Written by sdblogs2011 9:01 pm Poems

বোধ

দাদুল ভূঞা

‘বুধিয়ক শিয়ালৰ’ সাধুটো

মনত আছেনে আপোনাৰ

শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই

আমি গৈ আছোঁ একেটাই বাটেদি

ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম

তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ

বন্ধ কুঠৰীত দেখোন জ্বলে—

ধৰ্ম-অধৰ্ম, জাতি-অজাতি, গৰু-গাহৰিৰ ৰাজনীতি

বুধিয়ক শিয়ালৰ বুদ্ধিত উছন বুঢ়া-বুঢ়ী,

তথৈৱচ আজিৰ সমাজ, উদাহৰণত— হিতাধিকাৰী

হাত চাপৰি,আত্মবিজ্ঞাপনত ব্যস্ত ৰাজনীতি

তিলটোকে তালটো কৰি সাৰে থাকে হালধীয়া বাৰ্তাজীৱী

এনেকৈয়ে চলি আছে

মাটিৰ নিমজ হাতত দেওলগা এন্ধাৰ

‘ৰঙা ঔচ ! ক’লা ঔচ !’

বুঢ়ীৰ নৃত্যত মগ্ন শিয়াল

জ্বলে যদি জ্বলক তেজৰঙা জুই

হয় যদি হওক লংকাকাণ্ড

বানত যদি বুৰ যায় পথাৰ, ঘৰ

মাটিতে জাহ যাওক মাটি-কলিজাৰ দুহাত

জাহ যাওক ভাষা

বৰ টোপনি ধৰিছে

পাৰে যদি শুই লওক, জাগি থাকক কেৱল দেশ

কুম্ভকৰ্ণ নিদ্ৰাৰ আলস্যত সিংহাসনৰ খুঁটি সাৱটি

শিয়াল ৰজা

আমি কওঁ—‘জিন্দাবাদ’

এনেদৰেই আমি সিজোৱা কচু খুৱাই ডাঙৰ-দীঘল কৰিছোঁ

বুধিয়ক শিয়াল, চলাবলৈ দেশ

প্ৰিয় পাঠক,

বোধৰ বুদ্ধক বুকুতে থাপনা পাতি

আমি বিচাৰিব নোৱাৰোনে— এখন ন-সমাজ

পৰিৱৰ্তন বিচাৰি মুঠি মুঠি পোহৰ

 ***

ঠিকনা :

গাওঁ আৰু ডাক : মাগনি

জিলা : বিশ্বনাথ

ডাক সূচাংক :৭৮৪১৬৮

ভ্ৰাম্যভাষ : ৯৮৫৯২৮৯৩২৫

ই.মেইল : dadul.bhuyan@gmail.com 

Visited 3 times, 1 visit(s) today
Website |  + posts
Close