Written by sdblogs2011 6:31 am Poems

মহাজাগতিক শূন্যতা

অৰ্চনা ঠাকুৰীয়া

ঘৰগোনা কথাবোৰ অঘৰী হোৱাৰ বেদনাত

খোজবোৰ থৰক-বৰক

সম্পৰ্কৰ ভাৰখন গধুৰ

তাতোকৈ গধুৰ মন

এইবাৰ আহিলে তুলাচনী লৈ আহিবা

জুখি চাম বিৱে‍কৰ ওজন

টোৰটোৰাই থকা প্ৰতিটো ৰাতিয়েই নিজম

প্ৰতিটো ৰাতিয়েই যি কয়

সেয়া উশাহঘন নহয়

সুখৰ নে দুখৰ 

ৰাতি দুপৰত বাজি উঠা

গৰখী়য়াৰ উপবাসী বাঁহী

আঃ হাত মেলিয়েই চুব পাৰি দেখোন

সেই সুৰ, 

সেই আশা

বোধগম্য হওক বা নহওক

কোঠাটোত থকা প্ৰতিটো জ্যামিতিক অৱয়বে

সোঁৱৰাই দিয়ে

শৰীৰত ধূলি-মাকতি লৈও

নিজৰ ঠাইত থিয় হৈ থকাৰ কৌশল

সিন্ধুত বিন্দু বিচাৰি অপচয় হোৱা সময়তকৈ

সময়ৰ আৱাহনী মুদ্ৰাৰ মহাজাগতিক শূন্যতাই ভাল

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close