Written by sdblogs2011 10:43 am Poems

ভোগালী

জিতেন পায়েং

লেচেৰি বুটলা দিনৰ ইতি পেলাই 

 নৈপৰীয়া বগৰী পকিছে 

গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি 

হাফ পেণ্টৰ দাম বাঢ়িছে 

খেতিয়কৰ ধান 

মহাজনৰ ভৰাল 

এদোণ ধান 

এবেলাৰ কাছি 

 কিমান আৰু উদযাপন কৰিম ঠেঁটুৱৈ ধৰা কঙাল দিন 

ভোগালী আহিছে অ ভোগালী 

জয় হৰি বোল জয় ৰাম বোল 

ভেলা ঘৰত 

উৰুকাৰ ভোজ 

হাঁহে মাহে কুকুৰাই কোমোৰাই 

পুৱতী নিশা 

ৰঙানদীত গংগাৰ পানী আহে 

মেজিৰ জুই জ্বলে 

খেতিয়কৰ পেটৰ জুই ? 

ঠিকনা :

অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় ফোন : ৯৮৬৪০৭৫১৪৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close