Written by sdblogs2011 6:58 am Poems

ভগীৰথ

ঋষভ নাথ

পিয়াহ পুহিম মই এটা হাঁহৰ দৰে

আতুৰণি পি পি সি ডাঙৰ হ’লে

এদিন ডেউকা মেলি নিব মোক

দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ

শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত

দূৰ ৰাজস্থানৰ ৰেণু-ৰজত

আকাশ খহাই অহা এজাক উচুপনিকে

নতশিৰে সুধিম মই ক’ত সৰস্বতী-তট

বিদ্যালয়ৰ ঘণ্টাত ন বছৰীয়া মাত থৈ

ইন্দ্ৰই হয়তো তেতিয়াও গংগাৰ বাবে

সনাতনী বাট এটা বিচাৰিব তেজত

তাৰ টোপনিত এটা সপোন হৈ থিয় মই

বাদুওলমা চকুত চকু থৈ চাই আছোঁ

উচ্চ কৰে বস্ত্ৰ হৰণ কৰা তুচ্চ মাতৃৰ

স্তন নিগৰা অমৃত-নিজৰা

তাৰ আৰ্ত ওঁঠৰ ৰস পৰি পৰি উপচা

মাটিৰ ঘটিত আখৈ ফুটা পখিলা

তাৰ বিকল কাণত কাণ পাতি শুনিছোঁ

ঘৃণাৰ ভৰত হাড় ভাগি ভাৰত বাগৰা।

এচলু মুমূৰ্ষু জলত হয়গ্ৰীৱ ডুব যোৱালৈ

আৰু অফিম-ফুলবোৰ ফল হোৱালৈ

তাৰ পাঁচ অধিক কুৰি দিন-ৰাতি

মৰি জী থাকিব লাগিব মই

কেঁচা খৰি পুৰি ওলোৱা মন্ত্ৰৰ ধোঁৱাই

যেতিয়া আহাৰৰ মেঘ খেদি ফুৰিব

ইক্ষ্বাকু-আন্ধাৰেৰে ইন্দ্ৰই সূৰ্য ঘেৰিব

উপায়বিহীন পুৰোহিত বৰুণে তেতিয়া

কুকুৰা কাটি পাতিব ভেকুলীৰ বিয়া

আৰু উৰুলিত তিতি বুৰি ছায়ালাৰ

আয়তী নাচিব খেজুৰৰ ছায়াত

ইন্দ্ৰৰ যন্ত্ৰণা নাশৰ বাবে লাখ লাখ

মৌন মনিচৰ শোভাযাত্ৰাত নীচ হৈ

ময়ো জ্বলাব পাৰোঁ মমৰ জীৱন

যদি বৰষুণত ঠাকুৰৰ কুঁৱা নভৰে

অথবা কি মূৰ্তি ভিতৰত নোচোৱাকৈয়ে

আঁঠু থ’ব পাৰোঁ বাহিৰৰ জোতা-চেণ্ডেলত

যদি মোৰ স্তুতি আৰু কেতিয়াও কৃষকৰ

হাড় ভগা ঘামত মাখি হৈ নপৰে

অতল টোপনিৰপৰা কেঁকনি কাঢ়ি লৈ

ওলাম মই আৰু ফুটা বাল্টিৰ দৰে

দুলি থাকিম ৰাহুৱে লাহে লাহে

গ্ৰাস কৰি অহা তাৰ মূৰৰ ওপৰত

উটুৱাই নিবনে তাক বিস্মৃতি প্ৰপাতে

নে তাৰ জোঁটাই ৰুধিব জাহ্নুৰ প্ৰতাপ

দেও-পিয়াহে মোৰ গোৰোৱাত খুঁটিব

বাচি থাকিবলৈ সি অশুচি তেজো পিব

পিছে মুক্ত হ’বলৈ কি আৰু ক’ত বৈতৰণী

মৰমৰ ইন্দ্ৰ তুমিয়েই নুমলীয়া ভগীৰথ

অস্পৃশ্য আত্মাৰ ভিৰ বিৰ দি গৈ থাকা

তোমাৰ পিছে পিছে আমাৰ চকুলোৰ পথ

—–

*টোকা :

ৰাজস্থানৰ জালোৰ জিলাৰ সৰস্বতী বিদ্যা

মন্দিৰৰ তৃতীয় শ্ৰেণীৰ দলিত সম্প্ৰদায়ৰ

ছাত্ৰ ইন্দ্ৰ কুমাৰ মেঘৱাল। ২০ জুলাই ২০২২

তাৰিখে উচ্চ বৰ্ণৰ শিক্ষকৰ খোৱা-পানীৰ

কলহ স্পৰ্শ কৰাৰ অপৰাধত বিহা শাস্তিৰ

পৰিণতিত ন বছৰীয়া ইন্দ্ৰ গুৰুতৰ ভাবে

আঘাতপ্ৰাপ্ত হৈ ১৩ আগষ্ট ২০২২ তাৰিখে

চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close