Written by sdblogs2011 12:52 pm Poems

ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন…

অৰ্চনা ঠাকুৰীয়া

ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ’ল

সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন

মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা এতিয়ালৈ কৰা হোৱা নাই। সেয়ে

আৱেগবোৰ থুকি থুকি জপাটোত ভৰাইছোঁ,

কেতিয়াবা দুচকুত পিন্ধি লৈছোঁ যন্ত্ৰণাৰ

অথবা আনন্দৰ ৰঙীন  পোছাক।

পিয়াঁজি তৰপবোৰ এৰুৱাই ভিতৰৰ সাহকণ মৰমৰকৈ চোবাইছোঁ…

মিঠা-টেঙা-জলাৰ নিমখীয়া সোৱাদ।

সময়েও মোক চেলেকি চাইছে

জীয়াই আছো নে মৰিছোঁ ।

অনগ্ন পোহৰৰ সৌন্দৰ্য উপভোগ কৰাৰ ব্যৰ্থ প্ৰয়াস 

হামিবোৰৰ দৰেই ভালপোৱাবোৰো সংক্ৰমক হোৱাহেঁতেন…

হয়তোবা আত্মগৰিমা লৈ থাকোঁ বাবেই মধুৰ সময়ো জাহ যায় পুনিয়ে ছানি ধৰা নিথৰ জলৰাশিত…

এনেতে, ক’ৰ পৰা জানো ওলালহি এজাক লহপহীয়া শব্দ 

পকাবেলটোৰ ভিতৰৰ পৰাই হ’বলা

নিজেই নিজৰ আঙুলিত ধৰি ওলাই আহি কলোঁ, ব’লা এধাৰি মালা গাথোঁ

এখন গামোচা বওঁ, ফুল বাছোঁ

বৰণ কৰোঁগৈ ব’লা সেইজনক…

আজি মই জীৱনক দেখিলোঁ

চুই চালোঁ তেওঁক

আৰু নিজকো…

Visited 4 times, 1 visit(s) today
Website |  + posts
Close