Written by sdblogs2011 4:34 am Poems

মাটিমুখ

মিণ্টুল হাজৰিকা

“ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷

সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷”

১.

চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে

ভাটিকাললৈ বুলি জোন তৰা বেলি…

২.

জোন ডাঙৰ হৈ 

সপোনত লৈ ফুৰে দিন-ৰাতিৰ সংসাৰ

নহিলা দৈৰ ঢাৰিত আঁঠু কাঢ়ে

জোনৰ নিমখীয়া ঘামৰ ফচল

জ্বলাবটা আবেলি এটাৰ আয়োজন চলে

হাঁহি-খিকিন্দালিৰ ওঁঠে ওঁঠে

মাটিমুখৰ আঙুলিয়ে জপ কৰে

এবাৰ আকাশ, এবাৰ ভূমি…

হাওলি পৰা ঔ-জোপাত ভূতে বাহ সাজে 

পানীশিতানত চুলিয়াচুলি নাট মেলে

ভৌতিক চিঞৰ এটা হৈ

জোনৰ খেতিডৰাত আন্ধাৰ নামে

৩.

তৰাজনীৰ দুডালি বেণী এখন ঘন অৰণ্য হৈ গজে

কাষেৰে কলকলাই বৈ থাকে খৰস্ৰোতা নদী

চেগ বুজি বজাৰৰ পৰা তাইক কিনি নিয়ে

পানীৰ ভাও

মানুহে মজা লৈ গুজৱ এৰে,

—শাহুৱেক পানীলাও বেপাৰীৰ জী 

সেয়ে খহি খহি বৈ যায় তাই

মুখত তাইৰ ৰুগ্ন দাপোণৰ জিলিক-মিলিক

মহাকাব্যত

তাই আশীৰ্ৱাদৰ ভাগ-বটোৱাৰা হোৱা ফুলকলি

৪.

বেলিৰ মুখে

কুঁৱলীৰ ধোঁৱা উৰুৱাই কথা মলি মলি ওঁঠত থয়

চাধাপৰ্বৰ গাধা ৰে’লখন আহি ষ্টেচনত ৰয়

কচুপাতত বিশ্বাসৰ দুধ পাতি

শতিকাৰ মেৰপাকত পুষ্টিহীন হোৱা এটা মাটিকলহে 

পেটত পুতি থয় সৰিয়হ পুলিৰ পুৱা এটি  

প্ৰয়োজন সাপেক্ষেহে একে বেকগ্ৰাউণ্ড

ছায়াচ্ছন্ন ৰে’লৰ আলিৰে এন্ধাৰৰ উকি এফাঁকি আওৰাই আই গোঁসানী

আইৰ সোঁহাতৰ আঙুলিত ধৰি তিনিটা ঋতু পোৱালি

৫.

প্ৰতিটো বৰ্ণময় দিনৰ উশাহ সলোৱাৰ ব্যৰ্থ প্ৰয়াস হৈ

উভতনি ধূলিৰ স্মৃতি

যি নখত দি ওকণি মৰা দি মাৰি শেতেলিত আত্মাৰ  নিঃপালি

আওকাণ কৰে পখিলাৰ হাড়বোৰৰ মাজেৰে

পিঠিত সুৰৰ এটা বোজা লৈ

ক্ৰমশঃ আঁতৰি যোৱা বাঁহী

কেকোঁৰা বুৰঞ্জীৰ টীকাকাৰ মুখৰোচক ফুটনি

পৰতে আবেলি হালি-জালি

দুবৰি-জঁকাৰ দুৱাৰত দাং লগাই শুলে

হেমন্তৰ চকুপানী

৬.

উপসংহাৰ :

প্ৰতিটো বাক্যৰে  নিজা নিজা বাট আছে

আছে ঢুকি পোৱালৈকে শিপাৰ পৃথিৱী

আৰু ইচ্ছামতে পথ সলাই

আগ বঢ়াৰ অধিকাৰ

ফোন নং : ৮৬৩৮২৫৯০৭৩

Visited 2 times, 1 visit(s) today
Website |  + posts
Close