Written by sdblogs2011 2:03 am Poems

মাটিৰ মাত

দীপিকা শইকীয়া

মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ

মাতষাৰেই পুহিছে জীৱন

মাতৰ চুমাই জুৰিছে হিয়া

হাবিৰ জোপোহা বিজুলী বাঁহজোপাত

সোমাই থাকে হঁয়কলি ইনাই-বিনাই

কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা

পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে

আহিছে নৈখন বৈ

অটল চেতনাৰ সোঁৱৰণী লৈ

মাটিৰ মাতেৰে জিনে নৈৰ বোৱন

বিপুল উৎসাহেৰে ভৰা মাটিৰ হিয়া

জাৰ-জহ, শস্য-মৎস্য, আকাশ-বতাহৰ

শৰীৰ জুৰি কেৱল মাটিৰ মাত 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close