(সম্পূৰ্ণ উপন্যাস)
অৰ্পিতা বৰঠাকুৰ মিশ্ৰ
খণ্ড- ১
বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ, প্ৰত্যেক কক্ষ যেন নৱনিৰ্মিত সৌন্দৰ্যৰ ভৰত উপচি পৰিছে৷ স্বৰ্ণবৰ্ণা, সমুজ্জ্বল সুকোমল বস্ত্ৰৰে আচ্চাদিত হৈছে প্ৰত্যেক প্ৰৱেশদ্বাৰ, প্ৰত্যেক খিৰিকি৷ পদূলিৰ সিংহদ্বাৰৰ পৰা চৌদিশে ৰঙৰ পোহাৰ মেলি সুশোভিত ৰাজঅন্তেষপুৰী৷ নগৰৰ ভিতৰে-বাহিৰে নিজ নিজ শৌৰ্য-বীৰ্যৰ প্ৰদৰ্শন কৰি বিভিন্ন ৰাজন্যবৰ্গৰ পৰাক্ৰমৰ চিক্মিক্নি৷ ইজনতকৈ সিজন চৰা ৰজা-ৰাজকুমাৰসকলক দেখি আশ্চৰ্যচকিত প্ৰজাগণ৷ দলদোপ-হেন্দোলদোপ ৰাজঅতিথিসকলক দেখি আহ্লাদিত মহাৰাজ৷ তেওঁ গৌৰৱান্বিত, তেওঁ গবিৰ্ত নিজ কন্যাৰ পাণিপ্ৰাৰ্থীসকলৰ শৌৰ্যৰ প্ৰকাশ দেখি৷ হয়, মহাৰাজ যযাতিৰ একমাত্ৰ কন্যা সবৰ্সুলক্ষণা ৰাজকুমাৰী মাধৱীৰ দিনান্তৰে স্বয়ম্বৰ৷ তাৰেই উপলক্ষত নৱবধূৰ দৰে সজাই তোলা হৈছে সমগ্ৰ নগৰী৷
আৰু ৰাজকুমাৰী মাধৱী? স্বয়ম্বৰৰ প্ৰাক্সন্ধ্যাত কিহত নিমজ্জিত তেওঁ, কোনে জানে?
ময়েই মাধৱী৷ যযাতিনন্দিনী ৰাজকুমাৰী মাধৱী৷ জ্যোৎস্নাবিধৌত এই মনোৰম শৰতৰ সন্ধ্যা মোৰ কোঠাৰ খিৰিকী মুখত মই৷ মোৰ আকলুৱা দৃষ্টি নিবদ্ধ সৌ দূৰ আকাশৰ সুউজ্জ্বল ধ্ৰুৱতৰাৰ ওপৰত৷ নাজানো আৰু কোন নিশাৰ পথিকে এই তৰাকে সাৰথি কৰি খোজ থৈছে নিজৰ লক্ষ্যপথত৷ উত্তৰ আকাশৰ ধ্ৰুৱতৰাৰ ওচৰত থাকেনে উত্তৰ প্ৰত্যেক প্ৰহৰৰ? কোনে জানে…? মাথোঁ কেইটামান প্ৰহৰৰ… মাথোঁ কেইটামান প্ৰহৰৰ পাছতে হাতত সুদৃশ্য বৰমালা লৈ সভাগৃহত উপস্থিত হ’ব লাগিব এই ৰাজকুমাৰী৷ লাজ, শংকা, ভয়, দুখ… কি কি আৱেগে যে আহি মোৰ বুকুত ভৰ কৰিছেহি৷ শাৰদীয় শীতল মলয়ায়ো শাঁত পেলাব পৰা নাই যে মোৰ হৃদয়ৰ অস্থিৰতাক্ক আস! কি কৰোঁ৷
পিতাই কয়, তেওঁৰ সুযোগ্য কন্যা মই৷ তেওঁৰ গৌৰৱ!
দৈৱিক শক্তিসম্পন্না এই পুত্ৰী বোলে তেওঁৰ সৌভাগ্য৷ অপ্সৰা আইৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱা মাত্ৰেই আৰম্ভ হৈছিল মোৰ ভাগ্যগণনা৷ স্বৰ্গৰ অপ্সৰা মোৰ মাতৃ৷ মানৱ সন্তান গৰ্ভত ধাৰণ কৰিলেও, জীৱন দিলেও তেওঁ পালন কৰাৰ অধিকাৰ নাপায়৷ সেইদিনা অশ্ৰুসিক্ত নয়নেৰে মোৰ কপালত সিক্ত দুওঁঠেৰে স্নেহৰ পৰশ দি তেওঁ আঁতৰি গৈছিল মোক পিতাৰ হাতত গতাই৷ আশিস দি গৈছিল চাৰি মহাপৰাক্ৰমী চক্ৰৱৰ্তী সম্ৰাটৰ জননী হ’বলৈ৷ ততোধিক, সন্তান জন্মৰ পাছতো পুনঃ পুনঃ কৌমাৰ্য লাভৰ এক অদ্ভুত আশীৰ্বাদ৷ মোৰ ভাগ্যত গ্ৰহণ লাগিছিল আচলতে তেতিয়াই৷ এই দুই দৈৱিক গুণে মোকো যেন মনে মনে গবিৰ্তা কৰি তুলিলে৷ অপ্সৰা আইৰ ৰূপ-সৌন্দৰ্যই কৃপণালি নকৰাকৈ ভৰ কৰিছিলহি মোৰ সদ্যযৌৱনা শৰীৰত৷ ৰাজগুৰুৱে শিকোৱা মতেই পুৱা-গধূলি প্ৰাৰ্থনা কৰিছিলোঁ—
“পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমং তপঃ৷
পিতৰি পিতৃমাপন্নে প্ৰিয়ন্তে সবৰ্দেৱতা৷৷”
জন্মৰ পাছতে মাতৃয়ে ত্যাগ কৰা এই কন্যাৰ পিতায়েইতো সকলো, শিৰোধাৰ্য তেওঁৰ সকলো আদেশ৷ পিতাই আৱৰি ৰাখিলেও, ধাত্ৰী আৰু দাসীৰে পৰিৱেষ্টিত হৈ থাকিলেও মোৰ কুমলীয়া মনত আশৈশৱ ৰু-ৰুৱাই বলি থাকিল মাতৃৰ অভাৱে ৰোপণ কৰা এজাক অবুজ অশান্ত ধুমুহা৷ ভাবিছিলোঁ কোনো আকুল মুহূৰ্তত— কেনে নিৰ্দয়ী, পাষাণ হৃদয়ী মোৰ মাতা৷ এনেকৈনো কোনো মাতৃয়ে কৰ্তব্যৰ দোহাই দি ত্যাগ কৰিব পাৰেনে নিজ গৰ্ভজাতক? তেওঁৰ এনে কি বাধ্য-বাধকতা আছিল যে সন্তানক বঞ্চিত কৰিবলগা হ’ল মাতৃৰ অপত্য মমতাৰ পৰা! অভিমানৰ একুৰা তুঁহজুই যেন উমি উমি নিৰন্তৰ জ্বলি থাকে মোৰ মনৰ গভীৰতম কোণত৷ মোৰ দীঘল মেঘক’লা চুলিটাৰিত যেতিয়া দাসীয়ে সৌন্দৰ্যৰ বিজুলী অংকিত কৰিব খোজে, আইৰ হাতৰ আদৰুৱা পৰশ বিচাৰি হাহাকাৰ উঠে মোৰ বুকুত৷ কোন সাজে শুৱাব মোক, আইক সুধিবৰ বৰ মন যায়৷ প্ৰথম যৌৱনৰ তপ্ত বতাহজাকে সেন্দূৰীয়া কৰি তোলা মোৰ মুখখন আইৰ আঁচলেৰে ঢাকি ময়ো যেন জিলিকাম সেই আধাফুটা হাঁহি৷ পিছে, আই ক’ত? মোৰ নিস্তব্ধ, সেমেকা শেতেলীত আদৰ আনন্দৰ উমাল মালা গুঁঠিবলৈ আই যে নাই৷ মোৰ অভিমানৰ তুঁহজুই ক্ষোভৰ দাবানল হৈ মোকেই দগ্ধ কৰে প্ৰতিনিয়ত, দুহাতৰ আতুৰ আৱেষ্টনীত যে কেতিয়াও প্ৰতিভাত নহয় মোৰ হেঁপাহৰ গান— মোৰ আই৷
পিতা মহাৰাজ যযাতি পৰম পৰোপকাৰী, দানবীৰ, প্ৰজাবৎসল সম্ৰাট৷ তেওঁৰ ছত্ৰছায়াত প্ৰজাবৰ্গ পৰম সুখী৷ তেওঁৰ আগত দুহাত পাতি দিয়াজনে আজিকোপতি ৰিক্তহস্তে প্ৰস্থান কৰিবলগা হোৱা নাই৷ মহাৰাজ যযাতিয়ে নানান প্ৰৱন্ধেৰে হ’লেও প্ৰত্যাশীৰ আশা পূৰ্ণ কৰিহে উশাহ লয়৷ দানকৰ্মৰ যোগেদি তেওঁ প্ৰচুৰ পুণ্য সঞ্চয় কৰিছে৷ সেয়েহে তেওঁৰ ৰাজসভাত সদায়েই প্ৰত্যাশীৰ উপস্থিতি বিদ্যমান৷ মই গৌৰৱান্বিত মোৰ পিতৃৰ দানকৰ্মক লৈ, সমগ্ৰ জগতত জয়জয়কাৰ হয় দানবীৰ মহাৰাজ যযাতিৰ৷
প্ৰত্যাশীসকলৰ নানানটা আগ্ৰহ আৰু পিতা মহাৰাজে দিয়া তাৰ নিবৃত্তিৰ উপায়বোৰে মোক সদায়েই আহ্লাদিত কৰি আহিছে৷ ৰাজসভাত প্ৰত্যাশীসকলৰ প্ৰত্যেকটো প্ৰাৰ্থনাৰ খবৰ মই সময়মতে পাই থাকোঁ৷ তাৰ ব্যৱস্থা উচিত ধৰণেৰে কৰা আছে৷ আৰ্তজনক পিতাই দিয়া প্ৰত্যেকটো দানস্বৰূপ সহায়ে পিতাৰ প্ৰতি মোৰ আস্থা আৰু সন্মান দোপতদোপে বঢ়াই নি আছে৷ সন্তানক লৈ পিতৃ গবিৰ্ত হোৱাৰ অধিক নিজ পিতৃক লৈ এই মাধৱী গবিৰ্ত৷ বাঞ্ছিত দান লাভ কৰি প্ৰত্যাশীজনৰ দুচকুত ফুটি উঠা সুখ আৰু আনন্দই আহি মোৰ পিতাৰ শ্ৰীমুখত সন্তুষ্ট হৈ বিয়পি পৰেহি৷ পিতা মহাৰাজ যযাতিৰ উজ্জ্বল দুচকুৱে যেন বৰ্ণনা কৰি যায় নিজৰেই গৌৰৱ গাথা৷ হঠাতে কেতিয়াবা মোৰ ভয় হয়, এই গৌৰৱ আত্মসন্তুষ্টিৰ বাটেৰে গৈ যদি অহংকাৰৰ কঠিন শিলত পৰিণত হয়গৈ! নাই নাই… মোৰ পিতাৰ মাজত আছে আত্মসম্বৰণ, আত্মনিয়ন্ত্ৰণৰ অসীম ক্ষমতা৷ বুজনি দিওঁ নিজক৷
এটুকুৰা শুকুলা মেঘে সযতনে আৱৰি ধৰিলে আকাশ পোহৰাই ৰখা পূৰ্ণ চন্দ্ৰমাক৷ স্তিমিত পোহৰৰ আকাশৰ বুকুত দিক-বিদিক হেৰুওৱা মোৰ দৃষ্টিক পুনৰ নিজৰ মাজলৈ কঢ়িয়াই আনিলোঁ৷ নিগৰি আহিল এক গভীৰ নিশ্বাস৷ শ্বেত ৰাজহংসৰ কোমল পাখিৰে প্ৰস্তুত কৰা, মোলৈ পিতাৰ উপহাৰ সুদৃশ্য আসনত মূৰ থৈ মজিয়াত বহি পৰিলোঁ৷ অলস খোপাটি খোল খাই ঘনঘোৰ ক’লা মোৰ দীঘল মুক্ত কেশে আৱৰি ধৰিলে মোৰ শৰীৰ৷ ক্ষণিকৰ বাবেও বিস্মৃত হোৱা নাই সেই সময় মোৰ মনৰ পৰা৷ যি সময়ৰ লৌহকঠিন কণ্টকময় পথেদি সুদীৰ্ঘ পৰিভ্ৰমণৰ অন্তত আহি মই উপস্থিত হৈছোঁহি আজিৰ দোদুল্যমান সময়ত৷ পৰিক্ৰমাৰ আৰম্ভণিৰ সময়ত দ্বিধা নাছিল মোৰ৷ অৱশ্যেই আছিল আশ্চৰ্য আৰু অকথ্য বেদনা আৰু আজি পাৰ হৈ অহা প্ৰত্যেকটো ক্ষণ যেন জীৱন্ত হৈ ধৰা দিছেহি মোৰ ভাগৰুৱা, উদাস দুচকুত৷ এই পথেদি গৈচোন মোৰ মনচক্ষু উপস্থিত হৈছেগৈ মহাৰাজ যযাতিৰ ৰাজসভাৰ বন্ধ সিংহদ্বাৰৰ সন্মুখত৷ ভালদৰে মনত আছে মোৰ এই দ্বাৰেদিয়েই সেইদিনা প্ৰৱেশ কৰিছিল মহাৰাজ যযাতিৰ ৰাজসভাত এক বিশেষ মুনিকুমাৰ, নিশ্চয়কৈ দান-প্ৰত্যাশীৰে ৰূপত৷
গো-ধনৰ বাঞ্ছাৰে ব্ৰাহ্মণসকল উপস্থিত হয় মাজে মাজে ৰাজসভাত৷ মহাৰাজেও সেইদিনা কিছু গো-দান কৰা হ’ব বুলি ভাবি মুনিকুমাৰক পৰিচয় সুধিলে৷ তেজস্বী মুনিকুমাৰৰ গম্ভীৰ মাত বিয়পি পৰিল সভাগৃহত— “মহৰ্ষি বিশ্বামিত্ৰৰ একান্তই অনুগত প্ৰিয় শিষ্য এই অভাজনক গালৱ নামেৰে জনা যায়৷ গুৰুৰ আশ্ৰমত সদ্যহতে শিক্ষাগ্ৰহণ সমাপ্ত কৰি উঠিছোঁ৷ কিন্তু মোৰ মহান গুৰুৱে দান কৰা আপুৰুগীয়া জ্ঞান ভাণ্ডাৰৰ মই এতিয়াও অধিকাৰী হ’ব পৰা নাই৷ এই অধিকাৰ এতিয়াও মোৰ পৰা সহস্ৰ যোজন দূৰৈত৷
হে পুণ্যাত্মা, দানবীৰ মহাৰাজ যযাতি, আপোনাৰ পুণ্যগুণে মোক সেই সমস্ত জ্ঞানৰ অধিকাৰী কৰি তোলক৷ শুনামতে আপোনৰ ৰাজসভাৰ পৰা ৰিক্তহস্তে কোনো প্ৰত্যাশী আজি পৰ্যন্ত প্ৰস্থান কৰা নাই৷ মোকো বাঞ্ছিত দান দি বাধিত কৰক৷ এয়ে মোৰ প্ৰাৰ্থনা৷”
— ‘‘শিক্ষা সমাপ্ত হ’ল, অথচ এতিয়াও জ্ঞানৰ অধিকাৰী হোৱা নাই! এয়া কেনে পৰিস্থিতি মুনিকুমাৰ?’’— পিতাই সুধিলে৷
‘‘মোৰ গুৰুদক্ষিণা এতিয়াও অনাদায় মহাৰাজ”৷
“গুৰুদক্ষিণা সমৰ্পণ পৰ্যন্ত অৱশ্যেই আপুনি শিক্ষাৰ অধিকাৰী হোৱা নাই৷ আপোনাৰ উদ্দেশ্য পূৰণত সহায় হ’ব পাৰিলে মই নিশ্চিতকৈ কৃতাৰ্থ হ’ম৷ কওক, কিদৰে মই আপোনাৰ কৰ্ম সম্পাদনৰ সহায়ক হ’ব পাৰোঁ৷”
“প্ৰসন্ন গুৰুপ্ৰবৰে গুৰুঋণৰ পৰা মুক্ত কৰি দিয়াৰ পাছতো মই অত্যুৎসাহীয়ে পুনঃ পুনঃ আগ্ৰহ কৰিছিলোঁ দক্ষিণা দিয়াৰ, গতিকে এতিয়া মোৰ গুৰুদক্ষিণা হ’ল অষ্টশত শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ প্ৰত্যেক দ্বাৰতে বিমুখ মই, প্ৰত্যেক অনুসন্ধান অসফল৷ মহাৰাজ, এই নিঃকিন ব্ৰাহ্মণে তাৰেই প্ৰাৰ্থনা লৈ উপস্থিত হৈছোঁহি অন্তিম আশাস্বৰূপ আপোনাৰ ঘৰত৷
সমগ্ৰ আৰ্য্যাৱৰ্তই জানে প্ৰবল প্ৰতাপী, মহাবীৰ মহাদানী মহাৰাজ যযাতিৰ দানকৰ্মৰ কথা৷ জানো ময়ো দেৱৰো দুৰ্লভ, মহামূল্যৱান বস্তুটিও প্ৰত্যাশীজনৰ আশা অনুসৰি মহাৰাজ যযাতিয়ে যি প্ৰবন্ধ কৰি হ’লেও দান কৰেই৷ এই দ্বাৰৰ পৰা আজিলৈকে কোনো বিমুখ হ’বলগা হোৱা নাই, নহয়ো৷ মোৰ প্ৰত্যাশা ইমান সৰল নহ’লেও এয়া চিৰসত্য যে আপুনিয়েইহে মাত্ৰ সম্ভৱ কৰিব পাৰিব৷ আন কাৰো ইমান সামৰ্থ্য নাই৷ সেয়েহে, হে মহাৰাজ, আপোনাৰ ওচৰত মই আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব দানস্বৰূপে লাভ কৰিবলৈ আশা কৰি প্ৰাৰ্থনা জনালোঁ৷”
নিস্তব্ধতা বিৰাজমান হ’ল সভাঘৰত৷ এনে অদ্ভুত গুৰুদক্ষিণা বিচাৰিছে ঋষি বিশ্বামিত্ৰই! মহাৰাজে বা কি সমাধান দিয়ে৷
দাসীয়ে পলকতে আহি মোক সম্বাদ জনালেহি৷ মোৰ হাতৰ মুকুতা-মালাধাৰিৰ প্ৰত্যেকটো মুকুতা ভূ-লুণ্ঠিত হ’ল৷ অস্থিৰতাই আৱৰি ধৰিলে মোক, এতিয়া কি সমাধান দিব পিতাই? আজি উভতি যাব নেকি প্ৰত্যাশী ৰিক্তহস্তে? মোৰ পিতাৰ যশস্যাত কালিমা লাগিব নেকি? মহাৰাজ যযাতিৰ আস্তাবলততো কোনো শ্বেতবৰ্ণ, শ্যামকৰ্ণ সুলক্ষণা অশ্ব নাই৷ ইমানকেইভাগী মহান যজ্ঞ আৰু তদুপৰান্ত দান-দক্ষিণাৰ পাছত পিতা মহাৰাজৰ সেই প্ৰাৰ্থনা পূৰণ কৰাৰ সামৰ্থ্য অৱশেষ নাই আৰু! পিতাই কি নিজ অসমৰ্থতাৰ বাবে ক্ষমা খুজিব? নাই নাই…
ৰাজসভাৰ অবাঞ্ছিত ঘটনা প্ৰৱাহত ৰাজমহলৰ ভিতৰচ’ৰাও হৈ পৰিল অস্থিৰ৷ চিন্তা আৰু উত্তেজনাই দ্ৰুততৰ কৰি তুলিলে মোৰ শ্বাস-প্ৰশ্বাস৷ কোঠাৰ পৰা অন্তৰাবেদী, অ’ৰ পৰা ত’লৈ দ্ৰুত পদসঞ্চালনেৰেই যেন মই প্ৰশমিত কৰিম মোৰ হৃদয়ৰ অস্থিৰতা৷ উত্তৰবিহীন প্ৰশ্ন মোৰ দুচকুত৷ প্ৰৱেশদ্বাৰৰ পৰা খৰখোজে উভতি আহোঁতেই এক অনাহূত শব্দত ৰৈ গ’লোঁ, ঘূৰি চালোঁ৷ মোৰ আঁচলৰ বা লাগি মজিয়াত বিদীৰ্ণ হৈ পৰি ৰৈছে মোৰেই অতি হেঁপাহৰ মৃণ্ময় প্ৰতিমা৷ বহি পৰিলোঁ কাষতে৷ ময়েই যেন ভাগি চূৰ্ণ-বিচূৰ্ণ হ’লোঁ৷ ভগ্ন খণ্ডবোৰ সামৰি বুকুত সাবটি ল’বৰ মন গৈছে৷ অথচ মোৰ দুহাতৰ কম্পিত আঙুলিয়ে এতিয়া স্থিৰ কৰিব পৰা নাই এনে সাহসৰ বাট৷
“ৰাজকুমাৰী”— দুচকু তুলি কণ্ঠস্বৰক অনুসৰণ কৰিলোঁ৷ মোৰ দ্বাৰত ৰাজসভাৰ চন্তৰী৷ আমন্ত্ৰণ লৈ আহিছে ৰাজসভালৈ মোৰ৷ ৰাজসভালৈ? এনে আমন্ত্ৰণতো অহা নাই অক্যাপি৷ নিশ্চয় আজিৰ সন্ধিক্ষণত পিতাক কাষত প্ৰয়োজন হৈছে তেওঁৰ সৌভাগ্য— তেওঁৰ কন্যাক৷ সাজু হ’লোঁ৷
এই যযাতিনন্দিনী মাধৱীয়ে সৰ্বালংকাৰভূষিতা হৈ ৰাজসভাত উপস্থিত হোৱাৰ মুহূৰ্তত সকলোৰে মোহিত, প্ৰশংসিত দৃষ্টিয়ে যেন মোক ধুৱাই গ’ল৷ উপস্থিত মুনিকুমাৰ গালৱক অতিক্ৰমি মই পিতা মহাৰাজৰ কাষ পাই সেৱা জনালোঁ৷ ৰাজসভাৰ গম্ভীৰ পৰিৱেশে সমস্যা সমাধান নোহোৱাৰ ইংগিত বাৰুকৈয়ে বহন কৰিছিল৷ চিন্তিত সকলো সভাসদ মহাৰাজে প্ৰত্যাশীক দান দিব নোৱৰাৰ আশংকাত৷ মুনিকুমাৰ গালৱ বিমৰ্ষ, দ্বিধাগ্ৰস্ত৷ তেওঁৰ লক্ষ্য প্ৰাপ্তিৰ অন্তিম প্ৰত্যাশা মহাৰাজ যযাতিয়ে দিব পাৰিবনে কিবা সমাধান? আৰু পিতা? তেওঁৰ দুচকুত দেখোন স্বস্তি৷ আস্, পিতাই তেনেহ’লে দানৰ প্ৰৱন্ধ কৰিলে৷ সেয়েতো এই স্বস্তি৷
সুপুৰুষ মহাৰাজ যযাতিৰ গম্ভীৰ কণ্ঠস্বৰে গম্গমাই উঠিল ৰাজসভা৷ “এয়া ৰাজকুমাৰী মাধৱী, মোৰ একমাত্ৰ কন্যা৷ সুন্দৰী, সবৰ্গুণসম্পন্না কন্যা৷ চাৰি মহাশক্তিশালী, চক্ৰৱৰ্তী সম্ৰাট পুত্ৰৰ জননী হ’বলৈ আশীৰ্বাদেৰে পুষ্ট মাধৱী সন্তান জন্মৰ পাছত পুনঃ কৌমাৰ্যপ্ৰাপ্তিৰ বিশেষ ক্ষমতাৰো অধিকাৰিণী৷”
পিতাই ক্ষণিক বিৰাম ল’লে৷ গৰ্ব আৰু লজ্জামিশ্ৰিত জান-নিজান হাঁহি বিয়পি পৰিল মোৰ ওঁঠৰ কোণত৷
“হে মুনিকুমাৰ গালৱ, তোমাৰ বাঞ্ছা অনুসৰি কোনো শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব মই দান কৰিবলৈ অক্ষম৷ কিন্তু ৰিক্তহস্তে তোমাক উভতি যাবলৈ এই যযাতিয়ে নিদিয়ে৷ সেয়েহে, মাধৱীক তোমাক দান কৰিলোঁ৷ তোমাৰ বাঞ্ছিত বিশেষ অশ্বযুক্ত কোনো পুত্ৰকামী ৰজালৈ মাধৱীক দি তুমি সংগ্ৰহ কৰি লোৱা নিজৰ গুৰুদক্ষিণা৷”
কি ক’লে পিতাই? সzমেৰে অধোবদন হৈ থকা মই হতচকিত হৈ সিংহাসনৰ ফালে মূৰ তুলি চালোঁ৷ অপাৰ বিস্ময়, অবিশ্বাস আৰু সংশয়ৰ কলীয়া ডাৱৰে আৱৰি ধৰিলে মোৰ মন-মগজু৷ কেনে অদ্ভুত সিদ্ধান্ত এয়া৷ কেনেকৈ হ’ব পাৰে? এয়া মোৰ পিতায়েই নে? নে মাথোঁ মহাৰাজ যযাতি— যাৰ বাবে নিজৰ দানকৰ্মৰ গৌৰৱ অক্ষুণ্ণ ৰখাই একমাত্ৰ স্বস্তি, একমাত্ৰ পুণ্য৷ মাধৱী বোলে আকৌ তেওঁৰ গৌৰৱ, তেওঁৰ সৌভাগ্য৷ তাৰ পাছতো…৷ আঙুলিৰ সেই কম্পন বিয়পি পৰিছে মোৰ সমগ্ৰ শৰীৰত৷ কম্পিত, শুষ্ক দুওঁঠ তিয়াই ল’বলৈ মোৰ জিহ্বাতো নাই এটোপালো জল৷ শেঁতা হৈ পৰা ওঁঠ দুখনে ফুটাই তুলিব পৰা নাই এবাৰো— “পিতা”৷ মোক আৱৰি ৰখা তোমাৰ ডেউকা দেখোন তেনেই ঠুনুকা৷ পিতাৰ দুচকুত দেখা পোৱা আদৰ কি মোৰ ভ্ৰম আছিল? উহ! নিজৰ সন্তান, নিজৰ পুত্ৰী জানো কেতিয়াবা দানৰ দ্ৰব্য হয়? সন্তানৰ সৈতে সম্পৰ্কৰ ডোলডালচোন এৱাঁসূতাৰ দৰেহে হ’ল৷ পিতা-পুত্ৰীৰ গৌৰৱগাথাৰ সমাপ্তি তেনেহ’লে এই সভাতেই হ’ব? মনৰ লগতে শৰীৰৰ স্থিৰতাও যেন মোৰ হেৰাব ধৰিছে৷ অৱলম্বন লাগে মোক— দৃঢ় আৰু নিশ্চিত৷ পিতাচোন মোৰ দৃষ্টিৰ সীমাত ধূসৰ হৈ পৰিছে…৷ পিতা ধৰ্ম পিতা…
চক্ৰাকাৰে পৰিভ্ৰমিত নভোমণ্ডলৰ অনুভৱৰ মাজতো হঠাৎ মই খামুচি ধৰিবৰ বাবে উদগ্ৰীৱ হ’লোঁ মোৰ নিজা পৃথিৱী৷ যুক্তিৰে নিজক স্থিৰ কৰিবৰ যত্ন কৰিলোঁ৷ ক্ষণিকৰ আৱেগ আৰু উৎকণ্ঠাৰ ওপৰত মই নিয়ন্ত্ৰণ পাবই লাগিব৷ মোৰ পিতা মোৰ জন্মদাতা, মোৰ পালক৷ সেই পিতা আজি ভিক্ষাদান কৰিব নোৱৰাৰ ঘোৰ সংকটত৷ মোৰ একান্তই দায়িত্ব যথাসাধ্যে তেওঁক উদ্ধাৰ কৰাৰ৷ পিতা মোৰ পৰম ধৰ্ম, পিতা মোৰ স্বৰ্গ, পিতায়েই তপস্যা৷ পিতাক তুষ্ট কৰি দেৱতাৰ প্ৰিয় হৈ স্বৰ্গলাভৰ কোনো বাসনা কিন্তু মোৰ নাই৷ সেই স্বৰ্গস্থান পিতাৰ বাবেই সুৰক্ষিত হওক৷ তেওঁ দানকৰ্মৰ পুণ্য লাভ কৰক৷
মোৰ অপ্সৰা মাতাই পৰিত্যাগৰ সময়ত দি গৈছিল দুটি বিশেষ আশীৰ্বাদ৷ মাতৃৰ মমতাৰ পৰা বঞ্চিত মাধৱী যাতে সদায় বিশেষ হৈ থাকে, সৌভাগ্যশালীনি হয়৷ কিন্তু সেই সৌভাগ্যৰ সেন্দূৰীয়া পথেদি আগবাঢ়ি আহিল দেখোন অকথ্য যন্ত্ৰণাৰ নিঃছিদ্ৰ ঘনঘোৰ আন্ধাৰ৷ অনিশ্চিত ভাগ্য মোৰ৷ পিতায়েও আজি দানৰ সামগ্ৰীৰূপে মোৰ ভাগ্য অৰ্পণ কৰিলে অচিন মুনিকুমাৰৰ হাতত৷
কোনো ভাৱালেষ আৰু বাঞ্ছিত নহয় মোৰ দুচকুত৷ এপদ-দুপদকৈ খহাই পেলোৱা হৈছে মোৰ সৰ্বাংগ সুসজ্জিত কৰি ৰখা ৰাজআভূষণ, মূল্যৱান অলংকাৰ৷ সুদৃশ্য কেশসজ্জা সামৰি পেলোৱা হৈছে এক সাধাৰণ কৱৰীত৷ সুকোমল পাটৰ উজ্জ্বল বস্ত্ৰৰ সলনি এয়া মই ধাৰণ কৰিছোঁ আশ্ৰমবাসিনী, সন্ন্যাসিনীৰ কপাহী গেৰুৱা বসন৷ প্ৰত্যেকপদ আভূষণৰ সৈতে মই ত্যাগ কৰি গৈছোঁ দুচকুত অতদিনে পিন্ধি ৰখা এটি এটি সুৱদী সপোন৷ আজি আই যদি থাকিলেহেঁতেন কাষত মোৰ, কঠিন বৰ্ম হৈ থিয় দিলেহেঁতেন নিশ্চয় মই আৰু মোৰ অনিশ্চিত ভাগ্যৰ মাজত৷ সন্তানৰ ওপৰত থকা মাতৃৰ অধিকাৰেৰে নিশ্চয় মোৰ আয়ে ৰোধ কৰিলেহেঁতেন এনে অবাঞ্ছিত দান৷ আই মোৰ, চোৱা… চোৱা… তুমি অবিহনে তোমাৰ আশীৰ্বাদৰ সুৰ কিদৰে প্ৰতিধ্বনিত হ’ল পিতাৰ কৰ্ণকুহৰত৷ নালাগে, নালাগে মোক কোনো আশীৰ্বাদ, কোনো দৈৱিক গুণ৷ তোমাৰ স্নেহময় শীতল কোলাত মূৰ থৈ সাধাৰণ মানৱী হৈয়ে মোক পাৰ কৰিব দিয়া আদৰুৱা ক্ষণ৷ উঃ সকলো মৰীচিকা মাথোন৷ সপোনৰ সীমনা পাৰ হৈ এতিয়া সময় ৰূঢ় কঠিন বাস্তৱৰ শিলাময় ভূমিত খোজ দিয়াৰ৷ আশ্ৰমবাসিনীৰ সাজেৰে মাধৱী এতিয়া পিতাৰ আদেশৰ অপেক্ষাত৷ শেষ আদেশ দিবলৈ, শেষ বিদায় জনাবলৈ পিতা আহিবনে বাৰু মোৰ ওচৰলৈ?
এয়া মহাৰাজ যযাতিৰ শেষ আদেশ শুনাই গ’ল তেওঁৰ অনুচৰে৷ অপেক্ষাৰত বোলে মুনিকুমাৰ গালৱ, তেওঁৰ অপেক্ষা যাতে অধিক দীঘলীয়া নহয়৷
মাধৱীৰ মূল্য আজি আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ মোৰ বিক্ৰীমূল্য৷ মই পণ্য৷ আঠশ অশ্বই টানি নিব মাধৱীৰ ভাগ্যৰ ঠুনুকা ৰথ৷ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ আস্তাবলৰ মজিয়া গৰকি নিশ্চিত হ’ব এই ভাগ্য এই জীৱন-যৌৱন৷ মাধৱীৰ অধিকাৰৰ হাতনি পেৰা আজি তেনেই উদং৷
খণ্ড–২
আশ্ৰমবাসিনীৰ বেশেৰে ৰাজপ্ৰাসাদৰ সিংহদ্বাৰ পাৰ হৈ এবাৰ ঘূৰি চালোঁ— পিতাক দেখোঁ নেকি? উঠিছে নেকি বাৰু এতিয়ালৈ পিতাৰ হৃদয়তো এজাক অশান্ত বা-মাৰলি? পদূলি গৰকি পাৰ হৈ যাবলৈ লোৱা জীয়েকলৈ উঠিছে নেকি উঠলি আদৰ আৰু স্নেহৰ বন্যা? পিছে শেষ দৰ্শনতো পিতাৰ মুখত যে দেখা নাছিলোঁ একো ভাবাৱেগ৷ সমগ্ৰ মুখমণ্ডল বিয়পি আছিল মাথোঁ এক শীতল স্বস্তি, দানকৰ্ম সফলভাৱে সম্পূৰ্ণ কৰাৰ৷
বুকুৰ তুঁহজুইকুৰা লেলিহান শিখাৰে দপ্দপীয়া হৈ পৰিছে৷ আয়ে যদি বান্ধি ৰাখিলেহেঁতেন আজি মোক মমতাৰ আঁচলেৰে, হয়তোবা দুচকুৰ আলসুৱা সপোন খুলি থৈ মই ভৰি দিব নালাগিলহেঁতেন জীৱনৰ খলাবমা পথৰুৱা বাটত৷ মহাৰাজ যযাতিৰ ৰাজভৱনৰ পৰা দূৰ হৈ অহা মোৰ প্ৰত্যেকটো খোজেচোন আগবঢ়াই লৈ গৈছে মোক মাথোঁ অনিশ্চয়তা আৰু বিহ্বলতাৰ অতল গহ্বৰৰ দিশে৷ দূৰৈৰ সীমনাত অপসৃয়মান পিতাৰ প্ৰাসাদ৷ উভতি চাওঁ, চৌদিশে গহীন নিৰ্জন অৰণ্য৷ গভীৰৰ পৰা গভীৰতম মহাঅৰণ্যৰ নিৰ্জনতাই যে গ্ৰাস কৰিব ধৰিছে মোৰ জীৱনামৃত৷ দুচকুৰ বাট ভেটি ৰোৱা নিৰীহ মুকুতাই নিজেই যে হেৰুৱাইছে বাটৰ উৱাদিহ৷
জাকজমক ৰাজকীয় স্বয়ম্বৰত যদি আজি মই বৰণ কৰিলোঁহেঁতেন কোনো ৰাজপুৰুষক, জীৱনৰ পুষ্পসজ্জিত নৌকা মোৰ আগবাঢ়ি গ’লহেঁতেন সুখ, সন্মান আৰু সমৃদ্ধিৰ নীলাভ সমুদ্ৰলৈ৷ পিছে সেই সমুদ্ৰত এতিয়া কালধুমুহাৰ সশব্দ গৰ্জন, হঠাতে বাঢ়ি অহা প্ৰবল চাকনৈয়াইচোন মোক অতল ৰহস্যময় গহ্বৰৰ দিশে প্ৰচণ্ড শক্তিৰে টানি লৈ গৈছে৷ সমুখত দেখা পাইছোঁ সৌৱা শত শত তেজাল ঘোঁৰা, শ্বেতবৰ্ণ শৰীৰত শ্যামবৰ্ণৰ কৰ্ণৰে৷ প্ৰবল শক্তি সিহঁতৰ৷ থাউনি হেৰাইছে মোৰ৷ ধূসৰ হৈ পৰিল মহাৰাজ যযাতিৰ ৰাজপ্ৰাসাদ৷ সুউচ্চ স্বৰ্ণচূড়াটোও আৰু দৃশ্যমান নহয়৷ অৱশ্যে মুনিকুমাৰ গালৱেওতো লৈ গৈছে মোক কোনো ৰাজপ্ৰাসাদ অভিমুখেই৷ মাথোঁ এতিয়া মোৰ বিনিময়মূল্য আঠশ শ্বেতবৰ্ণৰ শ্যামকৰ্ণ অশ্ব৷ মোৰ সন্মান, অধিকাৰ আৰু স্বাভিমানৰ বৰপেৰা মই পিতাৰ প্ৰাসাদতে এৰি আহিছোঁ৷ মাধৱীৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই, প্ৰয়োজন মাথোঁ এক চুক্তিৰ৷ অশ্বৰ সৈতে স্ত্ৰী সলনি কৰাৰ এক মহামূল্যৱান চুক্তিৰ৷
অচিন পথৰ যাত্ৰী আজি মই, অনুগামী গালৱৰ৷ গালৱৰ লক্ষ্যয়েই মোৰো লক্ষ্য৷ সুস্থিৰ এই লক্ষ্য৷ পিছে লক্ষ্যস্থান? বৰ্তমানোচোন ই এক মৰীচিকা৷ নাজানো আমাৰ এই যাত্ৰাৰ অন্ত ক’ত৷ সমুখলৈ দৃষ্টি ৰাখি আগবাঢ়ি গৈ আছে গালৱ৷ সমুখৰ তৰু-তৃণ-লতা আঁতৰাই যথাসম্ভৱ সুচল কৰি তুলি গৈছে মোৰ যাত্ৰাপথ৷ মাজে মাজে আগবাঢ়ি পথনিৰ্দেশক হৈ পৰিছে মোৰ আৰু কিছু সময়ত মোৰ খোজত খোজ মিলাই হৈ পৰিছে সহযাত্ৰী৷ মুনিকুমাৰৰ খোজত খোজ মিলাই আগবঢ়াৰ যত্ন কৰিছোঁ মই৷ সমুখলৈ স্থিৰ দৃষ্টিৰে, দৃঢ় আৰু দ্ৰুত খোজেৰে আগবাঢ়িছে তেওঁ৷ সাজিতো থোৱা নাই কোনেও আমাৰ বাবে এক সুগম পথ৷ পিছে, তেওঁ আগবাঢ়িছে কোনো বাধাক গণ্য নকৰি৷ বাটৰ সৰু জোপোহা বা শুকান জেঙত লাগি ধৰা তেওঁৰ পীতবৰণৰ ধুতিখন ক্ষন্তেক ৰৈ সযতনে এৰুৱাই ল’বলৈও কাণসাৰ নাই৷ দুৰ্বাৰ আকাংক্ষা তেওঁৰ লক্ষ্যপ্ৰাপ্ত হোৱাৰ৷ তেওঁৰ দুভৰি অনুসৰণ কৰি খোজ মিলাবৰ যত্ন কৰিছোঁ মই৷ পিছে ভগ্ন হৃদয়েৰে মোৰ আলসুৱা দেহে যেন তাল মিলাবই পৰা নাই৷ হঠাতে স্থবিৰ হৈ পৰিল তেওঁৰ খোজৰ গতি৷ অকণমান মূৰটো বেঁকা কৰি মোলৈ ঘূৰি চালে৷ সম্ভৱতঃ মনত পৰিল মোলৈ৷ পুনৰ আগবাঢ়িব ধৰিলে, এইবাৰ ধীৰ খোজেৰে৷ এইবাৰচোন তেওঁ সাৱধানে কাঁইটীয়া জোপোহা আদি এৰাই খোজ দিছে৷ প্ৰথমবাৰৰ বাবে মূৰ তুলি চালোঁ গালৱলৈ৷ হয়, সুপুৰুষ তেওঁ৷ ঋজু অথচ শক্তিশালী সুঠাম শৰীৰ, খহি পৰা উত্তৰীয়ই ঢাকোঁ-নেঢাকোঁকৈ প্ৰকট কৰি তুলিছে তেওঁৰ পেশীবহুল, সুঠাম কান্ধ আৰু বাহু৷ আশ্ৰমবাসীৰ উপযোগী মূৰৰ জঁটাৰ পৰা ওলমি পৰা দীৰ্ঘ কেশে খেলিমেলিকৈ আৱৰি ৰাখিছে তেওঁৰ বহল পিঠিৰ একাংশ৷ হাতৰ মণিবন্ধ আৰু ডিঙিত ওলমি আছে পৱিত্ৰ ৰুদ্ৰাক্ষৰ মালা৷ উদ্বেগ, উত্তেজনা আৰু চিন্তা, শংকাই বিৰিঙাই তুলিছে তেওঁৰ কপালৰ পৰা কাণৰ কাষলৈকে বিন্দু বিন্দু ঘাম৷ মচি ল’বলৈ তেওঁৰ আহৰি নাই৷ ডাঠ, ক’লা দুকোছা চেলাউৰিয়ে আৱৰি ৰখা তেওঁৰ দুচকুলৈ চালোঁ৷ হ্ৰদৰ দৰে সুগভীৰ দুচকুত যেন জ্ঞান, শংকা, আশা আৰু উত্তেজনাই সৃষ্টি কৰিছে এক তীব্ৰ **ঘূণ¹ৰ…৷ পৰিত্ৰাণৰ বাট বিচাৰি চঞ্চল তেওঁৰ দুটি নয়ন৷
পিতাৰ ৰাজসভাত চকামকাকৈ যেতিয়া তেওঁক দেখিছিলোঁ প্ৰত্যাশীৰ ৰূপত, চিন্তিত, শংকিত তেওঁ৷ এতিয়াও বিদ্যমান তেওঁৰ শ্ৰীমুখত উদ্বেগ আৰু চিন্তাৰ ৰেখা৷ আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ চিন্তাত বিহ্বল নিশ্চয় এই মুনিকুমাৰ, নে তেওঁৰ মনত আছে নেকি কিবা দ্বন্দ্ব? ব্যথিত কৰিছে নেকি তেওঁক উচিত-অনুচিতৰ কোনো চিন্তাই? নাজানো, জনাৰ কোনো উপায় নাই৷ প্ৰয়োজনেই বা কি, লাভেই বা কি? দানত পোৱা দৈৱিক গুণসম্পন্না সুন্দৰী ৰাজকন্যাক লৈ তেওঁ নিজৰ গুৰুদক্ষিণা দিয়াৰ চিন্তাত বিভোৰ নিশ্চয়৷ ততোধিক আন একো বিচাৰ্য নহয়৷
গুৰুঋণৰ পৰা মুক্ত হ’বলৈ, গুৰুদক্ষিণা দিবলৈ তেওঁ কৰা ঐকান্তিক প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগীয়া৷ তাৰ বাবে ৰাতি-দিন একাকাৰ কৰি তেওঁ যে বিভিন্ন ৰজাৰ দুৱাৰে দুৱাৰে সন্ধান লৈ ফুৰিছে প্ৰয়োজনীয় অশ্বৰ৷ সঁচাকৈয়ে প্ৰতীয়মান হয়, তেওঁৰ দায়িত্বজ্ঞান, কৰ্তব্যনিষ্ঠা৷
এজন নিঃকিন ব্ৰাহ্মণ কুমাৰে গুৰুদক্ষিণাৰূপে আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব দিবলগা হোৱাটোৱেই এক প্ৰকাৰৰ প্ৰহসন৷ স্বাভাৱিকতেই এনে শ্যামকৰ্ণ অশ্ব সংগ্ৰহৰ বাবে তেওঁ ৰাজদ্বাৰত উপস্থিত হ’বই লাগিব৷ তেওঁ সঠিকভাৱেই প্ৰয়াস কৰিছে৷ মহাৰাজ যযাতিৰ পৰাই আশা কৰিছিল নিশ্চয় সমুদায় অশ্ব দানস্বৰূপে লাভ কৰিবলৈ৷ কিন্তু লাভ কৰিলে এগৰাকী যুৱতী, যি হ’ব তেওঁৰ উদ্দেশ্যপূৰ্তীৰ অজানা পথৰ প্ৰধান আহিলা৷
ৰাজপ্ৰাসাদৰ আলাসৰ লাড়ু মই মাধৱীয়ে ইতিমধ্যে পদব্ৰজে পাৰ হৈ আহিছোঁ বহু দূৰ বাট৷ এই বাট পিছে মসৃণ নহয়৷ পিতৃয়ে হঠাতে পৰিত্যাগ কৰাৰ মানসিক আঘাত আৰু সেই পিতৃৰ প্ৰতি থকা কৰ্তব্যবোধৰ টনা-আঁজোৰাত মানসিকভাৱে মই ইতিমধ্যেই ভাৰাক্ৰান্ত৷ মোক দানস্বৰূপে গালৱক দিয়া হৈছে৷ মই এতিয়া গালৱৰ অধীন৷ গতিকে মোৰ অধিপতি গালৱৰ ইচ্চানুসৰি মই এতিয়া তেওঁৰ অনুগামী হ’বলৈ বাধ্য৷ এতিয়াও পিছে মোৰ এই সকলো সপোন যেনহে লাগি আছে৷ সঁচাকৈয়ে জানো মই পিতৃৰ দ্বাৰাও পৰিত্যক্তা, অনিশ্চিত পথৰ যাত্ৰী?
“ৰাজকুমাৰী মাধৱী, কিছু সময় জিৰণি লৈ লোৱাটো নিশ্চয় সমীচীন হ’ব৷ আহা, এই স্থানতে এখন্তেক বহোঁ৷”
অতবেলি চৌদিশে নোচোৱাকৈ খোজ দিছিলোঁ মাথোঁ গালৱৰ দুভৰিক অনুসৰণ কৰি৷ এজোপা বৃক্ষৰ গুৰিত গালৱে অঁতাই দিয়া মাটিৰ ঢিপটোতে বহি পৰিলোঁ৷ নাতিদূৰৈত তেৱোঁ বহিল৷ কাষৰ গছজোপালৈ চালোঁ৷ পাতল গোলাপী বৰ্ণৰ পাতবোৰে পূৰ্ণপ্ৰস্ফুটিত পুষ্পগুচ্চৰে সৈতে মহুৱা বৃক্ষজোপাক অতীৱ সুন্দৰী কৰি তুলিছে৷ মোৰ দুচকু এইবাৰ চৌদিশে বগাই ফুৰিবলৈ ধৰিলে৷ মূৰ দাঙি এবাৰ দূৰণিৰ আকাশত চকু থ’লোঁ৷ আৱৰি ৰখা নাই কোনো ঘন-ঘোৰ কলীয়া ডাৱৰে৷ আগন্তুক বসন্তৰ আলফুলীয়া ৰাগীত মতলীয়া নীল আকাশৰ শুকুলা ডাৱৰ৷ ডাৱৰৰ পথ অনুসৰণ কৰি কৰি মোৰ দুচকুৱে যেন আকাশত সীমাত হেৰুৱালে সপোনৰ বাট৷ চকু নমাই আনিলোঁ৷ নীলাভ চাদৰৰ মাজতোচোন জ্বলিছে সৌৱা সুতীব্ৰ আকাংক্ষাৰ তেজৰঙা জুই৷ পলাশৰ৷ হৃদয়ৰ জুইকুৰা বাৰু মোৰ দুচকুৱে ছটিয়াই দিছে নেকি নীলা আকাশৰ শান্ত বুকুত৷ ৰক্তবৰ্ণ পলাশে উজুটি খাই ৰয় মাজে মাজে ধূসৰ গোলাপী শান্ত-সমাহিত মধুকৰ ৰঙত৷ উৎকট গৰমত ভৰ দুপৰীয়া এয়া যেন এছাটি শীতল আমেজভৰা সুবাসিত মলয়া৷ পলাশে জ্বলাই নে বাৰু আশাৰ দীপ? সৰি পৰিল এক হুমুনিয়াহ! পিতাৰ প্ৰাসাদো যেন ধূসৰ হৈ পৰিছে বৰ্তমানৰ পলাশৰ ৰঙত৷ গালৱৰ ফালে চালোঁ৷ তেৱোঁ চাইছিল মোৰ দুচকুৰ ভ্ৰমণ সম্ভৱতঃ৷ এক স্মিত হাঁহি জিলিকি উঠিল দুয়োৰে মুখত৷ হাতৰ কমণ্ডলুৰ পৰা গালৱে অলপ পানী দিলে খাবলৈ৷ লাহে লাহে মোৰ শ্বাস দ্ৰুতৰ পৰা স্বাভাৱিক হ’ল৷ দুপৰৰ বেলি ইতিমধ্যে ভটিয়াইছে নিশ্চিত অৱকাশ আৰু আশ্ৰয়ৰ দিশে৷ ভাগৰ জুৰাই পক্ষীগণে ৰাগ জুৰিছে সুখ আৰু আনন্দৰ৷ কিছু দূৰৈত উমলি থকা সৰু পক্ষীহালিৰ ওপৰত চকু ৰাখি ময়ো মোক অলপ জিৰণি দিয়াৰ চেষ্টা চলালোঁ৷ এইকণ জিৰণি, এইকণ সময় মোক খুবেই প্ৰয়োজন৷ শাৰীৰিক আৰু মানসিক দুয়ো দিশেৰে৷ পিছে যি এক মানসিক পৰিক্ৰমাৰ মই মুখামুখি হৈছোঁ, ৰাজকন্যাৰ পৰা মুহূৰ্ততে, মাথোঁ এষাৰ মুখৰ বাক্যতে হৈ পৰিছোঁ নিজৰ ওপৰতো অধিকাৰবিহীন এক দানৰ সামগ্ৰী, তাৰ পৰা উদ্ধাৰ পোৱাৰহে মই কোনো পথ নিৰ্ধাৰণ কৰিব পৰা নাই৷
মহাৰাজ যযাতিৰ দান-ধৰ্মৰ পুণ্যৰ ৰূপ হৈ তেওঁৰ বাক্য ৰক্ষা কৰি সেই ৰাজপ্ৰাসাদত যাত্ৰাৰম্ভ এই অভাগীৰ৷ মুনিকুমাৰ গালৱক গুৰুদক্ষিণা পৰিশোধৰ পুণ্যাৰ্জন কৰোৱাৰ কঠোৰ পথ এয়া৷ মোৰ এই নিৰৱচ্ছিন্ন যাত্ৰাৰ লক্ষ্য নিশ্চয় কোনো অজানা ৰজাৰ অপৰিচিত ৰাজঅন্তেষপুৰ৷ শংকা হয় মোৰ, সুৰক্ষিত নে মই এই যাত্ৰাত? মুহূৰ্তৰ সাক্ষাততে পিতাই যে মোক অপৰ্ণ কৰিলে এই মুনিকুমাৰৰ হাতত, সক্ষম নে তেওঁ, এই সমগ্ৰ যাত্ৰাত মোক সুৰক্ষা দিবলৈ? আৰু গালৱ, তেওঁৰেইবা সংযম কিমান? এবাৰ গালৱলৈ চালোঁ, হাতত এডাল তৃণ লৈ দূৰৈত দৃষ্টি নিবদ্ধ কৰি কিবা ভাবত বিভোৰ তেওঁ৷ মুখমণ্ডলৰ সংমিশ্ৰিত ভাব চাই বুজা নাযায় তেওঁৰ মনৰ প্ৰকৃত অৱস্থা৷
মই জানো, অপ্সৰা মাতাৰ ৰূপৰ অকৃত্ৰিম পৰশেৰে উন্মেষিত মোৰ এই সদ্যপ্ৰস্ফুটিত যৌৱন৷ অভাৱ নাছিল পাণিপ্ৰাৰ্থীৰ৷ কিন্তু পিতাই মোৰ স্বয়ম্বৰ অনুষ্ঠিত কৰাৰ আয়োজন কৰিছিল৷ উদ্দেশ্য নিশ্চয় এটাই— মই যাতে মনোমত স্বামী বৰণ কৰিব পাৰোঁ৷ এখন ভৱ্য স্বয়ম্বৰৰ ছবিয়ে মোৰ কল্পনাতো পোখা মেলিব ধৰিছিল৷ তত্ৰাচ, হঠাতে পিতাই মাধৱীক দানৰ সামগ্ৰী কিয় কৰি তুলিলে? কন্যাদায়গ্ৰস্ত পিতৃৰ দায়িত্বতকৈ নিশ্চয় তুলাচনীত দানকৰ্মৰ পুণ্যাৰ্জন বেছি গধুৰ৷
মহাৰাজ যযাতিয়ে নিশ্চয় সমগ্ৰ আৰ্যাৱৰ্তৰ আগত প্ৰতীয়মান কৰিব খুজিছিল যে যজ্ঞ কৰি নিঃস্বপ্ৰায় হ’লেও যযাতিয়েই এতিয়াও শ্ৰেষ্ঠ দানবীৰ৷ প্ৰয়োজনত নিজৰ পুত্ৰীক দান কৰি হ’লেও তেওঁ দানকৰ্ম সম্পূৰ্ণ কৰিবই৷ কিন্তু তেওঁ বচনবদ্ধতো নাছিল এই দানৰ বাবে৷ এবাৰলৈও তেওঁ কিয় নাভাবিলে মোৰ আৱেগ, মোৰ ইচ্চাৰ কথা, মোৰ ভৱিষ্যতৰ কথা৷ এদিন শ্ৰীৰামচন্দ্ৰই পিতৃবাক্য পালন কৰি ৰাজপ্ৰাসাদ ত্যাগ কৰি আহিছিল আৰু আজি ময়ো পিতৃৰ আদেশ মৰ্মে ৰাজপ্ৰাসাদ ত্যাগ কৰি আহিছোঁ৷ তেওঁৰ যাত্ৰা সুনিশ্চিত আছিল, চৈধ্যটি বছৰৰ৷ পিছে মোৰ এই যাত্ৰা সনাতন, ওভতনিৰ বাট ৰুদ্ধ৷ যুগে যুগে কিয় নাৰীয়ে ত্যাগ কৰিবলগা হয় জীৱনৰ সবৰ্স্ব? পুৰুষক জীয়ন দিবলৈ, পুৰুষৰ ‘বংশৰক্ষা’ কৰিবলৈ নাৰীয়ে ত্যাগ কৰিবলগা হয় আপোন ওপজা ঘৰ৷ অথচ সেই নাৰীৰ গৰ্ভজাতে কেতিয়াও ‘বংশৰক্ষা’ নকৰে নিজ জন্মদাত্ৰীৰ৷ ‘ত্যাগৰ প্ৰতিমূৰ্তি’ খিতাপ দি এই পুৰুষতান্ত্ৰিক সমাজে উদং কৰি গ’ল নাৰীৰ সমস্ত অধিকাৰ, সমস্ত আৱেগ৷ সীতাই আৰু কিমানবাৰ দিব পুৰুষ সমাজৰ অগ্নিপৰীক্ষা? কিমান আৰু বিদূষী ***গাগ¹ক মৃত্যুভয় দেখুৱাই পৰাস্ত কৰিব স্বয়ম্ভু মহাজ্ঞানী যাজ্ঞবল্কই৷ হে পুৰুষ, হে সমাজ!
মহাযজ্ঞৰ সম্পূৰ্ণ ফলপ্ৰাপ্তিৰ বাবে কাষত ধৰ্মপত্নীক বহুৱাই আহুতি দিলেই জানো সম্পূৰ্ণ হয় নাৰীত্বৰ সন্মান? পিছমুহূৰ্ততেচোন সেই পত্নীয়ে চৰণ স্পৰ্শ কৰি ল’বলগা হয় তোমাৰেই আশীৰ্বাদ৷ কিয় বান্ধি ৰখা হ’ল নাৰীক সহিষ্ণু, ধৈৰ্যশীলা আদি অভিধাৰে? অৱধাৰিতভাৱেই মোৰ মাজতো নাথাকিল সেই প্ৰতিবাদী সাহসী সত্তা, যিখিনিৰে হয়তো নিৰ্ধাৰণ কৰিব পাৰিলোঁহেঁতেন মই মোৰ জীৱনৰ গতিপথ৷ পথভ্ৰষ্ট নহ’লহেঁতেন মোৰ মসৃণ জীৱনৰথ৷ তথাপি মই পালন কৰি যাম পিতৃৰ প্ৰতি মোৰ দায়িত্ব, কৰ্তব্য৷ মোৰ সমগ্ৰ সত্তাৰে পৰিশোধ কৰিম পিতৃঋণ৷ সুপাত্ৰৰ হাতত কন্যাক সম্প্ৰদান কৰি মোৰ পিতৃ কন্যাদায়ৰ পৰা মুক্ত হ’ব নোৱাৰিব সঁচা, কিন্তু পিতৃৰ আদেশ অনুসৰি আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ বিনিময়ত মোৰ গৰ্ভত কোনো নৃপতিৰ সন্তান ধাৰণ কৰি, মই পিতৃৰ প্ৰতি মোৰ কৰ্তব্য সমুচিতভাৱেই পালন কৰিম৷ আৱেগ আৰু স্বাভিমানৰ কোনো স্থান নাই, মাথোঁ কৰ্তব্যৰ আহ্বান৷
গালৱলৈ দৃষ্টি দিলোঁ৷ অধোমুখে চিন্তাত নিমগ্ন তেওঁ৷ কি চিন্তা? নিশ্চয় গুৰুদক্ষিণাৰ৷ এইখণ্ডৰ প্ৰতাপী ৰজা যযাতিয়েই যেতিয়া তেওঁক দিব নোৱাৰিলে বাঞ্ছিত অশ্ব, এনে কোন শক্তিশালী ৰজাৰ সামৰ্থ্য হ’ব ইমান বৃহৎ পৰিমাণৰ বিশেষ অশ্ব প্ৰদান কৰিব পৰাকৈ৷ দিবই বা কিয়? এক শক্তিশালী পুত্ৰৰ আশাত……? হ’বওতো লাগিব তেওঁ অপুত্ৰক বা পুত্ৰকামী৷
“হে গালৱ৷ সন্ধান পোৱানে কোনো শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ অধিকাৰী ৰজাৰ, যি তোমাৰ বাঞ্ছা পূৰণ কৰিব পাৰে৷” মৌনতাৰ চাদৰ খহাই সুধিলোঁ তেওঁক, মোৰ যাত্ৰাৰ অন্তনো ক’ত মই জানিব বিচাৰোঁ৷ কিছু সময়ৰ অসহ্য নীৰৱতাৰ পাছত দূৰৈৰ ক’ৰবাত দৃষ্টি স্থিৰ কৰি তেওঁ কৈ গ’ল—
“নাজানো মাধৱী৷ বহুৰজাৰ দুৱাৰে দুৱাৰে ফুৰাৰ পাছত মহাৰাজ যযাতিৰ ওচৰতে মোৰ অনুসন্ধানৰ অন্ত পৰিব বুলি ভাবিছিলোঁ৷ তাতো বিমুখ হ’লোঁ৷ মই আছিলোঁ কেৱল প্ৰত্যাশী, দানপ্ৰাৰ্থী, মহাৰাজ যযাতিয়ে মোক এনে এক ৰত্ন দান কৰিলে যাৰ সহায়ত মই লাভ কৰিব পাৰিম নিশ্চয় মোৰ বাঞ্ছিত অশ্ব৷ পিছে মোৰ অনিশ্চিত যাত্ৰাৰ এতিয়ালৈকে কোনো লক্ষ্যস্থান নিৰ্ধাৰিত হোৱাগৈ নাই৷ শুনিছোঁ উত্তৰাখণ্ডৰ কোনো ৰজাৰ অশ্বশালাত প্ৰাপ্ত হ’ব এনে অশ্ব, তালৈকে আগবাঢ়িব লাগিব৷”
“দেখিছানে এনে সবৰ্সুলক্ষণযুক্ত অশ্ব? তোমাৰ গুৰুৰ উদ্ভট আগ্ৰহৰ বাবে আজি তেওঁৰেই প্ৰিয় শিষ্যই এইদৰে অ’ৰ পৰা ত’লৈ অনিশ্চিত যাত্ৰা কৰিবলগীয়া হৈছে৷ ততোধিক এগৰাকী যুৱতীয়ে জীৱনৰ এক অদ্ভুত চাকনৈয়াত পৰিবলগা হৈছে৷ দেখিছানে কেতিয়াবা?”
“মোক ক্ষমা কৰিবা মাধৱী৷ মহাৰাজ যযাতিৰ দ্বাৰত বিমুখ হ’লে কি কৰিম ভবাই নাছিলোঁ, কাৰণ প্ৰাপ্ত হ’ব বুলিয়েই নিশ্চিত আছিলোঁ, প্ৰকৃততে তাৰো আগতে দুই-চাৰিজন ৰজাৰ ওচৰত প্ৰাৰ্থনা কৰি গৈছিলোঁ এনে অশ্বৰ বাবে৷ কিন্তু কোনোজনৰে সামৰ্থ্য নাছিল৷ সম্পূৰ্ণ আশাহত হৈ পৰিছিলোঁ মই৷ গুৰুদক্ষিণা দিয়াৰ একান্তই আগ্ৰহত বাৰে প্ৰতি সুধি থকাৰ কাৰণেই হয়তোবা এনে এক দক্ষিণা দিয়াৰ দায়িত্ব পালোঁ মই৷ মোৰ আগ্ৰহক গুৰুৱে মোৰ অহংকাৰ বুলি কিয় বা ভাবিলে, মোৰ অজ্ঞাত৷ জানাই নিশ্চয় মোৰ গুৰু বিশ্বামিত্ৰ এসময়ত কাণ্যকুব্জৰ প্ৰবল প্ৰতাপী সম্ৰাট আছিল৷ ঘটনাচক্ৰত পৰিহে তেওঁ গৈ ব্ৰাহ্মণত্ব লাভ কৰি আশ্ৰমবাসী ঋষি হৈ পৰিল৷ তেওঁৰ অৱচেতন মনৰ মাজত ক’ৰবাত নিশ্চয় এতিয়াও লুকাই আছে জীৱনৰ প্ৰথমছোৱাৰ ৰেশ৷ তাৰে কিঞ্চিত প্ৰভাৱতে হয়তোবা তেওঁ দক্ষিণা হিচাপে চয়ন কৰিলে আঠশ সুলক্ষণযুক্ত, শ্বেতবৰ্ণ, শ্যামকৰ্ণ ঘোঁৰা, নহ’লেনো আশ্ৰমত এনে বিশেষ ঘোঁৰাৰ প্ৰয়োজনেই বা কি?
তত্ৰাচ, দায়িত্ব ল’লোঁ যেতিয়া, বচনবদ্ধ হ’লোঁ যেতিয়া ঘোঁৰাৰ সন্ধান আৰম্ভ কৰিলোঁ৷ ক’তো এনে বিশেষ ঘোঁৰাৰ খবৰ নাপাই আশাহত হৈ গুৰুদক্ষিণা দিয়াৰ বাবে কৰা প্ৰতিজ্ঞা পালন কৰিব নোৱৰাৰ অপৰাধবোধত ভুগি মই জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলাইছিলোঁ৷ ধিক্কাৰ জন্মিছিল মোৰ এই অসফল জীৱনলৈ৷ আত্মহনন কৰাৰ অৰ্থে মই নদীতীৰত উপস্থিত হৈছিলোঁগৈ৷ নিৰাশাৰ কলীয়া ডাৱৰে আৱৰি ধৰিছিল মোক৷ ঠিক তেতিয়াই সেই ডাৱৰৰ আৱৰণ ফালি মোৰ ওচৰত উপস্থিত হৈছিল এজন ব্যক্তি৷ মানসিকভাৱে ভাৰাক্ৰান্ত মোক দেখি তেওঁ সকলো কথা সুধিলে৷ আদ্যোপান্ত বিৱৰি তেওঁক কোৱাৰ পাছত উপায় হিচাপে তেওঁ মহাৰাজ যযাতিৰ দ্বাৰত প্ৰত্যাশীৰূপে উপস্থিত হ’বলৈ উপদেশ দিলে৷ তাৰ পাছৰ পৰ্যায়ৰ ঘটনাপ্ৰৱাহতো তোমাৰ জ্ঞাতই৷”
কি ক’ম এই মুনিকুমাৰক একো নিৰ্ধাৰণ কৰিব নোৱাৰিলোঁ৷ গুৰুদক্ষিণা দি গুৰুৰ প্ৰতি দায়িত্ব আৰু ধৰ্মপালনৰ বাবে তেওঁ যথাসাধ্যে কৰি গৈছে৷ অৱশ্যেই অশ্ব লাভৰ আশাৰেই তেওঁ মহাৰাজ যযাতিৰ ৰাজসভাত উপস্থিত হৈছিলগৈ৷ অশ্বৰ সলনি লাভ কৰিলে এক কন্যা, যি নিমিত্ত হ’ব তেওঁৰ আশাপূৰ্তিৰ৷ এক অদ্ভুত টান অনুভৱ কৰিলোঁ গালৱৰ প্ৰতি৷ দুয়োৰে জীৱন বান্ধ খাই আছে বচনবদ্ধতাৰ শক্তিশালী ডোলেৰে৷ গালৱ গুৰুদক্ষিণা দানৰ বাবে বচনবদ্ধ আৰু মই… মই বচনবদ্ধ পিতাৰ দানকৰ্ম ফলৱৰ্তী কৰি তুলিবলৈ৷
সুগম-দুৰ্গম সকলো প্ৰকাৰৰ পথ অতিক্ৰমি আমাৰ যাত্ৰা আৰম্ভ হ’ল উত্তৰাখণ্ডৰ দিশে৷ আশ্ৰমবাসী, কঠোৰ পৰিশ্ৰমী, কষ্টসহিষ্ণু গালৱৰ বাবে বিশেষ কষ্টকৰ নহয় এই লক্ষ্যৰ ঠিকনাবিহীন যাত্ৰা৷ আশাপূৰ্তিৰ সম্ভাৱনাৰ উকমুকনিয়ে তেওঁৰ মাজত সৃষ্টি কৰিছে তীব্ৰ উৎসাহ আৰু হেঁপাহ৷ সঞ্চাৰ হৈছে তেওঁৰ মাজত অফুৰন্ত শক্তি৷ তেওঁৰ বাবে যাত্ৰাপথ হৈ পৰিছে আৰু অধিক মসৃণ, দ্ৰুত আৰু দৃঢ়তৰ তেওঁৰ খোজ৷ কিন্তু সেই পথ একেই মসৃণ নহয় এই মাধৱীৰ বাবে৷ ৰাজকাৰেংবাসিনী, আলসুৱা, কোমলবয়সীয়া মাধৱীৰ হৃদয়ো তোলপাৰ এজাক অশান্ত বা-মাৰলিৰে৷ মাথোঁ কৰ্তব্যৰ তাগিদাতহে আগবাঢ়িছে মোৰ দুই ভৰি, কৰ্তব্য যে সৰ্বোপৰি৷
বসন্তৰ মধ্যভাগ পায়গৈ মানে আৰ্যাৱৰ্তৰ সীমা অতিক্ৰমি আমি প্ৰৱেশ কৰিলোঁ উত্তৰাখণ্ডৰ ভূমিত৷ পাৰ হৈ আহিলোঁ বহুতো সেউজ অৰণ্য৷ দূৰ দূৰ ব্যাপ্ত তৃণভূমি৷ বৃহৎ কলেৱৰৰ বৃক্ষৰ অৰণ্য এতিয়া কমি আহিছে৷ দেখা পাইছোঁ সুউচ্চ অথচ পোন দেৱদাৰু জাতীয় বৃক্ষৰ আধিক্য৷ কিছু শীতল মলয়াই পথৰ ক্লান্তি যেন কমাই আনিছে৷ মাজে মাজে পাৰ হৈ আহিছোঁ বিভিন্ন জনজাতীয় গাঁওবোৰ৷ সেৰেঙা জনবসতি৷ দেৱদাৰু গছবোৰৰ দৰেই পোন মাজে মাজে পাই যোৱা সহজ-সৰল জনজাতীয় মানুহবোৰ৷ কোনো চুক্তি বা বাধ্যবাধকতাত আবদ্ধ নহয় তেওঁলোকৰ জীৱন৷ স্বাধীনচিতীয়া সৰলৰৈখিক আনন্দৰ জীৱন৷ মোৰ জীৱনৰ হেৰাই যোৱা ৰংবোৰ সেইদিনা যেন প্ৰতিভাত হৈছিল আমি বাটত পাই যোৱা বিশেষ জনজাতীয় গাঁওখনত৷ কোনো এক উৎসৱে মুখৰিত কৰি ৰাখিছিল সেইদিনা গাঁওখন৷ সাজি-কাচি ওলাইছিল ডেকা-গাভৰুহঁত৷ হাতে হাতে ৰং লৈ সিহঁতে হেঁপাহেৰে অপেক্ষা কৰিছিল প্ৰিয়জনক ৰঙীন কৰিবলৈ, নিজেও ৰঙীন হ’বলৈ৷ এয়া হেনো ঘৰ-পতাৰ উৎসৱ৷ প্ৰিয়জনৰ মৰমত নিজক বিলীন কৰাৰ সপোন যেন সময়৷ বসন্তই অকৃপণ দুইহাতেৰে ছটিয়াই দিয়া জীৱনৰ ৰং হৃদয় জুৰাই পিন্ধি সাজু হ’ব ধৰিছে সকলো নতুন আশাৰ উন্মেষ ঘটাবলৈ৷ সিহঁতৰ ভৰপূৰ আনন্দৰ ৰিব্ ৰিব্ মলয়াই যেন কোমলকৈ কোবাই গ’ল আমি দুই পথিককো৷ ম্লান পৰোঁ পৰোঁ হোৱা আমাৰ আশা আৰু আগ্ৰহৰো যেন নৱীকৰণ হ’ল৷ কিছু নতুন শিকনি, কিছু নতুন উৎসাহ আঁচলত টোপোলা বান্ধি খোজ আগবঢ়ালোঁ লক্ষ্যৰ সন্ধানত৷
আমাৰ এই দীৰ্ঘ যাত্ৰাৰ লক্ষ্যস্থান অনুধাৱন কৰি আমি উপস্থিত হ’লোঁগৈ অযোধ্যাৰাজ হৰ্যশ্বৰ ৰাজসভাত৷ যাত্ৰাপথৰ ক্লান্তি আৰু কষ্ট, আমাৰ বিবৰ্ণ পোছাক আৰু ধূলি-ধূসৰিত মুখমণ্ডলেই প্ৰতীয়মান কৰিছিল৷ গালৱে নিজ পৰিচয় আৰু উদ্দেশ্য অযোধ্যাৰাজৰ আগত উত্থাপন কৰিলে৷ কিছু বিব্ৰত হৈ পৰা মহাৰাজে ধূলি-ধূসৰিত আমাৰ শ্ৰী-চেহেৰালৈ চাই স্নান আৰু ভোজনাদিৰ পাছত তেওঁৰ ব্যক্তিগত সভাকক্ষত আমাক উপস্থিত হোৱাৰ নিৰ্দেশ দি ৰাজসভা ত্যাগ কৰিলে৷ প্ৰয়োজন আছিল আমাক এইখিনি শুশ্ৰূষাৰ৷
অপৰাহ্ন বেলিকা অযোধ্যাৰাজৰ ব্যক্তিগত সভাকক্ষত উপস্থিত হ’লোঁগৈ৷ মহাৰাজে নিশ্চয়কৈ এইখিনি সময়ত সকলো দিশ গমি-পিতি চালে৷ আগবেলাৰ ৰাজসভাৰ দ্বিধাগ্ৰস্ততা তেওঁৰ মাজত আৰু নাই৷ গালৱক পোনপটীয়াকৈ তেওঁ সুধিলে— “হে মুনিকুমাৰ, যদি বিশ্বাসো কৰি লওঁ তোমাক ঋষি বিশ্বামিত্ৰৰ শিষ্য বুলি, তেওঁনো এই অদ্ভুত গুৰুদক্ষিণা কিয় বিচাৰিলে? আশ্ৰমবাসী ঋষিক শ্বেতবৰ্ণ, শ্যামকৰ্ণ ঘোঁৰা তাকো ইমান বৃহৎ পৰিমাণৰ, প্ৰয়োজনেই বা কি? এয়া কি অশ্বমেধ যজ্ঞৰ প্ৰস্তুতি, কিন্তু ৰাজপাটটো তেওঁ কেতিয়াবাই ত্যাগ কৰিলে৷ আৰু এই যুৱতী, তেওঁৰ অৱয়বত এতিয়া বাৰু দেখা গৈছে কিছু বিশেষত্ব, তুমি কোৱাৰ দৰেই এওঁ যদি যযাতিকন্যা হয়, তেওঁৰ গৰ্ভোৎপন্ন পুত্ৰ ৰাজচক্ৰৱৰ্তী হোৱাৰ কি বা নিশ্চয়তা আছে? কি বিশ্বাসত মই তেওঁক মোৰ অন্তেষপুৰত স্থান দিম?”
চক্ৰৱৰ্তী ৰজা হোৱাৰ হেঁপাহ প্ৰত্যেক ৰজাৰে মনৰ গভীৰ কোণত প্ৰতিপালিত হৈ থাকে৷ নিজে নোৱাৰিলেও পুত্ৰৰ দ্বাৰাই হ’লেও প্ৰত্যেকে পূৰণ কৰিব বিচাৰে এই সপোন, সোৱাদ ল’ব বিচাৰে এই সপোনৰ বাস্তৱায়িত ৰূপত৷ মই জানিছিলোঁ এই দুই যাদুকৰী শব্দই যি কোনো ৰজাকে এবাৰ প্ৰচেষ্টা চলাই চাবলৈ লালায়িত কৰিবই৷ অনুভৱ কৰিব ধৰিছিলোঁ আমাৰ যাত্ৰাৰ সম্ভৱতঃ সমাপ্তি ঘটিব ইয়াতে৷
মোৰ ভাবসাগৰত যতি পেলাই গালৱৰ কণ্ঠ কাণত পৰিল— “গুৰুদক্ষিণা পৰিশোধ কৰাটো মোৰ একান্তই কৰ্তব্য৷ ক্ষমা কৰিব মহাৰাজ, গুৰুদেৱে কিয় তেনে এক গুৰুদক্ষিণা নিৰ্ধাৰণ কৰিলে সেয়া মোৰ বিচাৰ্য নহয়, মই মাথোঁ মোৰ কৰ্তব্যহে পালন কৰিব বিচাৰোঁ৷ মহাৰাজ যযাতিয়ে ঐশ্বৰিক গুণসম্পন্ন নিজ এই কন্যাক মোৰ উদ্দেশ্যপূৰ্তিৰ বাবেই সমপৰ্ণ কৰিছিল৷ তেওঁৰ বিষয়ে কোৱা প্ৰত্যেকটো তথ্য মহাৰাজ যযাতিৰ স্ব-মুখ নিৰ্গত আৰু মহাৰাজ যযাতি মিথ্যাবাদী নহয়৷”
তথাপি যেন সম্পূৰ্ণ সন্তুষ্ট নহয় অয্যোধাৰাজ৷ ৰজাৰ সন্ধানী দুচকুৱে যেন খুঁটিয়াই চাব ধৰিলে মোৰ সদ্যযৌৱনা শৰীৰ৷ তেওঁৰ চক্ষুৰ তপ্ত হুতাসনে যেন চেলেকি গ’ল মোৰ ভ্ৰমৰৰ দৰে ক’লা, বহল দুই চকু, তিলফুল হেন নাক, বিম্বফলৰ দৰে গঢ়িত স্তনযুগল… অস্বস্তি লাগিল মোৰ৷ নাৰীৰ সহজাত ষষ্ঠেন্দ্ৰিয়ই মোক সচেতন কৰি তুলিলে মোৰ উন্নত বক্ষযুগলত স্থিৰ হৈ পৰা পুৰুষজনৰ দৃষ্টিৰ বিষয়ে৷ সংকুচিত হৈ পৰিলোঁ মই৷ ***সzমেৰে মূৰ দোঁৱাই যি অসূৰ্যস্পৰ্শা ৰাজকুমাৰীৰ আগত এসময়ত কথা কোৱা হৈছিল, আজি মুকলি সভাকক্ষত এজন অচিনা কামুক পুৰুষে দ্বিধাহীনভাৱে নিৰীক্ষণ কৰিছে সেই শৰীৰ; বিক্ৰীৰ আগত খুঁটি-নাটি মাৰি চাই লোৱাৰ দৰেই পৰীক্ষা কৰা হৈছে মোৰ শৰীৰৰ জোখ-মাপ৷ সীতামাতাৰ দৰেই যেন আই ধৰিত্ৰীক আশ্ৰয় দিবৰ বাবে কাতৰ আহ্বান জনাম৷ তাৰ পাছতো ৰজা হৰ্যশ্বই ঘোষণা কৰিলে— “ৰাজজ্যোতিষীৰ দ্বাৰা পৰীক্ষা কৰাই তেওঁৰ মন্তব্যৰ ভিত্তিতহে জনাম মোৰ সিদ্ধান্ত৷ চুক্তিত মই লোকচানৰ ঘৰত থাকিব নিবিচাৰোঁ৷ তোমাক বিশ্বাস কৰিলেও প্ৰমাণ অবিহনে মই এনে এক বিনিময় কৰিব নোৱাৰোঁ৷”
স্বীকাৰ কৰাৰ বাদে কোনো পথ নাছিল৷ অপেক্ষা কৰিলোঁ, ইয়াৰ পাছত বা কি আছে হ’বলৈ? মোৰ মনৰ মাজত অলেখ ঢৌ উঠিল৷ নাৰী হিচাপে মোৰ গৰিমা, মোৰ আত্মসন্মান সকলো ধূলিসাৎ হৈ গ’ল৷ বজাৰৰ পণ্যৰ দৰে পৰীক্ষা কৰি মোৰ স্থান নিৰূপণ কৰা হ’ব৷ হায় পিতা মোৰ, এই দিনৰ বাবেই মোক তুলিছিলা? তোমাৰ বুকুৰ উমত নিৰাপত্তাৰ যি আচ্ছাদন আছিল, সেয়া কি ইমানেই ঠুনুকা আছিল যে মোৰ এনে দুৰ্ভাগ্যৰ সময়তো কোনো সবল বাহু নাই মোৰ সুৰক্ষাৰ বাবে, নাই মোৰ কোনো আৱৰণ৷ মোক তুমি গালৱলৈ হস্তান্তৰ কৰোঁতে সন্মানৰ সুৰক্ষাৰ দায়িত্ব কি দিয়া নাছিলা? অ’হ, এগৰাকী নাৰীৰ দায়িত্ব যেতিয়া পিতাৰ পৰা স্বামীলৈ হস্তান্তৰিত হয়, তেতিয়াহে সন্মান, সুৰক্ষাৰ দায়িত্বও সম্প্ৰদানৰ কুশবনৰ দলঙেৰে পাৰ হৈ ইপাৰলৈ আহে৷ মোৰ সৈতেতো গালৱৰ কোনো সম্পৰ্ক নাই, তেনে কোনো দায়িত্ব নাই! মই মাথোঁ দানত লাভ কৰা এক নাৰী তেওঁৰ বাবে৷ তেন্তে মোৰ সন্মান, সুৰক্ষা কি তোমাৰ দায়িত্বত পিতা? প্ৰশ্নৰ উত্তৰ বিচাৰি মোৰ অন্তৰাত্মাই মহাশূন্যত হাহাকাৰ কৰি ফুৰিছে৷ নিৰুত্তৰ দশোদিশ৷
অয্যোধাৰাজৰ ৰাজজ্যোতিষী আহি সভাত উপস্থিত হ’ল৷ সম্ভাষণৰ পাছতে মহাৰাজে ষ্পষ্টভাৱেই তেওঁক ক’লে— “এই যুৱতীৰ লক্ষণসমূহ জনাওক৷ ভালেই বা বেয়াই সকলোখিনি জনাব৷ সত্যৰ যাতে কোনো ধৰণৰ অপলাপ নহয়৷ হে যুৱতী৷ কিছু আগবাঢ়ি আহা৷”
কি কৰোঁ কি নকৰোঁ দোধোৰ-মোধোৰত পৰি যাওঁ-নাযাওঁকৈ দুখোজ আগবাঢ়ি গ’লোঁ৷ ৰাজজ্যোতিষী আগবাঢ়ি আহি মোৰ প্ৰত্যেকটো অংগ নিৰীক্ষণ কৰিবলৈ ধৰিলে, অতি মনোযোগেৰে সন্ধানী দৃষ্টিৰে৷ গালৱলৈ এবাৰ ডিঙি ঘূৰাই চালোঁ৷ মই তেওঁৰ দৃষ্টিলগ্না হৈ পৰিলোঁ৷ মোৰ কাতৰ দুচকুত জিলিকি উঠিল হৃদয়ৰ সমষ্ট পীড়া৷ গালৱে তলমূৰ কৰিলে৷ মোৰ দুগালেদি ভূমি ধিয়াই বৈ আহিল দুটোপাল তপত অশ্ৰু৷ সন্মান মাথোঁ এক প্ৰহসন৷ মাতাৰ প্ৰতি এক নতুন ক্ষোভে ঘৰ বান্ধিলে বুকুত— কিয় দিছিল এনে এক আশীৰ্বাদ, যি মোক নাৰী হৈ থাকিবলৈ নিদিলে, মাথোঁ সন্তান ধাৰণ আৰু উৎপাদন কৰা এক আহিলালৈ পৰিৱৰ্তন কৰিলে৷
ৰাজজ্যোতিষীৰ পৰীক্ষা সম্ভৱতঃ শেষ হ’ল৷ মহাৰাজলৈ চাই তেওঁ ঘোষণা কৰিলে যে এই যুৱতী ৰাজকন্যা হয়, বিশেষ লক্ষণসমূহে এই কথা প্ৰতীয়মান কৰিছে৷ মোৰ মনে মনে হাঁহি উঠিল৷ তেওঁ এই কথাও ক’লে যে মোৰ গৰ্ভোৎপন্ন পুত্ৰ চক্ৰৱৰ্তী ৰজা হ’ব৷ উৎসাহত ৰজা হৰ্যশ্ব অধীৰ হৈ পৰিল৷ সিংহাসনৰ পৰা তেওঁ নামি আহিল আৰু ৰাজজ্যোতিষীৰ ওচৰ পাই প্ৰকাশ্যেই সকলো খৰচি মাৰি ক’বলৈ আজ্ঞা কৰিলে৷ হাতত সুদীৰ্ঘ ৰাজদণ্ড লৈ মোৰ বাণিজ্যিকভাৱে উন্মোচিত শৰীৰৰ প্ৰত্যেক অংগই দেখুৱাই বৃদ্ধ ৰাজজ্যোতিষীয়ে বৰ্ণনা কৰি গ’ল ৰজা হৰ্যশ্বৰ সমুখত—
“মহাৰাজ, জ্যোতিষশাস্ত্ৰ অনুসৰি বিচাৰ কৰিলে এই কন্যাৰ দৰে স্ত্ৰী বিৰলৰো বিৰল৷ স্ত্ৰীৰ সকলো উত্তম লক্ষণেই এওঁৰ মাজত প্ৰতিভাত৷ শাস্ত্ৰানুসাৰে তিলোত্তমাৰ দৰেই সবৰ্গুণে পৰিপূৰ্ণা এই স্ত্ৰী৷ পূৰ্ণচন্দ্ৰমাসদৃশ সুগোল আৰু উজ্জ্বল মুখমণ্ডলৰ গৰাকী এনে নাৰীৰ আছে সুন্দৰ দুটি ডাঙৰ বহল চক্ষু৷ চকুৰ দুই কোণ ৰঙা, ওপৰ আৰু তলভাগো পাতল ৰক্ত বৰ্ণৰ৷ দুগ্ধসদৃশ চকুৰ বগা অংশৰ মাজত জিলিকি থাকে ভ্ৰমৰৰ দৰে ক’লা চকুৰ মণি৷ সুউচ্চ, গৌৰবৰ্ণৰ কপালত উজ্জ্বল ক’লা, ঘন আৰু বৈ পৰা চেলাউৰীয়ে আৱৰি যেন তাইৰ তীব্ৰ দৃষ্টিৰ দ্বাৰ আৰু সৌন্দৰ্যময় কৰি তোলে৷ ঠিক যেন এটি হৰিণ পোৱালিৰ মায়াভৰা দুচকু৷”
মইতো কেতিয়াও জনা নাছিলোঁ এনে বিশেষত্বৰে মোৰ দুচকু ভৰপূৰ বুলি৷ শৃংগাৰৰ সময়ত কাজল লগাওঁতে মইতো কেতিয়াও দেখা নাই মোৰ ৰক্তবৰ্ণৰ চকুৰ কোণ, তীব্ৰ ক’লা চকুৰ মণি৷
ৰোৱা নাই ৰাজজ্যোতিষী— “অটল সমুদ্ৰতলিত বিস্তৃত ৰক্তপ্ৰবালত লাগি জিলিকি থকা বগা মুকুতা যেন তেওঁৰ দুয়োপাৰি দন্ত৷ শংখসদৃশ সুকুমাৰ গ্ৰীৱা আৰু তিলফুলৰ দৰে পোন আৰু সুগঠিত নাক তেওঁৰ৷ বাৰিষাৰ বৰ্ষণমুখৰ মেঘৰ দৰে ঘনঘোৰ ক’লা দীঘল চুলিটাৰিত তৰাৰ দৰে জিলিকি থাকে গুঁজি লোৱা খৰিকাজাঁই৷” তবধ মানিলোঁ মই, নাৰীৰ বৰ্ণনানো এনে হয়নে? কৈয়েই থাকিল তেওঁ আপোনমনে, মোৰ চাৰিওফালে ঘূৰি, “যি নাৰীৰ পিঠি পোন, কঁকাল খামুচীয়া, গভীৰ নাভিপ্ৰদেশ, স্তনযুগল আৰু নিতম্ব ঊধ্বৰ্মুখী হয়, (সংকুচিত হৈ পৰিলোঁ মই) লাহী হয় হাতৰ আঙুলি আৰু ভৰিৰ আঙুলি মাংসল, সুগঠিত৷ ডালিম ফুলৰ ৰঙৰ দৰে কোমল, লাহী শৰীৰটোক আৱৰি ৰখা ছালখনো মসৃণ, উজ্জ্বল সোণালী বৰণৰ, তেনে নাৰী অতীৱ সুন্দৰী হোৱাই নহয়, অত্যন্ত সৌভাগ্যশালিনীও হয়৷ এনে নাৰীৰ গৰ্ভজাত পুত্ৰ এদিন চক্ৰৱৰ্তী ৰজা হোৱাটো চন্দ্ৰ-সূৰ্যৰ দৰেই নিশ্চিত৷”
হায়— ইমান আনুপুংখিকভাৱে, ইমান সূক্ষ্মভাৱে মই নিজেই কেতিয়াও নিজকে নিৰীক্ষণ কৰা নাই, জনা নাছিলোঁ মই মোৰ শৰীৰৰ ভূগোল৷ অৱশ্যে এতিয়া মই পণ্য৷ ৰাজজ্যোতিষীয়ে আৰু কিবাকিবি কৈ গৈছিল৷ মোৰ শৰীৰৰ বিস্তৃত আৰু প্ৰকাশ্য বিৱৰণে মোৰ বাৰে বাৰে লজ্জাৱনত কৰিলে৷ বস্ত্ৰ ত্যাগ নকৰাকৈয়ে মইচোন নিৰাভৰণা হ’লোঁ৷
ৰাজজ্যোতিষীয়ে হঠাতে মোক উদ্দেশ্যি কিবা এষাৰ ক’বলৈ ক’লে, এনে সময়ত দীৰ্ঘশ্বাসৰ বাদে হৃদয়ৰ পৰানো আৰু কি নিৰ্গত হ’ব?
“হে মহাৰাজ যযাতি, আপোনাৰ পুত্ৰী হোৱাটো এনে কি অপৰাধ আছিল যে মই এনে ফল ভোগ কৰিবলগা হৈছে? হে গালৱ, মইনো তোমাৰ কি ক্ষতি কৰিছিলোঁ৷”— ‘পিতা’ সম্বোধন আৰু স্বতঃস্ফূৰ্তভাৱেই উচ্চাৰণ নহ’ল মোৰ কণ্ঠত৷ ঋষিকুমাৰ বুলিও নহ’ল৷
ৰাজজ্যোতিষীয়ে নিজৰ কৰ্ম আগবঢ়াই নি থাকিল- “ গম্ভীৰ কণ্ঠৰ, স্থিৰ আৰু গম্ভীৰ স্বভাৱ, ৰক্তবৰ্ণ ওষ্ঠাধৰ আৰু জিহ্বা– এই সকলোৱে আগৰ সিদ্ধান্তকে সমৰ্থন কৰে মহাৰাজ৷ এই স্ত্ৰীৰ গৰ্ভোজাত সন্তানৰ দ্বাৰাই আপোনাৰ আশা পূৰ্ণ হ’ব পাৰে মহাৰাজ৷”
নতশিৰে মই ৰৈ আছিলোঁ৷ হৰ্যশ্বৰ চঞ্চল পদচালনাৰ পৰাই গম পোৱা গৈছিল তেওঁৰ মনৰ উৎসাহৰ কথা৷ গালৱলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ, পোহৰ হৈ উঠিছে, বাঞ্ছিত অশ্ব লাভ কৰাৰ সম্ভাৱনাত৷
পুনঃ নিজৰ আসনত উপৱিষ্ট হৈ মহাৰাজ হৰ্যশ্বই আমাক দুয়োকে আসন গ্ৰহণ কৰিবলৈ ক’লে৷ গালৱ বহি পৰিল৷ মোৰ বহাৰ কোনো ইচ্ছা নহ’ল৷ তেওঁ কৈ গ’ল— “চোৱা মুনিকুমাৰ৷ মাথোঁ উত্তৰাখণ্ডতে নহয়, সমগ্ৰ আৰ্যাৱৰ্ততে কোনো ৰাজন॥ৰ*** অশ্বশালাত এনে বিশেষ অষ্টশত ঘোঁৰা একত্ৰে সুলভ নহয়৷ মোৰ অশ্বশালাতো মাথোঁ দুশহে এনে অশ্ব আছে আৰু পুত্ৰ জন্মৰ পাছতহে মই সেয়া তোমাক প্ৰদান কৰিম৷”
গালৱ আৰু মই, দুয়ো উচাপ খাই উঠিলোঁ৷ দুশ ঘোঁৰা? আমাকতো প্ৰয়োজন আঠশ ঘোঁৰাৰ৷ গালৱে উত্তেজিত হৈ কৈ উঠিল— “এয়া কেনেকৈ সম্ভৱ মহাৰাজ, মোক আঠশ এনে ঘোঁৰাৰ প্ৰয়োজন৷ দুশ ঘোঁৰাৰ বাবে যদি মই মাধৱীক আপোনাৰ হাতত সমপৰ্ণ কৰোঁ, বাকীখিনি ঘোঁৰাৰ কি হ’ব? সম্ভৱ নহ’ব মহাৰাজ৷”
গম্ভীৰ সুৰেৰে মহাৰাজ হৰ্যশ্বই কৈ উঠিল, “ভাবি চোৱা কথাষাৰ, বৰ্তমান কোনো ৰজাৰ ওচৰতে তোমাৰ বাঞ্ছিত বিশেষ আঠশ অশ্ব একত্ৰে লাভ কৰাটো সম্ভৱ নহয়৷ মোৰ অশ্বশালাতো মাত্ৰ দুশহে বিদ্যমান৷”
অস্থিৰ নীৰৱতাই গ্ৰাস কৰিলে সময়৷ চিন্তা আৰু উত্তেজনাত যেন উত্তপ্ত হৈ পৰিল কক্ষৰ বতাহ৷ আঁৰ চকুৰে মই মন কৰিলোঁ, তীক্ষ্ণ দৃষ্টিৰে মহাৰাজে নিৰীক্ষণ কৰিছে গালৱৰ অভিব্যক্তি৷ ক্ষণিকৰ হাঁহিৰ ঢৌ এটা উঠোঁ-নুঠোঁকৈ আকৌ মাৰ গ’ল তেওঁৰ চেহেৰাত৷ কিছু ক্ষণৰ পাছত তেওঁ পুনৰাই আৰম্ভ কৰিলে– “হে মুনিকুমাৰ, মোৰ ওচৰত এক বিশেষ প্ৰস্তাৱ আছে, আমি দুয়োৰে কাৰ্য আৰু উদ্দেশ্য সুচাৰুৰূপে সমাপণ হোৱাৰ একমাত্ৰ উপায়৷”
অনুসন্ধিৎসু দৃষ্টিৰে গালৱে তেওঁলৈ চালে৷ চকুত প্ৰশ্নবোধক অথচ নিৰ্বাক স্বৰ৷
“মোক এটি পুত্ৰৰ প্ৰয়োজন, ভৱিষ্যতৰ চক্ৰৱৰ্তী ৰাজপুত্ৰ আৰু তোমাক প্ৰয়োজন মোৰ অশ্বশালাৰ সকলোতকৈ মূল্যৱান, শ্ৰেষ্ঠতম অশ্বৰ৷ যদিওবা সংখ্যাত দুশহে৷
এই বিশেষ কন্যাক মোক সমপৰ্ণ কৰা৷ কথা দিছোঁ, মাত্ৰ এটি পুত্ৰ লাভ কৰাৰ পাছতেই মই তেওঁক মুক্ত কৰি দিম সকলো বান্ধোনৰ পৰা৷ তুমি পুনঃ ওভতাই নিব পাৰিবা তেওঁক৷ পুত্ৰ লাভৰ লগে লগেই তোমাৰ বাঞ্ছিত দুশ অশ্ব তোমাক নিশ্চয়কৈ প্ৰদান কৰিম৷”
আশ্চৰ্যচকিত দৃষ্টিৰে মই এবাৰ গালৱ আৰু এবাৰ ৰজা হৰ্যশ্বলৈ দৃষ্টি দিলোঁ৷ এয়াই বাকী আছিলগৈ আৰু৷
গালৱো বিবুদ্ধিত পৰা পৰিলক্ষিত হ’ল মোৰ৷ খৰতকীয়াকৈ চিন্তা কৰিব ধৰিলোঁ পিতাই মোক গালৱক দান দিছিল তেওঁৰ গুৰুদক্ষিণাৰ বাবে প্ৰয়োজনীয় বিশেষ অশ্বখিনি সংগ্ৰহ কৰিবলৈ৷ নিজা কোনো সপোন বা আকাংক্ষাই এতিয়া মোক ক্ৰিয়া নকৰে৷ মোৰ জীৱনৰ মাথোঁ এটাই উদ্দেশ্য এতিয়া ৰৈ গৈছে— পিতৃবাক্য সম্পূৰ্ণ কৰা৷ হঠাতে গালৱলৈ উদ্দেশ্যি কৈ উঠিলোঁ— “আঠশ শ্যামকৰ্ণ, শ্বেতবৰ্ণ অশ্ব সংগ্ৰহ কৰাটোৱেই এতিয়া আমি দুয়োৰে একমাত্ৰ লক্ষ্য৷ গতিকে হে গালৱ, মোক ইয়াত থৈ তুমি বাকী অশ্বৰ সন্ধানত লাগা৷ মহাৰাজৰ প্ৰস্তাৱ অনুসৰি মহাৰাজৰ এটি পুত্ৰ লাভৰ পশ্চাৎ, তুমি অশ্ব আৰু মোক দুয়োকে সংগ্ৰহ কৰি নিবা৷ নিশ্চয় আন কোনো ৰজাৰ আস্তাবলত উপস্থিত আছে বাকীখিনি অশ্ব৷”
অবিশ্বাসৰ চাৱনিৰে গালৱে মোলৈ চালে৷ তাৰ মাজতে ক’ৰবাত সকাহৰ ভাবো লুকাই আছিল৷ মই ভালদৰে বুজিছিলোঁ, কোনোবা ৰজাৰ পাটৰাণী হৈ সন্মানপূৰ্বক জীৱন অতিবাহিত কৰাৰ সুখ মোৰ ললাটত নাই৷ এই পৰিস্থিতিৰ পৰা মোক মুক্তি লাগে৷ শেষ দশা কি হ’বগৈ মই নাজানো, কিন্তু বৰ্তমানৰ পৰিস্থিতিত এই প্ৰস্তাৱ স্বীকাৰ কৰাটোৱেই একমাত্ৰ উপায়৷ প্ৰস্তাৱ গৃহীত হ’ব বুলি অনুমান কৰি মুখত সন্তুষ্টিৰ মিচিকি হাঁহি লৈ ডিঙি পোন কৰি বহিল মহাৰাজ হৰ্যশ্ব৷ গালৱৰ ফালে ঘূৰি নিম্নস্বৰত তেওঁক উদ্দেশ্যি ক’লোঁ, “চোৱা গালৱ, চিৰকৌমাৰ্যৰ আশীৰ্বাদৰ অধিকাৰিণী মই। সন্তান জন্মৰ পাছত অনুষ্ঠানৰ মাজেৰে মই পূবৰ্ৰ কৌমাৰ্য লাভ কৰিব পাৰিম৷ গতিকে ইয়াৰ পাছৰজন ৰজাও নিশ্চয় নিৰাশ নহ’ব৷”
শাৰীৰিক কৌমাৰ্য বাৰু পুনৰাই লাভ কৰিব পাৰিম, পিছে মোৰ হৃদয়, মোৰ মন জানো অনাঘ্ৰাত হৈ ৰ’ব? নাজানো কিমান পুৰুষৰ অংকশায়িনী হ’ব লগা হয়গৈ— শৰীৰৰ বাহ্যিক ৰূপতে নিশ্চয় সকলো সন্তুষ্ট হ’ব। মনটোৰনো কি, নহয় জানো? কোনেনো দেখে, কোনেনো বুজে৷
মহাৰাজ হৰ্যশ্ব আৰু মুনিকুমাৰ গালৱ, দুয়ো মান্তি হ’ল অৱশেষত৷ দুয়োজনৰে আশাপূৰ্তিৰ এয়ে মাথোঁ এক পথ যি পথ পাৰ হৈ যায় মোৰ আত্মাৰ মৰ্মস্থলেৰে— মোৰ নাৰীত্বক পদানত কৰি৷
গালৱে প্ৰস্থান কৰিলে, ছশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ সন্ধান পাবলৈ এতিয়াও বাকী৷ আৰু মই? আগবাঢ়িলোঁ এজন ৰজাৰ ৰাজ-অন্তেষপুৰলৈ৷ পাটৰাণী বা তেওঁ পত্নী হোৱাৰ সন্মানেৰে নহয়৷ মাথোঁ তেওঁৰ অংকশায়িনী হ’বলৈ, তেওঁৰ সন্তান নিজৰ গৰ্ভত ধাৰণ কৰিবলৈ, তেওঁক এক ৰাজচক্ৰৱৰ্তী পুত্ৰৰ খিতাপ দিবলৈ৷ ইয়াত ‘মই’ ন-ধৰ্তব্য৷
প্ৰাণৰো প্ৰিয়, বাঞ্ছিত পুৰুষজনৰ ওচৰত নিজৰ দেহ-মন, নিজক সমপৰ্ণ কৰাৰ আলফুলীয়া ৰাগীত মতলীয়া, চঞ্চল হয় প্ৰত্যেক যুৱতী নাৰীৰ হৃদয়৷ নিজক পূজাৰ উপাচাৰৰ দৰে সুসজ্জিত কৰি সমৰ্পণ কৰা যায় প্ৰিয়জনৰ আদৰত৷ মোৰ অসূৰ্যস্পৰ্শা অনাঘ্ৰাত যৌৱনৰ প্ৰথম পুৰুষ হ’লগৈ অযোধ্যাৰাজ হৰ্যশ্ব যি মোৰ শৰীৰৰ অধিকাৰীৰ বাদে আন একোৱেই নহয়৷ স্বামী নহয় তেওঁ মোৰ, নহয় মোৰ মন-মন্দিৰৰ দেৱতা, মোৰ প্ৰিয়তম৷ কোনো প্ৰেমৰ ডোলেৰে, সম্বন্ধৰ কটকটীয়া বান্ধোনেৰে তেওঁ মোৰ স’তে বান্ধ খাই থকা নাই৷ দেৱতাৰ সমুখত অগ্নিক সাক্ষী কৰি একাত্ম হোৱাৰ কোনো বচন আমি দিয়া নাই ইজনে সিজনক৷ আৱেগ-আকুলতাৰে গৈ প্ৰেমিকৰ অভিসাৰিকা হ’বলৈও তেওঁৰ লগত মোৰ চিনাকিয়েই বা কিমান? মোৰ গৰ্ভত স্থিতি ল’বলগা তেওঁৰ সন্তানেই মাথোঁ আমাৰ চিনা-পৰিচয়৷ পিতৃ আজ্ঞা পালন কৰিবলৈ মাথোঁ নিজকে মই তুলি ধৰিব লৈছোঁ এজন পৰপুৰুষৰ শয়নকক্ষত৷ নিজক হেৰুওৱাৰ কষ্টকৰ অনুভৱ, আৱেগো বিলীন কৰি দিব লাগিব মই নিজৰ মাজতেই৷
প্ৰথম নিশাৰ কোনো আহ্লাদ, কোনো আকৰ্ষণ মই অনুভৱ কৰা নাই৷ ৰোমাঞ্চিত নহয় মোৰ মন, মোৰ যৌৱন, দেহ-মনৰ নহয় মাথোঁ গৰ্ভৰ তাগিদাত যাপন হৈ যাব মোৰ প্ৰত্যেকটো তিমিৰাচ্ছান্ন ৰাত্ৰি৷ মোৰ কলিজাৰ পৰা নিৰ্গত প্ৰত্যেক টোপাল কেঁচা তেজে লিখি যাব এই নাৰীৰ বিষাদগাথা৷ মোৰ দুচকুৰ লুণীয়া অশ্ৰুৱে বাৰু ধুই নিকা কৰিব পাৰিবনে মোৰ পিতাৰ নিজ কন্যাৰ সন্মান ৰক্ষা কৰিব নোৱৰাৰ দোষৰ ভাগ? মহৰ্ষি বিশ্বামিত্ৰ, মুনিকুমাৰ গালৱ আৰু মহাৰাজ যযাতি এই তিনি পুৰুষৰ বচন ৰক্ষা কৰিবলৈ গৈ আত্মাকে আহুতি দিয়া এই মাধৱীৰ কথা মনত ৰাখিবনে কোনোবাই? এই তিনিপুৰুষক নিজ নিজ বিশেষত্বৰ বাবে ৰাখিব মনত৷ এজনে লাভ কৰিলে ক্ষত্ৰিয়ত্বৰ পৰা ব্ৰাহ্মণত্ব, এজন পৰম কৃত-নিশ্চয় শিষ্য আৰু আনজন হ’লগৈ মহান দানবীৰ৷ আৰু মই৷ মোৰ বিশেষত্ব কি? নিজৰ সত্তা, নিজৰ আত্মাকো ত্যাগ কৰা এই মাধৱীক ৰাখিবনে কোনোবাই মনত? ৰাখিবনে মনত? চূৰ্ণ মোৰ হৃদয়ৰ বালিঘৰ আকৌ কেতিয়াবা উদ্ভাসিত হ’ব জানো কোনো উদিত সূৰুযৰ বাবে৷ মোৰ গৰ্ভ এতিয়া মোৰ ভাগ্য নিয়ন্তা৷
খণ্ড–৩
গৰ্ভোদয়ৰ লগে লগে মহাৰাজ হৰ্যশ্বৰ মোৰ প্ৰতি যেন মনোভাব সলনি হ’ল৷ প্ৰত্যেক নিশাৰ সেই যন্ত্ৰণাকাতৰ সময়খিনিৰো সমাপ্তি ঘটিল৷ পত্নী নহওঁ মই অযোধ্যাৰাজৰ৷ প্ৰস্তাৱ তেওঁ নিদিয়া নহয়, দিছিল৷ দিব বিচাৰিছিল পত্নীৰ, ভৱিষ্যতৰ পাটৰাণীৰ মৰ্যাদা৷ তেওঁৰ মনোভাৱ মই বুজি পাওঁ৷ তেওঁৰ বিবাহিতা পত্নী হৈ, তেওঁৰ সন্তানৰ মাতৃ হৈ কিজানি মোহাচ্ছন্ন হৈ ৰৈয়েই যাওঁ এই ৰাজপ্ৰাসাদতে৷ প্ৰকৃততে মোহাচ্ছন্ন তেওঁ মোৰ সৌন্দৰ্য, মোৰ ব্যক্তিত্বত৷ ৰাজপ্ৰাসাদৰ সুখ ভোগৰ বাবে মই লালায়িত নহওঁ, নহয় ৰাজ-আভূষণ বা বহুমূল্যৱান অলংকাৰলৈ৷ বহু দূৰৈত এৰি আহিলোঁ ৰাজভোগৰ সেই আটোলটোল সময়৷ বৰ্তমানৰ ৰাজসিক মখমলৰ বস্ত্ৰতকৈ সন্ন্যাসিনীৰ সাধাৰণ কপাহী বস্ত্ৰৰ মূল্য অধিক বোধ হয়৷
মহাৰাজে প্ৰস্তাৱ দিলেইবা, মইনো কেনেকৈ গ্ৰহণ কৰোঁ, মাথোঁ কিছু সময় বা বছৰদিয়েকৰ পত্নীত্ব৷ পৱিত্ৰ হোমাগ্নিক সাক্ষী কৰি মহাৰাজ হৰ্যশ্বৰ নামৰ সেন্দূৰেৰে যদিহে ৰক্তাভ কৰি তোলোঁ মোৰ সেওঁতা, তেন্তে প্ৰয়োজনৰ অন্তত কোন সতে ত্যাগ কৰিম সেই ৰং? এবাৰ ধাৰণ কৰাৰ পাছত মৃত্যুৰ বিচ্ছেদেহে কাঢ নিব পাৰে কপালৰ ৰং৷ মই তেনে অনৰ্থ কৰিব নোৱাৰোঁ৷ সেয়ে পত্নীৰ সন্মান আৰু মযাৰ্দাৰ দুৱাৰ খুলি নোৱাৰিলোঁ প্ৰৱেশ কৰিব সেই পৃথিৱীত৷ হৈ ৰ’লোঁ মাথো তেওঁৰ অংকশায়িনী৷ দুয়োৰে মাথোঁ একেটি স্বপ্ন— এটি পুত্ৰসন্তান, উদ্দেশ্য যদিও বেলেগ৷
গৰ্ভোদয়ৰ সময়ত প্ৰথম ভাবিছিলোঁ আৰু মাথোঁ নটা মাহ৷ মুক্ত হ’ম এটা দায়িত্বৰ প্ৰথম অংশৰ পৰা৷ এই গৰ্ভ মোৰ একান্তই বাঞ্ছিত নহয়৷ এই সন্তান মোৰ গৰ্ভত মোৰ প্ৰিয় পুৰুষে প্ৰেমৰ স্বাক্ষৰৰূপে ৰোপণ কৰা নাই৷ এয়া গৰ্ভ, এই সন্তান মাথোঁ এক দায়িত্ব৷ পিতৃবাক্য পালন কৰাৰ কৰ্তব্য৷ পূৰণ কৰিব লাগে মুনিকুমাৰ গালৱৰ প্ৰয়োজন৷ বহু পুৰুষপক্ষৰ স্বাৰ্থৰক্ষাৰ ধ্বজাবহনকাৰী এজনী নিঃকিন নাৰীৰ গৰ্ভোদয়েৰে সম্পাদন হ’ব ধৰিছে এটি নতুন জীৱনৰ উন্মেষ৷ তাত মোৰ স্থান নাই৷ লাভৰ অংক তেওঁলোকৰ হাতত৷ এই নাৰীতো হৈছে এক ফলদায়ী বৃক্ষ যাৰ সুস্বাদু ফলেৰে পৰিপুষ্টি পায় প্ৰত্যেক পথিকে৷ মাথোঁ স্থানু হৈ ৰয় সদায় ফলদায়ী বৃক্ষ৷ মহাৰাজ হৰ্যশ্বৰ আকাংক্ষিত পুত্ৰক তেওঁৰ হাতত চমজাই মই আগবাঢ়ি যাম নিজৰ স্ত্ৰীসুলভ উবৰ্ৰা শক্তিৰে আন কোনো ৰজাৰ আকাংক্ষা পূৰণ কৰিবলৈ৷ এই সন্তান মাথোঁ অয্যোধ্যৰাজ মহাৰাজ হৰ্যশ্বৰ৷
প্ৰথম সন্তান গৰ্ভত ধাৰণ কৰাৰ আৱেগ আৰু উৎসাহেৰে আহ্লাদিত নাছিলোঁ মই৷ পিতৃবাক্য পালন কৰি মুনিকুমাৰ গালৱৰ লক্ষ্যপ্ৰাপ্তিক সাকাৰ ৰূপ দিয়াৰ দায়িত্বহে আছিল মাথোঁ৷ তথাপি গৰ্ভস্থ সন্তানৰ প্ৰথম অংগসঞ্চালনে শিহৰিত কৰিছিল মোৰ আত্মা পৰ্যন্ত৷ সগৰ্ভা নাৰীৰ দীপ্তিময়তাৰে বাঙ্ময় হৈছিলোঁ মই, মোৰ দেহজ সুষমা৷ মোৰ অন্তৰৰ মৰ্মস্থলীত এঙামুৰি দি সাৰ পাই উঠিছিল যেন মোৰেই এক প্ৰতিৰূপ৷ নিবিচৰাকৈয়ে যেন স্ফীত বক্ষ প্ৰস্তুত হৈছিল আগন্তুকক অমৃতেৰে পৰিতুষ্টি দিবলৈ৷ মাতৃৰ গৰ্ভত পৰম প্ৰশান্তিৰে পৃথিৱী দেখাৰ সপোন লৈ শুই থকা মোৰ পোনাকণক সাবটি বুকুত সামৰি লোৱাৰ এক দুৰ্বাৰ আকাংক্ষাই মাজে মাজে মোৰ হৃদয়ত ঘৰ বান্ধিছিল৷
কিন্তু মই জানো, মোৰ বাবে এনে প্ৰশ্ৰয় উচিত নহয়৷ এয়াতো নহয় মোৰ পৰম আকাংক্ষিত সন্তান৷ মোৰ শৰীৰত মাথোঁ পালন কৰিছোঁ মই মহাৰাজ হৰ্যশ্বৰ এক দুৰ্বাৰ সপোন৷ পৰোক্ষভাৱে তেওঁৰ খ্যাতিমান হোৱাৰ লালসা৷ এই সন্তান মাথোঁ মহাৰাজ হৰ্যশ্বৰ৷
গৰ্ভাৱস্থাৰ প্ৰত্যেকটো অনুষ্ঠান মহাৰাজে অনুষ্ঠিত কৰিছিল৷ ধীৰে ধীৰে একাত্ম হৈ পৰিছোঁ মই মোৰ সন্তানৰ সৈতে৷ একান্তই আপোন সময়বোৰত মই কথা পাতোঁ তাৰ সৈতে৷ মোৰ বুকুৰ বেথা, মোৰ আত্মজৰ বাদে কোনেনো বুজিব? মোৰ গৰ্ভত থকালৈকে সি মাথোঁ মোৰ, একান্তই মোৰ৷ সন্তানৰ উপস্থিতিৰ প্ৰত্যেকটো অনুভৱ মাথোঁ মোৰ বাবে সংৰক্ষিত৷ মোৰ তেজ, মাংসৰে তিলতিলকৈ গঢ়ি তোলা এই সন্তান কেনেকৈ হ’ব আন কাৰোবাৰ প্ৰতিভূ? নহয় নহয়, এয়া মোৰ সন্তান৷ মই জানো, প্ৰসৱৰ সময় আগবঢ়াৰ লগে লগে বিচ্ছেদৰ সময়ো চমু চাপি আহিছে৷ পোনাকণে পৃথিৱীৰ পোহৰ দেখা মাত্ৰেই মোৰ এই সুৱদী সপোনৰ অন্ত পৰিব৷ স্থিতি লোৱাৰ দিন ধৰি মোৰ উশাহৰ সৈতে তাক বান্ধি ৰখা সেই নাড়ীডাল ছেদন হোৱাৰ মাত্ৰেই সি বিচ্ছিন্ন হ’ব মোৰ পৰা৷ উশাহত সি নিজেই টানি ল’ব সেউজীয়া সুঘ্ৰাণ, মাথোঁ তাত নাথাকিব তাৰ মাকৰ শৰীৰৰ মায়ালগা ৰাগী৷ অ’ সোণ মোৰ— হেজাৰ বৰ্ষ ব্যাপ্তি বিস্তৃত হওক মোৰ গৰ্ভাৱস্থা৷ তোৰ আৰু মোৰ এনাজৰীডাল নিকপকপীয়া হওক৷ নাযাবি অ’–আঁতৰি নাযাবি এই দুৰ্ভাগিনী মাৰৰ বুকু উদং কৰি৷ সোণ অ’ মোৰ৷
পুৱতি নিশাৰ পুহৰি পুহৰি সময়তেই যেন সলনি হ’ব ধৰিছিল মোৰ আলফুলীয়া নতুন পৃথিৱী৷ সময়তকৈ আগতেই দৈনন্দিনতকৈ বেছিকৈ হঠাৎ মুখৰ হৈ পৰিল অন্তেষপুৰ৷ শোৱাপাটী এৰি ঢপলিয়াই আহিল মহাৰাজ৷ মোৰ কক্ষত খদমদম লগালে দাসীবোৰে, অভিজ্ঞ ধাইহঁতে৷ উধাতু খাই আহিল প্ৰধান কবিৰাজ৷ প্ৰত্যেকেই বুকুৱে বুকুৱে কঢ়িয়াই ফুৰিছিল এক চেপা উত্তেজনা৷ দাবী অনুসৰি, আকাংক্ষা অনুসৰি আগমন হ’বনে সেই বিশেষ ৰাজপুত্ৰৰ? নে সকলো হ’বগৈ ফুটুকাৰ ফেন? মই বুজি পাওঁ, মহাৰাজৰ বিবিধ শংকা৷ আঁচনি অনুসৰি পৰিস্থিতি নহ’লে হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়ো তাত সংযুক্ত৷ লাহে লাহে আন সকলো চিন্তাৰ পৰা আঁতৰি মোৰ অনুভৱ, মোৰ মন কেন্দ্ৰীভূত হ’ল মোৰ নিজৰ মাজত৷ ক্ৰমে তীব্ৰতৰ হৈ অহা সেই বিশেষ যন্ত্ৰণাই ৰৈ ৰৈ মোৰ কাণত বজাব ধৰিছে বিচ্ছেদৰ অমোঘ সুৰ৷ তীব্ৰ যন্ত্ৰণাৰ শীৰ্ষত উপস্থিত হৈ হঠাৎ অনুভৱ কৰিলোঁ সোণসেৰীয়া সপোনৰ বাস্তৱ পদধ্বনি৷ এক মিঠা কান্দোনৰ শব্দই মোৰ সকলো কষ্টৰ উপশম ঘটালে৷ পূৰ্ণতাপ্ৰাপ্তিৰ আৱেশে বিয়পাই দিলে এক গভীৰ প্ৰশান্তি মোৰ আত্মাত৷ কিন্তু এক সবৰ্নাশী বিষণ্ণতাই হঠাৎ আহি আকৌ মূৰ দাঙি উঠিল৷ বুজি পালোঁ মই৷ মোৰ আৰু মোৰ সন্তানৰ শেষ বান্ধোন–নৱজাতকৰ নাড়ী ছেদ কৰা হ’ল৷ এতিয়া আৰু এয়া মাধৱীৰ পুত্ৰ নহয়৷ মহাৰাজ হৰ্যশ্বৰহে পুত্ৰ৷ তেওঁৰ উত্তৰাধিকাৰী, তেওঁৰ সম্পদ৷ মোৰ গৰ্ভৰ তেজ-বীজত লেটিপেটি মোৰেই ৰক্ত-মাংসৰ এক জীৱন্ত সৃষ্টি— এধানমান কেঁচুৱাকণক ধায়ে মোৰ আগত তুলি ধৰিলে৷ কম্পিত দুহাতেৰে আঁকোৱালি ধৰিলোঁ মই৷ আলফুলে চুই চালোঁ তাৰ অকণমান দুই হাত দুই ভৰি৷ এয়া তেন্তে মোৰেই সৃষ্টি৷ মোৰ প্ৰথম সন্তান৷ আজিকোপতি দেখা নাই মই কপাহ-কোমল এনে এক অপূৰ্ব নৱজীৱনৰ প্ৰথম উন্মেষ৷ ক্ষণিকৰ বাবে অতীত-ভৱিষ্যৎ, কৰ্তব্য-দায়িত্ব সকলো বিস্মৃত কৰি বৰ্তমানৰ অনুপম ক্ষণত আত্মবিভোৰ হ’লোঁ মই৷ স্বীকাৰ যেন নকৰিম কেতিয়াও কোনো অভিজ্ঞান৷ ৰৈ যাওক প্ৰৱাহিত সময়৷ চিৰস্থায়ী হওক এই আপুৰুগীয়া ক্ষণ৷
এক কোলাহলে এই ৰওঁ এই ৰওঁ সময় ৰথৰ চকা তীব্ৰ গতিত ঘূৰাব ধৰিলে৷ নিবিচৰাকৈয়ে মোৰ সকলো মনত পৰিল৷ মহাৰাজৰ পুত্ৰপ্ৰাপ্তিৰ আনন্দত শংখনিনাদেৰে মুখৰিত হৈছে ৰাজপ্ৰাসাদ৷ মোৰো সিদ্ধান্তৰ সময় উপস্থিত৷ পোনাকণক ধাইৰ দুহাতত চমজাই দিলোঁ৷ খোজ ল’লোঁ ধীৰে ধীৰে সেই বৰপেৰাৰ ওচৰলৈ, য’ত সামৰি ৰাখিছোঁ মোৰ অতীত আৰু ভৱিষ্যতৰ নিৰ্মোহ কঠিন বাস্তৱ৷ বৰ্তমান এক নিমিষ মাত্ৰ৷
“বাছা মোৰ, সোণ মোৰ”— যাওঁগৈ মই৷ তোৰ আদৰুৱা জোনাক যেন মুখখনি বুকুত সাবটি জীৱনৰ পংকিলময় বাটত আগবাঢ়ি যাবই লাগিব তোৰ দুৰ্ভগীয়া মাৰা৷ প্ৰস্তৰ হৃদয়িনী, নিষ্ঠুৰ বুলি খং নাৰাখিবি দেই৷ কৰ্তব্যত নিষ্ঠুৰভাৱে বন্ধা আছে এই দুৰ্ভাগিনী৷ মোৰ অপ্সৰা আইৰ প্ৰতি নাই আৰু মোৰ হৃদয়ত কোনো ক্ষোভ, কোনো অভিমান৷ গৰ্ভোদয়ৰ দিন ধৰি এই নটি মাহৰ পৰিক্ৰমাত হা্ড়ে-হিমজুৱে বুজি উঠিছোঁ তেওঁৰ বাধ্যবাধকতা৷ তেৱোঁ আছিল নিৰূপায়, কৰ্মৰ ডোলেৰে বন্ধা৷ মোৰ আয়ে মোক দি গৈছিল দুটিকৈ বিশেষ আশীৰ্বাদ, দৈৱিক গুণ৷ তোৰ বাবে মোৰ ওচৰত আছে মাথোঁ দুটোপাল তপত অশ্ৰু৷ নিদিও কোনো আশিস তোক, মোৰ পোনাকণ৷ কিজানিবা সেই শুভাকাংক্ষাৰ ফলস্বৰূপে তয়ো ভুঞ্জিবলগা হয় মোৰ দৰে দুৰ্ভোগ৷ থাওক৷ তোৰ কৰ্মই হওক তোৰ পৰিচয়, তোৰ ভাগ্য৷
বিদায়, সোণ মোৰ, বিদায়৷ আশা কৰিম, জীৱনৰ কোনো আলি-কেঁকুৰিত যাতে ভেটা-ভেটি নহওঁ, ‘মা’ সম্বোধনৰ অধিকাৰীওতো হৈ নাথাকিম মই৷ তই মাথোঁ ভালে থাক সোণ৷”
ধায়ে কৈছিল, মোৰ বোলে প্ৰতিৰূপ মোৰ সন্তান৷ মহাৰাজে ‘বসুমনা’ ৰাখিছে পোনাকণৰ নাম৷ তেওঁৰ যি ইচ্ছা৷
ৰাজআভূষণৰ প্ৰত্যেকপদ ত্যাগ কৰি মোৰ সন্ন্যাসিনীৰ বসন পিন্ধি ওলাই আহিলোঁ ৰাজভৱনৰ পৰা৷ ঘূৰি চালোঁ, আগৰবাৰ ৰাজভৱন ত্যাগ কৰোঁতে দ্বাৰত দেখা নাছিলোঁ মোৰ দানবীৰ পিতৃক, আজিও নাই মোৰ অবোধ বালক সন্তান৷ অনুপস্থিত মহাৰাজ যযাতিৰ নাতি৷ আকাশে-বতাহে, মোৰ চৌদিশে বাজি আছে মাথোঁ তাৰ ক্ৰন্দন ধ্বনি৷ দুহাতেৰে কাণত হেঁচি ধৰি খৰখোজে আগবাঢ়িলোঁ মই৷ ধূলিয়ৰি বতাহ ফালি খোজ দিলোঁ আগলৈ৷ ক্ৰমে গাঢ় হৈ অহা ধূঁৱলি-কুঁৱলি পৰিৱেশৰ মাজেৰে দেখা পালোঁ, সৌৱা গালৱ৷ ওচৰ পাই কাষৰে শিলটোত বহি পৰিলোঁ৷ লোতকেৰে জলমল দুচকুৰে চকামকা পোহৰৰ মাজেৰেই দেখা পালোঁ, স্বস্তি তেওঁৰ চেহেৰাত৷ গালৱে হাঁহিমুখে মোক অভিনন্দন জনালে, উদ্দেশ্যপূৰণৰ প্ৰথমটো ঢাপ সফলতাৰে পাৰ কৰা বাবে৷ লাভ কৰিলে বোলে তেওঁ দুশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ গুৰুৰ আশ্ৰম অভিমুখে ৰাওনা কৰা হ’ল সিহঁতক ইতিমধ্যে৷ কিছু সময় স্থবিৰ হৈ ৰ’লোঁ, গালৱৰ প্ৰসন্ন চেহেৰাত দৃষ্টি ৰাখি৷ চৌপাশৰ নিস্তব্ধতাত কৰ্ণকুহৰত বাজি উঠিল শত শত অশ্বৰ সন্মিলিত দ্ৰুত পদধ্বনি, দূৰ হৈ গৈ থকা৷
পুত্ৰ লাভ কৰি মহাৰাজ হৰ্যশ্ব বোলে অতি প্ৰসন্ন৷ হৰ্ষিত চিত্তে তেওঁ গণি গণি নিজেই দিলে গালৱক অশ্বখিনি৷ লাভ কৰিলে গালৱে তেওঁৰ বাঞ্ছিত শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ প্ৰথম দুশ অশ্ব৷
লাভ… হয় লাভ৷ সকলোৱেই লাভ কৰিলে৷ কোনোবাই যদি পুত্ৰ কোনোবাই অশ্ব৷ মাধৱীৰ লাভৰ ঘৰত কি? দুৰ্ভাগ্য? প্ৰসৱ যান্ত্ৰণা ভোগ কৰি পুত্ৰৱতী হৈও মাতৃ নোহোৱাকৈ থকাৰ বিশেষ ভাগ্য নে দুৰ্ভাগ্য! এয়ে মাধৱীৰ প্ৰাপ্য৷
মূৰ তুলি গালৱলৈ চালোঁ৷ নাজানো মোৰ দুচকুত কি ফুটি উঠিছিল— বিচ্ছেদৰ দুখ, কষ্ট, খং নে অবিশ্বাস? কিন্তু সঁচায়ে কৈছোঁ মোৰ বুকুত সেই সময়ত বহ্নিমান একুৰা প্ৰকাণ্ড জুই৷ যাৰ তাপে দহি নিশ্চিহ্ন কৰি দিছে মোৰ আগমন-প্ৰত্যাগমনৰ সকলো দৃশ্যমান পথ৷ প্ৰথম সন্তানক জন্মৰ কিছু ক্ষণতে পৰিত্যাগ কৰি ওলাই অহা এগৰাকী মাতৃৰ হৃদয়ৰ নিঃশব্দ হাহাকাৰে কি অলপো চুব পৰা নাই এই মুনিকুমাৰক৷ মোৰ কষ্ট কি অলপো অনুধাৱন কৰিব পৰা নাই গালৱে? সদ্যপ্ৰসৱিনী এই ভাগৰুৱা শৰীৰত পুনঃ প্ৰাণৰ সঞ্চাৰ কৰিবলৈ মোৰ কোলাততো নাই মোৰ আঁচলৰ ধন৷ মোৰ ৰক্ত-মাংসৰে পৰিৱৰ্ধিত সেই এধানমান প্ৰাণ৷ আস্ কোন সতে হাস্যবদনে অশ্বপ্ৰাপ্তিৰ উল্লাস প্ৰদৰ্শন কৰিব পাৰিছে তেওঁ৷
লোতকপূৰ্ণ মোৰ দুচকুৰ দুবোৰ্ধ্য ভাষাই নিশ্চয় তেওঁক দোমোজাত পেলাইছে৷ এটি অসম্পূৰ্ণ বাক্যৰে থৰ হৈ ৰ’ল তেওঁ৷
“শুনিছা গালৱ, মোৰ সন্তানটি মোৰেই যেন প্ৰতিৰূপ৷ ধাতৃহঁতে কৈছে তাৰ নাক, মুখ সকলো বোলে একেবাৰে মোৰ দৰেই৷ গৰ্ভাৱস্থাৰ দিন বাঢ়ি গৈ থকাৰ লগে লগে মোৰ হৃদয়ত প্ৰতিধ্বনিত হ’ব ধৰিছিল মোৰ সন্তানৰ প্ৰশান্তিৰ নিশ্বাস৷ মোৰ স্ফীত উদৰত হাত ৰাখি, যেতিয়া তাক অনুভৱ কৰিব পৰা হ’লোঁ, এক অবুজ মায়াই ঘৰ সাজি ৰ’ল মোৰ মমতাৰ মাজত৷ বুজি নোপোৱা হৈছিলোঁ মই, সুখী হ’ম নে দুখী? সুখী হ’লেও কি লৈ সুখী হ’ম? মাতৃত্বৰে নাৰীজীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ সৌভাগ্যক লৈ নে পিতৃবাক্যনুসাৰে তোমাৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰ্ম সম্পাদন কৰাক লৈ সুখী হ’ম? কোৱা গালৱ, কি লৈ সুখী হওঁ মই? প্ৰথম সন্তানৰ পৰা বিচ্ছিন্না হৈ দুখী হোৱাৰ অধিকাৰ দিবানে বাৰু তোমালোকে মোক? তোমালোকৰ দুখৰ পৰিভাষাই সামৰি লয়নে মোৰ বুকুৰ ব্যথা?”
নিজকে সংযত কৰিব নোৱাৰি কৈ উঠিলোঁ৷ কিছু ক্ষণ তাপ মাৰি ৰৈ আৱেগৰ কোনো কম্পনবিহীন কণ্ঠেৰে গালৱে উত্তৰ দিলে— “এয়াই নিয়তি৷ এয়াই কৰ্ম৷ লক্ষ্যপ্ৰাপ্তিৰ প্ৰথম ঢাপ পাৰ হওঁতেই যদি তুমি এইদৰে বিচলিত হোৱা, কৰ্ম সম্পূৰ্ণ কৰিবা কেনেকৈ? তোমাৰ পিতৃয়ে এক বিশেষ কৰ্ম সম্পাদন কৰিবলৈহে তোমাক মোৰ হাতত সমৰ্পণ কৰিছিল৷ আমি এতিয়াও বহু দূৰ বাট আগুৱাবলৈ আছে৷ নিজকে সংযত কৰা৷ আৱেগক অনাহকত প্ৰশ্ৰয় নিদিবা৷ এয়াই তোমাৰ দায়িত্ব, এয়াই কৰ্তব্য৷”
কি কয় গালৱে! দায়িত্ব আৰু কৰ্তব্যৰ কথা কয়? গালৱে? স্বতঃস্ফূৰ্তভাৱে কৈ উঠিলোঁ— “এৰা, নিজৰ পাটগাভৰু কন্যাক অনিশ্চিত ভৱিষ্যতৰ বুকুত লাঞ্চনা ভুগিবলৈ দানত দি নিজে দানবীৰ সন্মান লাভ কৰাটো মহাৰাজ যযাতিৰ এক কৰ্তব্যই আছিল৷ আৰু…. আৰু… এক নাৰীৰ জীৱন-যৌৱন ব্যৱহাৰ কৰি গুৰুদক্ষিণা দি নিজৰ অহংভাৱৰ প্ৰতিজ্ঞা পূৰ্ণ কৰাটোও এই মুনিকুমাৰৰে কৰ্তব্য, দায়িত্ব৷ এই মাধৱীৰ দায়িত্ব কি বাৰু, জানানে? মাতৃ মাধৱীৰ? সন্তানৰ প্ৰতি মাতৃৰ কৰ্তব্য? মোৰ দুগ্ধপোষ্য নৱজাতকক এৰি আহি কি মই মোৰ দায়িত্ব, কৰ্তব্য উচিত সম্পাদন কৰিছোঁ৷ উঃ মোৰ কণমানি সন্তানে চাগে ভোকত আতুৰ হৈ শুকান ওঁঠেৰে আকুলতাৰে অপেক্ষা কৰিছে তাৰ মাকৰ বুকুৰ দুটোপাল অমৃতৰ বাবে৷ মোৰ কৰ্তব্য কি— কোৱা গালৱ, কোৱা৷ সন্তানক জীয়ন দিয়া নে তোমালোকৰ স্বাৰ্থ সিদ্ধি কৰা৷ কান্দি ঠেৰেঙা লগা মোৰ সন্তানৰ কি তাৰ মাতৃদুগ্ধৰ ওপৰতো অধিকাৰ নাই?
কি যে নৰক যান্ত্ৰণা ভোগাইছা তোমালোকে মোক৷ সহিব নোৱাৰিছোঁ মই এইকুৰা জীয়া জুই৷ সন্তানৰ অধিকাৰৰ দুগ্ধৰে স্ফীত হৈ পৰা বক্ষৰ ভাৰ বৈ কেনেকৈ পাহৰোঁ মোৰ মাতৃত্বৰ দায়িত্ব? তুমি নুবুজিবা গালৱ৷ নুবুজা তুমি৷ স্বাৰ্থসম্পাদনৰ আশাত বন্দী হৃদয়হীন পুৰুষ তোমালোক৷ কোনো ব্যক্তিগত স্বাৰ্থ অবিহনেই নিজক জীয়া জুইত প্ৰক্ষেপ কৰা এই নাৰীৰ ব্যথা বুজাৰ সামৰ্থ্যই নাই তোমাৰ৷
পাষাণ হৃদয়িনী, নিষ্ঠুৰ মাতা বা যি বুলিয়েই ভৱিষ্যতে ককৰ্থনা নকৰক মোক, হে গালৱ— ব’লা আগুৱাই যাওঁ, পিতৃবাক্য পালন কৰি সম্পূৰ্ণ কৰোঁ তোমাৰ কৰ্ম৷ কিন্তু, কিন্তু তাৰ আগতে সম্পূৰ্ণ কৰোঁ মোৰ পুনঃকুমাৰীত্ব লাভৰ গোপন অনুষ্ঠান৷ যেতিয়ালৈকে মোৰ শৰীৰত অনুভূত হৈ থাকিব মোৰ সন্তানৰ স্মৃতিৰ অৱশেষ, সম্ভৱ নহয় আগুৱাই যোৱা৷ মমতাৰ ডোল ছিঙা ইমান সহজ নহয় মাতৃৰ বাবে৷ চিনি নাপাওক আৰু মোৰ সন্তানে তাৰ মাকৰ গৰ্ভৰ আদৰুৱা গোন্ধ৷ স্তব্ধ হওক মোৰ বুকুৰ অমৃতৰ নদী৷ লাভ কৰা তোমালোকে তোমালোকৰ বাঞ্ছিত সন্তুষ্টি৷”
খণ্ড–৪
দুৰ্ভাগিনী মাধৱীৰ পংকিলময় যাত্ৰা মাথোঁ আৰম্ভহে হৈছে৷ শত শত যোজন বাকী অতন্দ্ৰ দুখৰ এই মহাসাগৰৰ সীমা বিচাৰিবলৈ৷ অসীমত বিলীন ব্যথাভৰা এই মহাসাগৰৰ কোনো পাৰৰ এমুঠি সিক্ত বলুকায়ো কিজানি সযতনে সামৰি ৰাখিব পাৰে এই মাধৱীৰ তপ্ত অশ্ৰুৰ দুটিমান টোপাল৷ অন্তঃসলিলা গংগাৰ দৰেই মোৰ শুকান দুচকুৰে বৈ থকা নিৰৱচ্ছিন্ন লোতকৰ ধাৰাই জানো ধুই নিকা কৰিব পাৰিব হৃদয়ৰ কেঁচা ঘা? অনুষ্ঠান পালনেৰে নিশ্চয়কৈ মই ঘূৰাই পালোঁ মোৰ ‘আপুৰুগীয়া’ কৌমাৰ্য৷ মোৰ গৰ্ভজাত সন্তানেও এতিয়া বিচাৰি নাপায় মোৰ মাজত তাৰ জন্মদাত্ৰীক৷ পূৰ্বে কোনো পুৰুষৰ শয্যাসংগিনী হোৱাৰো কোনো আৰু তথ্য নাই৷ মহাৰাজ হৰ্যশ্বৰ ৰাজজ্যোতিষীৰ সেই বৰ্ণনা— “পিঠি পোন, কপাল উচ্চ, স্তনযুগল আৰু নিতম্ব ঊৰ্ধ্বৰ্মুখী….” আকৌ মই সেই সৌভাগ্যশালিনী, সুলক্ষণা কুমাৰী মাধৱী৷ শৰীৰেৰে আৰু মোৰ মন… মোৰ আত্মা…৷ সেয়া কাৰো বাবে বিচাৰ্য নহয়৷ শৰীৰৰ বাহ্যিক চিহ্নবোৰ নিশ্চিহ্ন কৰিলেও কেনেকৈ মনৰ পৰা মোহাৰি অস্তিত্বহীন কৰোঁ এজন পুৰুষৰ স’তে পাৰ কৰি অহা অবাঞ্ছিত অথচ বাধ্যতামূলক সেই আদিম নিবিড় মুহূৰ্তবোৰ৷ সেই পুৰুষতো নাছিল মোৰ স্বামী অথবা প্ৰিয়তম৷ বাহ্যিক শৰীৰৰ পৰা হেৰাই গ’লেই কি সেই শ্বাসৰুদ্ধকৰ, পীড়াদায়ী নিশাবোৰে দি যোৱা ক্ষতচিহ্ন মোৰ অন্তৰাত্মাৰ পৰাও বিলুপ্ত হ’ব? আৰু মোৰ সন্তান—
ন মাহ দহ দিন ধৰি নিজ গৰ্ভত ধাৰণ কৰি নিজৰ শৰীৰেৰে প্ৰতিপালন কৰি জন্ম দিয়া মোৰ সন্তানক কেনেকৈ পাহৰোঁ? গৰ্ভাৱস্থাৰ বিভিন্ন প্ৰতিকূল শাৰীৰিক পৰিস্থিতি আৰু প্ৰসৱযন্ত্ৰণাৰ কাতৰ সময় পাৰ হৈ আহি লাভ কৰা মাতৃত্বৰ সুখ ভোগ কৰিবলৈকে নাপালোঁচোন মই৷ মোৰ শুকান বুকুতো ধৰফৰণি তোলে পোনাকণৰ তৃষ্ণাতুৰ শুকান ওঁঠৰ ছবিখনে৷ মাতৃত্ব লাভৰ অনুপম অনুভৱৰ সুগন্ধিৰ অৱশেষ মোৰ আত্মাৰ কোঁহে কোঁহে বিয়পি থাকিব অনন্তকাল৷
হে গালৱ, হে পিতা, হে পুৰুষ… নাৰীৰ শৰীৰটোহে মাথোঁ তোমালোকৰ দৃষ্টিগোচৰ হয়, জৈৱিক তাড়না বা বংশৰক্ষাৰ প্ৰয়োজনত, ক’তো নাৰীৰ আত্মাৰ আচ্ছাদন দাঙি ভুমুকি মৰাৰ প্ৰয়োজন নহয় তোমালোকৰ৷
অনুষ্ঠানেৰে শৰীৰৰ পৰিৱৰ্তনেই নহয় নিজৰ মনটোৰ ওপৰতো নিয়ন্ত্ৰণ কৰিবলৈ মই শিকিছোঁ৷ মোৰ ভাগ্য নিয়ন্তা গালৱক অনুসৰণ কৰি আগবাঢ়ি গৈ আছোঁ আন কোনো ৰাজপ্ৰাসাদ অভিমুখে৷ অতি উৎসাহী আৰু উত্তেজিত গালৱৰ দ্ৰুত খোজৰ লগত ভগ্নহৃদয়া, উদাস মোৰ খোজ মিলাবলৈ টান হৈছে৷ পিছ পৰি ৰৈছোঁ মই৷ বাৰে প্ৰতি আগবাঢ়ি যোৱা গালৱে কিছু দূৰৈত অস্থিৰভাৱে ৰৈ থাকে মই তেওঁৰ ওচৰ গৈ পোৱালৈ৷ নিজৰ ভাবত, নিজৰ সপোনত বিভোৰ গালৱ৷ তেওঁৰ কৰ্তব্য সম্পাদন হ’ব লাগে৷ মাধৱীৰ কৰ্তব্য-অকৰ্তব্যৰ জঁট ভাঙিবৰ তেওঁৰ সময় নাই৷ আমাৰ গন্তব্যস্থলৰ কথা মই তেওঁক সোধা নাই৷ জানিবৰো প্ৰয়োজনবোধ কৰা নাই৷ তেওঁ ক’বৰ প্ৰয়োজনবোধ কৰা নাই৷ ৰজাজন যেয়েই নহওক, মোৰ আগত ধৰা দিব মাথোঁ এজন পুৰুষ হিচাপেহে, এজন পুত্ৰকামী পুৰুষ, ততোধিক নহয়৷
আমিচোন উপস্থিত হ’লোঁহি এক ভগ্নপ্ৰায় নগৰীত৷ কোনো স্বচ্চল ৰাজ্যৰ আটোমটোকাৰি ৰাজধানীৰ লেশমাত্ৰও ভু পাবলৈ নাই৷ শ্যামকৰ্ণ অশ্বৰ মৰীচিকা খেদি খেদি গালৱৰ বাট ভুল হোৱা নাইতো৷ ভগ্নপ্ৰায় নগৰীৰ মন্দিৰৰ ধ্বংসস্তুপৰ ভেটিতে বহি পৰিলোঁ মই৷ মই বহি পৰিলত গালৱ উভতি আহিল৷ ভাগৰ তেওঁৰো লাগিছে৷ চাৰিওফালে চকু ফুৰাই ময়েই আৰম্ভ কৰিলোঁ— “তোমাৰ শ্যামকৰ্ণ অশ্ব তেনেহ’লে এইবাৰ এই ধ্বংসাৱশেষত বিৰাজমান৷ এই মাধৱীয়ে এতিয়া চাবুক লৈ বিচাৰি উলিয়াব লাগিব নিশ্চয়৷”
জান-নেজান হাঁহি এটা সৰি পৰিল গালৱৰ দুওঁঠৰ ফাকেৰে৷ মোৰ কটাক্ষৰ বাণডাল তেওঁ কেইমুহূৰ্তমানত চম্ভালি লৈ প্ৰকৃতিস্থ হ’ল৷ প্ৰায় মুখামুখিকৈ তেৱোঁ বহি ল’লে আৰু কৈ গ’ল— “এয়া মহাৰাজ দিবোদাসৰ বাৰাণসী ৰাজ্যৰ একাংশ৷ যাদৱসকলৰ হৈহয় ফৈদৰ লগত কেইবা পুৰুষ ধৰি মহাৰাজৰ বংশানুক্ৰমিক বৈৰিতা চলি আহিছে৷ মহাৰাজ দিবোদাসৰ পিতামহ আৰু পিতা সুদেৱেও আনকি তেওঁলোকৰ হাততে যুদ্ধত প্ৰাণত্যাগ কৰিছে৷ ধ্বংস কৰা আৰু লুটপাতৰ বাদে হৈহয়সকলে দেশখন অধিকাৰ কৰি লোৱা নাই৷ এই যে দেখিছা ধ্বংসাৱশেষবোৰ, এয়া মহাৰাজ দিবোদাসে পুনৰ নিৰ্মাণ কৰা বাৰাণসীৰ একাংশ৷ দেৱৰাজ ইন্দ্ৰৰ আদেশ মৰ্মে তেওঁ পিতৃৰ পৰা লাভ কৰা ৰাজ্যখন অলপ থানথিত লগাই নিৰ্মাণ কৰি সুন্দৰ কৰি তুলিছিল৷ পিছে কি হ’ব? হৈহয়সকলে পুনৰ আক্ৰমণ কৰি তচনচ কৰি থৈ গ’ল আটোমটোকাৰিকৈ বনোৱা নগৰখনৰ একাংশ৷ ৰথত উঠি যুদ্ধ কৰাত অতি পাকৈত সেই যোদ্ধাসকলক পৰাজিত কৰাটো মহাৰাজ দিবোদাসৰ পক্ষে সম্ভৱ নাছিল৷ পৰাজিত ৰজা দিবোদাস প্ৰাণৰ মমতাত পলাই গৈ ঋষি ভৰদ্বাজৰ শৰণাপন্ন হয়৷ নিজৰ ৰাজ্য ৰক্ষাৰ বাবে তেওঁ ভৰদ্বাজ মুনিৰ ওচৰত আকুলতাৰে প্ৰাৰ্থনা জনালে৷ অভয় দিয়ে মুনিবৰে৷ বাৰে বাৰে তেওঁৰ ৰাজ্য আক্ৰমণ কৰি আবাল-বৃদ্ধ-বনিতাক হত্যা কৰা আৰু প্ৰচণ্ড লুট-পাত চলোৱা আক্ৰমণকাৰীক নিপাত কৰিবলৈ ৰজা দিবোদাসে কাতৰে সহায় ভিক্ষা কৰিলে মুনিক৷ ৰজাৰ প্ৰাৰ্থনাত ঋষি ভৰদ্বাজৰ মন কুমলিল৷ ব্যথিত হ’ল তেওঁ, সাধাৰণ প্ৰজাৰ বাবে৷ গতিকে এক বিশেষ যজ্ঞ সম্পাদন কৰিলে তেওঁ৷ যজ্ঞৰ ফলপ্ৰাপ্তি অনুসৰি ৰজা দিবোদাসে এক মহাপৰাক্ৰমী চক্ৰৱৰ্তী পুত্ৰ লাভ কৰাৰ আশীৰ্বাদপ্ৰাপ্ত হ’ল৷ ঋষি ভৰদ্বাজে পিছে সেই তেজস্বী সন্তান ধাৰণ কৰিব পৰা এক সবৰ্সুলক্ষণা যুৱতীৰ সন্ধান কৰিবলৈ ৰজাক আদেশ দিলে৷ ইয়াৰ বাবে তোমাতকৈ উত্তম আৰু কোন হ’ব পাৰে মাধৱী? মহাৰাজ দিবোদাসক লাগে এক সবৰ্সুলক্ষণা, সৌভাগ্যশালিনী যুৱতী যি তেওঁৰ পৰম তেজস্বী সন্তানক ধাৰণ কৰি পৃথিৱীৰ বাট দেখুৱাব পাৰে৷ তুমি ইয়াৰ বাবে সৰ্বোত্তম৷ আৰু আমাক লাগে শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ যিবোৰ মোৰ তথ্য অনুসৰি মহাৰাজৰ অশ্বশালাত আছে৷ গতিকে সময় নষ্ট নকৰি শীঘ্ৰেই মহাৰাজক দেখা কৰোঁ ব’লা৷ মোৰ বিশ্বাস মহাৰাজে নিশ্চয় আমাৰ প্ৰস্তাৱ স্বীকাৰ কৰি ল’ব৷ ব’লা আগবাঢ়োঁ…৷”
এক হুমুনিয়াহ সৰি পৰিল মোৰ নিঃস্ব বুকুৰ পৰা৷ কি বা হয়! ইয়াত বা মই কিমান দিনৰ অতিথি! আছেনে বাৰু এইজন ৰজাৰ ওচৰত বাকী ছশ ঘোঁৰা সম্পূৰ্ণকৈ? নগৰৰ ধ্বংসাৱশেষৰ মাজত বাৰু মই গঢ়ি তুলিব পাৰিমনে মোৰ বিধ্বস্ত প্ৰাণৰ সৰুকৈ এটি পঁজাঘৰ৷ দুৰু দুৰু কম্পিত হৃদয়েৰে আগবাঢ়িব ধৰিলোঁ অলপ আঁতৰত থকা পূৰ্ণ নগৰী আৰু ৰাজপ্ৰাসাদ অভিমুখে৷
মহাৰাজ হৰ্যশ্বৰ দৰে অপাৰ ঐশ্বৰ্য-বিভূতি, হীৰা-মুকুতাৰে জলমলকৈ সুসজ্জিত নহয় ৰজা দিবোদাসৰ প্ৰাসাদ৷ হৈহয়সকলৰ লুটপাতৰে নিশ্চয় এই ফল৷ হ’লেও ৰাজপ্ৰাসাদৰ প্ৰত্যেক চুকে-কোণে বিৰাজমান এক ৰাজকীয় গাম্ভীৰ্য৷ মহাৰাজ ৰাজপ্ৰাসাদতে আছিল৷ আমাৰ আগমনৰ বাৰ্তা পোৱাৰ কিছু সময়ৰ পাছতেই মহাৰাজ উপস্থিত হ’লহি৷ গালৱে আমাৰ পৰিচয় দিলে৷ বিশেষ পাতনি নেমেলি স্পষ্টকৈয়ে তেওঁ কৈ গ’ল— “মহাৰাজ, মহৰ্ষি বিশ্বামিত্ৰৰ একান্ত অনুগত শিষ্য মই গালৱ৷ মোৰ লগত এয়া মহাৰাজ যযাতিৰ কন্যা, সুশ্ৰী, সবৰ্সুলক্ষণা, সৌভাগ্যৱতী মাধৱী৷” ৰজাই মূৰ তুলি মোলৈ চালে৷ “শুনিবলৈ পাইছোঁ আপুনি এক সবৰ্সুলক্ষণা যুৱতীৰ সন্ধানত আছে৷ এই সমস্যাৰ উচিত আৰু শ্ৰেষ্ঠতম উত্তৰ আমাৰ ওচৰত আছে৷ আমি জানো আমাৰ লক্ষ্যপ্ৰাপ্তিও আপুনিহে সম্পাদন কৰাব পাৰিব৷ সেয়ে এক প্ৰস্তাৱ লৈ উপস্থিত হৈছোঁহি আপোনাৰ ওচৰত৷”
আমাৰ আঁচনিৰ প্ৰথম পদক্ষেপৰ সফল ৰূপায়ণ হোৱা বাবে গালৱ এতিয়া যথেষ্ট আত্মবিশ্বাসী৷ গালৱৰ বাকপটুতা স্পষ্টকৈ দৃষ্টিগোচৰ হৈছে ৰজা দিবোদাসৰ সন্মুখত প্ৰস্তাৱ উত্থাপনত৷ তেওঁৰ কথাৰ পাকত ৰজাও বিষয়টিত আগ্ৰহী হৈ পৰিল আৰু সকলো বিস্তাৰিতভাৱে জানিব বিচাৰিলে৷ আদিৰে পৰা গালৱে বৰ্ণনা কৰি গ’ল৷ মোৰ গৰ্ভত ৰজা হৰ্যশ্বৰ পুত্ৰ উৎপাদনৰ কথাও পৰম গৌৰৱেৰে তেওঁ বৰ্ণনা কৰিলে৷ বৰ্ণনা কৰিলে সেই পুত্ৰৰ ওপৰত কোনো অধিকাৰ নাৰাখি কিদৰে মাতৃ মাধৱীয়ে সকলো ত্যাগ কৰি ওলাই আহি বচন ৰক্ষাৰ বাটত অগ্ৰসৰ হৈছে৷ অপলকে চাই ৰ’লোঁ মই গালৱলৈ৷ গালৱৰ কথাত ক’তো যে কিঞ্চিতো দুখ নাই সেই মাতৃৰদ্বাৰা পৰিত্যক্ত এধানমান নৱজাতকলৈ৷ নিজৰ নৱজাত পুত্ৰক ত্যাগ কৰি ওলাই অহা নাৰীগৰাকীৰ প্ৰতিও নাই কোনো অনুকম্পা, সহানুভূতি, কোনো সান্তনাৰ বাণী৷ এয়া যে মাথোঁ দুজন পুৰুষৰ গৌৰৱগাথা৷ নিজৰ একমাত্ৰ যুৱতী কন্যাকো বিনাদ্বিধাই অচিনাকি এজন পুৰুষৰ হাতত দান কৰিব পৰা এজন পিতৃৰ কথা আৰু এজন শিষ্যৰ কাহিনী যি এক নাৰীৰ জীৱন-যৌৱন উৎসৰ্গা কৰি সংগ্ৰহ কৰি ফুৰিছে গুৰুদক্ষিণা৷ ইয়াত মই এটি মাথোঁ সাধন, আনৰ উদ্দেশ্যপূৰ্তিৰ আৰু মোৰ সাধনা একমাত্ৰ ত্যাগ৷
সকলো ৰজাতো আৰু যযাতি নহয় অচিনা যুৱকৰ কথা পলকতে মানি ল’বলৈ৷ পুনঃ ৰাজজ্যোতিষীলৈ খবৰ পঠোৱা হ’ল আৰু অন্তেষপুৰলৈও৷ দুগৰাকীমান দাসী আহি মোক আগবঢ়াই লৈ গ’ল৷ মোৰ পূবৰ্ৰ সন্তান ধাৰণ আৰু কৌমাৰ্য দুয়োটাৰে পৰীক্ষা কৰাবলৈ৷ তত্ত্বাৱধানত থাকিব বোলে স্বয়ং মহাৰাণী৷
মহাৰাজ হৰ্যশ্বৰ দৰে এইজন ৰজাৰ অন্তেষপুৰত মই স্থায়ী আৱাসী হোৱা-নোহোৱাটোত ইয়াৰ কোনো আগ্ৰহী নহয়৷ এওঁলোকৰ একমাত্ৰ লক্ষ্য এজন তেজস্বী মহাশক্তিমান ৰাজকোঁৱৰ যি গৈ এই ৰাজ্য, ৰাজপৰিয়াল আৰু ৰাইজৰ ৰক্ষক আৰু পালক হ’বগৈ পাৰে৷
অন্তেষপুৰত, মহাৰাণীৰ উপস্থিতিত অভিজ্ঞ তিৰোতাকেইগৰাকীৰ আগত মই মোৰ প্ৰথম সন্তান ধাৰণ আৰু প্ৰসৱৰ অভিজ্ঞতাৰ কিছু ব্যক্ত কৰিলোঁ৷ প্ৰথম গৰ্ভধাৰণৰ লগত জড়িত মোৰ মানসিক স্থিতি আৰু অন্তদ্বৰ্ন্দ্বৰ এটা শব্দও মই তেওঁলোকক নক’লোঁ৷ শাৰীৰিক অভিজ্ঞতাৰ বৰ্ণনাই যথেষ্ট তেওঁলোকৰ বাবে৷ মিছাই মোৰ মনৰ দুৱাৰখন কিয়নো খোলোঁ? নিকপকপীয়াকৈ বান্ধিছোঁহে এথোন৷
নাৰীৰ কৌমাৰ্য খুবেই মহীয়ান, নহয়নে বাৰু? এগৰাকী নাৰীয়ে চালি-জাৰি চাইছে আন এগৰাকীৰ কৌমাৰ্য, তাকো নিজৰ স্বামীৰ শয্যাসংগিনী হ’বলৈ… কি যে বিড়ম্বনা… দুয়োগৰাকীৰে!
পুনৰ আহি থিয় দিলোঁহি ৰাজসভাত৷ এইবাৰ ৰজা দিবোদাসৰ ৰাজজ্যোতিষীয়েও বৰ্ণনা কৰি গ’ল মোৰ শৰীৰী সৌষ্ঠৱৰ লগত জড়িত মোৰ গুণ-গৰিমা৷ ঘনঘোৰ ক’লা মোৰ চুলিটাৰিৰ কথাৰে আৰম্ভ হোৱা এই বৰ্ণনাই একাদিক্ৰমে চেলেকি গ’ল মোৰ ৰক্তবৰ্ণ ওঁঠ-জিভাকে আৰম্ভ কৰি উঠন বুকু-নিতম্বৰ পৰা ভৰিৰ তলুৱা পৰ্যন্ত৷ মুক্ত বৰ্ণনাই যেন অধিক প্ৰতিভাত কৰিলে মোৰ শৰীৰী সৌন্দৰ্য৷ ৰজা দিবোদাস যেন সন্তুষ্ট হ’ল৷ প্ৰলুব্ধ হ’ল৷ পণ্যসামগ্ৰী মাধৱীক লৈ পুনৰ দৰ-দাম হ’ল দুজন পুৰুষৰ মাজত— এজন মুনিকুমাৰ আৰু ইজন অন্য এজন ৰজা৷ ৰজা দিবোদাসক একান্তই প্ৰয়োজন মোৰ দৰে এগৰাকী সবৰ্সুলক্ষণা স্ত্ৰী, তেওঁ কোনোপধ্যেই মোক এই স্থান ত্যাগ কৰিব নিদিয়ে৷
পিছে ই কি? তেওঁৰ আস্তাবলতো বিৰাজমান মাথোঁ দুশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ পুনঃ একেই প্ৰতাৰণা ভাগ্যৰ৷ মাধৱীৰ জীৱনৰ আকাশত আন এক কলীয়া ডাৱৰ৷ আশা কৰিছিলোঁ গালৱে লাভ কৰক ছশ অশ্ব এই ৰজাৰ ওচৰত৷ পাটৰাণী নহ’লেও ৰাজপ্ৰাসাদৰ এচুকত স্থায়ী আৱাস হ’ব মোৰ৷ কিমান আৰু পৰপুৰুষৰ অংকশায়িনী হ’ম৷ কিমান নিজৰ তেজেৰেই লিখি যাম দুখৰ আত্মগাথা৷ পিছে মোলৈ সদয় নহয় মোৰ ভাগ্য দেৱতা৷ মোৰ ঠিকনা লৈ গালৱ চিন্তিত নহয়৷ আঠশ শ্যামকৰ্ণ অশ্বৰ বিনিময়ত মোৰ আৱাস য’তেই নহওক গালৱৰ অসন্তোষ নাই৷ আগৰ দৰেই সন্তান জন্মৰ পাছত নৱজাতকক মহাৰাজৰ হাতত অৰ্পণ কৰি মোৰ গালৱৰ লগত পুনৰ্গমনৰ চুক্তি হ’ল৷ এই চুক্তিয়ে পিছে এজনৰ মনত বিশেষ সকাহ দিয়া মোৰ পৰিলক্ষিত হ’ল, মহাৰাণী৷ এগৰাকী ‘সবৰ্সুলক্ষণা’ স্ত্ৰী অন্তেষপুৰত নিজৰ সতিনী হিচাপে কোনেনো বিচাৰিব৷ পিছে ৰাজ্য আৰু স্বামীৰ স্বাৰ্থত এই প্ৰত্যাহ্বানকো স্বীকাৰ কৰি লৈছিল সেই নাৰীয়ে৷ পিছে এই চুক্তিয়ে তেওঁলৈ কঢ়িয়াই আনিলে বিশেষ স্বস্তি৷ বাঞ্ছিত পুত্ৰও লাভ কৰিব অথচ মহাৰজাৰ জীৱনত তেওঁৰ নিজৰ স্থানো অক্ষুণ্ণ থাকিব৷ হওক, মোৰ দুৰ্ভাগ্যই যদি আন কোনো নাৰীৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিব পাৰে, সৌভাগ্য কঢ়িয়াব পাৰে, কিছু হ’লেও শান্ত হ’ব মোৰ দুখৰ বন্যা, পাম মই মোৰ লোতকৰ দাম৷ বুজনি দিছোঁ আৰু সাজু কৰিছোঁ নিজকে সেই পৰিক্ৰমাৰ পুনৰাবৃত্তিৰ বাবে৷
চাৰিজনকৈ চক্ৰৱৰ্তী পুত্ৰৰ মাতৃ হোৱাৰ আশীৰ্বাদযুক্ত মোৰ দৈন্যভাগ্য৷ বাৰাণসীৰ মহাৰাণীয়েও ভোগ কৰিছে আন এক ভাগ্যৰ দুৰ্ভোগ৷ প্ৰধান মহিষী হৈও মহাৰাজক, ৰাজ্যক এক শক্তিশালী ভৱিষ্যৎ দিব নোৱৰাৰ কষ্ট সহন কৰিছে তেওঁ৷ সহমৰ্মিতা আছে তেওঁৰ প্ৰতি মোৰ৷ এক মৃদু অপৰাধবোধেও যেন ক্ৰিয়া কৰে ক’ৰবাত, যদিও অপৰাধী মই নহয়৷ প্ৰত্যেক নিশা মহাৰাজে মোৰ স’তে পাৰ কৰা সেই নিবিড় আদিম সময়বোৰৰ কম্পন যেন মোৰ কক্ষৰ চাৰিসীমা পাৰ হৈ ওপঙি নুঠে কাষৰে-পাঁজৰে, আপ্ৰাণ চেষ্টা কৰোঁ মই৷ ক্ষণবোৰ গৈ যাতে হাজাৰ হাতুৰীৰ কোব হৈ বিদীৰ্ণ নকৰে মহাৰাণীৰ বুকু তাৰে আশা কৰোঁ৷ কাষৰ কক্ষত মহাৰাণীৰ উজাগৰী নিশাবোৰ যাতে অধিক কঠিন অধিক দীঘল হৈ নপৰে৷
শীঘ্ৰেই মোৰ গৰ্ভসঞ্চাৰৰ বতৰাই ৰাজমহলৰ ভিতৰে-বাহিৰে তুলিলে অকৃত্ৰিম আনন্দৰ হিল্লোল৷ ৰজাৰ পৰা দাস-দাসীলৈকে সকলোৰে দুচকুত সঞ্চাৰ হৈছে নতুন আশাৰ৷ মোৰ গৰ্ভত পালিত মহাৰাজ দিবোদাসৰ সন্তানে প্ৰত্যেকৰে প্ৰাণত উন্মেষ ঘটাইছে যেন আগন্তুক বিজয়ৰ শংখনিনাদ৷ নিজে নিঃস্ব হৈ মই এওঁলোকক দি যাম উদিত সূৰুযৰ সোণোৱালী ৰং৷
মোৰ সন্তান ধাৰণক লৈ মহাৰাজ হৰ্যশ্বৰ আন মহিষীসকলৰ কোনো বিশেষ উৎসুকতা কোনো আগ্ৰহ নাছিল, আছিল মাথোঁ মহাৰাজৰ একান্ত আগ্ৰহ আৰু মোৰ প্ৰতি সমপৰ্ণ৷ পিছে ইয়াত মহাৰাজ দিবোদাসতকৈও মোক লৈ ব্যস্ত ৰাজমহিষী৷ এগৰাকী মাতৃৰ দৰেই সবৰ্ক্ষণে আদৰ, যত্ন লৈছে মোৰ৷ আগন্তুকৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবে সদাসচেষ্ট তেওঁ৷ দাসীৰ ওপৰতে সকলো তেওঁ এৰি দিয়া নাই৷ তেওঁৰ ব্যৱহাৰ আৰু মনোভাবত মহাৰাজো অতি প্ৰসন্ন৷ সময় আৰু সম্পৰ্কৰ ৰেহ-ৰূপ ফঁহিয়াই চোৱাত মানুহগৰাকীৰ বিচক্ষণতাই মোক যথেষ্ট প্ৰভাৱান্বিত কৰিলে৷ তেওঁ বুজি পায়, তেওঁৰ গৰ্ভজাত নহয়, এই মাধৱীৰ গৰ্ভজাত আগন্তুক তেজস্বী পুত্ৰইহে লাভ কৰিব সিংহাসন৷ ৰক্ষা কৰিব ৰাজ্য আৰু প্ৰজাক৷ আনকি তেওঁৰ নিজৰ পুত্ৰ আৰু স্বামীও ৰক্ষা পৰিব মোৰ কঠিন বৰ্মসদৃশ পুত্ৰৰ আচ্ছাদনতহে৷ সুৰক্ষিতভাৱে এই সন্তান জন্ম লোৱাটো অতিশয় প্ৰয়োজনীয়৷ তদুপৰি মই সেই সন্তানৰ জন্মদাত্ৰী, সন্তান পালন কৰিবলৈ ৰাজমহলত আৰু বাস নকৰিম৷ এই ৰাজপুত্ৰৰ প্ৰতিপালনৰ সকলো দায়িত্ব তেওঁ গ্ৰহণ কৰি সকলোৰে কৃতজ্ঞতা আৰু সন্মানৰ পাত্ৰীও তেৱেঁই নিশ্চয় হ’ব পাৰিব৷ বংশৰ সমুজ্জ্বল প্ৰদীপ, সকলোৰে আশা-ভৰষাৰ থল নতুন ৰাজকোঁৱৰৰ উত্তম আদৰ-যত্নেৰে মহাৰাজৰ হৃদয়তো মহাৰাণীৰ স্থান গজ্গজীয়া হ’ব, তেওঁ অপ্ৰতিদ্বন্দ্বী হ’ব৷ সুখী হওক মহাৰাণী৷ সংসাৰৰ একোগৰাকীকৈ নাৰীৰ সুখ, স্বাচ্ছন্দ্য আৰু সন্তুষ্টিতে যে নিহিত হৈ আছে দুখুনী মাধৱীৰ বিন্দু বিন্দু সন্তুষ্টি৷
অযোধ্যাৰাজ হৰ্যশ্ব আছিল কামুক পুৰুষ৷ কেৱল এটি চক্ৰৱৰ্তী পুত্ৰ লাভ কৰাটোৱেই তেওঁৰ লক্ষ্য নাছিল৷ যযাতিপুত্ৰী মাধৱীৰ দৰে এক সুন্দৰী স্ত্ৰী তেওঁৰ অন্তেষপুৰত সম্পূৰ্ণকৈ লাভ কৰিবলৈ তেওঁ যথেষ্ট যত্ন কৰিছিল প্ৰস্তাৱ আৰু প্ৰলোভনেৰে৷ বিপৰীতে মহাৰাজ দিবোদাসৰ একান্তই লক্ষ্য হ’ল এক মহাপৰাক্ৰমী পুত্ৰ৷ যদিওবা মোৰ সৌন্দৰ্য্যত তেওঁ মোহিত আছিল, যথাসম্ভৱ শীঘ্ৰে পুত্ৰলাভ হোৱাটোতহে তেওঁ আগ্ৰহী আছিল৷ প্ৰত্যেকটো মুহূৰ্তই যে তেওঁৰ ৰাজ্যৰ বাবে অতি মূল্যৱান৷
মাথোঁ প্ৰায় এটা বৰ্ষ আগতে প্ৰথম গৰ্ভধাৰণ কৰোঁতে বিভিন্ন নতুন অনুভৱে গা কৰি উঠিছিল৷ দ্ৰুত শাৰীৰিক পৰিৱৰ্তনৰ লগে লগে মনটোতো সৃষ্টি হৈছিল তীব্ৰ জোৱাৰ-ভাটা৷ অতি বিৰাগেৰে গৰ্ভত ঠাই দিয়া প্ৰথম সন্তানলৈ অৱশেষত মোৰ আকুলতাৰ শেষ নোহোৱা হৈছিল৷ পুত্ৰক হেৰুৱাবলগা হোৱাৰ অৱশ্যম্ভাৱী পৰিণতিয়ে নিৰন্তৰে দহিছিল মোৰ আত্মাক৷ নৱজাতকে মাতৃৰ ওচৰত লাভ কৰিবলগা প্ৰত্যেক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত সি গৰ্ভত স্থান পোৱাৰ বহু আগতেই হৈ গৈছিল৷ সেই সময়ৰ প্ৰতিটো অনুভৱ, প্ৰতিটো কষ্ট যেন পুনৰ উভতি আহি সহচৰ হৈছেহি মোৰ৷
প্ৰথম গৰ্ভ লৈ অনুভৱ কৰা উদাসীনতাৰ বিৰাগ পিছে এইবাৰ মই অনুভৱ কৰা নাই৷ এই পুত্ৰৰো অধিকাৰী মই নহয় বুলি জানিও মই অন্তৰেৰে অনুভৱ কৰিব বিচাৰিছিলোঁ গৰ্ভাৱস্থাৰ প্ৰত্যেকটো ক্ষণ৷ ক্ষণে ক্ষণে বাঢ়ি অহা মোৰ পুত্ৰৰ কাল্পনিক শ্ৰীমুখত যেন একাকাৰ হৈ পৰিছিল ‘বসুমনা’ৰ ৰিণি ৰিণি মনত পৰা প্ৰতিবিম্ব৷ সুখ আৰু দুখৰ অচিনাকি সীমনাত হাহাকাৰ কৰি মই ৰৈ আছিলোঁ মোৰ দ্বিতীয় পুত্ৰৰ আগমনলৈ৷ মোৰ কোলা ৰিক্ত কৰি মই দি যাব ওলাইছোঁ এখন সমাজক জীয়াই থকাৰ উৎসাহ, সপোন দেখাৰ সাহস৷
মোৰ গৰ্ভজাত প্ৰথম পুত্ৰই তাৰ পিতৃৰ চক্ৰৱৰ্তী সম্ৰাট হোৱাৰ দুৰ্বাৰ ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিব৷ ৰজা হৰ্যশ্বৰ সামৰ্থ্য নাই চক্ৰৱৰ্তী সম্ৰাট হোৱাৰ৷ মাধৱীৰ গৰ্ভয়েদি পৰিশোধিত তেওঁৰ অংশই তেওঁক দিব সেই সন্মান৷ কিন্তু বৰ্তমান মোৰ গৰ্ভস্থ মহাৰাজ দিবোদাসৰ এই সন্তানৰ জন্মৰ উদ্দেশ্য কিছু মহান৷ পিতৃৰ চক্ৰৱৰ্তী সম্ৰাট হোৱাৰ লালসা পূৰণৰ বাবে তাৰ আগমন নহয়৷ এখন ৰাজ্য, অলেখ প্ৰজাক মুক্তিৰ পথ দেখুৱাবলৈ, সন্মান আৰু নিৰাপত্তাৰ এবুকু নিৰ্মল উশাহ যোগাবলৈ আমন্ত্ৰণ কৰা হৈছে তাক৷ মোৰ এই সন্তান যদি নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰে, মানুহৰ আনন্দাশ্ৰুৰ মাজতে বিলীন হৈ যাব মোৰ ব্যথাৰ লোতক৷
বিভিন্ন বাস্তৱ যুক্তিৰে নিজক পতিয়ন নিওৱাৰ পাছতো মুহূৰ্ততে অস্থিৰ হৈ পৰে মোৰ মন৷ আহিবলগা সন্তানেৰে বিচ্ছেদৰ নিৰ্মম সত্যই মাজনিশা হৰি নিয়ে মোৰ নিদ্ৰা৷ ঘনঘোৰ আন্ধাৰত সিপাৰে যেন আকুল নয়নেৰে নিজৰ অধিকাৰ বিচাৰি মোৰ সন্তান৷ উঃ৷ কোনো দুবৰ্ল মুহূৰ্তত হঠাতে ভাবি লওঁ— ত্যাগ কৰোঁ এই গৰ্ভ৷ নিজলৈ মাথোঁ ৰিক্ত দুহাত ৰাখি আনৰ বাবে সুখৰ পোহাৰ মেলাৰ কিয়েইবা প্ৰয়োজন? ক্ষোভ হয় মোৰ স্বাৰ্থপৰ পুৰুষ সমাজলৈ৷ পিছে কিছু ক্ষণত নিজকে চম্ভালি লৈ মই বুজি উঠোঁ, এয়া যে মোৰ নিয়তি, পিতৃদেৱতাই নিৰ্ধাৰণ কৰি দিয়া ভাগ্য৷ অথচ মোৰ দৰে দুবৰ্লা নাৰীৰ মাজেদিয়েই সম্পাদন হ’ব কেইবাজনো শক্তিশালী পুৰুষৰ উচ্চাকাংক্ষা, উপনীত হ’ব নিজ নিজ লক্ষ্যত৷ ‘মাধৱী’ৰ মূল্য তাইৰ গৰ্ভক লৈহে… এই গৰ্ভ যে সকলোৰে মুক্তিৰ দ্বাৰ৷
আসন্ন প্ৰসৱৰ সৈতে সহযাত্ৰী হৈ আহি আছে সেই কৌটিকলীয়া নিদাৰুণ সত্য৷ বিষাদ, দুখৰ কণ্টকময় কণ্ঠহাৰ এতিয়া মোৰ কণ্ঠলগ্না৷ ৰাজপ্ৰাসাদত বাঢ়ি অহা উৎকণ্ঠা আৰু আশাৰ বানত থাউনি হেৰুওৱা মৃণ্ময় পুতলা মই, সজীৱ মাথোঁ মোৰ গৰ্ভ৷
বিচ্ছেদৰ কৰুণ ৰাগ টানি আহি উপস্থিত হ’লহি মোৰ প্ৰসৱৰ সময়৷ বসুমনাক জন্ম দিবৰ সময়ত সকলো জানি-বুজিও সন্তানক হেৰুৱাবলগা হোৱাৰ বেদনাত অস্থিৰ হৈ পৰিছিলোঁ মই৷ প্ৰসৱৰ পীড়াৰ মাজতো মোৰ মনোজগতত সেই কষ্টই ক্ৰীড়া কৰিছিল৷ এইবাৰো সন্তানক ত্যাগ কৰিবলগীয়া নিশ্চিত ভৱিষ্যৎ দেখিও, মই অনুভৱ কৰিব খুজিছোঁ সেই প্ৰত্যেকটো ক্ষণ, প্ৰসৱ যন্ত্ৰণাই গঢ়ি তোলা প্ৰশান্তি বিয়পাই ল’ব খোজোঁ মোৰ উশাহত৷ একলা-দুকলাকৈ বাঢ়ি অহা আজন্মা সন্তানক যিদৰে অনুভৱ কৰিছিলোঁ মোৰ গৰ্ভত৷ ঠিক সেইদৰে মোৰ গৰ্ভৰ গৰ্ভৰ আবেষ্টনীৰ পৰা ধীৰে ধীৰে নামি আহি মোৰ পোনাকণ পৃথিৱীৰ পোহৰৰ মুখামুখি হোৱাৰ প্ৰত্যেকটো পল মই হৃদয়েৰে অনুভৱ কৰিব খোজোঁ৷ সেয়েহে প্ৰাণেপণে যত্ন কৰিছোঁ যাতে প্ৰসৱ পীড়াই অৱশ কৰি তুলিব নোৱাৰে মোৰ আপোন সপোনৰ অনুভৱ৷ জৰ্জৰিত মই শাৰীৰিক আৰু মানসিক বাধ্যবাধ্যকতা আৰু প্ৰয়োজনৰ ধামখুমীয়াত৷
আজি পুনৰ মাতৃত্ব লাভ কৰিলোঁ মই৷ পৃথিৱী দেখুৱালোঁ দ্বিতীয়টি পুত্ৰক৷ পুনঃ কৌমাৰ্য্য ধাৰণ কৰি লাভ কৰা এই সন্তানক দ্বিতীয় কওঁ নে পুনঃ প্ৰথম সন্তান বুলি? সন্তান যে সন্তানেই৷ প্ৰথম সন্তান জন্ম দিয়া চিহ্ন নিশ্চিহ্ন কৰি যদিওবা দ্বিতীয় গৰ্ভ ধাৰণ কৰিছিলোঁ, তথাপিচোন ক্ষণে ক্ষণে মনত পৰে সেই প্ৰত্যেক সময়৷ তৃষ্ণাতুৰ প্ৰথম সন্তানক উদৰ পুৰাই দুগ্ধপান কৰোৱাৰ ভাগ্য মোৰ নাছিল৷ তেন্তে দ্বিতীয় পুত্ৰক কেনেকৈ কৰাওঁ? ‘বসুমনা’ৰ লগত আকৌ এটি অবিচাৰ কেনেকৈ কৰোঁ? নালাগে থাওক, প্ৰত্যেক সন্তানে মোৰ একেই দুৰ্ভাগ্যকে ধাৰণ কৰক৷ চিনি পাব নালাগে সিহঁতে মাকৰ বুকুৰ উম৷ মহাৰাজ দিবোদাস আৰু মহাৰাণীৰ হাতত গতাই দিলোঁ পুত্ৰক৷ মোৰ সৈতে সম্বন্ধৰ শেষ সূতাডাল ছিন্ন হ’ল৷ ‘প্ৰতৰ্দন’ ৰাখিছে মহাৰাজে তেওঁৰ পুত্ৰৰ নাম৷ তেওঁলোকৰ দুচকুত ভাহি উঠা প্ৰাপ্তিৰ সুখ আৰু কৃতজ্ঞতাৰ অগা-ডেৱা ভাববোৰে যেন মোৰ ওভতনি যাত্ৰা পথৰ কিছু কঠিন পাথৰ কমাই দিলে৷ পুনঃ সেই পুৰাতন সন্ন্যাসিনী বেশেৰে ত্যাগ কৰিলোঁ আন এটি ৰাজপ্ৰাসাদ৷ নাচাওঁ এইবাৰ পিছলৈ ঘূৰি, বাঞ্ছা নকৰোঁ কাকো৷ মোৰ পথৰ একান্তই ময়েই যাত্ৰী৷
পিছে প্ৰসৱগৃহৰ সেই প্ৰাচীনতম বিশেষ গন্ধ যেন এতিয়া মোৰ এক প্ৰচ্ছায়া৷ গৰ্ভোৎপন্ন সন্তানক ত্যাগ কৰি আহিলেও এই চিনাকি-অচিনাকি গন্ধই জানো ত্যাগ কৰিব মোক? মহাঅৰণ্যৰ বৃহৎ বৃক্ষক আৱৰি ৰখা শীৰ্ণ অথচ সুদৃঢ় লতিকাৰ দৰেই আঁহ-পাহ মেলি এক অতিকায় ৰূপেৰে মোক আগুৰি ধৰি আছে এই গন্ধই৷ ইচ্ছা কৰিলেও জানো ত্যাগ কৰিব পাৰি প্ৰকৃতিৰ প্ৰত্যেকটো নিয়ম!
দূৰৈত দেখা পালোঁ অপেক্ষাৰত গালৱক৷ উত্তেজিত আৰু উৎসাহিতভাৱে দ্ৰুত পদচালনা কৰি আছে৷ লাভ কৰিলে নিশ্চয় তেওঁৰ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ মোৰ দুবৰ্ল, ভাগৰুৱা খোজেৰে আগুৱাই গৈ থাকোঁ মানে স্পষ্ট হৈ উঠিল তেওঁৰ মুখমণ্ডল৷ গালৱৰ সুখী আৰু সন্তুষ্ট চকুৱে মুখে এইবাৰ অশ্বৰ দুৰন্ত গতি৷ অশ্বৰ পদধ্বনি অথবা অৱশেষ হিচাপে এৰি থৈ যোৱা এসোপামান ধূলি, একোৱেই দেখা আৰু শুনা নাপালোঁ৷ গালৱৰ অভিব্যক্তিয়ে যেন সকলো ব্যক্ত কৰিছেই৷ শাব্দিক প্ৰকাশৰ কিবা জানো আৰু প্ৰয়োজন আছে? সকলো ত্যাগ কৰি, কোনো আৱেগ প্ৰদৰ্শন নকৰি যদিওবা প্ৰাসাদৰ বাহিৰ ওলালোঁ, মোৰ বুকুত গোট মৰা পবৰ্তসম শোক আৰু পীড়াই ৰক্তাভ কৰি তুলিছে মোৰ মুখমণ্ডল, জানো মই৷ পূবৰ্ৰ অভিজ্ঞতা সুঁৱৰি গালৱো অৱশ্যে নিশ্চুপ৷ থৰক-বৰককৈ খোজ ল’লোঁ অৰণ্যৰ দিশলৈ৷ জীৱন-যৌৱনৰ পুনৰুত্থানৰ প্ৰয়োজন মোক৷ গালৱলৈ নোচোৱাকৈয়ে মাথোঁ সুধিলোঁ— “এইবাৰ ক’ত, গালৱ?”
আহি ভোজনগৰীত উপস্থিত হ’লোঁহি আমি৷ ইয়াৰ ৰজা উশীনৰ পৰম ধাৰ্মিক আৰু পৰোপকাৰী৷ যাগ-যজ্ঞ আদি অনুষ্ঠান সততে অনুষ্ঠিত কৰি থাকে তেওঁ৷ এইজন প্ৰজাবৎসল ৰজাই তেওঁত আশ্ৰয় লোৱা এটি কপোতক ৰক্ষা কৰিবলৈ গৈ শেনৰূপী দেৱতাদ্বয়ক নিজৰ শৰীৰৰ সমগ্ৰ মঙহেই দান দিছিল৷ পিছে ৰজা বোলে অপুত্ৰক৷ গালৱ ইতিমধ্যেই এনে ৰজাৰে সন্ধানত৷ মহাৰাজ উশীনৰক উদ্দেশ্যি গালৱে আৰম্ভ কৰিলে— “মহাৰাজ, এই যশস্বিনী কন্যা হৈছে মহাৰাজ যযাতিৰ পুত্ৰী ৰাজকন্যা মাধৱী৷”
‘‘ৰাজকন্যা মাধৱী”— এক বিদ্ৰূপৰ মৃদু হাঁহিয়ে কঁপাই গ’ল মোৰ দুওঁঠ৷ গালৱৰ ভ্ৰূক্ষেপ নাই৷ তেওঁ উৎসাহেৰে কৈ গ’ল— “বিশেষ দৈৱিক গুণসম্পন্ন এই ৰাজকন্যাই নিজৰ অতুল্য গৰ্ভত ধাৰণ কৰিব পাৰিব আপোনাৰ দুই শক্তিশালী, চক্ৰৱৰ্তী পুত্ৰক৷ সূৰ্য আৰু চন্দ্ৰৰ দৰে উজ্জ্বল দুই পুত্ৰ লাভ কৰি পুণ্য সঞ্চয়েৰে নিজৰ ইহলোক আৰু পৰলোকৰ স্থান সুনিশ্চিত কৰক৷ পুত্ৰৱান হ’লেহে পিতৃপুৰুষৰ ঋণৰ পৰাও আপুনি মুক্তি লাভ কৰিব পাৰিব৷ (পুত্ৰৱান হ’লেহে কিয় বাৰু পুণ্যৱান হয়? ইহলোক আৰু পৰলোকত স্থান লাভ কৰে? মহাৰাজ যযাতিয়ে দেখোন পুত্ৰীৰ যোগেদিয়েই পুণ্যৰ অক্ষয় ভাণ্ডাৰ সঞ্চয় কৰিছে!)
পিছে মহাৰাজ, এই সৌভাগ্যশালিনী, সবৰ্সুলক্ষণা যুৱতীৰ গৰ্ভত তেজস্বী পুত্ৰ লাভ কৰাৰ বিনিময়ত আপুনিও কিছু মূল্য দিব লাগিব৷ মোক আপুনি প্ৰদান কৰিব লাগিব চাৰিশ শ্বেতবৰ্ণী, শ্যামকৰ্ণ অশ্ব৷”
হতচকিত হৈ উঠিল মহাৰাজ৷ এজন বিপ্ৰবৰক কিহৰ প্ৰয়োজন হ’ব পাৰে চাৰিশ অশ্বৰ৷ গালৱে বুজি পালে তেওঁৰ ভাব৷ ৰজাৰ জিজ্ঞাসা নিৰ্মূল কৰি তেওঁ কৈ গ’ল— “গুৰুদক্ষিণা দিবৰ বাবে মই সংগ্ৰহ কৰিবলগা হৈছে এনে অশ্ব৷ দানস্বৰূপে সংগ্ৰহ কৰাতকৈ মই একোজন তেজস্বী পুত্ৰৰ বিনিময়ত গ্ৰহণ কৰিছোঁ মোৰ বাঞ্ছিত অশ্ব৷ ইতিমধ্যেই অযোধ্যাৰাজ হৰ্যশ্ব আৰু বাৰাণসীৰ ৰজা দিবোদাসে আৰ্জন কৰিছে এনে বিশেষ সৌভাগ্য৷ আপোনাৰ বাবে যদি সম্ভৱ অনুগ্ৰহ কৰি আগবাঢ়ক৷”
ইস, গালৱে এনেদৰে কৈছে যেন পূবৰ্ৰ দুই পুত্ৰ ধাৰণ তেওঁহে কৰিছিল৷ প্ৰসৱৰ ক্ষণবোৰ, বাছাহঁতক ত্যাগ কৰি ওলাই অহাৰ যাতনা তেওঁহে ভোগ কৰিছিল৷ কৰিছিল এই মাধৱীয়ে৷ প্ৰসৱৰ যান্ত্ৰণা, সন্তানক ত্যাগ কৰাৰ কষ্ট আজিলৈকে কোন পুৰুষে ভোগ কৰিছে? মহাৰাজ যযাতিক ভিক্ষা খুজিয়েইতো লাভ কৰিছিল মাধৱীক৷ তেওঁৰ কৃতিত্ব ক’ত? মাধৱীক ৰজাবোৰৰ অন্তেষপুৰৰ দ্বাৰত থিয় কৰোৱাত? যাৰ বাবে দুখুনী মাধৱীয়ে লাভ কৰিলোঁ পত্নী নোহোৱাকৈয়ে অংকশায়িনী হোৱাৰ ভাগ্য৷ পিছে দুবাৰকৈ সন্তান জন্ম দিও লাভ কৰিব নোৱাৰিলোঁ মাতৃ হোৱাৰ সুখানুভূতি৷ শুনিবলৈ নাপালোঁ নিজৰ সন্তানৰ মুখত এষাৰ মাথোঁ হিয়া শাঁত পেলোৱা মাত— ‘মা’৷
নিশ্চুপ হৈ চিন্তামগ্ন হৈ পৰিল মহাৰাজ উশীনৰ৷ গালৱো চিন্তান্বিত হৈ পৰিল৷ গম পাইছোঁ, তেওঁ অলপ উৎকণ্ঠিতও হৈ পৰিছে৷ কি বা কয় মহাৰাজে? গালৱৰ তথ্যানুসাৰে এওঁৰ ওচৰত দেখোন আছে অশ্ব৷ তেন্তে তেওঁ প্ৰস্তাৱত মান্তি নহ’ব নেকি? গালৱৰ উৎকণ্ঠাই মোক কোনো প্ৰভাৱ নেপেলায়৷ শ্যামকৰ্ণ অশ্বৰ সন্ধান কৰাটো গালৱৰহে দায়িত্ব, কৰ্তব্য৷ মোৰ দায়িত্ব মাথোঁ অশ্বৰ বিনিময়ত নিজৰ গৰ্ভ বিক্ৰী কৰা৷
মহাৰাজে সম্ভৱতঃ সিদ্ধান্ত ল’লে৷ মৃদু অংগসঞ্চালন কৰি সিংহাসনত পোন হৈ বহিল তেওঁ— “হে দ্বিজপ্ৰবৰ, গুৰুদক্ষিণা দিবৰ বাবে আপুনি কৰা ঐকান্তিক প্ৰচেষ্টাৰ শলাগ নলৈ নোৱাৰোঁ৷ আপোনাৰ উদ্দেশ্য ফলৱৰ্তী হওক৷ বংশৰক্ষা আৰু পূৰ্বজসকলৰ মোক্ষ প্ৰাপ্তিৰ বাবে সঁচাকৈয়ে মই বাঞ্ছা কৰোঁ এক পুত্ৰ সন্তান৷ আপোনাৰ যাত্ৰা আৰু এই কন্যাৰ বিষয়ে ইতিমধ্যে মই গম পাইছোঁ৷ শত-সহস্ৰ উত্তম অশ্বই বিচৰণ কৰে মোৰ অশ্বশালাত৷ কিন্তু আপুনি বিচৰা শ্যামকৰ্ণ অশ্ব মাথোঁ দ্বিশতকহে পূৰ্ণ হয়৷ বাকী অশ্বৰ মূল্য পৰিশোধ কৰি আপোনাক ঋণমুক্ত কৰিবলৈও মই অসমৰ্থ, ৰাজকোষৰ ধন মোৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নহয়৷ ইয়াত মোৰ প্ৰজাৰহে প্ৰথম অধিকাৰ৷ গতিকে হে বিপ্ৰবৰ, আন ৰাজন্যবৰ্গৰ পথেই ময়ো অনুসৰণ কৰিম৷ এই কন্যাক আপুনি মোক সমপৰ্ণ কৰক৷ এটি মাত্ৰ পুত্ৰ উৎপাদনৰ পাছতে আপুনি তেওঁক দুশ অশ্ব সহিতে মোৰ পৰা ঘূৰাই লৈ যাবহি৷ ততোধিক উপায় মোৰ সাধ্যত নাই৷ অনুগ্ৰহ কৰি প্ৰস্তাৱ স্বীকাৰ কৰক৷”
গালৱলৈ চালোঁ৷ কিছু পৰিমাণে হতাশ তেওঁ৷ পুনৰ অৱশেষ দুশ অশ্বৰ সন্ধানত নামিব লাগিব তেওঁ৷ মোৰনো কি…. গালৱে যি পথেই নেদেখুৱাওক, মই সেই পথৰে নিশ্চুপ যাত্ৰী৷ গালৱৰ এই সন্ধান, মোৰ এই ‘অভিশাপ’ সোনকালে অন্ত পৰাটোৱেই মাথোঁ মোৰ একান্ত বাঞ্ছা৷
পুনঃসম্পাদিত হ’ল আন এক চুক্তি৷ দুই পুৰুষ পক্ষৰ মাজত৷ দুয়ো দুফালে খোজ ল’লে৷ শেষ দুশ অশ্বৰ সন্ধানত ওলাই গ’ল গালৱ৷ আন এজন পুৰুষৰ অংকশায়িনী হ’বলৈ, পুনৰবাৰ মোৰ গৰ্ভ জীপাল কৰি শেষ পৰিণতিত ৰিক্ত হস্ত হৈ ৰ’বলৈ মই পুনঃ খোজ দিলোঁ এক নতুন অন্তেষপুৰলৈ৷ পুনৰাবৃত্তি৷
বেচ ৰঙীয়াল মনৰ ব্যক্তি মহাৰাজ উশীনৰ৷ মোৰ ৰূপৰ জুইত জাহ যাব খোজা আন এক পতংগ৷ তেওঁ ভালদৰে বুজে, মই মাথোঁ এক নিৰ্দিষ্ট সময়ৰহে সংগিনী তেওঁৰ৷ প্ৰতিটো ক্ষণ তেওঁ উপভোগ কৰিব খোজে মোৰ স’তে৷ অৱসৰ বিনোদনৰ একো সুবিধাই উপভোগ কৰিবলৈ তেওঁ বাকী ৰখা নাই৷ সুসজ্জিত বিশেষ ৰাজকীয় নৌকাৰে উজাই গৈছিলোঁ আমি নদীৰ বুকুৱেদি৷ পুনৰ ভটিয়নী সোঁতত নাও মেলি দিছিল নাৱৰীয়াই৷ দুয়োপাৰৰ সেউজ সুশোভিত দৃশ্য চাই ধীৰে ধীৰে ভটিয়াই আহি থকাতহে বোলে নৌকাভ্ৰমণৰ সম্পূৰ্ণ হয় মাদকতা৷ উপকূলৰ ঘাটত নৌকা বান্ধি দূৰণিত অস্তমিত সুৰুয চাই পাৰ কৰিছিলোঁ আলস্যৰ আবেলিবোৰ৷ ৰথেৰে ভ্ৰমণ কৰা হৈছিল বহু দূৰণিলৈ৷ ৰাজধানীৰ পৰা দূৰৈত কোনো উপবন বা প্ৰমোদ উদ্যানত বাহৰ পাতি মহাৰাজে আনন্দেৰে পাৰ কৰিছিল মোৰ সৈতে বহু নিবিড় সময়৷ সুখী আৰু সন্তুষ্ট আছিল তেওঁ৷ মোৰ মন যোগাবলৈ তেওঁ সম্ভৱপৰ সকলোখিনিয়েই কৰিছিল৷ মহাৰাজ দিবোদাসৰ দৰে পুত্ৰলাভৰ কোনো খৰখেদা নাছিল তেওঁৰ৷ যৌৱনৰ ভটিয়নী সোঁতত প্ৰৱাহমান হ’ব ধৰা তেওঁৰ নৌকাখন উজাই নিবলৈ তেওঁ আপ্ৰাণ যত্নেৰে ব’ঠা মাৰিছিল৷
মধ্যবয়সীয়া ৰজা উশীনৰে মোৰ স’তে পাৰ কৰা প্ৰত্যেক নিবিড় মুহূৰ্তই মোৰ মনত আন এক পীড়া সৃষ্টি কৰিছিল৷ উপেক্ষিত, পুত্ৰহীন ৰাণীসকলৰ মনোবেদনা যেন মই হৃদয়েৰে অনুভৱ কৰিছিলোঁ৷ অপূৰ্ব সুন্দৰী, পুত্ৰৱতী মাধৱীৰ ৰাজপ্ৰাসাদ আগমনত হ’ব পৰা তেওঁলোকৰ দুৰ্ভাগ্য-দুৰ্গতিক লৈ যেন তেওঁলোক ত্ৰস্তমান আছিল৷ পিছে মাধৱী হ’ল পদ্মজল, ক’ৰো স্থায়ী বাসিন্দা নহয়, তেওঁলোকৰ বিষণ্ণতাত এই খবৰ হ’ব এক শান্তিৰ প্ৰলেপ৷ পুত্ৰ লাভৰ সুখ বা ত্যাগ কৰাৰ দুখ কোনো পৰিস্থিতিয়েই সলনি কৰিব নোৱাৰে মোৰ স্থিতি৷
গৰ্ভধাৰণ কৰিলোঁ মই৷ লগে লগে মোৰ এই ৰজা, ৰাজপ্ৰাসাদৰ পৰা বিদায় লোৱাৰ ক্ষণ গণনা আৰম্ভ হ’ল৷ সেই একেই পুৰাতন সময়বোৰ আগবাঢ়ি আহি থাকিল মোৰ বুকুৰ নদীখনৰ খহনীয়া সৃষ্টি কৰি কৰি৷ মোৰ তৃতীয় গৰ্ভধাৰণ কৰা শৰীৰে পুনৰ নতুনকৈ শিকিলে প্ৰত্যেকটো অনুভৱ৷ অভিজ্ঞ হৈও অনভিজ্ঞতাত আচ্ছন্ন মোৰ বাহ্যিক শৰীৰ৷ কিন্তু অন্তৰাত্মাত নিনাদিত হ’লচোন সেই কৌটিকলীয়া দুখৰ সুৰ৷ প্ৰতিধ্বনিত হ’ল বিচ্ছেদৰ হিয়াভগা যান্ত্ৰণা৷ অৱকাশ নাই— পলায়নৰ কোনো অৱকাশেই নাই৷
ৰৈ ৰৈ কিছু ক্ষণৰ ব্যৱধানত অনুভূত হৈ থকা মৃদু প্ৰসৱযান্ত্ৰণাই মোৰ মনৰ ওপৰত চন্দ্ৰাতপৰ দৰে মেলি ধৰিলে অৱসাদগ্ৰস্ততাৰ এখন নিশ্ছিদ্ৰ চাদৰ৷ বুজি পাইছোঁ মই, তৃতীয়টো সন্তানক জন্ম দিবলৈ গৈ আছোঁ মই৷ এয়া মাধৱীৰ সন্তান নহয়, এজন নৃপতিৰ সন্তান মাথোঁ৷ গৰ্ভস্থ সন্তানহে মোৰ, ভূমিষ্ঠ হ’লেই সি তাৰ পিতৃৰ!
প্ৰসৱৰ প্ৰতিটো ক্ষণ বুকুত সামৰি লোৱাৰ কোনো দুৰ্বাৰ আকাংক্ষা আৰু মই অনুভৱ কৰা নাই, হৃদয়ৰ দ্বাৰ বন্ধ ৰাখি মাত্ৰ শৰীৰী অনুভৱত ব্যস্ত মই৷ হৃদয় মোৰ ইতিমধ্যেই অভ্যস্ত এই সময়ৰ বিশেষ পীড়াত৷ পুৰণি শৰীৰত স্থিত নৱযৌৱনৰহে এয়া প্ৰথম অনুভৱ৷
পলায়ন কৰিব খোজোঁ মই অপুত্ৰকা ৰাণীহঁতৰ শংকিত, কাতৰ দৃষ্টিৰ পৰা৷ পলায়ন কৰিব খোজোঁ বৃদ্ধ ৰজা উশীনৰৰ নিত্যনতুন বিনোদনৰ আচিলাৰ পৰা৷
পলায়ন কৰিব খোজোঁ মই মোৰ পৰা৷
অৱশেষত পুনৰ আৰম্ভ হ’ল মোৰ ওভতনি যাত্ৰা৷ মহাৰাজ উশীনৰ সুখী নিজৰ উত্তৰাধিকাৰী ৰাজকুমাৰ শিবিক লাভ কৰি৷ সুখী গালৱ বাঞ্ছিত অশ্ব লাভ কৰি৷ পুনৰ কৌমাৰ্য ধাৰণ কৰি মাধৱীও সাজু অন্তিমখন সংগ্ৰামত অৱতীৰ্ণ হ’বৰ বাবে৷ গালৱৰ স’তে বাক্য বিনিময় নিষ্প্ৰয়োজন৷
শোকেৰে থৌকি-বাথৌ হিয়াৰ পৰা ওলাই আহিব খোজা হিয়াভগা কান্দোন চেপি ধৰি ৰাখিছোঁ দুওঁঠেৰে৷ কম্পিত দুওঁঠ মোৰ৷ এই যেন খহি পৰিব মৌনতাৰ চাদৰ৷ পিছে কাৰ ওচৰত, কি অধিকাৰত? বুকুৰ ঢৌ মাৰ যাব লাগিব মোৰ বুকুৰ মাজতেই৷ অতীতৰ লেছেৰি বোটলাৰ কোনো অধিকাৰ নাই৷
এতিয়াও বাকী আছে সংগ্ৰহ কৰিবলৈ দুশকৈ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব৷ নীৰৱে, নিমাতে আগবাঢ়ি গৈ আছোঁ গালৱক অনুসৰণ কৰি৷ তেওঁ যি পথেই নিৰ্ধাৰণ কৰিছে মোৰ বাবে, মই সেই পথৰেই একান্ত বাধ্য যাত্ৰী৷ নিৰ্বাক, নিবিৰ্বাদে আগবঢ়াই দিছোঁ মোৰ জীৱনী সুধা গালৱৰ উৎকষাৰ্থে৷ ভোজনগৰীৰ পৰা পশ্চাৎমুখী যাত্ৰা এয়া আমাৰ৷ কোন দিশে— নাজানো মই৷ নিমাতে-নিটালে পাৰ হৈ আহি আছোঁ আমি৷ অৰণ্য আৰু মাজে মাজে একোখন গাঁও৷ চৌদিশৰ পৰিৱেশ লক্ষ্য কৰাৰ, উপভোগ কৰাৰ কোনো মানসিকতা মোৰ অৱশেষ নাই৷ মোৰ শ্ৰান্ত দুচকুৰ আগত মাথোঁ আগবাঢ়ি গৈ থকা মোৰ অধিপতি মুনিকুমাৰ গালৱৰ দুভৰি৷ পাৰ হৈ গ’ল বহু সময়, শব্দৰ খলকনি অবিহনেই৷ স্তব্ধ প্ৰহৰৰ বৰ্মত সামৰি নিজকে ভহাই দিছোঁ সময়ৰ ভটিয়নী সোঁতত৷
এক পাতলীয়া অৰণ্যৰ কাষত এজোপা বৃক্ষৰ তলত বহি পৰিল মোৰ পথপ্ৰদৰ্শক৷ ময়ো তেওঁক অনুকৰণ কৰিলোঁ৷ কিছু দূৰৈৰ মৃদু কোলাহলে অৱচেতন মোৰ মনটোক যেন তীব্ৰ আকৰ্ষণ কৰিলে৷ বুজা-নুবুজাকৈ, অলস-অৱসভাৱে দৃষ্টি ঘূৰালোঁ৷ কাষৰীয়া কোনো গাঁৱৰ কিছুমান তিৰোতাই সংগ্ৰহ কৰি ফুৰিছে খৰি আৰু শাক-পাত৷ ভাৱালেশ বিহীন দৃষ্টিৰে চাই ৰ’লোঁ সিহঁতলৈ৷ হঠাতে যেন মোৰ মাজেৰে এক বিদ্যুৎসঞ্চাৰ প্ৰৱাহিত হ’ল৷ খৰ হাতেৰে শাক বুটলি থকা এগৰাকী তিৰোতাৰ কিছু দূৰৈতে উমলি আছে তিনিটি বালকে৷ মাজে মাজে সিহঁতৰ প্ৰাণখোলা হাঁহি আৰু নিৰ্দোষ আনন্দৰ উকি৷ তিৰোতাগৰাকীয়ে মূৰ তুলি চায়, আকৌ কামত ধৰে৷ প্ৰত্যেক ক্ষণত তেওঁৰ মুখত জিলিকি উঠা সুখ, সন্তোষ আৰু আশ্বস্ত হোৱাৰ সেই আপুৰুগীয়া মিচিকি হাঁহিটি সংক্ৰামক হৈ পৰিল মোৰ শুষ্ক ওষ্ঠাধৰত৷ ধীৰে ধীৰে সেই মাতৃমূৰ্তিৰ ওৰণিৰ তলৰ চেহেৰাটিচোন মই হৈ পৰিছোঁ৷ উমলি থকা তিনিটি বালক পুত্ৰৰ শ্ৰীমুখত স্থান লৈছে মোৰ স্মৃতিপটৰ ধূসৰ চেহেৰা–বসুমনা, প্ৰতৰ্দন আৰু শিবি৷ দ্ৰুততৰ হৈ পৰিল মোৰ হৃদস্পন্দন৷ সেই তিৰোতাৰ সুখী সন্তোষিত মোহলগা হাঁহিচোন খহি পৰিছে মোৰ দুওঁঠৰ পৰা৷ দুখ, শোক, অপৰাধবোধ আৰু আত্মগ্লানিৰে পিষ্ট এক বিকৃত মুখমণ্ডল এয়া৷ নহয় কোনো সুখী সন্তোষিত মাতৃ অথবা সুন্দৰী মাধৱী৷
“মাধৱী”!
এইমাত্ৰ যেন সাৰ পাই উঠিলোঁ নিদ্ৰাৰ পৰা৷ শেষ হ’ল এক ভয়ানক দুঃস্বপ্নৰ৷ দীঘলকৈ এবাৰ উশাহ লৈ গালৱলৈ ঘূৰি চালোঁ৷ আশ্চৰ্য, শংকা আৰু প্ৰশ্নৰে মিশ্ৰিত ভাব চকুত ওলোমাই গালৱে মোলৈ স্থিৰ দৃষ্টিৰে চাই আছে৷ মই গমেই পোৱা নাছিলোঁ গালৱে মোক নিৰীক্ষণ কৰি আছে বুলি৷ পাহৰি গৈছিলোঁ তেওঁৰ উপস্থিতি৷ তিৰোতাৰ জুমটোলৈ ঘূৰি চালোঁ৷ তেওঁলোক উভতিব ধৰিছে৷ মাকগৰাকীক অনুসৰণ কৰি বাট লৈছে এটিৰ পিছত আনটিকৈ তিনিওটি পুত্ৰই৷ তেওঁলোকৰ কৰ্ম সমাপন হ’ল৷ মোৰ এতিয়াও হোৱা নাই৷
থিয় হ’লোঁ মই৷ কাপোৰ-কানি জোকাৰি যাত্ৰাৰ বাবে সাজু হ’লোঁ৷ কিছু ক্ষণ মোলৈ চাই থাকি গালৱো উঠিল৷ একো নোকোৱাকৈয়ে বাট ল’লে তেওঁ৷ আগবঢ়ালোঁ ময়ো মোৰ দুভৰি৷
“সমগ্ৰ আৰ্যাৱৰ্তত মাথোঁ এক সহস্ৰ এই শ্বেতবৰ্ণ, শ্যামকৰ্ণবিশিষ্ট বিৰল অশ্বই বিচৰণ কৰিছিল৷ তিনিজন ৰজাৰ ওচৰৰ পৰা ছশ এনে ঘোঁৰা আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ আৰু সেইবোৰ গুৰু বিশ্বামিত্ৰক সমপৰ্ণো কৰা হ’ল৷ কিন্তু দুৰ্ভাগ্যৰ কথা কি জানা মাধৱী, বাকী চাৰিশ ঘোঁৰা আৰু সম্ভৱ নহয়৷ বিতস্তা নদীয়েদি পাৰ হৈ যাওঁতে হঠাতে অহা কালান্তক বানে বাকী অশ্ব ইতিমধ্যে উটুৱাই নিছে৷ বাকী একো অৱশেষ নাই৷”— কৈ কৈ ধীৰ গতিত আগবাঢ়ি গৈ থাকিল গালৱ৷ কিন্তু ৰৈ গ’লোঁ মই৷ কি কয় গালৱে? তেনেহ’লে কি ইমানখিনি কষ্ট, ত্যাগৰ কোনো মূল্যই নাথাকিব? সম্পূৰ্ণ সফলতা লাভ নোহোৱাকৈয়ে কি পৰিসমাপ্তি ঘটিব মাধৱী নামৰ এক নাৰীৰ ক্লেশ, বেদনাপিষ্ট কণ্টকময় জীৱনৰ আধৰুৱা পাঠ৷ ইয়াৰ পাছত তেনেহ’লে কি? মই ৰৈ যোৱা গম পাই গালৱে উভতি চালে৷ মোৰ প্ৰশ্নমুখৰ দুচকু আৰু স্থানু দুভৰিলৈ চাই তেওঁ উভতি আহিল৷
“তুমি ভালদৰে খবৰ কৰিছিলা গালৱ? এই তথ্য কি সঁচায়ে প্ৰকৃত, উৰাবাতৰি নহয়? আমাৰ ইমানকেইটা বছৰৰ সাধনা কি দোদুল্যমান হৈয়ে ৰৈ যাব?”
এটা অসহজ দুখ আৰু কাৰুণ্যৰ স্মিত হাঁহি পাৰ হৈ গ’ল গালৱৰ চেহেৰাইদি— “এনে হ’বলৈ দিব নোৱাৰোঁ মাধৱী৷ আমি আমাৰ কৰ্ম সফলতাৰে সম্পাদন কৰিবই লাগিব৷ গুৰুঋণ পৰিশোধ নকৰালৈকে মইচোন সিদ্ধি লাভ কৰিবও নোৱাৰিম৷ এতিয়া শেষ ভৰষা গুৰু বিশ্বামিত্ৰইহে৷ আমি তেওঁৰ আশ্ৰম অভিমুখে আগবাঢ়িছোঁ৷ ব’লা মাধৱী৷”
গালৱে কি ঋষি বিশ্বামিত্ৰৰ শ্ৰীচৰণত গৈ বাকী দুশ অশ্বৰ বাবে অসমৰ্থতা প্ৰকাশ কৰিব? ক্ষমা খুজি গুৰুঋণৰ পৰা মুক্তি বিচাৰি প্ৰাৰ্থনা কৰিবনে তেওঁ! গালৱৰ দৰে আঁকোৰগোঁজ, স্বাভিমানী এক ব্যক্তিৰ বাবে নিজৰ অসমৰ্থতা প্ৰকাশ কৰাটো সম্ভৱপৰ হ’বনে? বহু কথা, বহু চিন্তাই মোৰ মনলৈ আহিল৷ কিন্তু কথাবোৰ গালৱক সোধাৰ বা আলোচনা কৰাৰ মোৰ কোনো মানসিক প্ৰস্তুতিও নাই আৰু ইচ্ছাও নাই৷ গালৱেওচোন খুলি কোৱা নাই একোকে৷ যি কৰে কৰক গালৱে৷ মই মাথোঁ তেওঁ কোৱা অনুসৰি কৰ্তব্য কৰি যাম৷ কিন্তু ঋষি বিশ্বামিত্ৰৰ দৰে এজন কঠোৰ গুৰুৱে সম্পূৰ্ণ গুৰুদক্ষিণা অবিহনে সন্তুষ্ট হ’বনে? তাতে শিষ্য গালৱ আঁকোৰগোঁজ….
দেখা যাওক কি হয়৷
দূৰৈত সৌৱা ৰিণিকি ৰিণিকি দেখা গৈছে ঋষি বিশ্বামিত্ৰৰ আশ্ৰম৷ উত্তেজনাত ঘৰ্মাক্ত হৈ পৰিছে গালৱৰ মুখমণ্ডল, সন্তুলিত নহয় যেন তেওঁৰ খোজ৷ ভাব-ভংগীতে প্ৰকট হৈছে তেওঁৰ উদ্ভ্ৰান্ত মনোৱস্থা৷ ময়ো কিছু পৰিমাণে আচৰিত হৈছোঁ৷ কি হৈছে গালৱৰ৷ এনে কি চিন্তাই গালৱক আৱৰি ৰাখিছে যাৰ বাবে তেওঁৰ ব্যৱহাৰত এই পৰিৱৰ্তন৷ গালৱৰ বুদ্ধিদীপ্ত দুচকু ছানি ধৰিছে আশংকাৰ ঘনঘোৰ ডাৱৰে৷ দৃঢ় আৰু স্থিৰ তেওঁৰ প্ৰত্যেকটো খোজত এতিয়া অনুভূত হৈছে এৰাই যাবলৈ উদ্যত হোৱা সংযমৰ ডোল৷ কিছু আচৰিত হৈ দোমোজাৰ মাজেৰেই গালৱক অনুসৰণ কৰি ধীৰে ধীৰে প্ৰৱেশ কৰিলোঁ ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰ পৰিসীমাত৷
মূল আশ্ৰমৰ পৰা কিছু দূৰৈত শুনা গৈছে অশ্বৰ পদধ্বনি৷ সশব্দে ঘোষিত হৈছে শ শ তেজাল অশ্বৰ শক্তিশালী খুৰাৰ শব্দ আৰু তীক্ষ্ণ মাতে আকাশে-বতাহে ঘোষণা কৰিছে সিহঁতৰ বিশিষ্ট উপস্থিতি৷ মোৰ গৰ্ভজাতৰ মূল্যৰ বিনিময়ত সংগৃহীত সেই বিশেষ অশ্ব এইখিনি৷ অথচ সিহঁতক এবাৰ চাই অহাৰ কোনো ইচ্ছা মোৰ মনত উৎপন্ন হোৱা নাই৷ এই শব্দৰ পৰা বহু দূৰলৈ পলায়ন কৰিব বিচাৰোঁ মই৷
দূৰৈৰ পৰ্ণকুটিৰৰ প্ৰাঙ্গনত ৰিণি ৰিণি দেখা পাইছোঁ সৌৱা গালৱৰ গুৰু ঋষি বিশ্বামিত্ৰক৷ অত্যন্ত কঠোৰ সাধনাৰে ক্ষত্ৰিয় ৰজাৰ পৰা ব্ৰাহ্মণ ঋষি হোৱা মহান বিশ্বামিত্ৰ৷ মনতে ভাব হ’ল, কাণ্যকুব্জৰ প্ৰবল প্ৰতাপী সম্ৰাট বিশ্বামিত্ৰ যদি কোনোদিনে নগ’লহেঁতেন বশিষ্ঠ মুনিৰ আশ্ৰমলৈ, তেতিয়া? সেই মুহূৰ্ততেইতো অংকুৰিত হৈছিল এই সকলো ঘটনাপ্ৰৱাহৰ বীজ! কামধেনু ‘সবলা’ক প্ৰাপ্ত কৰিবলৈ যে তেওঁ যুঁজ দিছিল বশিষ্ঠ মুনিৰ স’তে৷ সেই চূড়ান্ত পৰাজয়েই তেওঁক আকৰ্ষণ কৰি আনিলে ব্ৰাহ্মণত্ব লাভৰ আকাংক্ষাৰ পথলৈ৷ অত্যন্ত কঠোৰ তপস্যা আৰু সাধনাৰ অন্তত তেওঁ অৱশেষত হৈ পৰিল পৰম জ্ঞানী মহৰ্ষি বিশ্বামিত্ৰ৷ সেয়েতো গালৱ তেওঁৰ শিষ্য আৰু তাতেই আৰম্ভ মাধৱীৰ অভূতপূৰ্ব কাহিনীৰ৷
ভালদৰে দৃষ্টিগোচৰ হ’ল ঋষি বিশ্বামিত্ৰৰ অবয়ৱ৷ ক্ষত্ৰিয় সদৃশ আটিল শৰীৰ, কঠোৰ মাংসপেশী, প্ৰশস্ত, সবল দুই কান্ধ যেন উচিতভাৱে ঢাকি ৰাখিব পৰা নাই উত্তৰীয়খনে৷ বুকুলৈকে বিয়পি থকা দাঢ়ি আৰু কান্ধৰো বহু তললৈ থকা দীৰ্ঘ কেশে কৈ আছে তেওঁৰ কঠোৰ কৃচ্ছ্ৰ সাধনাৰ কথা৷ বুদ্ধিদীপ্ত, তীব্ৰ, গভীৰ দুচকুত প্ৰতিনিয়ত জিলিকি ৰৈছে তেওঁৰ মাজত বিয়পি থকা অপৰিসীম জ্ঞানৰ ভাণ্ডাৰ৷ পিছে কিছু কঠোৰ যেন তেওঁৰ দুচকু! তেনেই কোমল এক আদৰুৱা ভাব বাৰু লুকাই আছে নেকি ইয়াৰ পিছফালে? নাজানো! এয়া তেওঁৰ স’তে মোৰ প্ৰথম সাক্ষাৎ৷
কুটিৰৰ প্ৰাঙ্গনতে বিশ্ৰাম কৰি আছে ঋষি বিশ্বামিত্ৰই, গালৱৰ গুৰু৷ তেওঁৰ সমুখত উপস্থিত হৈ দুয়ো কৰজোৰে প্ৰণাম জনালোঁ৷ পোন হৈ বহিল তেওঁ৷ আমাৰ দুয়োলৈকে তেওঁ দৃষ্টি নিক্ষেপ কৰিলে৷ অধোবদনে, কৰযোৰে গালৱে ক’বলৈ আৰম্ভ কৰিলে, পিছে তেওঁৰ কণ্ঠত আগৰ সেই দৃঢ়তাৰ ঠাইত অনুভূত হৈছে শংকা, কাতৰতা আৰু প্ৰাৰ্থনাৰ সুৰ৷ অপ্ৰকাশ্য এক পাতলীয়া হাঁহিৰে মোক মনে মনে ধুৱাই লৈ গ’ল৷ গালৱে কৈ গ’ল—
“হে গুৰুদেৱ, এই শিষ্যৰ আপোনাৰ শ্ৰীচৰণত বিনীত প্ৰণাম গ্ৰহণ কৰক৷ মই পৰিশোধ কৰিবলগীয়া গুৰুদক্ষিণাৰ সেই শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্ব সংগ্ৰহত অতদিনে ব্যস্ত থকা হেতু, উপস্থিত হ’ব পৰা নাছিলোঁ আপোনাৰ সেৱাত৷ ভগৱানৰ কৃপাত আপুনি আগ্ৰহ কৰা এনে ছশ অশ্ব ইতিমধ্যে আপোনাৰ সেৱাত প্ৰস্তুত কৰা হৈছে, যি স্বাভাৱিকতেই বৰ্তমান এই আশ্ৰমৰ শোভা বৰ্ধন কৰি আছে৷ আদৰ সহকাৰে আপোনাক জনাব খোজোঁ যে অযোধ্যাৰাজ হৰ্যশ্ব, বাৰাণসীৰাজ দিবোদাস, আৰু ভোজনগৰীৰ অধিপতি মহাৰাজ উশীনৰ— এই তিনিজন পৰাক্ৰমী ৰজাৰ পৰা মই দুশকৈ এনে বিশেষ অশ্ব সংগ্ৰহ কৰিলোঁ৷ পিছে গুৰুদেৱ, ভিক্ষাস্বৰূপে মই গ্ৰহণ কৰা নাই এই সমগ্ৰ অশ্ব তেওঁলোকৰ পৰা৷ অতি মূল্যৱান, উপযুক্ত শুল্কলাভ কৰিলে প্ৰত্যেক ৰজাই বিনিময় হিচাপে৷ পৰম গুণী, তেজস্বী, ভৱিষ্যতৰ চক্ৰৱৰ্তী সম্ৰাট একোটিকৈ পুত্ৰ লাভ কৰিলে প্ৰত্যেক ৰজাই৷ সেই প্ৰতিটো পুত্ৰৰ জননী হ’ল এইগৰাকী কন্যা মাধৱী৷ মহাৰাজ যযাতিৰ পুত্ৰী মাধৱী হৈছে সুন্দৰী, সবৰ্সুলক্ষণা আৰু পৰম সৌভাগ্যৱতী স্ত্ৰী৷ চিৰ কৌমাৰ্যৰ অধিকাৰী এই নাৰীৰ গৰ্ভোৎপন্ন সন্তান হ’ব পৰম শক্তিশালী, চক্ৰৱৰ্তী সম্ৰাট৷
গুৰুদেৱ, অতি পৰিতাপৰ কথা যে আৰ্যাৱৰ্তত বিদ্যমান এক সহস্ৰ শ্বেতবৰ্ণী শ্যামকৰ্ণৰ অশ্বৰ মাথোঁ ছশহে বৰ্তমান উপলব্ধ হৈ ৰৈছে৷ বিতস্তা নদীৰ কালান্তক বানত বাকী চাৰিশৰ ইতিমধ্যে সলিল সমাধি ঘটিছে৷ জীৱিত ছশ অশ্ব ইতিমধ্যেই আপোনাৰ চৰণত অপৰ্ণ কৰা হৈছে৷ ধাৰ্য কৰা গুৰুদক্ষিণাৰ বাকী দুশ অশ্বৰ বিনিময়ত হে গুৰুদেৱ, এই স্ত্ৰীৰ গৰ্ভত আপুনি উৎপাদন কৰি লওক আপোনাৰ দৰেই তেজস্বী, পৰাক্ৰমী এক উত্তম পুত্ৰ৷ মোৰ গুৰুদক্ষিণা সম্পূৰ্ণ কৰাৰ এয়ে একমাত্ৰ উপায় ৰৈ গৈছে প্ৰভু৷ অনুগ্ৰহ কৰি মোৰ গুৰুদক্ষিণা গ্ৰহণ কৰক৷”
চমকি উঠিলোঁ মই৷ ঋষি বিশ্বামিত্ৰও থৰ হৈ ৰ’ল৷ বৰ সহজ অংক কৰি ল’লে গালৱে৷ মাধৱীৰ গৰ্ভজাত প্ৰত্যেক পুত্ৰৰ মূল্য নিৰ্ধাৰণ কৰা হ’ল, নে মাধৱীৰ গৰ্ভৰ…? পিতৃ আজ্ঞা পালন কৰিবলৈ গৈ ইতিমধ্যে বিবাহৰ সম্পৰ্কত বান্ধ নোখোৱাকৈয়ে তিনিজনকৈ পুৰুষৰ শয্যাসংগী হৈ সন্তানপ্ৰাপ্ত হৈছোঁ৷ কিন্তু, ঋষি বিশ্বামিত্ৰ? এনে এজন পৰম তেজস্বী, তপস্বী, পূজনীয় ব্যক্তিৰ শয্যাসংগিনীৰ ৰূপত কল্পনাও কৰিব পৰা যায় নে নিজক? কিমান সহজে গালৱে প্ৰস্তাৱ যাচিলে এক স্ত্ৰী নিজৰ গুৰুৰ বাবে৷ কিন্তু সেই গুৰুৰ বাবে কিদৰে খহাম মই মোৰ লাজৰ আৱৰণ…!
পিছে, ঋষি বিশ্বামিত্ৰওতো এক পুৰুষ৷ তিনিজনৰ পছত আৰু এজন পুৰুষনো কি কথা? ৰাজআভূষণ বা বল্কল যিয়েই নহওক, পৰিচয় মাথোঁ বাহ্যিকতাৰহে৷ আদিমতম সময়ৰ নিঃশব্দতা ভেদি স্ত্ৰীৰ কাষৰত প্ৰত্যেককেইটো হৈ পৰে মাথোঁ পুৰুষ৷ তাত আভূষণৰ মূল্যইনো কি?
ঋষি বিশ্বামিত্ৰই গালৱৰ পৰা দৃষ্টি আঁতৰাই মোৰ ওপৰত ৰাখিলে৷ কিছু সময় নিস্তব্ধতাৰে পাৰ হ’ল৷ এই প্ৰস্তাৱ গুৰুৱে স্বীকাৰ নকৰে বুলি গালৱৰ মনত আশংকা হ’ল আৰু তাৰ পৰা সৃষ্ট ভয় আৰু বিহ্বলতাৰ ৰং পৰিস্ফুট হ’ল তেওঁৰ মুখমণ্ডলত৷ মোৰ মনতো বেলেগ চিন্তাই ঢৌ খেলিব ধৰিলে— শিষ্য গালৱৰ দ্বাৰা এনে অদ্ভুত গুৰুঋণ পৰিশোধ কৰিবলৈ বছৰ বছৰ ধৰি কৰা ঐকান্তিক প্ৰচেষ্টাত সন্তুষ্ট হৈ গুৰু বিশ্বামিত্ৰ নিশ্চয় ছশ অশ্বতে সন্তুষ্ট হৈ পৰিব আৰু এই এক পীড়াদায়ী জীৱনৰ পৰা মোকো মুক্তি দিয়াব৷ গালৱৰ গুৰুৱে নিজৰ গুৰুদক্ষিণাত সন্তুষ্ট হোৱাৰ অবিহনে মোৰ মুক্তি অসম্ভৱ৷ ঋষিজনৰ উত্তৰলৈ বাট চাই মোৰ মনতো চাকনৈয়া উঠিছে উত্তেজনা আৰু শংকাৰ৷
কিছু ক্ষণৰ নিস্তব্ধতাৰ পাছত ঋষি বিশ্বামিত্ৰলৈ মই মূৰ তুলি চালোঁ৷ ঠিক সেই সময়তেই তেওঁ ক’বলৈ আৰম্ভ কৰিছিল, তেওঁৰ দুচকুত মই দেখিবলৈ পালোঁ মোৰ প্ৰতি বিমুগ্ধ দৃষ্টি৷ পুৰুষৰ দুচকুৰ এই ভাব, এই কাতৰতা মোৰ এতিয়া ভালদৰেই চিনাকি৷ গালৱৰ গুৰুৰ কণ্ঠত মই শুনিবলৈ পালোঁ— “মোৰ বাবে অশ্বসংগ্ৰহৰ অৰ্থে এই সদাযৌৱনময়ী, সবৰ্সুলক্ষণা যুৱতীৰ গৰ্ভৰ পৰা তেনেহ’লে ইতিমধ্যে তিনিজন ৰজাই পৰাক্ৰমী পুত্ৰ লাভ কৰিছে৷ তাতকৈ গালৱ, তুমি প্ৰথমতেই কিয় এওঁক মোৰ ওচৰলৈ লৈ নানিলা৷ বংশ প্ৰৱৰ্তক পৰাক্ৰমী চাৰি পুত্ৰ ময়েই লাভ কৰিলোঁহেঁতেন৷”
এক স্মিত অথচ সন্তুষ্টিৰ হাঁহি তেওঁৰ দুওঁঠত খেলি গ’ল— “এতিয়া, মোৰ দক্ষিণাৰ অন্তিম দুশ অশ্বৰ মূল্যস্বৰূপে এটি পুত্ৰ উৎপাদন কৰিবলৈ এই যুৱতীক মই গ্ৰহণ কৰিছোঁ৷ মোৰ পুত্ৰ প্ৰাপ্তিৰ লগে লগে গালৱ, তুমি গুৰুঋণৰ পৰা মুক্ত হৈ পৰিবা৷”
মোৰ আশা আৰু অনুমানৰ বিপৰীতে ঋষি বিশ্বামিত্ৰই গালৱৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ তেওঁ সম্পূৰ্ণ গুৰুদক্ষিণা হিচাপ কৰি গ্ৰহণ কৰিহে সন্তুষ্ট হ’ব৷ গুৰুৰ দুওঁঠ ভেদি যোৱা স্মিত সন্তুষ্টিৰ হাঁহি আকৰ্ণ বিস্তৃত হৈ বিয়পি পৰিল শিষ্য গালৱৰ চকু-মুখত৷ তেওঁৰ তপস্যাত সিদ্ধিলাভ কৰিলে৷ নদীৰ তীৰত হতাশ, আত্মহত্যাৰ বাবে উদ্যত গালৱৰ পৰা বৰ্তমানৰ গুৰুঋণৰ পৰা প্ৰায় মুক্ত এই গালৱলৈ কেইবা বছৰজোৰা এক দীঘলীয়া যাত্ৰাৰ প্ৰায় সমাপ্তি হৈ আহিছে৷ সম্পূৰ্ণ গুৰুদক্ষিণা লাভ কৰি সুখী আৰু পৰিতুষ্ট হ’ব ঋষি বিশ্বামিত্ৰ৷ গুৰুঋণৰ পৰা মুক্ত হৈ আৰ্জিত জ্ঞানৰ ওপৰত অধিকাৰ আৰু সিদ্ধিলাভ কৰিব গালৱে৷ আৰু মাধৱীয়ে জন্ম দিব চাৰিটিকৈ মহাবলৱান, চক্ৰৱৰ্তী সম্ৰাট পুত্ৰ৷ জন্মহে দিব, লাভ একো নকৰে৷ পিতা, পতি আৰু পুত্ৰ–কোনো নহয় মাধৱীৰ আশ্ৰয়, মাধৱীৰ ৰক্ষক৷ পিতাই মোক ত্যাগ কৰিলে, পতি মই লাভ নকৰিলোঁ আৰু চাৰিটিকৈ পুত্ৰক মই নিজে ত্যাগ কৰিলোঁ৷
অবিশ্বাস আৰু আশ্চৰ্য মিশ্ৰিত দুটি নয়নেৰে এবাৰ গালৱলৈ চালোঁ৷ মোৰ চকুৰ পৰা চকু আঁতৰাই নিলে তেওঁ৷ সামৰিব পৰা নাই তেওঁ আনন্দ৷ মোৰ দুচকুত চকু থোৱাৰ সময়, সম্ভৱতঃ সাহসো তেওঁৰ বাকী নাছিল৷
প্ৰৱেশ কৰিলোঁ ঋষি বিশ্বামিত্ৰৰ পৰ্ণকুটীৰত৷ ৰজা বিশ্বামিত্ৰৰ পৰা ঋষি বিশ্বামিত্ৰলৈ পৰিৱৰ্তনৰ কঠোৰ সংগ্ৰামৰ সুৰুঙাইদি এতিয়াও ক’ৰবাত চকামকাকৈ জিলিকি পৰে পূবৰ্ৰ আশা-আকাংক্ষাৰ আভাস৷ নহ’লে কঠোৰ গুৰুদক্ষিণা হিচাপে তেওঁ কিয়নো এনে বিৰল প্ৰজাতিৰ অশ্ব লাভ কৰাৰ কথা ভাবিলে?
এজন ঋষিয়ে নো ভৱিষ্যতৰ চক্ৰৱৰ্তী পুত্ৰ লাভৰ আগ্ৰহ কিয় কৰে? অৱচেতন মনত এতিয়াও সুপ্ত হৈ থকা ৰাজপাট আৰু ঐশ্বৰ্যৰ লালসাৰ বৰ্হিপ্ৰকাশেইটো হৈছে এনে দাবীৰ ৰূপত৷
বাকী তিনিওজন আছিল ৰজা৷ ঐশ্বৰ্য-বৈভৱ, সাম্ৰাজ্য তেওঁলোকৰ অভ্যাস, জীৱন, সপোন৷ সকলো ৰক্ষা কৰিবলৈ উত্তৰাধিকাৰী পুত্ৰও তেওঁলোকৰ প্ৰাথমিক প্ৰয়োজন৷ কিন্তু এজন ঋষিৰ জীৱনত এইবোৰৰ কি প্ৰয়োজন? সন্মান আৰু আদৰৰ উচ্চ সিংহাসনৰ পৰা মই স্খলিত কৰিলোঁ ঋষি বিশ্বামিত্ৰক৷
আৰম্ভ হ’ল মোৰ আশ্ৰমবাসিনীৰ জীৱন৷ নাৰী বোলে পানীৰ দৰে, যি পাত্ৰতে থোৱা যায়, তাৰে আকাৰ লয়৷ খুব সোনকালেই অভ্যস্ত হৈ পৰিলোঁ আশ্ৰমৰ নীতি-নিয়ম, অভ্যাস আৰু জীৱনৰ সৈতে৷ তিনিজনকৈ ৰজাৰ সংগীনি হৈ ৰাজমহলত বাস কৰোতে কৰ্মচাৰী বা সেৱকসকলৰ প্ৰতি কেতিয়াও কোনো অসহজবোধ কৰা নাছিলোঁ৷ এগৰাকী ৰাণী বা ৰাজকুমাৰীৰ দৃষ্টিৰে তেওঁলোকক চাইছিলোঁ আৰু সহজ ব্যৱহাৰ কৰিছিলোঁ৷ পিছে ইয়াতচোন মোৰ কেনেবা লাগিছে৷ আশ্ৰমবাসী শিষ্যসকলৰ ওচৰত মই দ্বিধা অনুভৱ কৰিছোঁ৷ যদিও মোক তেওঁলোকে ‘মাতে’ বুলিয়েই সম্বোধন কৰিছে, মইতো গুৰুমাতা নহয়৷ মোৰ স্থান সন্মানৰ নে উপহাসৰ মোৰ বোধগম্য হোৱা নাই৷ লাহে লাহে কিছু দিনৰ পাছত গৈ মই অনুভৱ কৰিলোঁগৈ, গুৰুৰ বাণী তেওঁলোকৰ বাবে শিলৰ ৰেখা৷ গুৰুৰ কৰ্ম উচিত-অনুচিত বিচাৰ কৰাৰ উদ্ধৰ্ত৷ শিষ্যৰ একমাত্ৰ লক্ষ্য গুৰুৰ প্ৰতি কৰ্তব্য সম্পাদন আৰু জ্ঞানাৰ্জন৷ মোৰ মনৰ কলীয়া ডাৱৰবোৰ ধীৰ গতিত শুকুলা ডাৱৰৰ ৰূপ লৈ পবৰ্তে-কন্দৰে ভ্ৰমণ কৰিবলৈ ধৰিলে৷ ৰাজমহলৰ সোণালী চিকমিকনিতকৈ আশ্ৰমৰ শান্ত-সেউজ পৰিৱেশে মোৰ হৃদয়ত শীতল বা দিব ধৰিলে৷ মনৰ স্থিৰতাও যেন মোৰ কাষ চাপি আহিল৷
প্ৰথম যেতিয়া উপস্থিত হৈছিলোঁ এজন অনাত্মীয় পুৰুষৰ শয়নকক্ষত সম্ভাৱ্য শয্যাসংগীনীৰ ৰূপত, আগন্তুক সময়ৰ বিষয়ে বিশেষ ধাৰণা নাছিল মোৰ৷ কৰ্তব্য, দায়িত্ব বুলি নিজৰ কপাল ধিয়াই অপেক্ষা কৰিছিলোঁ মোৰ জীৱনৰ প্ৰথম ‘পুৰুষ’ মহাৰাজ হৰ্যশ্বলৈ তেওঁৰ কক্ষত, তেওঁৰ শয্যাত৷ অবাঞ্ছিত অথচ উলাই কৰিব নোৱৰা পুৰুষৰ প্ৰথম স্পৰ্শ যেতিয়া অনুভৱ হৈছিল মোৰ শৰীৰত, সুখৰ আৱেগেৰে শিহৰিত হোৱা নাছিলোঁ মই৷ সেয়া যে নাছিল মোৰ প্ৰিয়তমৰ প্ৰেম-আৱেগ-শ্ৰদ্ধা মিশ্ৰিত প্ৰথম স্পৰ্শ৷ তাত আছিল মাথোঁ যৌনতা৷ সমপৰ্ণৰ আকৰ্ষণত নহয় মাথোঁ গৰ্ভধাৰণৰ তাগিদাত পৰি ৰৈছিলোঁ সমগ্ৰ সময়৷ চকুৰ মথাউৰি ভাঙি নিৰন্তৰ বৈ ৰোৱা অশ্ৰুৰ ঢলৰ প্ৰতি কাণষাৰ নাছিল মোৰ শয্যাসংগীৰ৷ স্ত্ৰীসুলভ সহজ প্ৰবৃত্তিৰে শীঘ্ৰেই বুজি উঠিছিলোঁ পুৰুষক— আচৰণ, অভিব্যক্তি সকলো সময়তে৷ যদিও তিনিওবাৰ নৱ-কুমাৰী শৰীৰেৰে আগবাঢ়িছিলোঁ ভিন্ন ৰজাৰ শয্যালৈ, মোৰ আত্মাক হিমশীতল অনুভৱৰ ওৰণি পিন্ধাই উন্মুক্ত কৰিছিলোঁ নিজৰ পাৰ্থিৱ শৰীৰ৷
পিছে এইবাৰ…
সুকোমল ৰাজসিক শয্যাৰ সলনি পৰ্ণকুটীৰৰ সাধাৰণ ভূমিৰ শয্যাৰ কাষত ৰৈ অপেক্ষা কৰোঁতে ঋষি বিশ্বামিত্ৰলৈ, পুনঃ মই হৈ পৰিছিলোঁ অস্থিৰ৷ ভাবিছিলোঁ তেওঁৰ দৰে এনে শ্ৰদ্ধাস্পদ ব্যক্তিয়ে পাৰিবনে খহাব আৱৰণ এক স্ত্ৰীৰ, যি তেওঁৰ বিবাহিতা পত্নী নহয়৷ মাথোঁ সন্তানৰ তাগিদাত? মাথোঁ প্ৰাপ্য গুৰুদক্ষিণাৰ আশাত? হঠাতে মোৰ মনত পৰিছিল স্বৰ্গ অপ্সৰা মেনকালৈ, শকুন্তলালৈ৷ পুষ্কৰ তীৰ্থত স্নানৰতা সুন্দৰী মেনকাক দেখি যি পুৰুষে নিজৰ তপস্যাকো ত্যাগ কৰি স্বেচ্ছাই আগবাঢ়িব পাৰে শৰীৰী সুখৰ ৰহস্যময় পথত৷ তেনে এই অপ্সৰা কন্যা যে আহি নিজেই ধৰা দিছেহি এই একেজন ঋষিৰ কাষত৷ তেওঁৰ হাতত তুলিও দিয়া হৈছে যে সম্পূৰ্ণ অধিকাৰ৷ দহ বৰ্ষজোৰা বন্দিনী মেনকা নহয় এই স্ত্ৰী৷ তেওঁৰ সম্ভাৱ্য সন্তান ধাৰণ কৰিবলৈ প্ৰস্তুত এই স্ত্ৰী হৈছে মাধৱী৷ অধিকাৰ নাছিল তেওঁৰ মেনকাৰ ওপৰত, তথাপি আহিছিল শকুন্তলা৷ মাধৱী যে তেওঁৰ অধিকাৰৰ আয়ত্তত৷
দ্বিধা, সংকোচ, অসহজবোধৰ আৱেষ্টনীৰ পৰা টানি তেওঁ মোক লৈ গৈছিল নিজৰ আৱেগ, আকাংক্ষা, বিহ্বলতাৰ পৃথিৱীলৈ৷ বুজি উঠিছিলোঁ মই প্ৰত্যেক পুৰুষৰ মাজত সুপ্ত থাকে এক অবুজ আদিম ৰূপ৷ সন্তুলিত বাহ্যিক সত্তাই আৱৰি ৰাখে তাক অতি ঠুনুকাকৈ৷ সুযোগৰ সুৰুঙায়েদি বহিৰ্প্ৰকাশ হ’লেই ই হৈ পৰে বাৰিষাৰ স্ৰোতস্বিনীৰ উত্তাল তৰংগ৷ হাঁহি উঠে মোৰ৷ বাহ্যিকতাৰ বাহুল্য দেখি৷
পুনঃ গৰ্ভধাৰণ কৰিলোঁ মই৷ এইবাৰ মোৰ আলপৈচান ধৰিবলৈ, মোক আদৰ কৰিবলৈ আশে-পাশে নাই কোনো পৰিচাৰিকা, কোনো দাসী, কোনো ৰাণী৷ ইয়াৰ প্ৰত্যেকটো ৰূপেৰে মই নিজেই মোক আৱৰি ৰাখিব লাগিব৷ নতুনকৈ কুমাৰী শৰীৰত যদিওবা প্ৰথম গৰ্ভধাৰণ, মইতো দেধাৰ অভিজ্ঞতাৰে পুষ্ট৷ আগবঢ়াই নিব পাৰোঁ মোৰ গৰ্ভক সযত্নে৷ সুখী সুখী ভাবেৰে ঋষি বিশ্বামিত্ৰয়ো পাৰ্যমানে মোৰ খবৰ লয়৷ তিনিজন ৰজাৰ পুত্ৰৰ প্ৰতি আকাংক্ষা বাৰু বুজি পাওঁ৷ পিছে, এই ঋষিতো অপুত্ৰক নাছিল৷ ৰজা বিশ্বামিত্ৰৰতো শত পুত্ৰ আছিল৷ তাৰ পাছতো… বুজি নাপালোঁ৷
প্ৰৱাহিত সময়ৰ সোঁতৰ ধাৰাত ভাসমান মোৰ জীৱনৰ টুলুঙা নাও৷ ঋষি বিশ্বামিত্ৰৰ লগত এতিয়া মই যথেষ্ট সহজ৷ গৰ্ভত তেওঁৰ সন্তান ধাৰণ কৰি হৈ পৰিছোঁ তেওঁৰ আদৰ-যত্ন আৰু স্নেহৰো পাত্ৰী৷ অকণমান যেন সাহসীও হৈছোঁ৷ সবৰ্দা মোৰ মাজত পিয়াপি দি ফুৰে জিজ্ঞাসাৰ অলেখ কীট৷ দুপৰৰ অলস সময়ৰ আদৰুৱা আচিলাতে মৰসাহ কৰি এদিন তেওঁক সুধিয়েই পেলালোঁ— “মান্যবৰ, উচিত ভাবে যদি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিবনে?” ঋষিজনৰ সমৰ্থনসূচক ভংগীমা দেখি আশ্বস্ত হৈ আগবাঢি.লোঁ— “গুৰুদক্ষিণা স্বৰূপে আপোনাৰ শিষ্য গালৱৰ পৰা এনে অদ্ভুত, বিৰল অশ্ব আগ্ৰহ কৰাৰ কথা কিয়নো ভাবিলে বাৰু? এনে বিশেষ প্ৰকাৰৰ অশ্ব যদি ধৰাত উপস্থিত নাথাকিলেহেঁতেন! আছে তাকো গণি গণি এক সহস্ৰহে৷ ক’বনে বাৰু?”
এক ৰহস্যময় অথচ প্ৰশ্ৰয়ৰ হাঁহি বিৰিঙি উঠিল তেওঁৰ চকু-মুখত৷ অৰ্ধশায়িত অৱস্থাৰ পৰা পোন হৈ উঠি বহিল৷ উত্তৰীয়খন পুনৰ ছাটি মাৰি লৈ মোৰ উৎকণ্ঠিত চকুলৈ চাই কৈ উঠিল— “ প্ৰিয়ে, এই প্ৰশ্ন আচলতে একমাত্ৰ তোমাৰ নহয়৷ মই জানো, সমগ্ৰ আৰ্য্যাৱৰ্ত, উত্তৰাখণ্ডই অনুসন্ধিৎসু হৈ আছে এই প্ৰশ্নৰ উত্তৰ বিচাৰি৷ পিছে এই বিশ্বামিত্ৰক প্ৰশ্ন সোধাৰ সাহসেইবা কাৰ৷ এই গুৰুদক্ষিণাৰ লগত প্ৰত্যক্ষভাৱে জড়িত তুমি৷ সেয়েহে মাধৱী, জনাম মই তোমাক সকলো আদ্যোপান্ত৷”
ক্ষন্তেক ৰ’ল তেওঁ৷ কথাবোৰ যেন জুকিয়াই ল’লে মনৰ মাজতে৷ পুনৰ ক’ব ধৰিলে—
“এই কথা মোৰ ভালদৰেই জ্ঞাত আছিল যে এই শ্বেতবৰ্ণ, শ্যামকৰ্ণৰ বিশেষ অশ্ব ধৰাত সম্পূৰ্ণ এক সহস্ৰ বিদ্যমান৷ এটাও বেছি নহয়, এটাও কম নহয়৷ সেয়েহে গালৱৰ পৰা বিচাৰিছিলোঁ সেই বিশেষ অশ্ব আঠশ৷ অৱশ্যে দুভাৰ্গ্যবশতঃ গালৱে সংগ্ৰহ কৰাৰ আগতেই ইয়াৰে চাৰিশৰ সলিল সমাধি ঘটিল৷
প্ৰকৃততে এইসমূহ অশ্বৰ প্ৰথম অধিকাৰী আছিল মহাৰাজ গাধি, মোৰ পূজনীয় পিতৃদেৱতা৷ তেওঁৰ প্ৰথম সন্তান আছিল ৰাজকুমাৰী সত্যৱতী৷ তেওঁ আছিল সবৰ্গুণসম্পন্না, সুশ্ৰী আৰু উত্তম যুৱতী৷ তেওঁৰ খ্যাতি শুনি প্ৰখ্যাত ঋচিক মুনিয়ে বিবাহৰ বাবে মহাৰাজৰ ওচৰত এই কন্যাৰ আগ্ৰহ কৰে৷ ৰাজপ্ৰাসাদ নিবাসী পৰম আদৰৰ আলসুৱা কন্যাই ঋষিৰ আশ্ৰমত গৈ দুখ-কষ্টৰ জীৱন অতিবাহিত কৰিবলগা হয় বুলি মহাৰাজ ব্যথিত হ’ল৷ প্ৰত্যক্ষভাৱে প্ৰস্তাৱ অস্বীকাৰো কৰিব নোৱাৰে৷ অৱশেষত বুদ্ধিৰে পিতাই কন্যাৰ শুল্ক স্থিৰ কৰিলে— এক সহস্ৰ শ্বেতবৰ্ণ, শ্যামকৰ্ণৰ অশ্ব৷ ভাবিছিল এনে অদ্ভুত, বিৰল অশ্ব সংগ্ৰহ কৰিব নোৱাৰি মুনিয়ে নিজৰ প্ৰস্তাৱ উঠাই ল’ব৷ পিছে পৰম তেজস্বী ঋচিক মুনিয়ে এই দাবী গ্ৰহণ কৰিলে৷ বৰুণলোকলৈ গৈ তাৰ অশ্বতীৰ্থৰ পৰা সমগ্ৰ সহস্ৰ অশ্ব আনি মহাৰাজ গাধিক তেওঁ অপৰ্ণ কৰিলেহি৷ সকলো অবাক হ’ল৷ ৰাজকুমাৰী সত্যৱতীৰ প্ৰতি মুনিৰ এনে সমপৰ্ণ দেখি পিতা সুখী হ’ল৷ আপত্তিৰ আৰু থল নাছিল৷ সন্তুষ্টিৰে তেওঁ কন্যাদান কৰিলে৷ পাছৰ সময়ত মহাৰাজ গাধিয়ে পুণ্ডৰিক যজ্ঞ সমাপন কৰিলে আৰু দানস্বৰূপে সমগ্ৰ অশ্ব ব্ৰাহ্মণসকলক দিলে৷ পিছে ব্ৰাহ্মণসকলকনো অশ্বৰ কি প্ৰয়োজন, কি নো কৰিব তেওঁলোকে এইবোৰেৰে? ভাগ্যবশতঃ এই তেজাল, অনুপম অশ্বসমূহ দেখি বিভিন্ন ৰাজন্যবৰ্গ ইহঁতৰ প্ৰতি আকৰ্ষিত হয়৷ তেওঁলোকে ক্ৰয় কৰি ল’লে ব্ৰাহ্মণসকলৰ পৰা সমূহ অশ্ব৷ ব্ৰাহ্মণসকলো সুখী হ’ল৷ ইমানলৈকেহে ঘটনা প্ৰৱাহ মোৰ জ্ঞাত৷ কিন্তু কোন কোন ৰজাৰ ওচৰত অশ্ব আছে আৰু কিমানকৈ, এয়া মোৰ জ্ঞাত নাছিল৷ মাত্ৰ অশ্বখিনিৰ উপস্থিতিৰ বিষয়েহে নিশ্চিত আছিলোঁ৷ গালৱৰ দৰে দাম্ভিক আৰু আকোৰগোঁজ যুৱ শিষ্য এজনক উচিত শিক্ষা দি বদগুণ ৰহিত কৰিবলৈ সেয়ে এই অশ্বখিনি মই দক্ষিণাস্বৰূপে খুজিছিলোঁ৷ ভাবিছিলোঁ, অ’ত ত’ত অলপ অলপকৈ অশ্ব সংগ্ৰহ কৰি ফুৰা সময়খিনিতে গালৱৰ জ্ঞানোদয় হ’ব, স্বভাৱ পৰিশীলিত হ’ব৷”
খন্তেক সময়ৰ বাবে ঋষিবৰে মৌনতা অৱলম্বন কৰিলে৷ খিৰিকীৰে দূৰৈৰ ক’ৰবালৈ চাই অন্যমনস্কভাৱে তেওঁ কৈ উঠিল— “পিছে কি জানা মাধৱী, গালৱক মই কি শিকাব বা বুজাব খুজিছিলোঁ আৰু তেওঁ কি বুজিলে এয়া মই নাজানো৷ কিন্তু তোমাৰ পিতৃ ভক্তি, ত্যাগ, সহনশীলতা আৰু কৰ্তব্যবোধৰ গুণেৰে তুমিহে মোক জীৱনৰ চৰম সত্যৰ পাঠ দিলা৷”
বিষাদেৰে পূৰ্ণ ক্ষণিকৰ এক হাঁহি মোৰ ওঁঠৰ ফাঁকেৰে সৰকি পৰিল৷ এনে প্ৰতিটো কাহিনী পৰিচালিত হয় পুৰুষৰ দ্বাৰা৷ প্ৰতিজন পুৰুষৰ লক্ষ্য বেলেগ, উদ্দেশ্য বেলেগ৷ পৰিপূৰ্ণ হৈছে সকলো নিজ নিজ লক্ষ্য পূৰণেৰে৷ লাভ-লোকচান, সন্তুষ্টিৰ হিচাপ তেওঁলোকৰ তুলা-চালনিৰ আওতাত৷ মাথোঁ চাৰিমূৰীয়া বাটত উৱাদিহ হেৰুৱাই ৰৈ গ’ল নাৰী–এই মাধৱী৷ ন যযৌ, ন তস্থৌ৷
তিনিওজন ৰজাৰ লগত মোৰ গৰ্ভৰ দৰ-দাম হওঁতে পুত্ৰপ্ৰাপ্তিৰ পাছতে মুক্ত কৰি দিয়াৰ চৰ্ত আছিল৷ কাৰণ অশ্ব প্ৰাপ্তি কৰিবলৈ বাকী আছিল৷ শেষ দুশ অশ্বৰ বিনিময় হৈছে মোৰ এই গৰ্ভ৷ নিজৰ গুৰুৰ লগত গালৱে মোৰ মুক্তি-অমুক্তিৰ বিষয়ে কোনো চৰ্ত ৰখা নাছিল৷ মই নিজেইহে অনুৰোধ কৰিছিলোঁ ঋষি বিশ্বামিত্ৰক, পুত্ৰ প্ৰাপ্তিৰ পাছতে যাতে মোক মুক্ত কৰি দিয়ে৷ স্বীকাৰ কৰি লৈছিল তেওঁ৷ কামান্ধ, মোহান্ধ হৈ বন্দিনী কৰি ৰাখি দহ বছৰৰ পাছত হ’লেও মেনকা অপ্সৰাৰ প্ৰতিওটো তেওঁৰ মোহভংগ হৈছিল৷ গণ্য কৰিছিল এই কৰ্ম তেওঁৰ তপস্যা বিঘ্নকাৰী বুলি৷ প্ৰসৱকালীন প্ৰয়োজনৰ সমস্ত ব্যৱস্থা তেওঁ কৰি ৰাখিছিল৷ আহিবলগা সন্তানৰ বাবে ধাই, পৰিচাৰিকা, কবিৰাজ সকলোৰে ব্যৱস্থা তেওঁ কৰি ৰাখিছিল নিজ ৰাজ্যৰ পৰা৷ গালৱক খবৰ দিয়া হৈছিল আগৰ কেইবাৰৰ দৰেই মোক সংগ্ৰহ কৰি নিবলৈ৷
ৰজা হৰ্যশ্বৰ সন্তান গৰ্ভত ধাৰণ কৰোঁতে বুজি পাইছিলোঁ যাত্ৰাপথ আৰু বহু দূৰ বাকী৷ এতিয়া, এয়া মোৰ চতুৰ্থ গৰ্ভ৷ শেষ দুশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ বিনিময়ত৷ মোৰ দায়িত্ব, কৰ্তব্যৰ অন্তিম ভাগ৷ এক অস্থিৰতাই আৱৰি ধৰিছে মোক৷ প্ৰসৱৰ সময় যিমানে আগবাঢ়ি আহিছে মোৰ মনৰ মাজত পাকঘূৰণি খাই ফুৰিছে বিবিধ চিন্তাই৷ গালৱৰ ঋণমুক্তিৰ বাবে সন্তান জন্ম দিয়াটোৱেই আছিল মোৰ জীৱনৰ উদ্দেশ্য৷ ইয়াৰ পাছত কি?
প্ৰসৱ যান্ত্ৰণাৰ আৰম্ভণিৰ লগে লগে চোন অনুভূত হ’ব ধৰিছে এক অদ্ভুত নৈৰাশ্য ভাব৷ মোৰ গৰ্ভ ভেদি জন্ম ল’ব ধৰা এই সন্তানটো মোৰ অধিকাৰৰ নহয়৷ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে মোৰ মনত এনে ভাব৷ কিন্তু আগৰ তিনি সন্তানকোচোন মই ‘মোৰ’ বুলি ক’ব পৰা নাছিলোঁ! তেন্তে! নাজানো কিয় এনে ভাব হৈছে— ইয়াতেই যেন সকলো সমাপ্ত৷ স্তব্ধ হৈ ৰ’ব যেন দশোদিশ, অনুবৰ্ৰা হৈ পৰিব ধৰিত্ৰী চিৰকাললৈ৷
ভাগৰে হেঁচা মাৰি ধৰিছে মোক৷ জাপ খাই আহিব ধৰিছে মোৰ দুচকু৷ প্ৰসৱকক্ষৰ ধাইহঁতৰ মাজত হুৱা-দুৱা লাগি গৈছে৷ ভাগৰুৱা, অৱশ মাতৃয়ে কিদৰে ভূমিস্থ কৰিব সন্তানক? শুনিছোঁ মই স্পষ্টকৈ তেওঁলোকৰ দুশ্চিন্তাপূৰ্ণ বাৰ্তালাপ৷ কষ্টৰ মাজতে হৃদয়ে ক’লে যেন “জন্ম নিদিবি এই সন্তানক৷ গৰ্ভত থকালৈকেহে তোৰ৷ পৃথিৱীত আৰু তোৰ নামৰ সৈতে সি সংযুক্ত নহয়৷”
চকু মুদ খাই আহিল মোৰ৷
হঠাৎ বিজুলী চমকি উঠিল মোৰ মগজুত৷ মোৰ অধিকাৰতো কাহানিও নাছিলেই৷ নিৰ্ধাৰিত সময়ৰ অন্তত মাতৃৰ গৰ্ভতো আৰু সন্তানলৈ স্থান নাই৷ মই তাক জীয়ন দিবই লাগিব৷
মেলি ধৰিলোঁ জোৰকৈ মোৰ দুচকু৷ কোনো দ্বিধা নাই৷ প্ৰস্তুত হ’লোঁ সন্তানক পোহৰৰ বাট দেখুৱাবলৈ৷
ৰজাৰ ৰাজমহল নহয়, ঋষিৰ পৰ্ণকুটীৰৰ ভিন্ন পৰিৱেশত এইবাৰ মোৰ চতুৰ্থ সন্তান, পুত্ৰ ‘আস্তিক’ক জন্ম দিলোঁ৷ নতুনকৈ আকৌ পাৰ হৈ আহিলোঁ প্ৰসৱযন্ত্ৰণাৰ সেই একেই পুৰাতন সময়৷ প্ৰকৃতিস্থ হৈ কিছু সময়ৰ পাছতে পুত্ৰ, পৰ্ণকুটীৰ সকলো ত্যাগ কৰি ওলাই আহিলোঁ৷ মোৰ প্ৰত্যেকটো পুত্ৰকে মাক হিচাপে একে সমান সময়েই মই কাষত ৰাখিলোঁ৷
পিতাৰ ৰাজপ্ৰাসাদৰ পৰা গালৱৰ লগত ওলাই আহোঁতে আছিলোঁ কুমাৰী মাধৱী৷ চতুৰ্থ পুত্ৰক জন্ম দি আঠশ শ্বেতবৰ্ণ, শ্যামকৰ্ণ অশ্বৰ গালৱৰ গুৰুদক্ষিণা সম্পূৰ্ণ কৰি পুনৰ কৌমাৰ্য্য ধাৰণ কৰি গালৱৰ দিশে আগবাঢ়িলোঁ৷ গুৰুৰ আশ্ৰমৰ পৰা বহু দূৰৈত ৰৈ আছিল গালৱ৷ ইমানদিনে ঋষি বিশ্বামিত্ৰৰ আশ্ৰমত থাকোঁতে নুশুনো বুলিও মই অহৰহ শুনিবলগা হৈছিল আঠশ অশ্বৰ উপস্থিতিৰ প্ৰতিধ্বনি৷
ত্যাগ কৰি আহিলোঁ৷
লগতে ত্যাগ কৰি আহিলোঁ মোৰ সদ্যপ্ৰসবুৱা শৰীৰ৷ মাতৃপ্ৰদত্ত অনুষ্ঠানেৰে পুনৰ কুমাৰী মাধৱী হৈ আগবাঢ়িলোঁ৷ গালৱ, মোৰ ভাগ্যনিয়ন্তা ৰৈ থকা স্থানলৈ৷ আশ্ৰমৰ মূল প্ৰৱেশপথ পাৰ হৈ বিস্তীৰ্ণ কঁহুৱাৰ মাজে মাজে থকা লুংলুঙীয়া বাটেৰে খোজ লৈছোঁ৷ চৌদিশে হালি-জালি থকা কোমল কঁহুৱাই যেন qwতাৰ ধ্বজা উৰুৱাই আমন্ত্ৰণ জনালে মোক জীৱনৰ এক সময় চক্ৰৰ পৰা আন এক সময় চক্ৰলৈ৷ ধীৰে ধীৰে অপসৃয়মান হৈ আহিছে মোৰ কৰ্ণকুহৰত অশ্বৰ উপস্থিতিৰ নিনাদ৷
কঁহুৱানিৰ সীমাত ৰৈ আছিল গালৱ৷ মুনিৰ ধীৰ-স্থিৰ ৰূপ তেওঁৰ৷ উত্তেজনা, অস্থিৰতা বা চিন্তাৰ কোনো ৰেশ নাই তেওঁৰ দুচকুত৷ লাভ কৰা জ্ঞানত অধিকাৰ সাব্যস্ত কৰি উজ্জ্বল তেওঁৰ চক্ষু, শান্ত দৃষ্টি৷ প্ৰথম যিদিনা তেওঁলৈ মূৰ তুলি চাইছিলোঁ, দেখা পোৱা অস্থিৰ, উদ্ভ্ৰান্ত, দ্বিধাগ্ৰস্ত নয়ন নহয় এয়া৷ আজি তেওঁৰ দৃষ্টি মই আহিবলগা বাটত নহয়, দূৰ-দিগন্তত৷ স্থিৰ হৈ ৰৈ আছে তেওঁ৷ এতিয়া মোৰ বাবে কি ভৱিষ্যৎ আছে, গালৱে কি সিদ্ধান্ত লৈছে মোৰ অনুমান নাই৷ গৈ গৈ তেওঁৰ ওচৰ পালোঁগৈ৷ কেইটামান ক্ষণৰ পাছতহে গালৱে দূৰ-দিগন্তৰ পৰা চকু আঁতৰাই মোলৈ চালে৷ একো নক’লোঁ৷ উপহাসৰ এক মৃদু হাঁহি বিয়পি পৰিল মোৰ দুওঁঠত৷ জীৱনৰ চৰম কঠোৰ অভিজ্ঞতাৰে পুষ্ট মাধৱীৰ দুচকুত গুৰুপ্ৰদত্ত, পুথিগত বিদ্যাৰে জ্ঞানী দুচকু ৰাখিব নোৱাৰিলে তেওঁ৷ ওচৰৰে ক’ৰবালৈ চাই মাথোঁ ক’লে—
“আমাৰ কৰ্ম সম্পূৰ্ণকৈ সম্পাদন হ’ল মাধৱী৷ দুয়ো নিজ নিজ কৰ্তব্য পুনৰ পালন কৰিলোঁ৷ উচিত ধৰণেৰে পৰিশোধ কৰা হ’ল মোৰ গুৰুদক্ষিণা৷ তোমাৰো দায়িত্ব, কৰ্তব্য শেষ হ’ল৷ এতিয়া তুমি তোমাৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱাগৈ৷ ব’লা, আগবাঢ়োঁ তোমাৰ পিতৃ-ৰাজ্য অভিমুখে৷”
মই কি কৰ্তব্য সম্পাদন কৰিলোঁ, কি কৰাত বিফল হ’লোঁ নাজানো৷ সেয়া সময়েহে ক’ব৷ পাঁচজনকৈ পুৰুষৰ ওচৰত মোৰ প্ৰয়োজন ইতিমধ্যে শেষ হ’ল৷ ষষ্ঠজন— মোৰ পিতৃয়ে বা এতিয়া কি বিচাৰ কৰে? এতিয়াও গালৱেই মোৰ অধিপতি, সেইমতেই আগবাঢ়িম মই৷ তত্ৰাচ, এক শূন্যতাই আগুৰি ধৰিছে মোক৷ গালৱক অনুসৰণ কৰি পিতাৰ ৰাজপ্ৰাসাদ ত্যাগ কৰি আহোঁতে দুখ, অনিশ্চিত ভৱিষ্যতৰ শংকা আৰু পিতৃৰ বাক্যৰক্ষাৰ কৰ্তব্যই মোৰ মন আৱৰি ৰাখিছিল, মোক পৰিচালিত কৰিছিল৷ অনভিজ্ঞতাই মই দেখা পাব লগা নিজৰ ভৱিষ্যতৰ দাপোণখনৰ আগত তৰি দিছিল নিশ্চিদ্ৰ আঁৰকাপোৰ৷ এতিয়া গালৱৰ পিছে পিছে পিতাৰ ৰাজপ্ৰাসাদলৈ ওভতনি যাত্ৰাত নাই মোৰ মনত কোনো শংকা, চিন্তা, কোনো দুখ৷ কোনো দায়িত্ব বা কৰ্তব্যৰ আৱেষ্টনীত মই আবদ্ধ নহয়৷ ৰিক্ত হস্ত মোৰ৷ খোপনি ল’বলৈকো কাষৰত একোৱেই নাই৷ সৌ দূৰণিত দেখোঁ জীৱনৰ কোলাহল৷ কিন্তু কেয়োকাষে মোৰ অটব্য নীৰৱতা৷ তথাপি খোজ দিছোঁ৷ গালৱৰ পদচিহ্নৰ কাষে কাষে সেমেকা দুভৰি আৰু অৰ্ধ নিমিলিত দুচকুৰে, কুহেলিকাই গ্ৰাস কৰা সময়ৰ পম খেদি৷
আগবাঢ়িছোঁ মই
আগবাঢ়ি আছোঁ৷৷
খণ্ড–৫
মহাৰাজ যযাতিৰ ৰাজপ্ৰাসাদত এয়া মই উপস্থিত তেওঁৰ একমাত্ৰ কন্যা মাধৱী৷ চাৰিটিকৈ পুত্ৰৰ জননী মই, অথচ কৌমাৰ্য মোৰ অক্ষুণ্ণ৷ মুনিকুমাৰ গালৱক অনুসৰণ কৰি পিতৃআজ্ঞা মানি লৈ এই প্ৰাসাদ ত্যাগ কৰোঁতে মোৰ যি ৰূপ, যি সৌন্দৰ্য প্ৰতিভাত হৈছিল, তাৰ কোনো হীন-ডেঢ়ি হোৱা নাই৷ বাহ্যিকতা অপৰিৱৰ্তিত৷ পিছে এই কেইবাবছৰ জোৰা ঐকান্তিক কঠোৰ সাধনাৰ অন্তত মই আৰু ‘মই’ হৈ থকা নাই৷ চাৰিজনকৈ পুৰুষৰ অংকশায়িনী হৈ, চাৰিটি পুত্ৰ জন্ম দিও মমতাময়ী মাতৃ হ’ব নোৱাৰি, ভাগৰুৱা আজি মোৰ আত্মা, শূন্য আজি মোৰ মন৷ নতুন শৰীৰত ছিন্ন-ভিন্ন পুৰণি আত্মা ধাৰণ কৰি দুওঁঠৰ হাঁহিৰে আচ্ছাদিত কৰি ৰাখিছোঁ মোৰ দুচকুৰ লোতক৷
পিতৃ আজ্ঞা পালন কৰি এক নোহোৱা-নোপজা, অদ্ভুত দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা এক কন্যাৰ পিতৃ হিচাপে মোৰ পিতা-মহাৰাজ যযাতি আজি গৌৰৱান্বিত! সফল দানবীৰ যযাতি হিচাপে গবিৰ্ত৷ মুনিকুমাৰ গালৱক নিজ কন্যা সমপৰ্ণ কৰিবৰ সময়তেই হওক বা ওলোটাই গ্ৰহণ কৰিবৰ সময়তেই হওক, তেওঁ নিৰুদ্বেগ৷ পিতৃত্বৰ সফলতাৰ হিচাপ তেওঁ নাৰাখে৷ ৰজা যযাতিৰ কৰ্মৰ লাভ-লোকচানৰ অংকত তেওঁ গভীৰভাৱে নিমগ্ন৷ ছিৰলি ছিৰলি মোৰ আত্মাক আৱৰি ৰখা সতেজ শৰীৰটোক দেখিয়েই তেওঁ সন্তুষ্ট৷ ৰক্তাক্ত মোৰ হৃদয়ৰ টোপ টোপ নিঃসৰিত ৰক্তৰ ছিটিকনি যে তেওঁৰো শৰীৰত; চাবৰ, বুজিবৰ, ভাবিবৰ তেওঁৰ সময় নাই৷ তেওঁ এতিয়া উঠি-পৰি লাগিছে পিতৃ হিচাপে কন্যাৰ প্ৰতি ‘অন্তিম’ দায়িত্ব পালন কৰিবলৈ৷ নে… নে…
নিজৰ শৌৰ্য, সামৰ্থ্যৰ প্ৰচাৰ কৰিবলৈ!
সন্দেহ হয়৷
সুসজ্জিত মোৰ অন্তৰাবেদীত থিয় হৈ এই জ্যোৎস্না বিধৌত শৰতৰ সন্ধ্যা দূৰ আকাশৰ শুকুলা মেঘত নিবদ্ধ মোৰ উদাসী দুচকু৷ অত বছৰৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ-নিকাচৰ অন্তত মোৰ জোলোঙাত উত্তৰ ৰ’ল মাথোঁ এক শূন্য৷ চৌদিশৰ অটব্য নীৰৱতাৰ কঠোৰ আগ্ৰাসনত নিষ্পেষিত মোৰ গধুৰ উশাহ৷ হৃদয়ৰ দ্ৰুত কম্পনৰ সৈতে তাল মিলাই আগবাঢ়িব পৰা নাই মোৰ মন-মগজু৷ আত্মাৰ পশ্চাৎমুখী যাত্ৰাই অধীৰ কৰি তুলিছে মোৰ সমগ্ৰ সত্তাক৷ মোক কিছু সময় লাগে৷ নিৰলে, নীৰৱে মোৰ স’তে পাৰ কৰিবলৈ৷ পিছে মোৰ একান্তই দায়িত্বশীল ‘কন্যাদায়গ্ৰস্ত’ পিতৃয়ে মোৰ স্বয়ম্বৰ পাতিছে৷ কন্যাদানৰ মহৎ পুণ্যৰ ভাগ লাভ কৰিবলৈ!
কেইটামান বৰ্ষৰ আগতে এই দিনটোৰ কল্পনাৰে শিহৰিত, পুলকিত হৈছিলোঁ মই৷ লাজৰ গোলাপী আভাই ছানি ধৰিছিল মোৰ মুখ৷ চকু মুদি দেখা পাইছিলোঁ নিজক কইনাৰ বেশত–সৰ্বলংকাৰভূষিতা হৈ হাতত সুদৃশ্য বৰমালা লৈ লাজুক চাৱনিৰে সভাগৃহত প্ৰৱেশ কৰিছিলোঁ৷ ৰাজন্যবৰ্গৰ বিমুগ্ধ, বিস্মিত দৃষ্টি উপভোগ কৰি যেন আগবাঢ়ি গৈ আছোঁ পিতা মহাৰাজৰ ওচৰলৈ৷ কম্পিত, সলজ, ধীৰ মোৰ দুভৰি৷ প্ৰত্যেক অভ্যাগতই যে আশা কৰিছে মোৰ হাতৰ বৰমালা নিজে ধাৰণ কৰিবলৈ৷ পিছে সিদ্ধান্ত লোৱাত মই ইমান খৰধৰ নকৰোঁ৷
এজাক শীতল মলয়াই চুই গ’ল মোক৷ বছৰদিয়েক অতীতত ৰৈ কল্পনাৰ পক্ষীৰাজ ঘোঁৰাত উঠি দশোদিশ বিচৰণ কৰাৰ কিয়েইবা অৰ্থ আছে? লৌহ কঠিন বৰ্তমানৰ বাস্তৱ পৃথিৱীৰ কোলাহলত দিশহাৰা, ত্ৰস্তমান মোৰ অন্তৰাত্মা৷ আজিৰ প্ৰকৃত বাস্তৱ সময়ত ৰৈ ডিঙি মেলি চাওচোন মোৰ কল্পনাৰ বিশেষ দিনটোক৷ স্বয়ম্বৰ সভাত উপস্থিত সুন্দৰী ৰাজকন্যা মাধৱীৰ দুওঁঠত চোন দেখা নাপাওঁ সেই ৰহস্যময় অৰ্ধপ্ৰস্ফুটিত হাঁহি৷ কম্পিত নিস্তেজ দুয়ো ওঁঠে দেখোন নাগায় কোনো সপোনৰ ৰাগ৷ তলবল দুচকুৰ লুণীয়া মুকুতাত জিলিকি উঠিছে মাথোঁ স্মৃতিকাতৰ আত্মাৰ বেদনা৷ ভাগৰুৱা খোজটিৰ ৰুণজুন শব্দই কিয় মেলিব পৰা নাই কোনো ঐন্দ্ৰজালিক সপোনৰ পোহাৰ? ক’ত–ক’ত সেই লাস্যময়ী, সদাহাস্যময়ী উচ্ছ্বল জীৱনৰ চিৰযৌৱনা প্ৰতীক মাধৱী? এয়া দেখোন কৰুণতম জীৱনৰ অতল গহ্বৰত নিমজ্জিত আত্মাবিহীন এক সুসজ্জিত শৰীৰ মাথোঁ৷ আশা-নিৰাশা, সপোন-বিতৃষ্ণাৰ মনিব নোৱৰা সূতাডাল কিয় অনতিক্ৰম্য?
স্বয়ম্বৰ সভালৈ পিতাই সমগ্ৰ আৰ্যাৱৰ্তৰ প্ৰত্যেকজন ৰজা-ৰাজকুমাৰকে নিমন্ত্ৰণ কৰিছে৷ সুন্দৰ, গুণী-জ্ঞানী, ক্ষমতাশালী প্ৰত্যেক ৰাজপুৰুষেই নিশ্চয় বাঞ্ছা কৰিছে যযাতিপুত্ৰীৰ হাতৰ বৰমালা লাভ কৰিবলৈ৷ ৰাজকুমাৰী মাধৱীৰ প্ৰশস্তি ইতিমধ্যেই দশোদিশে বিয়পি পৰিছেই৷ তেওঁলোকে বাৰু কি বাঞ্ছা কৰি আহিছে এই স্বয়ম্বৰলৈ? মাধৱী নামৰ এক নাৰী নে সেই মাধৱীৰ গৰ্ভোৎপন্ন এক উত্তম পুত্ৰ? শুনিছোঁ কাশীৰাজ হৰ্যশ্ব, বাৰাণসীৰাজ দিবোদাস আৰু ভোজৰাজ উশীনৰো উপস্থিত হৈছেহি স্বয়ম্বৰৰ অৰ্থে৷ তেওঁলোক প্ৰত্যেকেই পিছে মোৰ গৰ্ভজাত পুত্ৰক লৈ আনিছে নিজৰ লগত৷ মাতৃত্বৰ সেই পুৰাতন ৰাগীত মতলীয়া হৈ পুনৰ সন্তানৰ কাষলৈ উভতি যাবলৈ মোক উদ্বুদ্ধ কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য নিশ্চয়৷ কিন্তু মোৰ তিনি সন্তানৰ পিতৃওতো তিনিজন৷ কোনটো সন্তান বা কোনজন সন্তানৰ পিতৃক মই বাছি ল’ম তেন্তে? পক্ষপাতৰ দোষাচৰণ নকৰোঁ বুলিয়েইতো মোৰ প্ৰত্যেক নৱজাত পুত্ৰক মাতৃ হিচাপে মই একেই সময় দিলোঁ৷ হৃদয়ৰ অটল গহ্বৰ নিভৃততম কোণত সেই হিচাপবিহীন অতীত স্তব্ধ হৈ ৰওকচোন৷ সুৰুঙা পালেই জ্বালামুখীৰ দৰে উদ্গীৰণ হ’ব খোজে কিয় সেই সময়! পুনঃপ্ৰাপ্ত নৱযৌৱনময় শৰীৰেৰে আটি আটি বান্ধি ৰখা সেই কেঁচা ঘা উন্মুক্ত হ’ব নিদিয়াই ভাল৷ অন্তঃসলিলা হৈয়ে ৰওক জীৱনৰ এক অধ্যায়৷
বিবাহিতা ধৰ্মপত্নী নোহোৱাকৈয়ে যেতিয়া একোজন ৰজাৰ অন্তেষপুৰত প্ৰৱেশ কৰিছিলোঁ, তেতিয়া মই বিশেষ দ্বিধাগ্ৰস্ত নাছিলোঁ৷ বুজিছিলোঁ মোৰ অধিকাৰী যে ‘মই’ নহয়, কাৰণ মাধৱী নামৰ পুতলাটোৰ নিয়ন্ত্ৰণৰ ডোলডাল মহাৰাজ যযাতিয়ে মুনিকুমাৰ গালৱলৈ হস্তান্তৰ কৰিছিল৷ অথচ আজি কোনোবা এক পুৰুষৰ বিবাহিতা স্ত্ৰী, ধৰ্মপত্নী হ’বলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত মই কিয় ইমান দ্বিধাগ্ৰস্ত! স্মৰণ নকৰোঁ বুলিও অতীতৰ প্ৰত্যেকজন পুৰুষৰ সান্নিধ্য আৰু চাৰিটিকৈ পুত্ৰৰ স্মৃতিয়ে অগাডেৱা কৰি দৃশ্যপটখনি ধূসৰ কৰি তুলিবহি নেকি বাৰু? ভয় লাগিছে মোৰ, খুব ভয়৷ ত্যাগৰ ভয়, হেৰুৱাৰ ভয়, সিদ্ধান্ত লোৱাৰ ভয়, নানানটা ভয়৷
মোৰ কক্ষৰ কাষতে থকা পুৰণি প্ৰকাণ্ড শেৱালিজোপা ডালভৰি লাগিছে৷ ফুলেৰে ভৰুণ হৈ থকা দিনবোৰতেইহে শেৱালিজোপা সকলোৰে আদৰৰ৷ বাকী সময়ত এজোপা ৰুক্ষ শুকান বৃক্ষ মাথোঁ, সৌন্দৰ্য আৰু বিশেষত্ববিহীন৷ অথচ তাৰ পৰম অলংকাৰ ফুলবোৰৰ ভৰ ব’ব নোৱাৰি আজি নতমস্তক পুষ্পধাৰক বৃক্ষ৷ টোপ টোপ নিয়ৰৰ অশ্ৰুকণাৰ স’তে খহি পৰিছে শুভ্ৰ শেৱালি ভূমিক ধিয়াই৷ ভূলুণ্ঠিত শেৱালি যে তেতিয়াই হৈ পৰিব দুৰ্গোৎসৱৰ মহাপূজাৰ উপচাৰ৷ দেৱীৰ চৰণত আশ্ৰয় লৈ হৈ উঠিব মহিমামণ্ডিত৷ আহা… কি ভাগ্য…!
আকাশৰ বুকু ভেদি সৌৱা উজলি উঠিছে পুৱাৰ সোণালী কিৰণ৷ দিনমণিৰ আগুৱাই অহা ৰথে আমন্ত্ৰণ কৰি আনিব এক নতুন দিন, নতুন সময় আৰু নতুন জীৱনক৷ ৰাজকুমাৰী মাধৱীৰ মহাস্নানৰ সময় হ’ল— ব্যৱহৃত ৰাজআভূষণ, স্বৰ্ণালংকাৰ ত্যাগ কৰি নতুন আভূষণ ধাৰণ কৰাৰ সময় উপস্থিত৷ আজি স্নান আৰু শৃংগাৰৰ বাবে মোক কোনো দাসীৰ প্ৰয়োজন নাই৷ আজি, মই স্বয়ংসম্পূৰ্ণা৷
মোৰ কাণত পৰিছেহি স্বয়ম্বৰ সভালৈ আহি থকা ৰাজন্যবৰ্গৰ ৰথ আৰু ঘোঁৰাৰ পদচালনাৰ দুপ-দাপ শব্দ৷ আঠশকৈ অশ্বৰ খুৰাৰে ইতিমধ্যে পিষ্ট, ৰক্তাক্ত হৃদয় মোৰ৷ বুকুৰ বৰপেৰাৰ ঢাকনিখন আটি আটি বন্ধ কৰিছোঁ৷ এই তলাৰ চাবি বৰপেৰাৰ পেটত৷ কাহানিও আৰু খোল নাখাব৷
নিজৰ কক্ষৰ দ্বাৰ খুলি আশ্চৰ্যচকিত দাসীহঁতৰ সন্মুখেদি বাট লৈছোঁ এয়া স্বয়ম্বৰ সভালৈ৷ কিংকৰ্তব্যবিমূঢ. সিহঁতে মোৰ পাছে পাছে লৰ ধৰিছে৷ স্বয়ম্বৰ সভালৈ ওলোৱা ৰাজকুমাৰীৰ সলাজ, মৃদু খোজৰ ঠাইত এই মাধৱীৰ খোজৰ লগত সিহঁতে তাল মিলাবই পৰা নাই৷ ৰাজকুমাৰী মাধৱীৰ স্বয়ম্বৰ সভালৈ আগমনৰ বাৰ্তা দিয়া ঘোষকৰ কণ্ঠ কঁপি উঠিছে, বুজিছোঁ মই৷ সভাৰ প্ৰৱেশদ্বাৰত খন্তেক ৰ’লোঁ৷ উজাই ল’লোঁ উশাহত এজাক চিনাকি অচিনাকি গোন্ধ৷ চৌদিশ সজ্জিত কৰি ৰখা বিবিধ সতেজ ফুলৰ মনোমোহা সুগন্ধ ভেদি যেন মোৰ কাষে কাষে ওপঙি ৰ’ল আন কিছু আজন্ম চিনাকি গোন্ধ৷ তাতে আছে যেন শৈশৱত পিতাৰ কোলাত উঠোঁতে পোৱা তেওঁৰ শৰীৰৰ আপোন সুবাস৷ মোৰ আত্মজৰ আকলুৱা সুগন্ধিয়ে যেন এই মেৰিয়াই ধৰে মোক! উঃ হঠাতেচোন আহি পায় চাৰিখন শয্যাৰ অবাঞ্ছিত গন্ধও৷
সোঁভৰি আগবঢ়ালোঁ৷ দেৱতাৰ মন্দিৰলৈ সোঁভৰিৰে প্ৰৱেশৰ অভ্যাস আছে যে, পিছে আকৌ নমাই বাঁওভৰিৰে প্ৰৱেশ কৰিলোঁ মোৰ স্বয়ম্বৰ সভাত৷ মোৰ প্ৰৱেশৰ লগে লগে উপস্থিত সকলো নিজ আসন ত্যাগ কৰি থিয় দি উঠিছে, মহাৰাজ যযাতিও৷ অনুভৱ কৰিছোঁ মই, সকলোৰে দৃষ্টি মোৰ ওপৰতে স্থিৰ৷ দুচকুত আশ্চৰ্য, প্ৰশ্ন আৰু বিমুঢ় ভাব৷ নিমিষো পেলোৱা নাই কোনেও দুচকুৰ৷ মাধৱীৰ হাতৰ বৰমালা প্ৰত্যাশী পুৰুষসৱৰ চকুত পৰাকৈ মই দাঙি ধৰিলোঁ একান্তই মোৰ অধিকাৰৰ জপমালাদালি৷
নিৰ্বাক-নিস্পন্দ সকলো৷
মোৰ শৰীৰ আৱৰি নাই কোনো ৰাজআভূষণ আৰু কোনো অলংকাৰ৷
পূৰ্ণ এক সন্ন্যাসিনীৰ গেৰুৱা সাজেৰে আবৃত মই৷ এই আভূষণেই মোৰ বাবে শ্ৰেষ্ঠতম আৰু মূল্যৱান৷ মই আজি এই আভূষণতে সামৰি লৈছোঁ নিজক৷ মহাৰাজ যযাতি আৰু আজিৰ সমগ্ৰ সভাসদৰ অনুসন্ধিৎসাৰ একমাত্ৰ যথাযথ উত্তৰ আজি মই— মোৰ উপস্থিতি, — মোৰ দৃশ্যৰূপ৷ কোনো শাব্দিক স্পষ্টীকৰণৰ মই আৰু উত্তৰদায়ী নহয়৷ মই নাজানো, এয়া মোৰ ক্ষোভ, প্ৰতিবাদৰ নীৰৱ বহিৰ্প্ৰকাশ নে মোৰ অস্তিত্বৰ আপোন বাট৷ উত্তৰ সময়েহে দিব৷
শেষবাৰৰ বাবে পিতাৰ দ্বাৰ ত্যাগ কৰি ওলাই আহিছোঁ মই৷ এবাৰ আহিছিলোঁ পিতৃ বাক্য পালন কৰি আৰু আজি মাধৱী নামৰ এক সত্তাৰ বাবে৷ যি আজি সম্পূৰ্ণ নিঃস্ব৷ অসীমত ব্যাপ্ত হৈও যাৰ বিস্তৃতি নিচেই চমু৷ এক অৰণ্য অভিমুখে মই৷ য’ত মই পাব পাৰোঁ এবুকু নিজৰ উশাহ৷
য’ত মই যযাতি পুত্ৰী নহওঁ
ৰাজকন্যা নহওঁ
মাতৃ নহওঁ
কাৰো অংকশায়িনী নহওঁ৷
য’ত মোৰ কোনো আশা নাই, সপোন নাই, সৃষ্টি নাই।
সৰ্বোপৰি য’ত মোৰ কোনো বিশেষ আশীৰ্বাদ নাই৷
মই হ’ম মাথোঁ এপাহ তলসৰা শেৱালি।
মহাপূজাৰ ঐকান্তিক উপচাৰ৷
ঠিকনা :প্ৰযত্নে— ডাঃ অলকেশ মিশ্ৰনেহৰু পাৰ্ক, নিউ কলনিসমন্বয়পুৰ, যোৰহাট— ১দূৰভাষ : ৯৮৬৪১৯০৮৪৮, ৮৬৩৮৯১৪৪০০ইমেইল : arpitaborthakur2016@gmail.com
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
