Written by sdblogs2011 6:42 am Poems

ভেকচিন

 ৰাজীৱ বৰা

আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল

যেতিয়া আমাক বচাবলৈ তেওঁলোক

উঠিপৰি লাগিল

এতিয়া মই নাজানো

মই বাচি আছোঁনে

মোৰ ভিতৰত বাচি আছে মৃত্যু

কাৰণ মোৰ শৰীৰটোৱে

মোৰ সংগ নলয় নিৰ্দেশ নেমানে

বন্ধুবোৰ এজন-দুজনকৈ গুচি গৈছে

তেওঁলোকো যি ইমান সোনকালে যোৱাৰ 

কথা নাছিল

আমাক বচাই ক’ত কোন বাচিল

ভাত কাপোৰ আসন নিকেতন 

আমি প্ৰতি পল মৰিলোঁ

আমিনো কেতিয়া জী আছিলোঁ 

পাহৰিলোঁ

Visited 3 times, 1 visit(s) today
Website |  + posts
Close