Written by sdblogs2011 11:18 am Poems

মাত-কথা

দিগন্ত কুমাৰ বড়া

কাউৰীয়ে ৰমলিয়ায় কা কা কৰি।

ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।।

মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ।

সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন।

শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত।

কুকুৰটোৱে ভুকি আছে পদূলি মুখত।।

ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷

ছাগলীয়ে বেবাইছে পেটৰ ভোকত।।

গৰুৰ হেম্বেলনি, কুৰুৱা চৰাইৰ ৰাও।

ঘোঁৰাটোৱে হেঁহায়, কয় কেঁচা বুট খাওঁ।।

বাঘৰ গোঁজৰণিত হাবিখন কঁপে৷

ভেকুলীয়ে টোৰটোৰাই বৰষুণ মাতে।।

হাতীৰ চিঞৰ শুনি জিৰাফ নিমাত৷

দেচোন কোনে পাৰ মেকুৰীৰ মাত।।

ঠিকনা :স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ
ৰাজধৰ বড়া উঁচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ)
ভ্ৰাম্যভাষ -৯৬১৩৬-৯৬১৪৬
Address: Agrim Vista Apartment
Flat – 1E, Block – 2, 1st Floor
Dharapur, Guwahati
P.O. – Dharapur, District – Kamrup (M)
Pin – 781014
Mobile: 9613696146
E-mail: diganta96146@gmail.com
Facebook Link: https://www.facebook.com/digantakumar.bora

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close