Written by sdblogs2011 5:15 am Articles

মামণি ৰয়ছম গোস্বামীৰ গল্প ‘উদং বাকচ’ : এক বিশ্লেষণ

 বিশ্বজিৎ শইকীয়া

যুদ্ধোত্তৰ যুগত যিসকল লেখকৰ সৃষ্টিয়ে অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী আছিল অন্যতম৷ ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক উচ্চ স্থান আৰু বিৰল কৃতিত্ব লাভ কৰা গোস্বামীৰ বহুচৰ্চিত গল্পসমূহৰ ভিতৰত এটা অন্যতম শ্ৰেষ্ঠ গল্প হ’ল ‘উদং বাকচ’৷ ‘উদং বাকচ’ গল্পটোৰ জৰিয়তে গল্পকাৰে অসাধাৰণ সংবেদনশীল মনৰ আৰু গল্পৰ প্ৰকাশভঙ্গীৰ দৃঢ়তাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে৷

মামণি ৰয়ছম গোস্বামীৰ ‘উদং বাকচ’ গল্পটোৰ মূল বিষয়বস্তু হ’ল নাৰী প্ৰেমৰ গভীৰতা৷ তৰাদৈৰ প্ৰেম আৰু প্ৰেমৰ প্ৰতি থকা বিশ্বাস আকুলতা কেনেকৈ বাস্তৱ সত্যৰ হাতুৰীৰ আঘাতত ভাঙি ছাৰখাৰ হৈছে এইখিনিয়েই গল্পটোৰ মূল বিষয়৷ গল্পকাৰে গল্পটোৰ মাজেদি সমাজৰ বহুকেইখন পঁয়ালগা ছবি পোহৰলৈ আনিছে৷ দৰিদ্ৰতাই কোঙা কৰা এখন ঘৰৰ সন্তানৰ অন্ধকাৰময় ভৱিষ্যত, জীয়াই থকাৰ সংগ্ৰাম, নিজৰ মুনাফা আদায়ৰ বাবে সদায় আনক শোষণ কৰি অহা এক শ্ৰেণীৰ ঠগ, ভণ্ড, সুবিধাবাদী লোক, তথাকথিত সমাজৰ উচ্চ জাত আৰু ধনৰ ভেম, শাৰীৰিক ভোগ-বিলাসিতাত বুৰ যোৱা এখন বিশৃংখল সমাজৰ ছবি অংকন কৰিছে৷

তৰাদৈৰ জীৱনৰ দুৰ্ভাগ্য আৰু প্ৰথম প্ৰেমৰ বিচ্ছেদৰ তাড়নাৰ আধাৰত ‘উদং বাকচ’ গল্পটো গঢ় লৈ উঠিছে৷ তৰাদৈৰ মদাহী গিৰীয়েকে মদৰ জালত গাড়ীৰে দুজন মানুহক খুন্দিয়াই মাৰে, ফলত তাৰ জেল হয়৷ তৰাদৈয়ে দুটা সন্তানৰ সৈতে এখন শ্মশানত সৰু চালি এখনৰ তলত দিন কটায়৷ গিৰীয়েক নথকাৰ সময়ত তৰাদৈৰ দৰিদ্ৰতাৰ সুবিধা ল’ব বিচাৰে হয়বৰ নামৰ লোক এজনে৷ সি সদায়ে আহি হিজলৰ তলত ৰৈ থাকেহি৷ কিন্তু তৰাদৈয়ে দুৱাৰ খুলি নিদিয়ে৷ তাই নিঃস্ব হ’ব নোৱাৰে৷ তৰাদৈয়ে আকুলতাৰে সাবটি লৈছে এটা বাকচ, য’ত তাই বিচাৰি পাইছে জীৱনৰ সৰ্বস্ব৷ যিটো বাকচত অনা হৈছিল তৰাদৈৰ প্ৰথম প্ৰেমিকৰ মৃতদেহ৷ বাকচটোৰ প্ৰতি তৰাদৈৰ ইমান আকুলতা যে, সেই বাকচটোৰ ওপৰত আন কোনোৱাই চকু দিয়াটো তাই সহ্য কৰিব নোৱাৰে৷ বাকচটোৰ মাজত তৰাদৈয়ে বিচাৰি পাইছে দহ বছৰৰ আগৰ প্ৰেমৰ অনুৰণন আৰু প্ৰেমিকৰ স্পৰ্শ৷ গল্পটোৰ মাজেদি এখন অনৈতিকতাৰ গৰাহত পৰা বিধ্বস্ত সমাজৰ ছবি ফুটি উঠিছে৷ য’ত হয়বৰ আৰু সোমেশ্বৰহঁতৰ নিচিনা স্বাৰ্থপৰ, সুবিধাবাদী এক শ্ৰেণীৰ লোকৰ চৰিত্ৰ প্ৰকাশ পাইছে৷ আনহাতে শ্মশানলৈ অহা প্ৰমাণ-পত্ৰ নথকা জাৰজ সন্তানৰ মৃতদেহ আৰু শ্মশানতেই গঢ় লৈ উঠা বেশ্যালয় আদি বৰ্ণনাই এখন ধ্বংসমুখী সমাজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে৷

তৰাদৈয়ে দহ বছৰৰ আগতে ঠাকুৰৰ ঘৰত চাকৰণীৰ কাম কৰিছিল৷ ঠাকুৰৰ সৰু পুতেকে তাইক বিয়া পাতিবলৈ উঠি-পৰি লাগিছিল৷ কিন্তু নীচ কুলৰ তৰাদৈৰ কপালত সৰুবোপা নাছিল৷ সৰুবোপাৰ উজনি অসমলৈ ট্ৰান্সফাৰ হয়৷ তৰাদৈৰ বিয়া হয়গৈ এটা মদাহীৰ লগত৷ কিন্তু তাৰ পাছতো তাই সৰুবোপাক পাহৰিব পৰা নাই৷ তাই মনে-প্ৰাণে সৰুবোপাক বাঞ্ছা কৰে৷ অথচ সৰুবোপাৰ অকাল মৃত্যুৰ বাস্তৱ সত্যকো তাই মানি ল’ব পৰা নাই৷ মৃতদেহ ভৰাই অনা বাকচটোত তৰাদৈয়ে সৰুবোপাৰ অস্তিত্ব বিচাৰি পাইছে৷ যদিও আন এক সত্যৰ হাতোৰাই তাইৰ সেই আকুলতাক ভাঙি চুৰ-মাৰ কৰি পেলায়৷ পুলিচত কাম কৰা তৰাদৈৰ ভায়েক সোমেশ্বৰে যেতিয়া সৰুবোপাৰ বিয়াৰ চিঠি দেখুৱাই বিয়া কৰাবলৈ যাওঁতে দুৰ্ঘটনাটো ঘটা বুলি জানিবলৈ দিলে, তেতিয়া যেন তৰাদৈৰ মূৰত আকাশ খহি পৰিল৷ তৰাদৈয়ে ইমান দিনে ভাবি আছিল যে তাইৰ বাবেই সৰুবোপাই বিয়াত মত নিদিয়াকৈ আছিল৷ শেষত সত্যটো জানিব পাৰি তাইৰ পেমৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলায়৷ তাই তেতিয়া জীৱনৰ সৰ্বস্ব বুলি ভবা বাকচটো নিজে শ্মশানত নি পুৰি পেলায়৷ তৰাদৈৰ প্ৰেম, বিশ্বাস, ভৰসাৰ প্ৰতি মোহভঙ্গ হয়৷ যিজনী তৰাদৈয়ে অজস্ৰ কষ্ট পোৱাৰ পাছতো অসৎ হোৱা নাই, তাই গাত কাপোৰ নোলোৱাকৈ হিজলৰ তললৈ ওলাই আহিছে৷ কিন্তু নিয়তিয়ে সেই দুৱাৰো বন্ধ কৰি থৈছিল৷ কাৰণ তেতিয়া হিজলৰ তলত হয়বৰ নাছিল৷ গল্পটো ইমানতে শেষ হৈছে ৷

‘উদং বাকচ’ গল্পটোৰ মূল চৰিত্ৰ হ’ল তৰাদৈ৷ তৰাদৈ এজনী প্ৰেম আকলুৱা নাৰী৷ জীৱনৰ দৰিদ্ৰতাৰ সংগ্ৰাম আৰু কঠোৰ বাস্তৱ সত্যৰ ওচৰত তাইৰ প্ৰেমৰ প্ৰতি মোহভঙ্গৰ পৰিণতিৰে তৰাদৈয়ে পাঠকৰ অন্তৰত সহমৰ্মিতাৰে ঠাই দখল কৰিছে৷ তৰাদৈক এটা সৎ চৰিত্ৰ হিচাপে গল্পটোত অংকন কৰা হৈছে৷ দৰিদ্ৰতাই চেপি কোঙা কৰাৰ পিছতো তৰাদৈয়ে অসৎ পথ বাছি লোৱা নাই৷ তৰাদৈক এজনী অত্যাধিক কল্পনাপ্ৰৱণ চৰিত্ৰৰ নাৰী হিচাপে দেখুওৱা হৈছে৷ বিয়াৰ পিছত দুই সন্তানৰ মাতৃ হোৱাৰ পাছতো তাই সন্তানৰ ভোক আৰু সিহঁতক মানুহ কৰাৰ কথা ভবাৰ বিপৰীতে তাই কল্পনা কৰিছে পুৰণি প্ৰেমিকৰ সৈতে ৰঙীন মুহূৰ্ত কিছুমানৰ কথা৷ তৰাদৈয়ে মৃত প্ৰেমিকৰ স্পৰ্শ বিচাৰি পাইছে মৃতদেহ অনা বাকচটোত৷ নিজকে দহ বছৰ আগৰজনীৰ নিচিনাকৈ সজাইছে, বিয়াত পিন্ধা তাইৰ এতিয়া নফটাকৈ থকা একমাত্ৰ ব্লাউজটো পিন্ধিছে আৰু বিয়াৰ প্ৰথম নিশাৰ দৰে তাই শুইছে সেই বাকচটোত৷ শেষত সত্যৰ সন্মুখত তৰাদৈৰ ভ্ৰম আঁতৰ হয় আৰু প্ৰেমৰ প্ৰতি থকা তাইৰ বিশ্বাসৰ মোহভঙ্গ হয়৷

গল্পটোত হয়বৰ আৰু সোমেশ্বৰ দুয়োটা চৰিত্ৰকে সুবিধাবাদী প্ৰকৃতিৰ চৰিত্ৰ হিচাপে অংকন কৰিছে৷ হয়বৰে তৰাদৈক সহায় কৰাৰ বিনিময়ত ৰাতি দুৱাৰ খুলি থ’বলৈ কয়৷ খৰিৰ ব্যৱসায়তো হয়বৰে বেইমানী কৰিবলৈ নেৰে৷ শ্মশানত শালকাঠৰ খৰি বুলি গাঁঠি খৰি মিলাই বিক্ৰী কৰে৷ পুলিচত কাম কৰা সোমেশ্বৰ চৰিত্ৰটোৱেও নিজৰ মুনাফা আদায়ৰ কথাহে ভাবিছে৷ তৰাদৈৰ গিৰীয়েকৰ জেল হোৱাৰ পাছত বায়েকৰ এটা খবৰ ল’বলৈকো সি অহা নাই৷ আকৌ যেতিয়া তৰাদৈৰ ঘৰলৈ আহিছে, সেই সময়তো সি ভাবিছে দুইনম্বৰী খৰি বেচা হয়বৰ অথবা শ্মশানৰ গাতে দেহ বিক্ৰীৰ ঘাটি পতা মহিলাজনীক ধৰি টকা ঘটাৰ কথাহে৷

গল্পটোত তৰাদৈৰ ল’ৰা দুটা, মদাহী গিৰীয়েক, সৰুবোপা আদি সৰু সৰু কেইবাটাও চৰিত্ৰই প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ভূমুকি মাৰিছে৷

‘উদং বাকচ’ গল্পটোৰ মাজেদি মামণি ৰয়ছম গোস্বামীয়ে পৰিস্থিতি বৰ্ণনাৰ অসাধাৰণ দক্ষতাৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে৷ গোস্বামীয়ে অতি সংবেদনশীলতাৰে চৰিত্ৰৰ মনোজগতত প্ৰৱেশ কৰিছে আৰু চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰ গল্পটোৰ মাজেদি অংকন কৰিছে৷ তৰাদৈয়ে বাকচটোত সৰুবোপাৰ জীৱন্ত স্পৰ্শ বিচাৰি পাইছে – ‘‘তৰাদৈয়ে বাকচটো হাতেৰে খেপিয়াই চালে৷ সুন্দৰকৈ কটা বকুল ফুলবোৰ একেবাৰে জীৱন্ত বকুল হৈ পৰিছে৷’’ তৰাদৈয়ে বাকচটোত শুই-সাবটি ধৰি একান্ত গোপনীয় সময় পাৰ কৰিছে৷ “দেহ আৰু মনেৰে বাঞ্ছা কৰা প্ৰেমিকৰ সৈতে একে বিছনাতে তাই যেন ৰাতি অতিবাহিত কৰিছিল৷ বিস্ময়কৰ, বিস্ময়কৰ এই কাঠৰ বাকচটোত…. তাই মূৰৰ চুলি, তেল, সেন্দুৰ…. সকলোবোৰ দাগ স্পষ্ট হৈ আছে৷”(২০১৪, পৃঃ ৩৩৯)

তৰাদৈৰ দৰিদ্ৰতাৰ ছবিখন দেখুৱাবলৈ তাইৰ ল’ৰা দুটাৰ বৰ্ণনা এইদৰে দিছে – “সিহঁতৰ বুকুৰ হাড়কেইডাল লিখিব পৰা হৈছে৷ নাই তলৰ পেণ্ট কছাই ঘৰত ওলোমাই থোৱা ছাগলীৰ ছালৰ দৰে ঢিলা হৈ পৰিছে৷”(২০১৪, পৃঃ ৩৩৯) খাবলৈ নাপাই ভোকত সিহঁতে শ্মশানত ভিক্ষা কৰিছে৷ শ্মশানত পৰি থকা খালী মদৰ বটলেৰে কুঁৱাৰ পৰা পানী তুলি খাইছে৷ তৰাদৈ নিজেও শুকাই এডাল জীৱন্ত কংকাল হৈ পৰিছে৷

এনেদৰেই পৰিৱেশ চিত্ৰণৰ ক্ষেত্ৰতো গোস্বামীয়ে চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাইছে৷ শ্মশানৰ নিৰ্মম চিত্ৰ এইদৰে দেখুৱাইছে – “শ্মশানত মানুহ পোৰা গোন্ধৰ লগত দূৰৈত থকা কাগজী নেমুৰ গোন্ধ মিহলি হৈ এক অদ্ভূত গোন্ধৰ সৃষ্টি কৰিছে৷”(২০১৪, পৃঃ ৩৩৮)

মামণি ৰয়ছম গোস্বামীৰ গল্পৰ ভাষা প্ৰয়োগ মন কৰিবলগীয়া৷ সহজ-সৰল ভাষা ব্যৱহাৰ কৰিও গল্পকাৰে অতি শক্তিশালী আৰু সংবেদনশীল ৰূপত গভীৰ ভাব প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ৷ লেখিকাই চৰিত্ৰৰ মুখৰ সংলাপৰ যোগেদি ক্ষয়িষ্ণু সমাজখনক শ্লেষাত্মক বাক্যৰে সমালোচনা কৰি থকা-সৰকা কৰিছে৷ হিজলৰ তলত ৰৈ থকা হয়বৰৰ উদ্দেশ্যে তৰাদৈয়ে কৈছে-

“কি বাকী আছে? শুকান হাড়কেইডাল চেলেকিবলৈ যে তাত ৰৈ আছে ৷”(২০১৪, পৃঃ ৩৩৮)

‘উদং বাকচ’ গল্পটোৰ ভাষাত ঠায়ে ঠায়ে কাব্যধৰ্মিতা প্ৰকাশ পাইছে৷ এনে কাব্যধৰ্মী উপমা-অলংকাৰৰ প্ৰয়োগে গল্পটোৰ বিষয়বস্তু আৰু চৰিত্ৰক অধিক আকৰ্ষণীয় আৰু ব্যঞ্জনাময় কৰি তুলিছে৷

“ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যেন এটা ৰঙা দগমগীয়া সূৰ্য উঠি আহিল৷ সূৰ্যটোৰ শৰীৰত লাগি আছে কিছুমান হেঙুলীয়া আৰু মূগা বৰণীয়া ডাৱৰ৷ এয়া সূৰ্য নহয় যেন অসহায় বেশ্যাৰ ৰঙা পৰা মুখ৷”(২০১৪, পৃঃ ৩৪২)

গল্পটোত প্ৰচুৰ পৰিমাণে প্ৰতীকৰ ব্যৱহাৰ পৰিলক্ষিত হৈছে৷ যেনে- “তাৰ বগা দাঁত দুপাৰি কুঁহিয়াৰ চোবাই এৰা সিঠা এটুকুৰাৰ দৰে জিলিকি আছে৷”(২০১৪, পৃঃ ৩৩৮) ‘উদং বাকচ’ নামটোৱেই গল্পটোত এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে৷

গোস্বামীৰ গল্পটোৰ পৰিস্থিতি বৰ্ণনাৰ ভাষাত প্ৰায় ঠাইতে চিত্ৰধৰ্মিতাৰ প্ৰকাশ ঘটিছে ৷

 “তৰাদৈৰ চালিখনৰ সন্মুখৰ হিজলজোপাত পৰি বুলবুলি চৰাই কিছুমানে কিচিৰ-মিচিৰ কৰি আছে৷ কিছু আগেয়ে ব্ৰহ্মপুত্ৰৰ পূৱদিশে হালধীয়া ঠোঁটৰ সৰু বকৰ শাৰী এটাই কক্ কক্ শব্দ কৰি উৰি গৈছিল”(২০১৪, পৃঃ ৩৩৮) । এইদৰে মামণি ৰয়ছম গোস্বামীয়ে ‘উদং বাকচ’ গল্পটোত বিভিন্ন ভাষিক সমলৰ উপযুক্ত প্ৰয়োগেৰে গল্পটোক এক সৌন্দৰ্য্যমণ্ডিত শিল্পকৰ্মৰ ৰূপ প্ৰদান কৰিছে৷

নাৰীৰ প্ৰেমৰ গভীৰতা আৰু বিশ্বাসৰ আধাৰতে গঢ় লৈ উঠিছে ‘উদং বাকচ’ গল্পটোৰ পটভূমি৷ তৰাদৈয়ে তাইৰ জীৱনৰ সৰ্বস্ব বুলি ভাবি লৈছে এটা বাকচক, যিটো বাকচত অনা হৈছিল তাইৰ প্ৰেমিকৰ মৃতদেহ৷ তৰাদৈৰ বাবে বাকচটো তাইৰ জীৱনৰ সকলো প্ৰাপ্তিৰ কামনা হৈ পৰিল৷ কিন্তু অৱশেষত বাকচটোক তাই নৰককুণ্ডৰ মেল খাই থকা দুৱাৰ যেনহে দেখে৷ তৰাদৈৰ জীৱনৰ সকলো আশা-প্ৰত্যাশাই হেৰাই গৈছে আৰু তাইক ঘেৰি ধৰিছে মহাশূন্যতাই৷ সেয়ে পৰম সম্পদ বুলি ভাবি থকা বাকচটোও এটা শূন্যতাৰ প্ৰতীকহে যিটো বাকচত একো নাছিল৷ গতিকে, ‘উদং বাকচ’ নামটো গল্পটোৰ সৈতে সাৰ্থক হৈছে বুলিব পাৰি৷

এনে আলোচনাৰ যোগেদি প্ৰকাশ পায় যে মামণি ৰয়ছম গোস্বামীৰ ‘উদং বাকচ’ গল্পটো নাৰী হৃদয় যন্ত্ৰণাৰ এক মূৰ্ত প্ৰকাশ৷ এই যন্ত্ৰণা প্ৰেমহীনতাৰ৷ এই যন্ত্ৰণা দৰিদ্ৰপিষ্ট জীৱনৰ৷ গল্পকাৰ গোস্বামীয়ে গল্পটোত মানৱীয় হৃদয় যন্ত্ৰণাক অতি নাটকীয়ভাৱে প্ৰাঞ্জল ৰূপত দাঙি ধৰিছে৷ সমাজ বাস্তৱতাৰ সাৰ্থক চিত্ৰ ৰূপায়ণ আৰু নান্দনিক প্ৰকাশে ‘উদং বাকচ’ গল্পটোক এক অনন্য সৌন্দৰ্য আৰু মহত্ব প্ৰদান কৰিছে৷

গ্ৰন্থপঞ্জী :

বৰা, অপূৰ্ব৷ অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন৷ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, ২০১২৷

ভৰালী, হেমন্ত কুমাৰ (সম্পা.)৷ মামণি ৰয়ছম গোস্বামীৰ সাহিত্য সম্ভাৰ (তৃতীয় খণ্ড)৷ অসম প্ৰকাশন পৰিষদ, ২০১৪৷

*  *  *

ঠিকনা :

বিশ্বজিৎ শইকীয়া

বকলীয়া ঘাট, কাৰ্বি আংলং

E-mail: biswajitsaikia110@gmail.com

M. No : 6001526825

PIN : 782482

Visited 1 times, 1 visit(s) today
Website |  + posts
Close