Written by sdblogs2011 4:12 am Poems

মই নাথাকিলোঁ

ধ্ৰুৱকুমাৰ তালুকদাৰ


মই নাথাকিলোঁ,
এটা গান আছিল মোৰ বাটত
মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ
দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি
মাটিত পৰিছিল
মই নেদেখাৰ ভাও লৈ
চহৰখনৰ ব্যস্ত গলিটোৰে সোমাই আহিলোঁ –    

কান্দিব পাৰে সকলোৱে
হঁহাহে নেদেখোঁ কাকো…

চকুপানীৰ দুৱাৰখন খুলি থোৱা ৰাতিটোক
মই এদিন কাণত ধৰি এশিকনি দিম বুলি ভাবি আছিলোঁ
আজি দুকুৰি বছৰ হ’লহি
নোৱাৰিলোঁ –

মন কেতিয়াবা কেতিয়াবা চিলাৰ দৰে উৰে
আকাশখন আছে, আছে জানো
মাটিত আছোঁ, মাটিতেই আছোঁ
থিয় হৈছোঁ, খোজ কাঢ়িছোঁ, শুইছোঁ ভাগৰত…

চকুপানী আছে, খাবলৈহে নাই পানী
মৰি মৰি আছোঁ নে
থাকি থাকি মৰিছোঁ
উত্তৰ উলিওৱা টান…

এটা গান, মোৰ বাটত থিয় হৈ আছিল
মই কাষেৰে পাৰ হৈ আহিলোঁ
আৰু সি আহি থাকিল মোৰ পিছে পিছে
তাৰ চকুৰ পৰা সৰি পৰা চকুপানী দুটোপাল
ধূলিবোৰৰ মাজত পৰি থাকিল…

কোনোবা বাটৰুৱাক মোৰ কথাবোৰ ক’বলৈ…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close