Written by sdblogs2011 5:14 am Poems

মইনাৰ পূজা

অৰুণ গগৈ

নিয়ৰ সৰি সৰি তিতি আছে

চোতালৰ দুবৰি বন,

পূজা আহিল বুলি মইনাৰ

উলাহে নধৰা মন ৷

বিবিধ বস্তুৰে উপচি পৰিছে

দুৰ্গা পূজাৰ মেলা,

মাকৰ স’তে পূজালৈ যাব

পিন্ধি নতুন চোলা ৷

মণি কিনিব পুতলা কিনিব

আৰু কিনিব খাৰু,

গৰম গৰম জেলেপী খাব

আৰু হেনো খাব লাৰু ৷

পেঁপা বজাব হুইচেল বজাব

কিনিব খেলনা,

দুৰ্গা দেৱীক প্ৰণাম জনাই

কৰিব প্ৰাৰ্থনা ৷

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Website |  + posts
Close