Written by sdblogs2011 3:57 am Poems

ভোক

 উজ্জ্বল স্মৰণ দত্ত

উদৰৰ বানবৰিয়া খাল

এৱাঁচোলা পিন্ধাৰ পৰা

পিতপানী হৈ উজায়

দুপৰত বাঢ়ে চোক

অজগৰে গিলি খোৱা পৃথিৱীত

উদৰৰ চোকত চোক বাঢ়ি

ক্ষণে উঠা

ক্ষণে নমা

বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ

উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ

ভোগৰ ভোগজৰা খোৱাৰ পৰা

জুই হৈ জ্বলে চোক

চিকচিনা মনগহন

অপূৰ্ণতাক চাকি চাই 

আকণ্ঠ পান কৰে

উদৰৰ চোক হৈ নাথাকে ভোক

ভোগৰ দাঁতে আঁকুহে বিকুহে ৷

Visited 1 times, 1 visit(s) today
Website |  + posts
Close