Written by sdblogs2011 7:38 am Articles

মাতৃয়েই মোৰ বাবে শ্ৰেষ্ঠ

সত্যজিৎ গগৈ

মাতৃ হৈছে বিশ্ৰব্ৰক্ষ্মাণ্ডৰ সকলোতকৈ শ্ৰেষ্ঠ৷ মোৰ বাবে পৃথিৱীখনেই মাতৃ৷ নিজৰ দেশ খনো মাতৃ৷ নিজৰ ৰাজ্যখনো মাতৃ আৰু জন্মদাত্ৰী গৰাকীও মাতৃ৷ সেই মাতৃয়েই হৈছে মোৰ বাবে শ্ৰেষ্ঠ৷ পৃথিৱীখন আছে বাবেই আমি ইয়াৰ মাটি,পানী,বায়ু সেৱন কৰি জীয়াই আছোঁ৷ ভাল পাওঁ বাবেই ভাৰতীয় হিচাপে স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱেৰে জীয়াই থাকিব পাৰিছোঁ৷ সেই বুলি অন্য দেশক বেয়া পোৱাৰ কথা ক’বলৈ যোৱা নাই৷ কিয়নো নিজৰ দেশক ভাল পাওঁ বুলিয়েই আনৰ দেশক বেয়া পোৱাটো নুবুজায়৷ নিজৰ এখন সুকীয়া ৰাজ্য থকাৰ বাবে ইয়াৰ ভাষা আৰু বাৰেৰহণীয়া সংস্কৃতিয়ে আমাক সদায় নতুন নতুন কথা শিকাই যায়৷ সেই ফালৰ পৰাও নিজ ৰাজ্যখন মোৰ শ্ৰেষ্ঠ মাতৃ৷ এই সকলোবোৰৰ উপৰিও মোক এই ধুনীয়া ধৰণীখন দেখুওৱা জন্মদাত্ৰী গৰাকীও মোৰ শ্ৰেষ্ঠ মাতৃ৷ কাৰণ তেওঁ মোক জন্ম দিয়াৰ পৰা আৰম্ভ কৰি জীৱনটোক সঁজাই পৰাই তুলি মানুহ হিচাপে গঢ়াত কৰিবলগীয়া সকলোখিনিয়েই কৰিছে৷ এই ক্ষেত্ৰত পিতৃৰ অৰিহণাও সমানেই৷ যদিও আজি কেৱল মাতৃৰ বিষয়েহে আলোকপাত হৈছে৷ জন্মৰ আগৰ সময়খিনিত এগৰাকী মাতৃয়ে সহি থকা কষ্ট খিনি,জন্মৰ সময়ৰ কষ্ট খিনি,জন্মৰ পিচৰ পৰা প্ৰায় দুই/তিনি বছৰৰ সময়ৰ কষ্ট খিনি,তাৰ পিচত সন্তানৰ শিক্ষা জীৱনক আগুৱাই নিয়া সময়খিনিৰ কষ্ট, প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ সন্তানৰ সৈতে প্ৰতিমুহূৰ্ত পাৰ কৰা সময়খিনিৰ কষ্ট, সন্তানক ভাল মানুহ কৰি গঢ়িবলৈ নিজেই এগৰাকী ভাল মানুহলৈ পৰিবৰ্তন হোৱা সময়ৰ ধৈৰ্য্যশীলতা, ইমান দীঘলীয়া পৰিক্ৰমাৰ সাহস আৰু সহনশীলতাক সন্মান জনাই মই মাতৃক শ্ৰেষ্ঠ আসনত বহুৱাব খোজো৷ ধৰ্ম শাস্ত্ৰ সমূহতো মাতৃকেই শ্ৰেষ্ঠ আসনত বহুৱাইছে৷  দেৱতাসকলৰ লগতে মাতৃকো দেৱী হিচাপে প্ৰতিষ্ঠা কৰি শৰণাপন্ন  কৰোৱা হৈছে৷ সেয়েহে মাতৃসকলে আজিৰ দিনত বহু আগুৱাই যাবলৈ সক্ষম হৈছে৷ গতিকে মোৰ দৃষ্টিত মাতৃয়েই হৈছে শ্ৰেষ্ঠ৷

ঠিকনা:-

সত্যজিৎ গগৈ৷

শিঙিবিল দেওধাই গাওঁ৷

চাচনি-৭৮৬৬১০

নাহৰকটীয়া৷

ডিব্ৰুগড়৷

অসম৷

মো-৭৩৯৯৬-৬২৮৬৭

Visited 3 times, 1 visit(s) today
Website |  + posts
Close