Written by sdblogs2011 8:37 pm Poems

মন-ফুলৰ চিঠি

 ধৰিত্ৰী বৰুৱা

(১)

যোৱাবাৰ শীতত মন-ফুল মৰিছিল,

এইবেলি শীতত পলসুৱা হাত।

ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ।

ঠেৰেঙা জাৰত কি ফুল আনিছা?

সৰিয়হ নে আন কিবা?

(২)

শীতে জপাই থয় মেঘ, মেঘে সামৰে প্ৰেম।

বৰষুণলৈ বাট নাচাবা, “জোন” বুলিলেইচোন খহে মন।

(৩)

মন-ফুল মৰি কাহিনী হ’ল। মনে মনে গুচি গ’ল আটোম-টোকাৰিকৈ সজা কেইবাটাও কোঠা।

শীত আহিলে এনেয়ে নকঁপো, জানাইচোন মোৰো একেই বেথা।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close