Written by sdblogs2011 7:12 am Poems

ব্লাউজ

 ৰেমী শৰ্মা

কেইবাবছৰ ধৰি ব্লাউজটো তাইৰ লগতে শুইছে

দুটা চমকা তৰা ঢাকি থোৱা

ব্লাউজটো পিন মৰা ঠাইতে ফিচিকি গ’ল

চিৰিংকৈ মাৰিলে আকাশৰ তলত গাজনি 

কেতিয়া খুলিছিল তাই সেইটো

সেইদিনা চাগে তৰা চাবলৈ ভিৰ হৈছিল আকাশত

ডাৱৰ আৱৰি ৰখা ব্লাউজটোৰো বুকুখন ফাটিল !

কোনেও গম নোপোৱাৰ আগতেই

বিষোৱা ঠাইকণতে খামুচি ধৰি থকা

অত বছৰীয়া হেপাঁহ ক্ৰমাৎ পচি আহিছে

সোণামুখী বেজীৰে

সী গৈছে

সিমানেই ফাটিছে

সিমানেই ফাটিছে

ইমান গাজনি

ইমান বৰষুণ

ইমান পানী!

মাকে কৈছে নতুন এটা ল’বি

সেইটোৰে ঘৰ মচিবি

তাই গাৰ মঙহেৰে ঘৰ মচিব !

নতুন ব্লাউজটো জোখে মাখে আঁটিছে

আগতকৈ আকাশখন বহল হৈছে

নে তৰাবোৰ সৰু হৈছে

Visited 3 times, 1 visit(s) today
Website |  + posts
Close