Written by sdblogs2011 4:33 am Poems

মহানগৰ

উদয় কুমাৰ বৰুৱা

কত যে সপোন উজাই আহে

ৰাতিৰ নীৰৱতা ভেদি

তাৰে এটাৰ গাত ভেজা দি

পালোঁহি এই  মায়াৰ নগৰ ।

যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা

এখন তৃষাৰ নগৰ

শাৰী শাৰী অট্টালিকা,

সুদৃশ্য শ্বপিংমল ,

নানাৰঙী বাহন,

বহুৰূপী মানুহ

কোন ফালে যাম ভাবি থাকোঁতেই

ফুটপাথ এটা হ’ল মোৰ সহচৰ

অঁকাই পকাই সি দেখুৱালে স্বপ্ন

এই নগৰীৰ বহু বিচিত্ৰ ৰূপ,

কোলাহলৰ মাজতো আলো-ছায়াৰ লাজুক আলিংগন

দেখিলোঁ, অত দিনে শুনা আৰু ভবা কথাবোৰৰ

ইয়াত নাই কোনো তাল-মিল

ওপৰলৈ চাবলৈও নাই এচমকা ফৰকাল আকাশ

পাহাৰৰ সেওঁতাৰে নামি আহে হালধীয়া চকুলো

ওখ ওখ ঘৰবোৰৰ নাতিদূৰৈতে চলি থাকে

অৰ্ধাহাৰে অনাহাৰে লাম-লাকটুৰ সংসাৰ

ডাষ্টবিনৰ উচ্ছিষ্টৰে জীৱনৰ কৰ্ষণ হয় এজাক নিৰণ্ণ শিশুৰ,

তাকে দেখি নাকত ৰুমাল লয়

আলসুৱা শিশুৰ মাকবোৰে

চাইৰেন বজাই পালি প্ৰহৰীৰে গুচি যায় ৰজা

প্ৰগতিৰ বাণীৰে মুখৰিত হয় ধূসৰ বতাহ

নাজানো কি উন্মাদনাত অতিক্ৰমনৰ কাঁইটীয়া বাট পাৰ হৈ মুখামুখি হ’লোঁ

এই মায়ানগৰীৰ

ওভতনিৰ বাট বিচাৰি থাকোঁতেই কাৰ ফুচুলনিত অৰ্গল খুলি সোমাই গ’লোঁ

আৰু নতজানু হ’লোঁ সমৰ্পণৰ প্ৰাচীন ভংগিমাত

তাৰ পাছতো পাৰ হৈ গ’ল ৰ’দ-বৰষুণৰ অলেখ ছন্দ, অলেখ গাথা

ভোকৰ বিৱৰ্ণ আৰাও

আপাতত: জীৱন জীৱিকাৰ কঠিন শৃংখল মোৰ প্ৰাত্যহিকতাৰ সহজ স্পন্দন

দূৰৈৰ গোপন সূৰ্যৰ একাঁচলি পোহৰে এতিয়া মোক ভাঙিছে-গঢ়িছে

Visited 2 times, 1 visit(s) today
Website |  + posts
Close