Written by sdblogs2011 8:01 am Poems

ভ্ৰম নহয়, ভয়হে

হেমচন্দ্ৰ কছাৰী

বহুতেই কয় মানুহৰ শৰীৰটোহে জ্বলে

আত্মাটো নজ্বলে

আত্মাবোৰহেনো ভূতহৈ ঘূৰি ফুৰে আমাৰ আশে পাশে

আমাৰ গাঁৱত এতিয়াও মানুহক ভূতে পায়

বেজে বচায়

আচৰিত কথা

এইবোৰ ভূতে আইনা নাচায়, বচ-নহৰু নাখায়

দ্যা কেনেল, দ্যা চাইনিং, ইত্যাদি বোলছবি

নিমিষ নমৰাকৈ চাইছোঁ

কুমুদ চন্দ্ৰদেৱৰ ভালে কেইটা কাহিনীৰ ৰস স্বাদন কৰিছোঁ

মিছা নকওঁ- জয়াল নিশা ডাল ডাল হৈ পৰে গাৰ নোম

আজিকালি অৱশ্যে

ভূততকৈও নিজৰ দৰে অৱয়ববোৰকহে বেচিকৈ ভয় লাগে

সকলো সময়তে ভোটৰ ভূত লম্ভি থাকে যে

পৰা হ’লে ভাল ভূতৰ সমদল লৈ সকলোকে দাপোণ চাবলৈ ক’লোঁহেতেন

জুই নুমুৱাবলৈ- চকুলো মচিবলৈ

আমি ৰাছিয়া ইউক্ৰেইন ইজৰাইল হামাছ মণিপুৰ ইত্যাদি ঠাইবোৰলৈ গলোঁহেতেন

গলোঁহেতেন এমুঠি অন্নলৈ বুৰুণ্ডি দক্ষিণ ছুডান চোমালিয়া আদিলৈও

জানো, বিষয়টোকলৈ বহুতেই আঙুলি টোৱাব; হাঁহিব

কবিৰ মানসিক স্থিতিকলৈও প্ৰশ্ন উঠিব

পিছে মন্দিৰত যদি ভগৱান থাকে, মছজিদত যদি আল্লা থাকে 

তেন্তে এনেকৈ ভৱাত কাৰ কি আপত্তি থাকিব পাৰে

এয়া ভ্ৰমৰ প্ৰলাপ নহয়, ভয়ৰহে

আমিনো কোন, এটি ধুলিকণা মাথোন

তথাপি ভাৱো উদঙীয়া গৰুক নিমখ অকণ চেলেকাই পঠিয়ালে ঘৰলৈ সোনকালে ঘূৰি অহাৰ দৰে

ক্ৰমান্বয়ে শিল হ’বলৈ ধৰা বুকুবোৰকো

কিবা প্ৰকাৰে ঘূৰাই আনিব পৰা হ’লে!

—————–

কবিৰ ঠিকনা-

গাঁও-২ নং ঘেয়াৰী

ডাক- জীয়াঢল চাৰিআলি

জিলা- ধেমাজি ( অসম )

পিন- ৭৮৭০৫৭

ভ্ৰাম্যভাষ- ৯৯৫৭৫৪২০৭০

Visited 3 times, 1 visit(s) today
Website |  + posts
Close