Written by sdblogs2011 12:31 pm Poems

মই আকৌ উভতি আহিব খোজোঁ

 কৌশিক জ্যোতি বৰা

  (এক)

শুই থকা ফুলপাহ কোনে চুই দিলে

নীৰৱ কোমল সময় কাপত

কোলাহলৰ হলাহল কোনে বাকি দিলে

বতাহত যে তেজ তেজ গোন্ধ

  (দুই)

ওখ হোৱা বাটবোৰ চমু হওক তোমাৰ

দীঘল হওক মোৰ চেতনাৰ প্ৰসাৰিত হাত

মই আকৌ উভতি আহিব খোজোঁ

চকুলোৱে সীব নোৱৰা

পাথৰৰ কলিজা গলাবলৈ

মৃত্যুকো ভাস্কৰ্য কৰি গঢ়িবলৈ

 (তিনি)

গঢ়িলা, গঢ় ল’লোঁ

ভাঙিলা, ভাগি গ’লোঁ

শিল্পী আৰু শিল্প

তুমি মই

তোমাৰ হাতৰ টুকুৰাবোৰ তোমাৰেই ভগ্নাংশ

 (চাৰি)

ওখ মানেই আকাশ নহয়

সৰি যোৱা মানেও হালধীয়া নহয়

তুমি ওখ হৈ হৈ আকাশ হ’ব খুজিলা

আৰু মই

হালধীয়া হৈ হৈ সেউজীয়া হ’ব খোজোঁ

(পাঁচ)

এই সময় সেই সময় নহয়

চুলি মেলি উৰি যাব নক্ষত্ৰ

বুদ্ধ সাৰে আছে য’ত

বন্ধ বাতায়ন মেলি দেখিছোঁ

কুঁৱলীৰ মুখা পিন্ধা ৰ’দ।

ঠিকনা :

আমগুৰি, দেৰগাঁও

ভ্ৰাম্যভাষ : ৯৩৬৫৯৬০৫৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close