অনিন্দিতা কলিতা
ভালপোৱাক মই ভাল পালোঁ
আইৰ কোঁচৰ পৰা নামি আঁঠু কাঢ়িবলৈ লৈ
মই ভাল পালোঁ মাটিক
মানুহ মাটিতেই মিলিব বুলি নজনাকৈ
নজনাকৈ ভাল পালোঁ তোক চম্পা
চাৰিটা যুগ হেন দিন
তই নোহোৱাকৈ সুমথিৰাৰ বাগিচা পাৰ হৈ
বসন্তলৈ ৰৈ থাকিলোঁ
আকাশলৈ চাই ভাল পালোঁ উৰিবলৈ
সহজ দিনবোৰ
সূৰ্য নুমুৱা ৰাতিবোৰ
পেৰি পেৰি মিঠা হ’বলৈ বাধ্য কৰোৱা বিষাদবোৰকো ভাল পালোঁ
ভালপোৱাৰে ঘৰ সাজিলোঁ চম্পা
বুকুত আছিল আমাৰ অনেক ৰঙা
তোৰ শেৱালি কোমল দুহাতত গুঁজি দিলোঁ
মোৰ সপোন বিচৰা দুচকু
সৰু সৰু সপোন
বোকোচাত বান্ধিয়েই
অতদূৰ বাট কুৰি বালোঁ
নিয়ৰ সৰিল
হেমন্তৰ ৰূপালী আমাৰ চুলিত থমকিল
দিনে দিনে শেতা হৈ অহা তোৰ সোলা মুখৰ হাঁহিটোক মই ন-কৈ ভাল পালোঁ
কোঁচত তুলি তোক
চিতাত শুৱাই পৰত
মই নৈখনক বৰকৈ ভাল পালোঁ
নিৰ্দিষ্ট কিছুমান মানুহে
ভাল পালেই
জীৱনটো সুন্দৰকৈ চলি যায় অ’ চম্পা
সময় বৰ তাকৰ আছিল বেয়া পোৱাবোৰৰ বাবে
তোৰ সৈতে জীৱনৰ পৰা জীৱনলৈ যাবলৈ
মই নৈখনৰ সৈতে সন্ধি কৰাটো জৰুৰী আছিল
ভালপোৱাক জীয়াই ৰাখিবলৈ
মোৰ তেজত মৰি আহিছিল নিঃসংগতা
ভালপোৱাক জীয়াই ৰাখিবলৈ
মই কৰিছিলোঁ মোৰ স্তব্ধ বুকুৰ ধপ্ধপনিৰ বাবে
হাজাৰ প্ৰাৰ্থনা
অ’ চম্পা!
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
