Written by sdblogs2011 9:44 am Poems

মঞ্চত এখন নাটক

অৰ্চনা পূজাৰী

মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ  নাটকখন  আৰম্ভ হৈছে

নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ

***

“প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে

প্ৰত্যুত্তৰত আন এজনে ক’লে –

নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ এখিলা পাত।”

তৃতীয়জন অভিনেতাই ক’লে –

প্ৰেম প্ৰকৃতাৰ্থতে “ ৰিভলভাৰৰ এটা শব্দ।”

শ্ৰোতা-দৰ্শকৰ কৰ্ণকুহৰত সংলাপবোৰ ঠহৰ ঠহৰকৈ বিন্ধিলে

প্ৰতেকেই চকু কপালত নচুৱাই ভাবিলে

ই কি প্ৰেমৰ নতুন স্বৰূপ

উদ্ভট, উদ্ভট,  চৰিত্ৰ, চিন্তা সকলো উদ্ভট

ডাণ্টেৰ স্বৰ্গীয় প্ৰেমৰ ৰেশ

নিমিষতে উৰি গুচি গ’ল

                                                ***

দৰ্শকবোৰো লাহে লাহে মঞ্চলৈ উঠি গ’ল

এজনে আনজনলৈ হাত আগবঢ়াই দিলে

খাওক, এগিলাছ প্ৰেম পি খাওক

নিচা হ’ব

সময় কাটিব

নহ’লে  নহ’লে…

এইবুলি নাটকীয় ভংগীত গদ্গদ স্বৰেৰে কৈ উঠিল

ওজন থকা সংখ্যা কিছুমান

বেংকৰ চে’কবহী উলিয়াই

পাতে পাতে লিখি দিয়ক

সিও যে আন এক ধৰণৰ প্ৰেম

য’ত আধুনিক মনবোৰ নিচাগ্ৰস্ত হয়

                                                ***

নহ’লে, নহ’লে ট্ৰিগাৰত হাত থৈ

ফুচফুচনিৰ দৰে অথবা 

খৰমৰণিৰ দৰে

অথবা কাণৰ কাষত সামান্য সুৰসুৰণি  তুলি

পাৰ কৰি দিয়ক কিবা এটা

                                                ***

অভিনৱ সংলাপ

অভিনৱ বাস্তৱ

                                                ***

অনুতাপত দগ্ধ হোৱাৰ আগতেই

সমাধি ৰচক

আঁঠু লওক

সিওযে আন এক প্ৰেমৰ নাটক

একোপাহি বগা ফুলেৰে সমাধি সজাই তোলক

                                                ***

দৰ্শকৰ মাজত সামান্য মনোমালিন্য

এজনে আনজনক ক’লে

জানেনে আজিৰ পৃথিৱীৰ সুচল বেহা  কি

লেনদেন কৰক

লেনদেনত হয় প্ৰেমৰ দৰৰ উঠানমা  আৰু প্ৰেমৰ বেছা-কিনা ৷৷

                                                ***

ভ্ৰাম্যভাষ :  ৯৪৩৫০১৪৭০৬

Visited 2 times, 1 visit(s) today
Website |  + posts
Close