Written by sdblogs2011 10:49 am Poems

মাটি

অত্ৰেয়ী গোস্বামী

বায়ু আৰু পানীৰ দৰে

এক নিখুঁত সত্য—

মাটি৷

সকলোৰে আদি স্থিতি

সকলোৰে ইতিবৃত্তি

সংগোপনে শুই থাকে মাটিত৷


কোনেও নাজানে মাটিৰ ভৰ

সকলোতে কেৱল মাটিৰ দামদৰ৷


উস্‌-আস্‌ নকৰা  

ইমানবোৰ বোজা মাটিৰ পিঠিত!


জীৱ-জড় অথবা

মাত-অমাত,

পাপ-পুণ্য আনকি 

অপাপ-অন্যায়ৰ এক অলিখিত 

ইতিহাস সামৰি থোৱা আছে

মাটিৰ বুকুত৷


আদম-ইভৰ পূৰ্বজ কাহিনী

মহৰ্ষিৰ অভিষন্ধি,

যদুবংশৰ বিনাশ

গান্ধাৰীৰ অভিশাপ৷

গন্ধমাদন পৰ্বত, বিষল্যকৰণি

হনুমানৰ ঈশ্বৰভক্তি,

সকলোৰে সাক্ষী

সেই একেখিনিয়েই মাটি৷

বিহলঙনিৰ পৰা অমৰলতালৈ

নাৰিকলৰ পৰা কাঠফুলালৈ

বৰষুণৰ পৰা ৰ’দলৈ

ভূঁইকঁপৰ পৰা লাভালৈ…

বোজাৰ উপৰি বোজা

একালৰ মাটি একালত পৰে ছন

বুঢ়া লোকৰ কথা কোনে কৰে তং?


মাটি নিমাত, মাটি নিস্তব্ধ

মাটি অসহায়, মাটি নিৰ্বিকাৰ৷

আহক, আকৌ এবাৰ কঠা হিচাপ কৰোঁ

এলোচা, দুলোচা এতিয়া ক’ৰবাতে এৰোঁ৷



মাটি মাটিয়েই, মাত্ৰ পাঁচ হাত৷
 ———————তিতাবৰ,যোৰহাট ভ্ৰাম্যভাষ: ৯১০১৫৩৫৭৭৩শ্ৰব্য ৰূপ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close