Written by sdblogs2011 3:20 am Articles

মাজত তৃষাৰ নৈ…

 পাপৰি গোস্বামী


 

আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত  ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ যেন অৱস্থান। ওহোঁ…, শান্ত নহয় সিহঁতে। আকৌ নতুন গতিৰে শিলবোৰৰ গাত ঠেকা খোৱাৰ আয়োজন। শিলৰ প্ৰতি নে কাষৰৰ মাটিভাগৰ প্ৰতি তীব্ৰ আকৰ্ষণ..! নাজানো, নাজানো মই..। হয়তোবা নাজানে সিহঁতেও। এই দূৰ্বাৰ হেঁপাহৰ অন্তৰালত কিহৰ অবগাহন…!

 অবগুন্ঠিতা তাই।  ৰঙচুৱা দীঘল বৈ পৰা চুলিকোচা তাইৰ অবগুন্ঠণ। কৃষ্ণবৰ্ণা ঋজু শৰীৰটোৰ পৰা যেন এক গৌৰবৰ্ণ দ্যুতি নিৰ্গমণ হৈ আছে অহৰহ। সেই দ্যুতিৰেই  তাই বহি থকা শিলচটাও  যেন হৈ পৰিছে মাদকতাময়।  আস… কি আছে এই নাৰীৰ শৰীৰত..! আৱিষ্কাৰৰ ৰহস্য নে প্ৰলয়ৰ  ক্ষণিক পূৰ্বৰ নিৰৱতা..!

 চুম্বকৰ   দৰেই আকৰ্ষণ।  মই আগবাঢ়িলোঁ।

    “মিনাৰ্ভা..!”

ঘূৰি চালে তাই। পুনৰ নিৰুদ্দেগ দৃষ্টিৰে নীলাৰ সীমনাত। নীলা পানীভাগ য’ত শেষ হৈছে, তাতেই নিলীম আকাশখনে গজালি মেলিছে।

  “ক্যেসে পতা কিয়া মেৰা নাম…!” – দৃষ্টিত  অকণো যতি নপৰাকৈ মোৰ কথাৰ প্ৰত্যুত্তৰ হিচাপে প্ৰশ্নটো দলিয়াই দিলে।

“তুমি যে অসমৰ পৰা আহিছা,  অকলে…., সেইটোও জানি পেলাইছোঁ৷”

 তাইৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ মোৰ প্ৰত্যুত্তৰ।

এইবাৰ তাই মোলৈকে ঘূৰিলে। তাইৰ চকুদুটা প্ৰশ্নৰেই ভৰি আছিল।

“তোমাক মিচেছ ভাৰ্গবে পঠিয়াইছে নহয় নে..?”

“ওহোঁ… হু ইজ ছি..?”

“কোনো নহয়। ফ’ৰগেট ইট৷”

মিনাৰ্ভাই বেগৰ পৰা ইনহেলাৰ এটা  উলিয়াই  মুখৰ ভিতৰতে দুবাৰ স্প্ৰে কৰিলে।

“বহোঁ নে তোমাৰ কাষত..?” মই সুধিলোঁ।

“নিশ্চয়, কিন্তু ব্যক্তিগত কোনো কথা নোসোধোৱাকৈ৷” – তাই ক’লে।

সৰু শিল এটাত বহিলোঁ। মিনাৰ্ভাৰ মুখখন ভালকৈ চোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। বেছ সুগঢ়ী। নাকৰ  ফুলটো জিলিকি আছে। সম্ভবতঃ ডাইমণ্ডৰ সৰু টুকুৰা এটা।

 ডাঙৰ ঢৌ এটা আহি তাইৰ কলাফুলৰ পৰা উদং ভৰি দুখন ধুৱাই  পুনৰ অহা বাটে গুচি গ’ল। বালিৰ  পাতল তৰপ  এটা তাইৰ ভৰি দুখনত। মিহিকৈ পায়েল এপাট  পিন্ধি থকা বাওঁ ভৰিখন বালিত কিবা আঁকবাক কৰাৰ ভংগীমাত। ঢৌ বোৰে কেৱল উচ্ছল কোলাহল কৰি নিস্তব্ধতা ভংগ কৰি আছে। তাৰ বাহিৰে বৰ্তমান ইয়াত কোনো শব্দ নাই।

  কিছু দূৰৈত কণমানি এজনীয়ে তাইৰ দেউতাক যেন লগা মানুহজনৰ হাতত ধৰি শামুকৰ খোলা বুটলিছে। প্ৰতিটো ঢৌৰ পিছে পিছে তাই এটি দুটিকৈ খোলা বুটলিছে। কোনোবাটো হয়তো শংকু, কোনোবাটো হয়তো চিকমিকিয়া শুকুলা। তাই ষ্ফূৰ্ত্তিতে জপিয়াই উঠিছে।

মিনাৰ্ভাই তধা লাগি চাই ৰৈছে কণমানিটোৰ মৰমলগা ধেমালি। হুমুনিয়াহ এটা  কাঢ়ি  দৃষ্টি ঘূৰাই আনিছে।

পুনৰ ঢৌ এটাই খুন্দিয়াই থৈ গ’ল দুয়োকে।

“তুমি জানানে, সাগৰে আমাৰ পৰা একোকে নিবিচাৰে। কেৱল দিবলৈহে বিচাৰে। সাগৰৰ বিশালতাৰ সন্মুখত থিয় হৈ নিজৰ ক্ষুদ্ৰত্ব বিচাৰি পাওঁ। সাগৰৰ বিশালতাত মগ্ন হৈ নিজৰ মনৰ পৰিধিৰ সম্ভেদ পাওঁ।”

মই  মৌনতাক সৰবতালৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ

ঘোপাকৈ চালে তাই।

“অহ, ছ্যৰী… ।” মই ক’লোঁ

“আমাৰ দুখবোৰো   এনেকৈয়ে ধুই লৈ যোৱা হেঁতেন… !”  

“তেনেকৈ নাভাবিবা মিনাৰ্ভা, দুখবোৰ জানো আমাৰ নহয়…? গতিকে, এই দুখৰ ভাৰ সাগৰে কিয় বহন কৰিব .! কৈছোঁৱেই নহয়, সাগৰে আমাৰ পৰা একোকে গ্ৰহণ নকৰে।”

“এনেকুৱাও হ’ব পাৰে যে মোৰ ভিতৰৰ বিষাদখিনি সামৰি ল’ব পৰাকৈ সাগৰখনৰ বুকুৰ বিশালতাৰ পৰিধি কম ..!”

“সাগৰৰ বিশালতাত প্ৰশ্ন নুতুলিবা মিনাৰ্ভা। তাতোকৈ তুমি সাগৰৰ সহচৰ্য বিচৰা। সাগৰে তোমাক  জীৱনটোৰ নতুন অৰ্থ শিকাব।”

 “যাৰ জীৱনটোৰ কোনো অৰ্থই নাথাকে, তাত আকৌ নতুন,পুৰণি বুলি কিবা থাকে জানো..!”

“কোনোৱেই পৃথিৱীত নিৰৰ্থক হৈ জন্ম নলয়। প্ৰত্যেকটো জীৱনৰ অৰ্থ থাকেই। মাথো অনুভৱ কৰি তথা চিনি লৈ তাক পৰিপূৰ্ণ কৰাটোহে কথা।”

“এহ… বৰ ফিল’ছফিকেল হৈছে নেকি…! তুমি মোৰ সৈতে নিজৰ সময় নষ্ট কৰিছা কিয়…!  ইয়ালৈ মানুহে সময় নষ্ট কৰিবলৈ নাহে, নিজৰ অতি মূল্যবান একান্ত সময়খিনিৰ স্মৃতি ধৰি ৰাখিবলৈ হে আহে।

“ধৰি লোৱা, এইখিনি সময়েই মোৰ অতি মূল্যবান স্মৃতি কৰি ৰাখিব খুজিছোঁ।”

“হোৱাট ন’নচেঞ্চ..! তোমাৰ লগত মোৰ ভালকৈ  চিনাকীয়েই হোৱা নাই। কিবাকৈ মোৰ নামটো জানি লৈ মোৰ কাষত বহি থাকি মোৰ সৈতে ফ্লাৰ্ট কৰিব আহিছা..! জাষ্ট গেট ল’ষ্ট…” ।

প্ৰায় চিঞৰি উঠিল তাই। ৰঙা হৈ পৰিছে তাইৰ চকু দুটা। কিমান বিষাদ ভৰি আছে চকুদুটিত। একেথিৰে চাই ৰ’লোঁ।

পুনৰ নীৰৱতা।

কিছুপৰ  কেৱল বতাহ আৰু পানীৰ শব্দৰ ধেমালি চলি থাকিল।

“ফিলিপ…, ফিলিপ আছিল তাৰ নামটো। গুছি গ’ল। একেবাৰেই…”

হঠাতে কান্দি পেলালে তাই।

“মিচেছ ভাৰ্গৱে মোক কৈছিল, যি গুচি যায় তাক ঘূৰাই আনিবলৈ চেষ্টা কাহানিও নকৰিবা….

ফেঁকুৰি ফেঁকুৰি কৈ থাকিল । মোৰ প্ৰসাৰিত দৃষ্টি তাইৰ উন্মুত্ত চুলিকোছাত।

“বেংগালুৰুত তিনিবছৰ একেলগে কটোৱাৰ পিছত মই কেতিয়াও ভবা নাছিলোঁ কেতিয়াবা ফিলিপ নোহোৱা জীৱন এটা জীয়াব লাগিব বুলি…। মাত্ৰ দুমাহৰ বাবে সি ফ্ৰান্সলৈ গৈছিল…  ঘূৰি নাহিল । তাৰ গ্ৰেণীয়ে কৈছিল, তেওঁলোকৰ শিপা আছে ফ্ৰান্সত। শিপাৰ পৰা বিচ্ছিন্ন হৈয়ে জীৱনটো কটালে। এতিয়া শেষ সময়খিনি তেখেতে ফ্ৰান্সৰ নিজ গাঁওতেই কটাবলৈ বিচাৰে। সি যাবলৈ বিচৰা নাছিল।

কেতিয়াও নিজকে ফ্ৰান্সমূলীয় বুলি নাভাবিছিল। আত্মীয়ই তাক হেনো ইতিকিং কৰিছিল। সি নিৰ্বিকাৰ আছিল। সি তাৰ জন্মভূমিক ভাল পাইছিল, আমাৰ দেশখনক ভাল পাইছিল, মোক ভাল পাইছিল…। তাৰ পিছতো সি কিয় গুচি গ’ল.. !”

পুনৰ তাইৰ মুখত অসংলগ্ন কথাৰ টুকুৰা কেইটামান। ক্ষণিকৰ ব্যৱধান।

“মিচেছ ভাৰ্গৱৰ হাজাৰ বাধা নামানি মই পেৰিচলৈ গৈছিলোঁ। তাৰ ঠিকনা পোৱাটো মোৰ বাবে ইমান কঠিন নাছিল, যিমান তাৰ অবিহনে জীৱন৷”

“কি দেখিলা তাত..! ফিলিপক… ? নে ফিলিপৰ সুখী জীৱনটোক …!”

লাহেকৈ ক’লোঁ।

কিছুপৰ সোঁ ভৰিৰ নখ এটাৰে বালি খুচৰি থাকিল।  তাইৰ দেহটো মাজে মাজে কঁপি আছে। তাই উচুপি আছিল। চকু পানীখিনিক বাধা দিবলৈ যিমানেই চেষ্টা কৰিছে, সিমানেই তাইৰ দেহৰ কঁপনিও বাঢ়িছে। হাতেৰে তাইৰ কান্ধত মৃদু চাপ দিলোঁ। সহানুভূতিৰ স্পৰ্শই তাইৰ আবেগৰ বান্ধ খুলি দিলে।  আঠু দুটাত মুৰটো গুজি কান্দি কান্দি কৈ উঠিল,

“সি সুখী, বহুত সুখী। এলিচক লৈ তাৰ জীৱন পৰিপূৰ্ণ। মই হেনো তাৰ বাবে কেৱল অতীতৰ কেইটামান স্মৃতি।”

“তেন্তে তুমি কিয় কান্দিছা মিনাৰ্ভা…! তোমাৰ প্ৰেমক হেৰুৱাই..!  নে আনৰ  সৈতে সুখী হোৱা দেখি..! “

“প্ৰেম কৰিছানে কেতিয়াবা…! কৰিছা যদিও প্ৰেমৰ  বিচ্ছেদ কি বস্তু সেয়া অনুভৱ কৰিব পৰা  নাই।  তুমি নুবুজিবা… প্ৰিয়জনক হেৰুওৱাৰ দুখ তুমি নুবুজিবা। “

“সঁচাকৈয়ে সেয়া প্ৰেম কৰিছিলা নে তুমি…?  যি প্ৰেমত  স্বাৰ্থ জড়িত হৈ পৰে, সেয়া প্ৰকৃত প্ৰেম হ’ব নোৱাৰে।”

“হোৱাট ড্যু ইউ মিন…!”

“মই ভাবো, তোমাৰ প্ৰেম আছিল  কেৱল নিজৰ বাবে হে। প্ৰেমৰ প্ৰথম চৰ্তই  হৈছে ত্যাগ। ত্যাগ স্বীকাৰ কৰিব নোৱাৰাজন প্ৰকৃত প্ৰেমৰ অধিকাৰী হ’ব নোৱাৰে।  নিজক সুখী কৰিবলৈহে ফিলিপক বিচাৰিছিলা। ফিলিপক  সুখী  কৰিবলৈ নিশ্চয় নহয়৷”

“কি কৈছা তুমি..! আমাৰ সম্পৰ্কত আমি দুয়ো সুখী হ’লোঁহেতেন.. । ফিলিপক গোটেই জীৱন সুখী ৰাখিলোঁহেতেন.., মই  নোহোৱা জীৱন এটাত ফিলিপ কেনেকৈ  সুখী হ’ব পাৰে…!”

“কিন্তু তুমি কৈছিলা ফিলিপ তাৰ পত্নীৰ সৈতে সুখী৷”

“অ’ কৈছিলোঁ। কিন্তু…..!”

“তেন্তে তুমি কিয় দুখ কৰিছা মিনাৰ্ভা? বৰং তুমি সুখী হ’বহে লাগে। কাৰণ তোমাৰ প্ৰেম সুখী। ফিলিপ তাৰ নতুন জীৱনত সুখী। তোমাৰ প্ৰেমত যেতিয়ালৈকে স্বাৰ্থ থাকিব, তেতিয়ালৈকে তুমি দুখবোৰ কঢ়িয়াই লৈ ফুৰিব লাগিব৷”

মধ্যাহ্নই পাৰ হৈ অপৰাহ্নলৈ গতি কৰিছে। বতৰটো ক্ৰমে শীতল হৈ পৰিব ধৰিছে।

“মোৰ সৈতে ব’লা৷”   মই ক’লোঁ

একো নোকোৱাকৈ তাই বহিয়েই থাকিল।

“ ব’লা… ।”

পুনৰ ক’লোঁ।   এইবাৰ মোৰ মাতটোত কিছু পৰিমানে কৰ্তৃত্বৰ সুৰ আছিল।

তাই  ৰঙা পৰা চকুদুটা মোৰ চকুত থ’লে। বুকুত যেন কিহবাই খুচি দিলে।

তাই উঠি কাপোৰৰ বালিবোৰ জোকাৰিলে।

“ক’লৈ যাবা..? “

তাই সুধিলে।

একো নোকোৱাকৈ মই আগবাঢ়িলোঁ। তাই মোক অনুসৰণ কৰিলে।  বতাহৰ তালে তালে আমাৰ খোজবোৰৰ শব্দৰ বাহিৰে কাৰো মুখত একো কথা নাই।

 ধুসৰ বৰণীয়া ঘৰবোৰ আৰু বেঙুনীয়া, হালধীয়া ব’গেনভেলিয়াৰ মাজে মাজে কিছুদুৰ গৈ এটা স্থানত ৰৈ দিলোঁ।  এইবাৰ তাই মোৰ নিচেই কাষত।

সন্মুখৰ গেইটখনত চকু ৰাখি ক’লোঁ,

“স্বামী অৰবিন্দৰ আশ্ৰম এয়া। যোৱা, স্বামীজীৰ সমাধি স্থানত বহাগৈ। স্বামীজীৰ ওচৰত  তোমাৰ সকলো দ্বিধা অৰ্পণ  কৰা। তোমাৰ মনৰ সকলো কষ্ট, সকলো আশংকা দূৰ হৈ পৰিব।”

“তুমি…!”

“ তাৰ পিছত  তুমি হোটেল চাউথ এভিনিউলৈ যাব লাগিব। তাত দুশ তিনি নম্বৰ কোঠাত তোমাৰ বাবে কোনোবাই ৰৈ আছে। “

“মিছেছ ভাৰ্গব..!”

“ওহোঁ, তোমাৰ মা।”

“তেওঁ মোৰ মা হ’ব নোৱাৰে। কেৱল দেউতাৰ সুখৰ কাৰণ তেওঁ। মোৰ মাৰ মৃত্যু হৈছে চৌধ্য বছৰ আগতেই৷”

“যিগৰাকী নাৰীয়ে কেৱল তোমাৰ সুখৰ  বাবেই নাৰীৰ একান্তই কাম্য গৰ্ভধাৰণ কৰাৰ পৰা বিৰত থাকিলে সেইগৰাকীক তুমি মাতৃত্বৰ সোৱাদৰ পৰা বঞ্চিত কৰাটো কিমান যুক্তিসংগত…! তুমি যিমানেই সত্যৰ পৰা আঁতৰি যাবলৈ চেষ্টা নকৰা কিয়, সত্যই তোমাক অনুসৰণ কৰিবই। সত্যক মানি লোৱা মিনাৰ্ভা৷ তুমি ফ্ৰান্সলৈ যোৱাৰ দিনাৰ পৰাই তোমাৰ বাবে পণ্ডিছেৰীত ৰৈ আছেহি।”

“তুমি কোন…! কেনেকৈ তুমি ইমানখিনি জানিব পাৰিছা..!”

সেমেকা চকু দুটাৰে তাইৰ চকুলৈ চালোঁ।  মোৰ চকু দুটাই ক’বলৈ আপ্ৰাণ চেষ্টা কৰিও ক’ব নোৱাৰিলে তাই কাহানিও বুজি নোপোৱা প্ৰেমিকজন বুলি।

নাইবা এনেকুৱাও হ’ব পাৰে যে তাইৰ চকু দুটাই অতীতক নিবিচাৰে। মনলৈকো আনিবলৈ  নিবিচাৰে।

“কেনেকৈ জানিলা ইমান কথা..?”  পুনৰ প্ৰশ্ন।

“মই কৈছিলোঁ মিনাৰ্ভা… কৈছিলোঁ তোমাক, সমুদ্ৰই কেতিয়াও আমাৰ বস্তু গ্ৰহণ নকৰে।”

তাইৰ হাতত মই তায়েই সমুদ্ৰৰ বুকুলৈ দলিয়াই দিয়া পাৰ্ছটো তুলি দিলোঁ। তাই পিত্ পিত্ কৈ পাৰ্ছটো লিৰিকি বিদাৰি চালে। চুমা দুটামান খাই পাৰ্ছটো বুকুত সাৱটি ল’লে।

“তোমাক আকৌ কেতিয়া ল’গ পাম…! “

আকূল স্বৰেৰে তাই সুধিলে।

মই হাঁহিলোঁ।

“কিয়, আমিতো পুনৰ লগ পোৱাৰ কথা নাই…৷”

“তথাপি… কিয় জানো তোমাক পুনৰবাৰ লগ পোৱাটো যেন জৰুৰী…।

“হয়তো জীৱনৰ কোনো এক আলি দোমোজাত লগ পালোঁ। সেয়া পুণৰাই হোৱাটোৰ নিশ্চয়তা নাই”

“ক’ত ল’গ পাম সেইটো কোৱা..।”

পুনৰ উদ্বিগ্নতা তাইৰ।

“য’ত পাইছিলা আজি, সেই ঠাইতেই পাবা কাইলৈও।  সাগৰ তীৰৰ শামুকৰ খোলাৰ দৰে…।”

কিছুপৰ চাইয়েই থাকিল তাই। কিবা যেন এক সংজ্ঞাৰ আচ্ছাদন তাইৰ দৃষ্টিত। আস, সহ্য নহয় মোৰ। দূৰ্বলতাক আশয় দিম জানো এই মূহুৰ্ত্তত…! নোৱাৰি, মুঠেও নোৱাৰি।

তাই সোমাই গ’ল আশ্ৰমৰ ভিতৰলৈ। শ্ৰান্ত মনটিক শান্ত কৰিবলৈ।

মোৰ মনত  এতিয়া এসোঁতা বিষাদৰ সুৰ।

 দিগন্তৰ অস্ত বেলিটিয়ে শেষ হাঁহিকণেৰে জিৰাইছে।  পিঠিত বেগটো ওলোমাই আগলৈ খোজ দিলোঁ। লক্ষ্যস্থান  চাউথ এভিনিউৰ দুশ তিনি নম্বৰ কোঠা।  মিচেছ ভাৰ্গৱৰ লগত কমিচনৰ অংকটো মিলাব লাগিব। তেখেতৰ কাম কৰি দিয়াৰ প্ৰাপ্যখিনিতো ল’বই লাগিব।

দেহাটো খহি পৰাৰ পিছতো শামুকৰ খোলাটিৰ আদৰ থাকেনে..? হয়তো থাকে । ঠিক মোৰ প্ৰেম কাহিনীটোৰ দৰেই…! 

*****

ঠিকনা:

গোলকগঞ্জ, ধুবৰী

Visited 1 times, 1 visit(s) today
Website |  + posts
Close