত্র এক সামান্য অৱলোকন। ইয়াৰ বিশাল পৰিসৰত বহল আলোচনাৰ নিশ্চিতভাবে অৱকাশ আছে।

*******

সহায় লোৱা গ্ৰন্থ :

 ১। “মেগনলীয়া”, দক্ষিণ পূব এছিয়া গৱেষণা কেন্দ্ৰ গুৱাহাটী।

 ২। “আধুনিক গল্প সাহিত্য”, শ্ৰী ত্রৈলোক্য নাথ গোস্বামী।

লেখিকাৰ ঠিকনা :

ফৰেষ্ট ক’লনি, ৱাৰ্ড নং ১০

বৰপেটাৰোড, পো- শিমলাগুৰি

বৰপেটা – ৭৮১৩১‍১৩

ভ্ৰাম্যভাষ: ৯৪৩৫৩২৮৪৪১

Visited 2 times, 1 visit(s) today
Website |  + posts
Close