Written by sdblogs2011 6:44 am Poems

মহাকবি কালিদাসৰ ৰঘুবংশ

ৰঘুবংশ : ৪ৰ্থ অধ্যায়

মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত 

সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ।

পিতৃপ্ৰদত্ত ৰাজ্যত অধিষ্ঠিত হৈ ৰঘুও উজলিল তেনেকৈ ।

স ৰাজ্যং গুৰুণা দত্তং প্রতিপদ্যাধিকং বভৌ |

দিনান্তে নিহিতং তেজঃ সবিত্রেব হুতাশনঃ || ৪-১||

দিলীপৰ পিছত ৰঘু ৰাজ্যত প্ৰতিষ্ঠিত হোৱা শুনি

ৰজাগণৰ হৃদয়ত ঈৰ্ষাত 

উমি উমি জ্বলা জুই হ’ল প্ৰজ্বলিত অগনি ।

দিলীপানন্তৰং ৰাজ্যে তং নিশম্য প্রতিষ্ঠিতম্ |

পূর্বং প্রধূমিতো ৰাজ্ঞাং হৃদয়েঽগ্নিৰিবোত্থিতঃ || ৪-২||

ইন্দ্ৰৰ পতাকাৰ দৰে নৱ-অভ্যুদয় দেখি

প্ৰজাসহ সুখী হ’ল ৰঘুৰ সন্তান-সন্ততি ।

পুৰুহূতধ্বজস্যেৱ তস্যোওন্নয়নপঙ্ক্তয়ঃ |

নবাভ্যুত্থানদর্শিন্যো ননন্দুঃ সপ্রজাঃ প্রজাঃ || ৪-৩||

ৰাজনে গজেন্দ্ৰগমনে একে সময়তে 

কৰিলে পিতৃৰ সিংহাসনত আৰোহণ

আৰু চৌদিশে কৰিলে শত্ৰুক দমন ।

সমমেৱ সমাক্রান্তং দ্বয়ং দ্বিৰদগামিনা |

তেন সিংহাসনং পিত্র্যমখিলং চাৰিমণ্ডলম্ || ৪-৪||

সাম্ৰাজ্যত অভিষিক্ত ৰঘুক যেন শ্ৰীলক্ষ্মীয়ে কৰিলে ছত্ৰধাৰণ।

চকুৰে নেদেখিলেও দিব্যকান্তিয়েই দিয়ে তাৰ সুমংগল অনুমান ।

ছায়ামণ্ডললক্ষ্যেণ তমদৃশ্যা কিল স্বয়ম্ |

পদ্মা পদ্মাতপত্রেণ ভেজে সাম্রাজ্যদীক্ষিতম্ || ৪-৫||

এনে লাগিল যেন স্বযং বাগ্দেৱী আহি স্তুতিচাৰণৰ সতে

স্তুতি কৰিছেহি ৰঘুৰ যশস্যা বঢ়াবলে ।

পৰিকল্পিতসাংনিধ্যা কালে কালে চ বন্দিষু |

স্তুত্যং স্তুতিভিৰর্থ্যাভিৰুপতস্থে সৰস্বতী || ৪-৬||

যদিও মনু আদি ৰাজন্যবৰ্গই উপভোগ কৰি গৈছে পৃথিৱী

বসুন্ধৰা যেন প্ৰথমবাৰলৈ হ’ল ৰঘুৰ প্ৰতি অনুৰাগিনী  ।

মনুৰ্প্রভৃতির্মান্যৈর্ভুক্তা যদ্যপি ৰাজভিঃ |

তথাপ্যনন্যপূর্বেব তস্মিন্নাসীদ্বসুংধৰা || ৪-৭||

নিৰপেক্ষ আৰু সমতাৰে কৰি দণ্ডবিধান

নাতিশীতোষ্ণ বায়ুৰ দৰে কৰিলে সবাৰে মনোহৰণ ।

স হি সর্বস্য লোকস্য যুক্তদণ্ডতয়া মনঃ |

আদদে নাতিশীতোষ্ণো নভস্বানিব দক্ষিণঃ || ৪-৮||

আমৰ ফল পালে যেনেকৈ মানুহে পাহৰি যায় আমে মলিওৱাৰ কথা

সৰ্বগুণী ৰঘুক পাই প্ৰজাই পাহৰি থাকিলে ৰাজপিতৃ দিলীপৰ কথা ।

মন্দোৎকণ্ঠাঃ কৃতাস্তেন গুণাধিকতয়া গুৰৌ |

ফলেন সহকাৰস্য পুষ্পোদ্গম ইব প্রজাঃ || ৪-৯||

নীতিজ্ঞসকলে যেতিয়া নতুন সম্ৰাটৰ আগত 

ব্যাখ্যা কৰে সজ-অসজ দুই পক্ষ 

অসজক ত্যাগ কৰি ৰঘুৱে লয় প্ৰথম পক্ষ ।

নয়বিদ্ভির্নবে ৰাজ্ঞি সদসচ্চোপদর্শিতম্ |

পূর্ব এবাভবৎপক্ষস্তস্মিন্নাভবদুত্তৰঃ || ৪-১০||

নতুন নৃপতিৰ নৱচিন্তাৰে সকলো হ’ল নতুন 

পঞ্চভূতৰ সকলো গুণৰ হ’ল উৎকৰ্ষ সাধন ।

পঞ্চানামপি ভূতানামুৎকর্ষং পুপুষুর্গুণাঃ |

নবে তস্মিন্মহীপালে সর্বং নৱমিবাভবৎ || ৪-১১||

অৰ্থৰ মূলতে 

চন্দ্ৰ তেওঁৰ নাম  কৰে আনন্দ দান

প্ৰবল উত্তাপৰ উৎস  তেওঁ তপন

প্ৰজাৰঞ্জন বাবেই সাৰ্থক ৰঘুৰ ৰজা নাম ।

যথা প্রহ্লাদনাচ্চন্দ্রঃ প্রতাপাত্তপনো যথা |

তথৈব সোঽভূদন্বর্থো ৰাজা প্রকৃতিৰঞ্জনাৎ || ৪-১২||

দুচকু আছিল বিশাল আকৰ্ণবিস্তৃত

পিছে ৰঘুৰ প্ৰকৃত অক্ষ আছিল 

সূক্ষ্ম কাৰ্যনিৰ্দেশক শাস্ত্ৰ ।

কামং কর্ণান্তবিশ্রান্তে বিশালে তস্য লোচনে |

চক্ষুষ্মত্তা তু শাস্ত্রেণ সূক্ষ্মকার্যার্থদর্শিনা || ৪-১৩||

বুদ্ধি আৰু পৰাক্ৰমেৰে শান্তিস্থাপনৰ সুখী ক্ষণতে

পদুম ফুলেৰে স্বাগত জনালে দ্বিতীয় ৰাজলক্ষ্মী স্বৰূপ শৰতে ।

লব্ধপ্রশমনস্বস্থমথৈনং সমুপস্থিতা |

পার্থিবশ্রীর্দ্বিতীয়েব শৰৎপঙ্কজলক্ষণা || ৪-১৪||

ৰঘুৰ প্ৰতাপ বিস্তৃত হ’ল দশোদিশে

সূৰ্যৰ প্ৰতাপ যিদৰে বিয়পি পৰে

বাৰিষাৰ শেষত শৰতৰ পাতল মেঘেৰে ।

নির্বৃষ্টলঘুভির্মেঘৈর্মুক্তবর্ত্মা সুদুঃসহঃ |

প্রতাপস্তস্য ভানোশ্চ যুগপদ্ব্যানশে দিশঃ || ৪-১৫||

ইন্দ্ৰই যেতিয়া সামৰি থ’লে বৰ্ষাৰ ইন্দ্ৰধনু

ৰঘুৱে কৰিলে ধাৰণ বিজয় ধনু ।

এনেকৈয়ে পৰ্যায়ক্ৰমে দুয়ো ধাৰণ কৰে ধনু 

সজ উদ্দেশ্য যাৰ প্ৰজা মংগলৰ হেতু ।

বার্ষিকং সংজহাৰেন্দ্রো ধনুর্জৈত্রং ৰঘুর্দধৌ |

প্রজার্থসাধনে তৌ হি পর্যায়োদ্যতকার্মুকৌ || ৪-১৬||

বগা পদুমৰ ছত্ৰ ধাৰণ কৰি

আৰু কঁহুৱাৰ চামৰেৰে বিৰাজ কৰি

ৰঘুক অনুকৰণ কৰিলে শৰতে 

কিন্তু তেওঁৰ সৌন্দৰ্য চুব নোৱাৰিলে ।

পুণ্ডৰীকাতপত্রস্তং বিকসৎকাশচামৰঃ |

ঋতুর্বিডম্বয়ামাস ন পুনঃ প্রাপ তচ্ছ্রিয়ম্ || ৪-১৭||

সুন্দৰ প্ৰসন্ন ৰঘুৰ মুখচন্দ্ৰৰ দ্যুতি

যেন একেই সুন্দৰ জোনৰ শুভ্ৰকান্তি

দুয়ো সাধিছিল দৃষ্টি দিয়াজনৰ প্ৰীতি ।

প্রসাদসমুখে তস্মিংশ্চন্দ্রে চ বিশদপ্রভে |

তদা চক্ষুষ্মতাং প্রীতিৰাসীৎসমৰসা দ্বয়োঃ || ৪-১৮||

ৰঘুৰ গৰিমা যেন বিচ্ছুৰিত কৰে তৰাৰ থুপিয়ে

গুণগান কৰে উৰি যোৱা ৰাজহংসৰ শাৰীয়ে

যশ বিয়পায় পদুমেৰে ভৰা পূৰ্ণ জলাশয়ে ।

হংসশ্রেণীষু তাৰাসু কুমুদ্বৎসু চ বাৰিষু |

বিভূতয়স্তদীয়ানাং পর্যস্তা যশসামিব || ৪-১৯||

কুঁহিয়াৰৰ ছাঁত বহি ধানৰখীয়া তিৰোতাই জুৰিছে গান

সেই গানৰ উৎস ৰঘুৰ যশগুণ

শিশুহঁতৰ  কথাতো তেওঁৰেই গুণগান  ।

ইক্ষুচ্ছায়নিষাদিন্যস্তস্য গোপ্তুর্গুণোদয়ম্ |

আকুমাৰকথোদ্ধাতং শালিগোপ্যো জগুর্যশঃ || ৪-২০||

কলচী-জাত ঋষিৰ (অগস্ত্য) নক্ষত্ৰৰ উদয়ত 

জলাধাৰ হ’ল স্বচ্ছ শীতৰ আগমনত ।

পিছে শতৰুৰ মন মোলান পৰিল পৰাক্ৰমী ৰঘুৰ ভয়ত ।

প্রসসাদোদয়াদম্ভঃ কুম্ভয়োনের্মহৌজসঃ |

ৰঘোৰভিভবাশঙ্কি চুক্ষুভে দ্বিষতাং মনঃ|| ৪-২১||

লীলাক্ৰমে ৰঘুৱে যেনেকৈ কৰে বিক্ৰমৰ প্ৰদৰ্শন

বিশাল কুঁজৰ ষাঁড়ৰ এজাকে কৰে বিদীৰ্ণ 

নদীৰ পলসুৱা পাৰ ক্ৰীড়াতে যেন  ।

মদোদগ্রাঃ ককুদ্মন্তঃ সৰিতাং কূলমুদ্রুজাঃ |

লীলাখেলমনুপ্রাপুর্মহোক্ষাস্তস্য বিক্রমম্|| ৪-২২||

মদগন্ধি সপ্তপৰ্ণ ফুলৰ গোন্ধত হৈ মতলীয়া

ৰঘুৰ হস্তীবাহিনীয়ে যেন 

অসূয়াতে বৰষিলে মদস্ৰাৱ সপ্তধাৰা ।

প্রসবৈঃ সপ্তপর্ণানাং মদগন্ধিভিৰাহতাঃ |

অসূয়য়েব তন্নাগাঃ সপ্তধৈব প্রসুস্রুবুঃ|| ৪-২৩||

নদ-নদী হ’ল তৰাং বাট-পথ হ’ল বোকাহীন

শৰতে যেন ৰণলৈ মাতিলে যাত্ৰা কৰি সুগম ।

সৰিতঃ কুর্বতী গাধাঃ পথশ্চাশ্যানকর্দমান্ |

যাত্রায়ৈ চোদয়ামাস তং শক্তেঃ প্রথমং শরৎ|| ৪-২৪||

প্ৰথমেই,

অশ্ব-আৰতিৰ নিৰাঞ্জনা যজ্ঞ ৰাজনে কৰিলে সম্পন্ন

প্ৰজ্জ্বলিত বহ্নি দক্ষিণমুখী হৈ কৰিলে যেন জয়দান ।

তস্মৈ সম্যগ্ঘুতো বহ্নির্বাজিনীৰাজনাবিধৌ |

প্রদক্ষিণার্চির্ব্যাজেন হস্তেনেব জয়ং দদৌ|| ৪-২৫||

ৰাজধানী আৰু দূৰ্গ কৰি সুৰক্ষিত

ৰাজ্যৰ প্ৰান্তৰো কৰি ৰক্ষণৰে শুদ্ধ

দৈৱবলেৰ সহায়ত কৰিলে দ্বিগ্বিজয় যাত্ৰা 

লগত লৈ ছয় প্ৰকাৰ সৈন্য ।

স গুপ্তমূলপ্রত্যন্তঃ শুদ্ধপার্ষ্ণিৰয়ান্বিতঃ |

ষড্বিধং বলমাদায় প্রতস্থে দিগ্জিগীষয়া|| ৪-২৬||

বৃদ্ধা পুৰনাৰীসকলে যাত্ৰাপথত ৰঘুলৈ ছটিয়ালে চাউল

যেন মন্দাৰ পৰ্বতত ঠেকা খাই 

ক্ষীৰসাগৰৰ জলবিন্দু বিষ্ণুৰ শৰীৰতহে পৰিল ।

অবাকিৰন্বয়োবৃদ্ধাস্তং লাজৈঃ পৌৰয়োষিতঃ |

পৃষতৈর্মন্দৰোদ্ধূতৈঃ ক্ষীৰোর্ময় ইবাচ্যুতম্|| ৪-২৭||

অন্য এক ইন্দ্ৰ যেন ৰঘুৱে ধ্বজা উৰুৱাই গমন

শত্ৰুকুলক কৰি তৰ্জন-গৰ্জন ।

প্ৰথমেই পূৰ্বদিশে কৰিলে অভিযান ।

স যয়ৌ প্রথমং প্রাচীং তুল্যঃ প্রাচীনবর্হিষা |

অহিতাননিলোদ্ধূতৈস্তর্জয়ন্নিব কেতুভিঃ|| ৪-২৮||

ৰথৰ চকাৰ ধূলি ওপৰলৈ উৰি  

আকাশক কৰিলে পৃথিৱী সমান ।

কলীয়া মেঘৰ দৰে হাতীৰ দলে 

পৃথিৱীক কৰিলে আকাশ সমান ।

ৰজোভিঃ স্যন্দনোদ্ধূতৈর্গজৈশ্চ ঘনসংনিভৈঃ |

ভুবস্তলমিব ব্যোম কুর্বন্ব্যোমেব ভূতলম্|| ৪-২৯||

চতুৰংগ সেনানীয়ে কৰিলে চাৰিভাগ হৈ গমন

যেন সমুখত ৰজাৰ প্ৰতাপ তাৰ পাছত প্ৰজাৰ সিংহনাদ

তাৰপিছত যায় পদাতিকৰ ধূলি আৰু তাৰপিছত ৰথাদি ।

প্রতাপোঽগ্রে ততঃ শব্দঃ পৰাগস্তদনন্তৰম্ |

যয়ৌ পশ্চাদ্রথাদীতি চতুঃস্কন্ধেব সা চমূঃ|| ৪-৩০||

তেওঁৰ শক্তিৰ প্ৰভাৱত 

মৰুপ্ৰান্তৰ হৈ উঠিল সুজলা

বিশাল নদীবোৰ হৈ পৰিল পাৰাপাৰ যোগ্য

উজলি উঠিল অন্ধকাৰ অৰণ্য ।

মৰুপৃষ্ঠান্যুদম্ভাংসি নাব্যাঃ সুপ্রতৰা নদীঃ |

বিপিনানি প্রকাশানি শক্তিমত্ত্বাচ্চকাৰ সঃ|| ৪-৩১||

হৰৰ জটাৰ পৰা খহি পৰা গংগাক যেনেকৈ 

পথ প্ৰদৰ্শন কৰিছিল ভগীৰথে ।

পূৰ্বসাগৰমুখী বিশাল সেনানীক পৰিচালনা কৰি

ৰঘুৱেও শোভা পালে ।

স সেনাং মহতীং কর্ষন্পূর্বসাগৰগামিনীম্ |

বভৌ হৰজটাভ্রষ্টাং গঙ্গামিব ভগীৰথঃ|| ৪-৩২||

হাতীৰ জাক পাৰ হৈ গ’লে তৰু যেনেকৈ 

ফলবিহীন আৰু ছিন্নভিন্নহৈ বাট মুকলি হয়

ৰঘু  পাৰ হৈ যোৱা দেশসমূহৰ 

পৰাজিত নৃপতিসকলে

বিধ্বস্ত হৈ পথ এৰি যায় । 

ত্যাজিতৈঃ ফলমুৎখাতৈর্ভগ্নৈশ্চ বহুধা নৃপৈঃ |

তস্যাসীদুল্বণো মার্গঃ পাদপৈৰিব দন্তিনঃ|| ৪-৩৩||

এইদৰেই জয় কৰি পূবৰ সকলো দেশ

তালগছেৰে শ্যামল পূৰ্বসমুদ্ৰৰ তীৰত কৰিলে প্ৰবেশ ।

পৌৰস্ত্যানেবমাক্রামংস্তাংস্তাঞ্জনপদাঞ্জয়ী |

প্রাপ তালীবনশ্যামমুপকণ্ঠং মহোদধেঃ|| ৪-৩৪||

তেওঁৰ সৈন্যদলে বশ নমনাক কৰে উচ্ছেদ

কোবাল নদীয়ে হালি নপৰা তৃণক উভলাৰ দৰে ।

সেয়ে সুব্ৰহ্মদেশৰ ৰজাসকলেও 

বেতবনৰ দৰে লেওসেও হৈ বশ্যতাস্বীকাৰ কৰিলে।

অনম্রাণাং সমুদ্ধর্তুস্তস্মাৎসিন্ধুৰয়াদিব |

আত্মা সংৰক্ষিতঃ সুহ্মৈর্বৃত্তিমাশ্রিত্য বৈতসীম্|| ৪-৩৫||

নৌকাযুদ্ধত বংগদেশৰ ৰজাসকলক উৎখাত কৰাৰ পিছত

ৰঘুৱে বিজয়স্তম্ভ থাপিলে গংগাস্ৰোতৰ দ্বীপসমূহত ।

বঙ্গানুৎখায় তৰসা নেতা নৌসাধনোদ্যতান্ |

নিচখান জয়স্তম্ভান্গঙ্গাস্রোতোন্তৰেষু সঃ|| ৪-৩৬||

উৎখাত অধিপতিসকলে প্ৰণিপাত জনালে পাদপদ্মত

প্ৰতিস্থিত কৰিছিল সবাকে পুনৰ নিজৰ পদত ।

এবাৰ উঘালি পুনৰ ৰোপন কৰা

 ধানৰ ঠোক ভৰপূৰ হয় যেনেকৈ

ৰঘুও উপঢৌকনেৰে সংবৰ্ধিত হ’ল তেনেকৈ ।

আপাদপদ্মপ্রণতাঃ কলমা ইব তে ৰঘুম্ |

ফলৈঃ সংবর্ধয়ামাসুৰুৎখাতপ্রতিৰোপিতাঃ|| ৪-৩৭||

কপিশা নদী কৰিলে অতিক্ৰম সেনানীয়ে হাতীৰে নিৰ্মিত সেতুৰে 

উৎকলবাসীয়ে দেখুৱা পথৰে যাত্ৰা কৰিলে কলিংগলৈ ।

স তীর্ত্বা কপিশাং সৈন্যৈর্বদ্ধদ্বিৰদসেতুভিঃ |

উৎকলাদর্শিতপথঃ কলিঙ্গাভিমুখো যয়ৌ|| ৪-৩৮||

মাউতে অংকুশেৰে হাতীৰ মূৰত খোছাৰ দৰে

মাজপথত থকা মহেন্দ্ৰ পৰ্বতৰ শীৰ্ষত 

তেওঁ প্ৰতাপ স্থাপন কৰিলে ।

স প্রতাপং মহেন্দ্রস্য মূর্ধ্নি তীক্ষ্ণং ন্যবেশয়ৎ |

অঙ্কুশং দ্বিৰদস্যেব যন্তা গম্ভীৰবেদিনঃ|| ৪-৩৯||

পাখি কাটিবলৈ উদ্যত ইন্দ্ৰক 

শিলা দলিয়াই আক্ৰমণ কৰিছিল যিদৰে পৰ্বতে ।

হস্তীবাহিনীৰে বলীয়ান কলিংগৰাজেও 

স্বজন বিনাশ দেখি ৰঘুক আক্ৰমণ কৰিলে ।

প্রতিজগ্রাহ কালিঙ্গস্তমস্ত্রৈর্গজসাধনঃ |

পক্ষচ্ছেদোদ্যতং শক্রং শিলাবর্ষীব পর্বতঃ|| ৪-৪০||

তীখাৰ কাঁড়ৰ বৰষুণৰ বিষ এনেকৈ সহিলে

কাকুৎস্থৰ উত্তৰাধিকাৰী ৰঘুৱে

বিধিমত মংগলস্নান যেন বিজয়ৰ বাবে ।

দ্বিষাং বিষহ্য কাকুৎস্থস্তত্র নাৰাচদুর্দিনম্ |

সন্মঙ্গলস্নাত ইব প্রতিপেদে জয়শ্রিয়ম্ || ৪-৪১||

তাতেই ভাল ঠাই চাই ৰঘুৰ সৈন্যদলে

পাণৰ পাতৰ পানপাত্ৰত পান কৰিলে  নাৰিকলৰ মদিৰা 

তাৰ লগতেই যেন পি থ’লে শত্ৰুপক্ষৰ যশস্যা ।

তাম্বূলীনাং দলৈস্তত্র ৰচিতাপানভূময়ঃ |

নাৰিকেলাসবং যোধাঃ শাত্রবং চ পপুর্যশঃ || ৪-৪২||

মহেন্দ্ৰৰাজক জয় কৰি ৰঘু ধৰ্ম-বিজয়ী

ভূমি হৰণ নকৰি কেৱল হৰিলে ৰজাৰ শ্ৰী ।

গৃহীতপ্রতিমুক্তস্য স ধর্মবিজয়ী নৃপঃ |

শ্রিয়ং মহেন্দ্রনাথস্য জহাৰ ন তু মেদিনীম্ || ৪-৪৩||

তাৰপিছত তামোল গছৰে শোভিত সমুদ্ৰতটেৰে 

কৰিলে দক্ষিণলৈ বিজয়-নিস্পৃহ অগস্ত্য যাত্ৰা ।

ততো বেলাতটেনৈব ফলবৎপূগমালিনা |

অগস্ত্যাচৰিতামাশামনাশাস্যজয়ো যয়ৌ || ৪-৪৪||

সুবাসিত হ’ল কাবেৰী নদী

সৈনিকৰ জলকেলি আৰু হস্তীকুলৰ মদগন্ধৰে 

জলাধিপতি সমুদ্ৰ যেন সন্দিহান হ’ল প্ৰিয়া কাবেৰীৰ প্ৰতি ।

স সৈন্যপরিভোগেণ গজদানসুগন্ধিনা |

কাবেৰীং সৰিতাং পত্যুঃ শঙ্কনীয়ামিবাকৰোৎ || ৪-৪৫||

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close