যশোৱন্ত নিপুণ
প্ৰযুক্তিয়ে মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া যোগাযোগ হয়, সিমানেই বেগত মানুহৰ সংযোগ হেৰায়ো যায়৷
ফেচবুকৰ কাৰণেই মানুহবিলাক ওচৰ চাপিও আহিছে আৰু দূৰলৈ গৈও আছে৷ কোনে কি কৰিছে গম পায়ো থাকোঁ আৰু গম নোপোৱাকৈয়ো থাকোঁ৷ কাষৰ মানুহঘৰৰ কথা একো গম নাপাওঁ, কিন্তু দূৰ-দূৰণিৰ মানুহৰ সুখ-দুখৰ বতৰাবোৰ পাই থাকোঁ৷ বহুতো মানুহৰ লগতে আমি চিনাকি হ’বও পাৰিছোঁ, অথচ কাকো চিনিও পোৱা নাই৷ সকলোৰে কিছু সুবিধা হৈছে, কিন্তু পৱনৰ দৰে মানুহৰ কাৰণে বহুত অসুবিধাও হৈছে৷
পুৱায়ে উঠি পৱনে ম’বাইল টিপিবলৈ ধৰে৷ ম’বাইল মানে ফেচবুক, ৱাটচএপ৷ কোনে কি প’ষ্ট দিলে, ফটো দিলে চাই চাই সেইবোৰ প’ষ্টত ধুম-ধাম লাইক কৰি যায়, মন্তব্য দি যায়৷ ঘৈণীয়েক দীপাই তাক গালি পাৰে, “পুৱাৰ পৰা সেইটোতে মৰি থাকা৷ আমাৰ ঘৰত আৰু বেলেগ কাম নাই নহয়৷” সি মনে মনে শুনি যায়৷ কিবা উত্তৰ দিলে আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ ভয় এটা থাকেই৷
সেইদিনা পুৱাই সি ফেচবুক খুলি লৈছে৷ সুদীপে এসোপা ফটো দিছে৷ তাৰ ভাড়াঘৰৰ ওচৰৰ মাছৰ দোকান এখন আছে সুদীপৰ আৰু পৱনে সপ্তাহত এদিন মাছ তাৰ দোকানৰ পৰাই কিনে৷
ফটোবোৰ সি মনে মনে চাই গ’ল৷ বহু কেইটা ফটো সি লাইক কৰিলে৷
সুদীপে পৰিয়াল লৈ, আৰু দুটামান পৰিয়ালৰ লগত ক’ৰবালৈ ফুৰিবলৈ গৈছিল৷ পাহাৰত উঠা, নদীত গা ধোৱা, নাৱত উঠা আদি অনেক ফটো৷ কেইখনমান ফটোত পৱনে “সুন্দৰ”, “বঢ়িয়া”, “বৰ ধুনীয়া” ধৰণৰ মন্তব্যও দিলে৷
বছৰটোৰ শেহত দেশৰ মানুহে দূৰ-দূৰণিলৈ ফুৰিবলৈ যায়, বনভোজলৈ যায়৷ তাতে পৱনৰ একো আহে নাযায়৷ মানুহবোৰে এনদৰে অ’লৈ-ত’লৈ যোৱা খবৰবোৰ ভাল খবৰ৷ ফেচবুকত দিয়া ফটোবোৰ, ভিডিঅ’বোৰ চাই তাৰ ভালেই লাগে৷ কিন্তু সেইবোৰ দীপায়ো চায় আৰু তায়ো গম পায় কোন ক’লৈ গ’ল; কোনে ক’ত গৈ ফুৰ্তি কৰি আহিল৷ কোনোবাই সাগৰত গা ধোৱাৰ খবৰ দিয়ে, কোনোবাই পাহাৰৰ ওপৰৰ মন্দিৰ এটাৰ আগত গিৰিয়েকৰ কাষত থিয় হৈ উঠা ফটো কেইখনমান পঠিয়ায়৷ তেতিয়া তাইৰ মুখখন খং-বিৰক্তিৰে ভৰি পৰে৷ “আমাৰহে এইটোৰ একো নাই৷ ক’লৈকো নিবৰ পাত্ৰ নাই৷ এইটোৰ লগত বিয়া হৈ কি যে জীৱন পালোঁ !” – এনে ধৰণৰ এটা ভাবত তাই গৰম হৈ থাকে৷ পৱনে কথাটো অনুমান কৰি অপৰাধীৰ দৰে একো নমতাকৈ তাৰ কামবোৰ কৰি যোৱা যেন দেখুৱায়৷ কিবা ক’লে কেতিয়া খাণ্ডৱদাহ হয়গৈ তাৰ ঠিকনা নাথাকে৷
মনে মনে সুদীপৰ প্ৰমোদ ভ্ৰমণৰ ফটোবোৰ চাই থাকোঁতে কেতিয়ানো দীপা আহি তাৰ পিছত থিয় হৈছিল সি গমেই নাপালে৷ যেতিয়া গম পালে তেতিয়া বৰ দেৰি হৈ গৈছিল৷
“কাৰ ফটো ?” তাই সুধিলে৷
সি গহীনাই উত্তৰ দিলে৷
তায়ো ফটোবোৰ চাবলৈ ধৰিলে৷ সি নিৰ্বিকাৰ-নিৰাসক্ত ভাব এটা মুখত ফুটাই তুলিবলৈ চেষ্টা কৰিলে৷
“ক’লৈ গৈছে ?” তায়ো নিৰ্বিকাৰভাৱে ফটোবোৰ চাই চাই সুধিলে৷
একো যেন হোৱা নাই এনে ভাবত সি উত্তৰটো দিলে৷
তাই মুখখন গম্ভীৰ কৰি চাহ কৰাত লাগিলগৈ৷ আৰু সি বিজুলী-ঢেৰেকনিৰে আহিব খোজা ধুমুহাজাকৰ বাবে মনে মনে সাজু হ’ল৷
“লাজ লাগিব লাগে৷” চাহ কৰি থাকোঁতেই তাই আৰম্ভ কৰিলে৷
সি দোষী দোষী ভাবেৰে লাহে লাহে মূৰ জোকাৰি হাঁহিলে৷ কথাটো মিছা নহয়৷ বছৰৰ শেহৰ দুটা সপ্তাহত সকলোৰে বনভোজলৈ নহ’লে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ উজান উঠিছে৷ সেইবোৰকেই লৈ ফেচবুক, ৱাটচএপ গমগমাই আছে৷ কিন্তু পৱনহঁতৰহে একো খবৰ নাই৷ পৱনৰ সেইবোৰলৈ আগৰ পৰাই বৰ মন-কাণ নাই, যাৰ কাৰণে দীপাৰ তাৰ ওপৰত সদায় খং এটা থাকেই৷
“আমাকতো সেই কাৰণেই অনা হৈছে, পাকঘৰটোত সোমাই ভাত-ৰান্ধি, চাহ কৰি থাকিবলৈ৷ এনেকৈয়ে জীৱন যাব আমাৰ৷” তাইৰ এই ফাঁকি বৰ পুৰণি বচন আৰু কথাখিনি মিছাও নহয়৷
“মোৰ সময়ে নহয় এইবিলাকলৈ৷ তুমিতো জানাই মোৰ কাম কেনেকুৱা৷ ঘৰলৈ যাওঁতে তুমি নিজেই কাৰোবাৰ লগত ক’ৰবালৈ ক’ৰবালৈ যাব পাৰিলাহেঁতেন৷” সি চাহ খাই থাকোঁতে নিমাখিতটো হৈ ক’লে৷
“বেলেগৰ লগত কিয় যাব লাগে আমি? নে আমাৰ দায়িত্বও বেলেগে ল’ব লাগিব? ল’ৰা-তিৰোতাৰ দায়িত্ব ল’বই নোৱাৰা যদি বিয়া পাতিছিলা কিয়? সিফালে দেখোন গোঁফ নগজোঁতেই ছোৱালীৰ পিছে পিছে ঘূৰিবলৈ শিকিছিলা৷” তাই ভেকাহি মাৰি ক’লে৷
কথাটো হয়৷ পৱনে হাইস্কুলৰ পৰাই মাজে মাজে দীপাৰ পিছে পিছে ঘূৰা কথাটো একেবাৰে মিছা নহয়৷
“মূৰ্খ আছিলোঁহে মই৷ অপদাৰ্থ এটা যে আছিলোঁ তেতিয়া জনাই নাছিলোঁ৷ নহ’লে বিয়া মই কেতিয়াও নাপাতোঁ৷” কথাখিনি কওঁতে হাঁহিৰ ক্ষীণ ৰেখা কেইডালমান তাৰ মুখত বিৰিঙি উঠিল৷ লগে লগে দীপাৰ খংটো বাঢ়ি গ’ল৷
“তাকে নকৈ কি ক’বা তুমি৷ তেনেকৈয়ে হাত সৰাৰ বুদ্ধি৷ মই নহৈ বেলেগ হ’ব লাগিছিল৷ গম পাই গ’লা হয়৷ দুদিনতে তোমাক এৰি থৈ গ’লহেঁতেন৷ কোনেও এনেকৈ মৰি-পচি নাথাকে৷”
চাহ খাই উঠি গহীন সুৰত সি ক’লে, “কামৰ হেঁচাৰ কাৰণেই ক’লৈকো যাওঁ বুলিও যাব নোৱাৰোঁ৷ ক’ৰবালৈ গৈ দুদিন খৰচ কৰাৰ সুবিধাটো ভগৱানে মোক নিদিলেই৷ কি কৰিবা, ব্যস্ততা!”
“হৈছে, হৈছে৷ সংসাৰত ব্যস্ত মানুহ অকল তুমিহে দিয়া৷ বাকী কাৰো কামেই নাই৷” শ্লেষ মিহলাই কথাষাৰ ক’লে তাই৷
“মই নাযাওঁ বুলি ক’ত ক’লোঁ? যাম৷ কিয় নাযাম? কিন্তু বৰ দূৰলৈ যাবলৈহে দিগদাৰ হ’ব যেন পাইছোঁ।”
“আমি ক’লৈ যাম দেউতা ?” ইমান পৰে মাকৰ ম’বাইলটোত কিবা চাই থকা ন বছৰীয়া মুনুৱে মাত দিলে৷
ঘৰৰ পৰা বিশ কিল’মিটাৰমান দূৰৰ মন্দিৰ এটাৰ নাম ক’লে পৱনে৷
“অ’ আগৰ কেইবাৰৰ দৰে এইবাৰো তালৈকে নি ঠগিবলৈ আহিছা আমাক ? নালাগে দিয়া৷ আমাৰ কপালতেই নাই দিয়া মুনু৷ বাপেৰৰ পৰা একো আশা নকৰিবা৷ ম’বাইল টিপি টিপি, ৰাস্তাৰ গাড়ীবোৰ চাই চাই ঘৰতেই থাকিবা৷ বাপেৰে বৰ দূৰৰ জেগাত আমাক আনি ৰাখিছে নহয়৷ সেইটোৱে বহুত৷”
বেছি দূৰলৈ যাবৰ ইচ্ছা অৱশ্যে দীপাৰো তেনেকৈ নাই৷ সেইটোৱে এটা সকাহ পৱনৰ কাৰণে৷ তাইক এনে এখন ঠাই লাগে যি বেছি দূৰতো নহয়, বেছি ওচৰতো নহয় আৰু য’লৈ পৱনৰ পুৰণি ভগা গাড়ীখনৰ ওপৰত ভৰসা কৰি যাব পৰা যায়৷
পৱন ঘৰৰ ভিতৰতে সোমাই থকা ধৰণৰ মানুহ৷ ফুৰা-চকাত তাৰ সিমান ৰাপ নাই, বন্ধু-বান্ধৱো নায়েই৷ ওচৰ-পাজৰে চাবলগীয়া ঠাই কিবা আছে যদিও সি ভালকৈ গমকে নাপায়৷ গতিকে ক’লৈ নিয়ে সিহঁতক সি ? শেহত কোনোবা মন্দিৰ এটালৈকে যাব পাৰি নেকি দীপাক সুধিলে সি৷
কোনো এটা মন্দিৰলৈ গৈ সেৱা কৰি আহিবলৈ দীপাৰো মন গ’ল৷ ঠাই চোৱাও হ’ব আৰু ঈশ্বৰৰ আশীৰ্বাদ লোৱাও হ’ব৷ অৱশেষত গুগলৰ শৰণাপন্ন হ’ল সি৷ দেখা গ’ল ত্ৰিশ কিল’মিটাৰৰ পৰা ডেৰ শ কিল’মিটাৰমানৰ ভিতৰত বহুতো মন্দিৰ আছে৷ কিছুমান খুব পুৰণি শিলত কাটি উলিওৱা মন্দিৰ আৰু কিছুমান নতুন ধৰণৰ৷ দীপাই ছবি চাই চাই এশ দহ কিল’মিটাৰ দূৰৰ মন্দিৰ এটা বাচি উলিয়ালে৷ পুৱাই ওলাই গৈ মন্দিৰ দৰ্শন কৰি, ওচৰৰ হোটেলত খাই আবেলি ঘৰ আহি ওলাব পৰা যাব৷
কিন্তু অলপ পাছতেই দীপাই সেই পৰিকল্পনা ৰদ কৰিলে৷ সেইটো মন্দিৰলৈ যোৱাৰ পথতে এমাহমান আগতে হোৱা ডকাইতিৰ খবৰ এটা ইণ্টাৰনেটত দেখিলে তাই৷ ইমান ৰিক্স লৈ যাব নোৱাৰি নহয় !
এইবাৰ মন্দিৰ নিৰ্বাচনৰ দায়িত্ব পৱনৰ ওপৰত ন্যস্ত হ’ল৷
সি এটা মন্দিৰ এটা গুগলত বিচাৰি উলিয়ায়, মন্দিৰটোৰ ছবি দীপাক দেখুৱায় আৰু গুগলে দিয়া জ্ঞানৰ সাৰাংশৰে সম্যক বৰ্ণনা এটাও দীপাৰ আগত দাঙি ধৰে৷ তাই কিবা এটা সমস্যা বিচাৰি পায় আৰু নাকচ কৰে৷ এই প্ৰক্ৰিয়াটো দহবাৰমান চলিল৷
অৱশেষত নগৰৰ পৰা বাৱন্ন কিল’মিটাৰ দূৰৰ মন্দিৰ এটালৈ যোৱাটো ঠিক কৰা হ’ল৷ গুগলত পোৱা ফটোৰ পৰা মন্দিৰটো বৰ ধুনীয়া যেনেই লাগিল৷ ফটোত দেখা গ’ল শাৰী পাতি মানুহ মন্দিৰত সোমাইছে, পূজা-অৰ্চনা আগবঢ়াইছে, বিগ্ৰহৰ আগত আঠু কাঢ়ি সেৱা কৰিছে৷ ওচৰে-পাজৰেও সুন্দৰ সুন্দৰ দোকান-পোহাৰ, হোটেল-ৰেষ্টুৰেণ্ট । মন্দিৰটো বেছি দূৰত নোহোৱা কাৰণে পৱনে মনে মনে বৰ ভাল পালে যদিও মুখখন গহীন কৰিয়েই ৰাখিলে৷
পিছদিনা ঘৰৰ পৰা ওলাল সিহঁত দহটামান বজাত৷ দীপাই আৰু সোনকালে ওলাব খুজিছিল যদিও পৱনৰ লেহেম গতিৰ কাৰণে সেইটো নহ’ল৷ নগৰৰ বাহিৰলৈ যোৱা পাঁচ কিল’মিটাৰমান পথত ভীষণ যানজঁট৷ সেইখিনি পাৰ হওঁতেই আধাঘণ্টামান লাগি গ’ল৷ তাতে আকৌ চেং চেং কৰে ৰ’দত গাড়ীখন গৰম হৈ আহিছিল৷ লগতে গৰম হৈ আহিছিল দীপা, “মই তোমাক নকৈছিলোঁ নে পুৱাতেই ওলাবলৈ৷ কিন্তু তুমি কিবা কাম সময়ত কৰি পাইছানে জীৱনত? এতিয়া গৰমত সিজি থাকা৷ খিৰিকিও খুলি দিব নোৱাৰি ধূলিৰ উৎপাতত৷ আৰু তোমাৰ গাড়ীৰ এ.চি.তো তুমি জীৱনত ভাল নকৰা বুলিও আমি জানো৷”
কিন্তু নগৰৰ পৰা ওলোৱাৰ পাছত দৃশ্যপট সলনি হ’ল। আলকাতৰা দিয়া নখৰ পিঠি যেন মিহি সুন্দৰ, বহল ৰাস্তা৷ গাড়ী-মটৰো সেৰেঙা৷ উলাহত গাড়ীখন উৰুৱাই দিলে সি৷ “চিন্তা নাই৷ আধা ঘণ্টাও নালাগিব গৈ পাওঁতে৷” মহা উৎসাহেৰে সি কৈ উঠিল৷
“হ’ব, হ’ব৷ ইমান স্পীডত নগ’লেও হ’ব৷ এনেয়ে তোমাৰ গাড়ীৰ অৱস্থা নাই৷” দীপাই ডাবি মাৰি কৈছিল৷
ৰাস্তাৰ দুয়োকাষে ক’ৰবাত মুকলি পথাৰ, ক’ৰবাত অৰণ্য, ক’ৰবাত নাৰিকল, তালগছ বা ইউকেলিপটাচৰ শাৰী, মুকলি আকাশৰ ক’ৰবাত দুই-এটুকুৰা শুকুলা মেঘ৷ সুন্দৰ দৃশ্য৷ গাড়ীৰ অলপকৈ খোলা খিৰিকিৰে জুৰ বতাহ সোমাই আহিছিল৷ দীপাৰ মনটোও আকাশৰ দৰেই ফৰকাল হৈ আহিছিল৷ দুখনমান ঠাইত সিহঁতে গাড়ী ৰখাই বিভিন্ন কোণৰ পৰা ফটোও মাৰিলে৷
“ইমান ধুনীয়া জেগা ওচৰতে আছে, দূৰলৈ যাব কিয় লাগে কোৱাচোন ?” সুযোগ পাই পৱনে কৈ পেলালে৷
দীপা সিমানো সন্তুষ্ট হোৱা নাছিল৷ তাই বিদ্ৰূপৰ হাঁহি এটা মাৰিছিল৷
“উটীলৈ যোৱা বুলি কৈ ফেচবুকত ফটোবোৰ দিবা৷” সি ধেমালি কৰি কৈছিল৷
“নহয় দিয়া৷ ছুইজাৰলেণ্ডলৈ যোৱা বুলি দিম৷” তাই ওঁঠ বেঁকা কৰি হাঁহি উত্তৰ দিছিল৷
আধামান পথ যোৱাৰ পাছত নৈৰ পাৰত মেলা এখন দেখি ৰাস্তাৰ কাষত গাড়ীখন ৰখাই সিহঁত মেলাখনতে সোমাল৷ মেলাখনৰ আচল ৰূপটো সন্ধিয়ালৈকেহে দেখা যাব যেন লাগিল৷ কিন্তু তেতিয়াও মানুহৰ ভিৰ কম নাছিল৷ হৰেক ৰকমৰ বস্তু এফালৰ দোকানবোৰত৷ দীপাই কাঠৰ সৰু সেন্দূৰৰ টেমা এটা আৰু বাঁহী বজাই থকা কৃষ্ণৰ মাটিৰ মূৰ্তি এটা আৰু বেগ এখন কিনিলে৷
সৰু সৰু চাহৰ দোকানো একাষে আছিল৷
“চাহ-তাহ, ইদলি-দোচা কিবা খাবা নেকি ?” সি সুধিলে৷
“মই খাম, মই খাম৷” মুনুৱে টপৰাই মাত দিলে৷
“নালাগে৷ মন্দিৰলৈ যাব ওলাইছোঁ আৰু ইয়াতে পেট ভৰাব নালাগে৷” দীপাই ভেকাহি মাৰি ক’লে৷
“কিন্তু মুনুৰ ভোক লাগিব নেকি ? তুমিও চাহ একাপ খালে ভাল পাবা৷”
“হয় নেকি ? নিজৰ খকটো বেছি আৰু আমাক ক’বলৈ আহিছা৷ নালাগে খাব ইয়াতে৷ মন্দিৰত সেৱা কৰাৰ পাছতহে খাব পাৰিবা৷”
মন্দিৰলৈ দহ কিল’মিটাৰমান থাকোঁতে গুগল মেপে সিহঁতক বাওঁফালৰ ৰাস্তা এটা ল’বলৈ নিৰ্দেশ কৰিলে৷ ৰাস্তাটোৰ অৱস্থা শোচনীয়৷ ঠেক ৰাস্তাটো বোধহয় পিচ দিয়া আছিল কোনোবা সময়ত৷ কিন্তু এতিয়া সেইবোৰৰ ভগ্নাৱশেষহে ৰৈছেগৈ৷ মাজত আৰু কাষতে সৰু-ডাঙৰ গাঁত আৰু গোটেইখন ধূলিময়৷ সি বৰ সাৱধানেৰে লাহে লাহে চলালে গাড়ীখন৷ মাজে মাজে দুই এখন ট্ৰাক আৰু ট্ৰেক্টৰ পাৰ হৈ যায় আৰু সিহঁত ধূলিৰ ধুমুহাত সোমাই পৰে৷
“এইবোৰ কি ধুনীয়া গছ৷ ইমান ডাঙৰ, ইমান ওখ৷ আগতে এই গছ দেখাই নাছিলোঁ৷ নহয়?” সি দীপাৰ মনটো পাতলাবলৈ চেষ্টা কৰে৷
কিন্তু গৰমত সিজি ঘামি থকা দীপাই ইতিমধ্যে ঘোৰ মূৰ্তি ধৰিছে৷ “ইফালে দেখোন ট্ৰাক আৰু ট্ৰেক্টৰ দুই-এখনত বাদে বেলেগ একো দেখা নাই৷”
সিও কথাটো লক্ষ্য কৰিছে৷
“মন্দিৰলৈ যোৱা মানুহো দেখোন কোনো নাই৷ ৰাস্তা ভুল হ’ল নেকি ?” দীপাই আকৌ ক’লে৷
“নহয়, নহয়৷ ৰাস্তা কিয় ভুল হ’ব ? গুগলে দেখুওৱা ৰাস্তা, কিয় ভুল হ’ব ?” মনে মনে তাৰো সন্দেহ এটা হৈছিল যদিও আশ্বাস দিবলৈ চেষ্টা কৰি সি ক’লে৷
গৰুগাড়ীৰ বেগত লাহে লাহে ঠেক হৈ অহা ৰাস্তাটোৰে কিছুদূৰ যোৱাৰ পাছত ৰাস্তাৰ মাজতে পাৰ্ক কৰি থোৱা দীঘল ট্ৰাক এখন পোৱা গ’ল৷ এফালে এটা ডাঙৰ বালিৰ দ’ম৷ মাজৰ ঠাইখিনিৰে গাড়ীখন নিবলৈ অলপ ৰিক্স ; বালিত চকা ৰৈ যাব পাৰে৷ দুবাৰমান হৰ্ণ বজাই চালে৷ নাই, কাৰো একো উম-ঘাম নাই৷ সি নামি গৈ চালে৷ ট্ৰাকখনত কোনো নাই৷
“কি কৰোঁ? বালিৰ ওপৰেদি গাড়ী উঠাই দিওঁ নেকি ?” পৱনে মৰসাহ কৰিব খুজিলে৷
দীপাই একো নামাতিলে৷ বেছিকৈ খং উঠিলে তাই একো নামাতে বুলি পৱনে ভালকৈ জানে৷
“কি কৰা যায় এতিয়া মুনু?” সি উপায় নাপাই মুনুকেই সুধিলে৷
ম’বাইলত গেম খেলি থকা মুনুৱেও একো নামাতিলে৷
যি হয় হওক বুলি সি গাড়ীখন চলাই দিলে বালিৰ দ’মটোৰ ওপৰেৰে৷ চকা বালিত লাগি ধৰিলে আৰু গাড়ীখন হালি আহি ট্ৰাকখনত লাগোঁ লাগোঁ হ’ল৷ লগে লগে মুনু আৰু দীপাৰ মুখেৰে চিঞৰ ওলাবলৈ ধৰিলে৷
“ৰখোৱা, ৰখোৱা, ৰখোৱা৷” দীপাই কৈছিল৷
“এতিয়াহে মৰিলোঁ৷ আগুৱাবও নোৱাৰি, পিচুৱাবও নোৱাৰি৷” সি হতাশভাৱে ক’লে৷ অলপ আগুওৱা-পিচুওৱা কৰিলেই গাড়ীখন পিছলি ট্ৰাকখনত খুন্দা মাৰিব পাৰে৷ তাৰ নিজকে সঁচাকৈয়ে সংসাৰৰ আটাইতকৈ ডাঙৰ অপদাৰ্থটো যেন লাগিল৷
“কি কৰোঁ এতিয়া?” সি নিজকে কোৱাদি ক’লে৷
মুনুৱে আকৌ মাকৰ ম’বাইলটোত ব্যস্ত হৈ পৰিছিল৷ দীপাই মুখখন ভয়ানকভাৱে গম্ভীৰ কৰি আকৌ নীৰৱ হৈ পৰিছিল৷ গাড়ীখন ঠেলিবলৈ কোনোবা পায় নেকি চাবলৈ সি সাৱধানে গাড়ীৰ পৰা নামিল৷ ওচৰে-পাজৰে কোনো নাছিল৷ ঠাইখিনিও অলপ জয়াল যেন৷ কিবাকিবি অমংগলীয়া চিন্তাও মনলৈ আহিবলৈ ধৰিলে তাৰ৷
সি ৰাস্তাটোৰ ইফালে-সিফালে গৈ গাড়ী ঠেলিবলৈ কাৰোবাক পায় নেকি চাই থাকিল৷ পোন্ধৰ মিনিটমান তেনেকৈয়ে গ’ল৷ তেনেতে পথাৰৰ মাজেৰে মানুহ কেইজনমান আহি ওলাল৷ ট্ৰাকখনৰে মানুহ আছিল সেই কেইজন৷ পৱনহঁতৰ অৱস্থাটো দেখি সিহঁতৰ দুজনমানে তলমূৰকৈ হাঁহিলে৷ ড্ৰাইভাৰজনে ট্ৰাকখন অলপ আগুৱাই নি থ’লে৷ তাৰ পাছত সিহঁত গোটেই কেইজনে গাড়ীখন ঠেলিলে৷ পৱনে গাড়ীখন ষ্টাৰ্ট কৰিছিল৷ হুৰুসকৈ গাড়ীখনে বালিৰ দ’মটো পাৰ হৈ আহিল৷ সেই কেইজনে ট্ৰাকখন ৰাস্তাৰ মাজতে পাৰ্ক কৰি থোৱাৰ কাৰণেই তাৰ এই গতি হ’ল৷ তথাপিও খিৰিকিৰে হাত জোকাৰি সেই কেইজনক ধন্যবাদ জনালে সি৷
ঠেক পথটোৰে লাহে লাহে সি গাড়ীখন আগুৱাই লৈ গ’ল৷ দুয়োকাষে ক’ৰবাত পথাৰ, ক’ৰবাত হাবি৷ মনোৰম দৃশ্যবোৰ দেখি দীপাৰ মন অলপ পাতল হৈছিল নেকি সি দুবাৰমান ঘূৰি চাইছিল৷ তাই কিন্তু অতি গম্ভীৰ হৈ বহি আছিল৷ ডাঙৰ ধুমুহা এজাক অহাৰ পূৰ্ব লক্ষণ সেয়া৷
আৰু অলপ পাছত যি হ’ব লগা নাছিল সেইটোৱে হ’ল৷ ৰাস্তাটো গৈ সৰু জান এটাৰ নতুনকৈ সাজিব ধৰা দলং এখনত লাগিলগৈ৷ খোজ কাঢ়ি বা চাইকেল লৈহে কাষৰ অস্থায়ী সৰু দলংখনেৰে সিটো পাৰলৈ যাব পৰা যায়৷ গাড়ী ৰখাই মূৰত হাত দি সি আকৌ নামি আহিল৷ ম’বাইলৰ গুগল মেপে সুন্দৰ নাৰী কন্ঠেৰে তাক তেতিয়াও আগুৱাই যাবলৈ কৈ আছে৷ “মনে মনে থাক৷” পৰম বিৰক্তিৰে সি দাবি এটা মাৰি সেইজনীক বন্ধ কৰি থ’লে৷ তাই যে তাক তেনেকৈ ঠগিব সি ভাবিবই পৰা নাছিল৷
“এতিয়া কি কৰোঁহে?” সি গাড়ীৰ পিছৰ দুৱাৰখন খুলি দীপাৰ ফালে চাই ক’লে৷
“মই কি জানো কি কৰা, মোক যে সুধিবলৈ আহিছা৷” দীপাই দাঁত কৰচি উত্তৰ দিলে৷
“মন্দিৰলৈ বেলেগ ৰাস্তাৰে যাব লাগিব৷ কিন্তু কেনেকৈ চিনি পাম ৰাস্তা? মহা সমস্যাত পৰিলোঁ এতিয়াহে৷”
“হ’ব, হ’ব৷ আমাক মন্দিৰ নেদেখুৱালেও হ’ব৷ গাড়ীত উঠালা নহয়৷ সেইটোৱে হ’ব৷ এতিয়া ঘূৰি গৈ ঘৰ পালে হ’ল আৰু৷” তাৰ ফালে নোচোৱাকৈ তাই খঙেৰে ক’লে৷
“মোৰ কি দোষ? গুগল মেপেও ভুল কৰে বুলি আজিহে গম পালোঁ৷ ভাগ্যই বেয়া মোৰ৷” সি আত্মসমৰ্পণ কৰাৰ সুৰ এটাৰে ক’লে৷
ঠেক ৰাস্তাটোত গাড়ীখন ঘূৰোৱাটোও সহজ নহয়৷ পৱনে খুব লাহে লাহে গাড়ীখন এশ মিটাৰমান পিছুৱাই আনিলে ; দুই মিটাৰ গাড়ীখন পিছুৱায় আৰু সি নামি চায় ঠিকে-ঠাকে গৈছে নে গাড়ীখন৷ আৰু তাৰ পাছত অলপ বহল ঠাই এটুকুৰাত সি গাড়ীখন ঘূৰালে৷
“মন্দিৰ ক’ত দেউতা ?” ম’বাইলত মত্ত হৈ থকা মুনুৱে সুধিলে৷
“ক’বই নোৱাৰোঁ অ’ মুনু ! ঘৰলৈকে ঘূৰোঁ নেকি আৰু !” দীপাই কিবা এটা ক’ব বুলি আশা কৰি পৱনে ক’লে৷
“আমি মন্দিৰলৈ যাম৷” মুনুৱে চুটিকৈ কৈ আকৌ ম’বাইলত মগ্ন হ’ল৷
মূল বহল ৰাস্তাটো পোৱাৰ পাছত গাড়ী ৰখাই পৱনে অলপ সময় চিন্তা কৰিলে৷ ঘৰলৈ ঘূৰি গ’লে সেই কথাটো লৈ দীপাই তাক এবছৰমান শুনাই থাকিব৷ ইফালে বিচাৰি অহা মন্দিৰটো উলিয়াব পাৰিব নে নাই – সেই সন্দেহটোও বাঢ়ি আহিছিল৷
“কি কৰোঁ অ’ এতিয়া, ঘৰলৈকে যাওঁ নে মন্দিৰলৈকে যাওঁ, ঠিকেই কৰিব পৰা নাই৷” পৱনে স্বগতোক্তি কৰাৰ দৰে সকলোকে শুনাই ক’লে৷ কিন্তু কাৰো পৰা একো উত্তৰ নাহিল৷
“মুনু !”
“দেউতা৷”
“কি কৰোঁ?”
“মন্দিৰলৈ যাম৷” মুনুৰ চুটি উত্তৰ৷
গতিকে সি আকৌ ষ্টাৰ্ট কৰিলে গাড়ী৷
মাত-বোল নকৰাকৈ চিধাই পাঁচ কিল’মিটাৰমান গ’ল৷
কিন্তু এনেকৈ জানো ঠাই বিচাৰি উলিয়াব পাৰি ? এঠাইত সৰু গুমটিৰ দৰে দোকান এখনৰ সম্মুখত গাড়ী ৰখাই মানুহ কেইজনমানক মন্দিৰটোৰ বিষয়ে সি সুধিলে৷ সিহঁতৰ কোনেও মন্দিৰটোৰ নামেই শুনা নাই, কোনফালেৰে যাব লাগে সেইটোও নাজানে৷ মন্দিৰটোৰ ছবি দেখুওৱাৰ পাছত সিহঁতে সেইটো ওচৰে-পাজৰে নাই বুলি ডাঠি ক’লে৷
গতিকে আকৌ গুগল মেপৰ শৰণাপন্ন হোৱা গ’ল৷ মধুৰ নাৰী কন্ঠই চিধাই আগ বাঢ়ি গৈ থাকিবলৈ ক’লে৷
আৰু কেই কিল’মিটাৰ মান যোৱাৰ পাছত বাওঁফালৰ পথ এটা ল’বলৈ নাৰী কণ্ঠৰ পুনৰ নিৰ্দেশ৷
“এইবাৰ বা ক’লৈ নিয়ে গুগলে !” সি ভাবিলে৷ কিন্তু উপায়তো নাই৷ গতিকে আকৌ এটা ওখোৰা-মোখোৰা ঠেক ৰাস্তাৰে সিহঁতৰ গাড়ীখন আগ বাঢ়িল৷ মাজে-মাজে ধূলি উৰুৱাই যোৱা বাইক, ট্ৰাক, ট্ৰেক্টৰ দুই-এখনত বাদে ৰাস্তাটোত গাড়ী-মটৰ বিশেষ নাছিল৷
কিছু দূৰ যোৱাৰ পাছত আকৌ পিচ দিয়া ৰাস্তা আৰম্ভ হ’ল৷ পৱনৰ মনটো উজলি আহিল – নিশ্চয় মন্দিৰটো ওচৰতে ক’ৰবাত৷ নহ’লে মাজতে আকৌ পিচ দিয়া ৰাস্তা কিয় ?
আৰু এটা সময়ত গুগল মেপৰ সমধুৰ নাৰী কন্ঠই ঘোষণা কৰিলে, “আপোনালোক গন্তব্য স্থানত উপস্থিত হৈছেহি৷”
ৰাস্তাটোৰ কাষত গছৰ ছাঁ পৰা এঠাইত গাড়ীখন পাৰ্ক কৰি পৱন ওলাই আহিল৷ কিন্তু বিচাৰি অহা মন্দিৰটো ক’ত ? ঠাইখন সৰু বজাৰ এখনৰ দৰে৷ দুখনমান বেকাৰী, কাপোৰৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট আদি পাতলীয়াকৈ৷ কিন্তু মন্দিৰৰ কোনো চিন-চাব নাই৷ সম্মুখৰ হোটেলৰ চবজি কাটি থকা ল’ৰাটোক সি মন্দিৰটোৰ কথা সুধিলে৷ “ইয়াতে মন্দিৰ নাই৷” পৱনক অকণো গুৰুত্ব নিদিয়াকৈ সি ক’লে৷
“মন্দিৰটো দেখোন নাই ইয়াত৷” গাড়ীৰ ওচৰলৈ ঘূৰি আহি দীপালৈ চাই সি দুখেৰে ক’লে৷
কাষৰ বেকাৰীখনলৈ সিহঁত চাহ খাবলৈ গ’ল৷ দীপাই এইবাৰ একো আপত্তি নকৰিলে৷ মন্দিৰ চোৱা নহ’ব বুলি তাইৰ শেষত বিশ্বাস জন্মিছিল৷
তথাপি কিবা এটা আশা কৰি সি বেকাৰীৰ ল’ৰা দুটাক ম’বাইলত মন্দিৰৰ ছবি দেখুৱালে৷ সিহঁতে ভালকৈ চাই মূৰ জোকাৰিলে, “ইয়াত এইটো মন্দিৰ নাই৷”
“হেপী নিউ ইয়াৰ” লিখা সৰু-ডাঙৰ কেক কেইটামান ধুনীয়াকৈ সজাই থোৱা আছিল তাতে৷ “এটা কেক ল’ম দেউতা ?” মিঠাই এটা খাই থকা মুনুৱে সুধিলে৷
“নাই, নাই৷ নালাগে৷ এইবোৰে পেটৰ বৰ অন্যায় কৰে৷” পৱনে কৈ উঠিল৷
“এটা লোৱাচোন৷ মন্দিৰতো চোৱা নহ’লেই৷ ৰাতি ঘৰত কেক কাটিলে তাৰে মনটো ভাল লাগিব৷ সৰু এটা ল’লেই হ’ব দিয়া৷” দীপাই অলপ কোমল সুৰতেই ক’লে৷
অলপ আঁতৰত বুঢ়ী এজনীয়ে বস্তা এখন পাৰি বহিছিল৷ বস্তাখনত আপেল, কমলা আৰু ডাঙৰ ডাঙৰ মধুৰি-আম৷ কেক, বিস্কুট, ব্ৰেডৰ দুটামান টোপোলা হাতত লৈ সিহঁত বুঢ়ীৰ ওচৰলৈ গ’ল৷ দীপাৰ মধুৰি-আম কিনিবলৈ মন গৈছিল৷
শেষ আশা এটা কৰি পৱনে বুঢ়ীক ওচৰত কোনো মন্দিৰ আছে নেকি সুধি চালে৷
“আছেতো৷” বুঢ়ীয়ে বাওঁহাতখনেৰে ৰাস্তাৰ আৰু কিছু আগলৈ দেখুৱাই ক’লে, “সেই তাতেই আছে মন্দিৰটো৷”
পৱনে সেইফালে চাই পঠিয়ালে৷ কিন্তু তাত মন্দিৰৰ কোনো চিন নেদেখিলে৷ আৰু মন্দিৰ এটা ওচৰতে থাকিলে পৰিবেশটোৰ পৰাই সেইটো গম পোৱা যায় !
“কিমান দূৰত ?” তথাপিতো পৱনে সুধিলে৷
“এই ওচৰতে৷ অলপ আগুৱাই যোৱাচোন৷ পাবা নহয় মন্দিৰটো৷ যোৱা, সেৱা কৰি আহাগৈ৷” বুঢ়ীয়ে ক’লে৷
পৱনে দীপালৈ চালে৷
“অলপ আগলৈ খোজ কাঢ়ি আহোঁচোন৷ তোমাৰ মন্দিৰটো কিজানি পাওঁৱেই৷” দীপাই ইতিকিঙৰ সুৰত ক’লে৷
আৰু আচৰিত কথা, অলপ খোজ কাঢ়ি গৈয়েই সিহঁতে সৰু মন্দিৰ এটা পালে৷ কিন্তু
সৰু মানে অতি সৰু এটা মন্দিৰ৷ দূৰৰ পৰা সেইটোক চিনিবই নোৱাৰি৷ ঘাঁহ-বন নোহোৱা চোতাল এখনৰ এটা মূৰত দহ-বাৰ ফুট ওখ এটা পুৰণি শিলত কটা মন্দিৰ৷ ভিতৰত কোনোবা দেৱতাৰ মূৰ্তিৰ আগত ধূপ-চাকি জ্বলিছে৷
ঈশ্বৰৰ ঘৰৰ জানো কিবা সৰু-ডাঙৰ থাকে ? দীপাই ৰাস্তাৰ কাষলৈ গৈ মন্দিৰটোলৈ চাই দুই হাত যোৰ কৰি ৰৈ গ’ল৷ মুনু আৰু পৱনে এনেয়ে অলপ আগ বাঢ়ি যাব খুজিলে৷ হঠাতে ৰাস্তাত দীঘলকৈ পৰি থকা মুগা বৰণৰ সাপ এডাল দেখি পৱন জঁপিয়াই উঠি এহাতেৰে মুনুক টানি ৰাস্তাৰ মাজলৈ গ’ল৷ লগে লগেই কাৰোবাৰ হাঁহিৰ শব্দ৷
পুৰণি ফটা ফ্ৰক এটা পিন্ধি ফুটপাঠত বহি থকা আঠ-ন বছৰীয়া ছোৱালী এজনী হাঁহি ভাগি পৰোঁ পৰোঁ৷ “ডুপ্লিকেট, ডুপ্লিকেট৷” হাঁহিৰ মাজতে তাই কৈছে৷ তাইৰ ফালে চাই এটা সৰু ল’ৰায়ো হাঁহিছে৷
পৱনে লৰ-চৰ নকৰাকৈ পৰি থকা সাপডাললৈ চালে৷ তাৰ মুখতো হাঁহি ওলাল৷ সেইডাল আচলতে প্লাষ্টিকৰ সাপহে !
পৱনে ল’ৰাটো আৰু ছোৱালীজনীলৈ চালে৷ মুখৰ গঢ়ৰ পৰা ল’ৰাটো ছোৱালীজনীৰ ভায়েক বুলি ধৰিব পাৰি৷ সৰু পেণ্ট এটা মাত্ৰ পিন্ধিছে সি৷ হাড়ে-ছালে লগা ল’ৰাটোৰ জপৰা দীঘল চুলিখিনিৰ কাৰণে মুখখন বেছি শুকান, বেছি ক্ষীণ যেন লাগে ।
দীপা পৱনৰ কাষত আহি থিয় হৈছিল৷ ল’ৰাটো আৰু ছোৱালীজনীলৈ আৰু সৰু মন্দিৰটোলৈ তাই চাইছিল৷
“আহিছোঁৱেই যেতিয়া ইয়াতেই সেৱা কৰি যাওঁ৷ কি কোৱা ?” পৱনে কাষত আহি থিয় হোৱা দীপালৈ চাই ক’লে৷
তাই আপত্তি নকৰিব বুলি সি জানে৷
“ব’লা, ব’লা৷ সোনকালে কৰা৷” দীপাই কৈছিল৷
জোতা-মোজা খুলি সেইবোৰ ক’ত ৰাখিব বুলি চাই থাকোঁতে ছোৱালীজনীয়ে হাতত প্লাষ্টিকৰ সাপডাল লৈ আহি চোতালখনৰ একাষত ৰখা কাঠৰ বাকচৰ দৰে কিবা এটা দেখুৱাই দিলে৷ এযোৰ জোতা ৰাখিবলৈ দুই টকাকৈ লাগে৷ পৱনে দহটকীয়া এখন ছোৱালীজনীৰ হাতত দিলে৷ তাই চকু মুদি হিচাপ কৰিলে কিছু সময়৷ তাৰ পাছত হাতৰ চাৰিটা আঙুলি দেখুৱাই বুজালে, তাই সিহঁতক চাৰি টকা ঘূৰাই দিব৷ সি ঘূৰাই দিব নালাগে বুলি ক’ব খুজিছিল, কিন্তু ইতিমধ্যে মন্দিৰৰ কাষৰ সৰু জুপুৰিৰ দৰে ঘৰ এটালৈ তাই দৌৰ মাৰিছিল৷
ঘৰটোৰ পৰা বুঢ়ী এজনী ওলাই আহিল ছোৱালীজনীৰ লগতে৷ পৱনৰ হাতত চাৰি টকা দিলে তেওঁ৷ সৰু ল’ৰাটোৱে এহাতেৰে খহি পৰিব খোজা পেণ্টটো খামুচি ধৰি বুঢ়ীজনীৰ ওচৰলৈ আহি আনখন হাত মেলি দিছিল, “লোৱা মোক আইতা৷”
“ৰহচোন এইটো৷” বুঢ়ীজনীয়ে নাতিয়েকটোলৈ মৰমেৰে চাই কৈছিল৷
“লোৱা, লোৱা, লোৱা৷” নাতিয়েকটোৱে এইবাৰ ডাঙৰকৈ দাবি মাৰিছিল৷
আইতাকে তাক কোলাত উঠাই লৈছিল৷
সৰু মন্দিৰটোৰ দুৱাৰমুখত আঁঠু কাঢ়ি সিহঁত তিনিওটাই সেৱা কৰিলে৷ পৱনে তেনেকৈ মন্দিৰ আদিলৈ নাযায়৷ ঈশ্বৰলৈও তাৰ কেতিয়াবাহে মনত পৰে৷ নিজলৈ ঈশ্বৰৰ পৰা খুজিব লগাও তাৰ বৰ বিশেষ একোৱেই নাই৷ সি মনে মনে মুনু, দীপা, গাওঁৰ তাৰ ঘৰখন, আত্মীয়-স্বজন আৰু সকলোৰে মংগল বিচাৰি সেৱাটো সামৰিলে৷
মন্দিৰৰ বাহিৰত দান-বৰঙণিৰ কাৰণে ৰখা সৰু বাকচটোত দীপাই খমখমীয়া নোট এখন ভৰাই দিলে৷ পৱনৰ মুখত হাঁহি এটাই ঢৌ খেলি গ’ল৷ ডাঙৰ নোটখন বুঢ়ীয়ে নিজৰ কামতেই লগাব নিশ্চয়৷ কিন্তু দুখীয়া মানুহ ঘৰৰ সামান্য অলপ সহায়ো যদি তাৰ পৰা হয়, সেইটোৱে বহুত৷ ঈশ্বৰৰনো টকা-পইচাৰ প্ৰয়োজন কেতিয়া আছিল ?
বুঢ়ীজনী নাতিয়েকক লৈ তাতেই ৰৈ আছিল৷
বোধহয় এই সৰু মন্দিৰটোলৈ দূৰৰ পৰা কোনোৱে কেতিয়াও অহাই নাছিল৷ পৱনৰ কিবা কাৰণত মানহজনীৰ পৰা এটা আশীৰ্বাদ ল’বলৈ মন গ’ল৷ সি বুঢ়ীক আঁঠু কাঢ়ি সেৱা কৰিলে৷ দীপাই আৰু মুনুৱেও সেৱা কৰিলে৷
“সেৱা কৰিলে কিবা এটা দিবও লাগে৷” বুঢ়ীয়ে গহীনাই কৈছিল৷
“হয়, হয়৷ নিশ্চয়, নিশ্চয়৷” পৱনৰ হাঁহি উঠি গৈছিল৷
দীপাই দিয়া নোটখন দেখি বুঢ়ীৰ চকু দুটা জিলিকি উঠিছিল৷ সিমানখিনি তেওঁ কিজানি আশা কৰা নাছিল৷ গদগদহৈ আকৌ এজোলোকা আশীৰ্বাদ দি পেলালে তেওঁ৷ মুনুৰ মূৰত হাত ফুৰাই ফুৰাই বুঢ়ীয়ে তাক, “ভাল হ’বা দেই তুমি৷ বৰ ভাল হ’ব দে তোমাৰ৷” ধৰণৰ কিবাকিবি কৈছিল৷
দীপাই বেগৰ পৰা চকলেট এটা উলিয়াই সৰু ছোৱালীজনীক দিছিল৷ বুঢ়ীৰ কোলাৰ পৰা ল’ৰাটোৱে নামি দীপাৰ ওচৰলৈ আহি হাত এখন মেলি দিলে৷ তাকো এটা চকলেট লাগে৷
হাতত চকলেটটো লৈ ল’ৰাটোৱে চোতালৰ এফালৰ গছ এজোপাৰ তললৈ দৌৰ মাৰিছিল৷ তাতে এজনী এঘাৰ-বাৰ বছৰীয়া ছোৱালী লেপেটা কাঢ়ি বহি কিবা কৰি আছিল৷ সি তাইক হাতৰ চকলেটটো দেখুৱালে৷ ছোৱালীজনীয়ে এবাৰ চকলেটটোলৈ আৰু এবাৰ দীপাহঁতলৈ চাই পুনৰ নিজৰ কামত মন দিলে৷
দীপাই ছোৱালীজনীৰ ওচৰলৈ গৈ চকলেট এটা যাচিলে৷ তাইৰ বোধহয় লাজ লাগিছিল৷ প্ৰথমতে চকলেটটো ল’বই খোজা নাছিল৷ দীপাই জোৰ কৰাতহে তাই লাজ লাজকৈ ল’লে৷ লাজ লাজকৈয়ে তাই কৈছিল, “হেপী নিউ ইয়াৰ৷”
“হেপী নিউ ইয়াৰ৷” দীপায়ো কৈছিল৷ মুনু আৰু পৱনেও কৈছিল৷
পৱনে ছোৱালীজনীলৈ ভালকৈ চালে৷ ক্ষীণ-মীন ছোৱালীজনীৰ ফ্ৰকটো চাফা যদিও পিঠিৰ ফালে ফটা৷ তাই কাগজ এখনত কিবা আঁকি আছিল৷
পুৰণি কাগজখনত কেইটামান ৰঙা-নীলা ফুলৰ ছবি৷ তাতে ছোৱালীজনীয়ে কিবা লিখিবলৈ চেষ্টা কৰিছে৷
“কি লিখিবা ?”
“হেপী নিউ ইয়াৰ লিখিম৷” তাই কৈছিল৷ ইতিমধ্যে “এইচ“ আখৰটো তাই ষ্টাইল কৰি লিখিছিলেই৷
“মই সহায় কৰোঁ ?” ছোৱালীজনীৰ কাষতে বহি লৈ পৱনে সুধিলে৷
সি স্থানীয় ভাষাটো মোটামুটি বুজিব পাৰে যদিও কওঁতে তাৰ অলপ দিগদাৰ হয়৷ উচ্চাৰণো তাৰ সিমান ঠিক নহয়৷ ছোৱালীজনীয়ে মুখ টিপি টিপি হাঁহিলে৷ অলপ ইতস্ততঃ কৰি তাই কাগজখন তাৰ ফালে আগুৱাই দিলে৷
পৱনৰ ছবি অঁকাৰ অভ্যাস নোহোৱা নহয়৷ হাইস্কুলত পঢ়ি থাকোঁতে সি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ছবি পাৰেমানে আঁকিছিল৷ দহ মিনিটমান লগাই সি চাইনব’ৰ্ডত লিখাৰ দৰে চুটি নীলা পেনচিল এডালেৰে আখৰবোৰ ডাঙৰ ডাঙৰকৈ লিখিলে৷ ছোৱালী দুজনী আৰু সৰু ল’ৰাটোও কাষতে লেপেটা কাঢ়ি বহি লৈ তাৰ এই কলা-প্ৰতিভাৰ প্ৰদৰ্শনী বিস্ময়েৰে চাই আছিল৷
আৰু আন এডাল মাত্ৰ ৰঙা পেনচিল আছিল৷ সেইডালো শেষ হওঁ হওঁ ধৰণে চুটি৷ আখৰবোৰ সি জেব্ৰাৰ গাৰ পটিবোৰৰ দৰে, কিন্তু ঢৌ খেলোৱা ৰঙা আৰু নীলা পেটাৰ্ণেৰে লাহে লাহে ভৰাই দিলে৷ পুৰণি কাগজখনত ৰঙা-নীলা ফুলবোৰৰ মাজত পৱনৰ “হেপী নিউ ইয়াৰ” শিল্পকৰ্মই দাঁত নিকটাই হাঁহিবলৈ ধৰিলে৷
সিহঁতে আশা কৰাতকৈও সেইখিনি ভাল হৈছিল৷ বৰ কৃতজ্ঞভাৱে পৱনলৈ চাইছিল সিহঁতে৷ ডাঙৰ ছোৱালীজনীয়ে লাজ লাজকৈ হাঁহি কাগজখন হাতত লৈ দূৰলৈ নি চাইছিল৷
“মন্দিৰৰ বেৰত মাৰি দিব কাগজখন৷” বুঢ়ীয়ে কৈছিল৷
“সৌ তাতে মাৰি দিম৷”, মাজু ছোৱালীজনীয়ে মন্দিৰটোলৈ প্লাষ্টিকৰ সাপডালেৰে দেখুৱাই কৈছিল, “যি ধুনীয়া হ’ব !”
“আজি হেপী নিউ ইয়াৰ, আজি হেপী নিউ ইয়াৰ৷” সৰু ল’ৰাটোৱেও হাত এখনেৰে খহি পৰিব ধৰা পেণ্টটো খামুচি ধৰি আনন্দতে দুজাঁপমান মাৰিছিল৷
“আৰু কি কৰিবা আজি ?” পৱনে সিহঁতলৈ চাই সুধিলে৷
“ফটকা চাম৷ ৰাতি ফটকা মাৰিব৷” মাজু ছোৱালীজনীয়ে টপৰাই মাত দিছিল৷ তাইৰ চকু দুটা জলমলাই উঠিছিল৷
“মন্দিৰত ফটকা মাৰিবা নেকি ?” পৱনে এনেয়ে ধেমালি কৰি সুধিলে৷
বুঢ়ীয়ে সোলা মুখখন মেলি কাণলৈকে বিয়পি যোৱাকৈ হাঁহিছিল৷ লাহে লাহে অলপ দূৰৰ বজাৰখনৰ চ’কটোলৈ দেখুৱাই ক’লে, “ৰাতি বাৰটা বজাত তাতে ফটকা মাৰিব৷ বহুউউউ….ত ফটকা৷ বৰ … বৰ … বৰ ধুনীয়া হয় ! ইহঁত কেইটাই ৰাতি আজি নুশুবই৷ চাবলৈ ৰৈ থাকিব৷”
“ফুলজাৰী ওপৰত !” আকাশলৈ দুয়োখন হাতেৰে আঙুলিয়াই ল’ৰাটোৱে যোগ দিছিল৷ আৰু তেতিয়া তাৰ পেণ্টটো খহি পৰিছিল৷ এখন হাতেৰে সি সেইটো ককাললৈকে টানি উঠাই লৈছিল৷ চকু মুদি আকাশলৈ মুখ কৰি, ওঁঠত শব্দহীন হাঁহি এটা বিয়পাই তেনেকৈয়ে অলপ সময় মূৰ্তি এটাৰ দৰে ৰৈ গৈছিল সি৷ বোধহয় আকাশৰ ধুনীয়া ফুলজাৰীৰ পোহৰবোৰ সি মনলৈ আনিবলৈ চেষ্টা কৰিছিল৷
পৱনেও হাঁহিছিল৷ কিন্তু তাৰ বুকুখন সামান্য বিষাই উঠিছিল৷ এই দুখীয়া পৰিয়ালটোৰ কাৰণে নতুন, পুৰণি সকলো সময় কিজানি একেই ! তথাপি বছৰৰ শেহৰ দিনটোত সিহঁতেও কিবা অকণমান ৰং বিচাৰিছে, যেনেকৈ সকলোৱে বিচাৰে৷
দীপাই দুটা মধুৰি-আম বুঢ়ীৰ হাতত দিছিল৷ বুঢ়ীয়ে একো কোৱা নাছিল । মাত্ৰ হাঁহিছিল আৰু হাত পাতি লৈছিল ।
অলপ কিবা ভাবি দীপাই সৰু কেকৰ বেগটোও বুঢ়ীৰ হাতত তুলি দিছিল৷
মুনুৱে অসন্তুষ্ট হৈ মাকলৈ চাইছিল৷
“তোমাক আৰু কিনি দিম দেই৷” দীপাই মুনুক কৈছিল৷
ল’ৰাটোৱে বুঢ়ীৰ ওচৰলৈ আহি বেগটোৰ ভিতৰত কি আছে জুমি জুমি চাবলৈ ধৰিছিল৷
“এতিয়া নাখাবা কিন্তু৷ ৰাতিহে খাবা৷” নিশকতীয়া ল’ৰাটোৰ জপৰা চুলিখিনিত হাত ফুৰাই দি দি দীপাই কৈছিল৷
বেকাৰীৰ পৰা সৰু কেক এটা কিনি লৈ ওচৰৰ হোটেল এখনত ভাত খাই সিহঁত ঘৰমুৱা হৈছিল৷
ধূলিময় ৰাস্তাটোৰে সিহঁতৰ গাড়ীখন লাহে লাহে আগ বাঢ়িছিল৷ দুয়োফালে বহল পথাৰ, ওখ ওখ গছ, বহু দূৰলৈ সেউজীয়া আৰু সেউজীয়া৷ ওপৰত সীমাহীন নীলা আকাশ৷
“ইম্মান ধুনীয়া ঠাই নহয়৷” দীপাই হাঁহি কৈছিল৷ অহাৰ সময়ৰ খং-বিৰক্তিৰ মেঘবোৰ তাইৰ মনৰ পৰা যেন আঁতৰি পলাই গৈছিল৷
“বৰ ধুনীয়া ঠাই৷” পৱনে ঘূৰি চাইছিল৷
তাইৰ হাঁহিৰ দৰেই নিৰ্মল আবেলিৰ ৰ’দ দীপাৰ মুখত পৰিছিল৷ দীপা ধুনীয়া৷ আজি কিন্তু তাইক আৰু বেছি ধুনীয়া দেখাইছিল৷
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮
My address: B-115,
Sanvi Sankalpam,
Nagondanahalli,
Whitefield,
Bangalore,
Karnataka 560067
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
