Written by sdblogs2011 5:46 am Poems

বেৰঙী সপোন

মন্দিৰা গগৈ

সকলো দেখিছোঁ

ফুলবোৰ, আকাশৰ ৰংবোৰ

গান শুনিছোঁ কুঁহিপাতবোৰৰ

আনকি চিঞৰি কন্দা দেখিছোঁ দুখী মানুহবোৰক

উৎফুল্লিত হৈ জঁপিয়াই থকা দেখিছোঁ বহু প্ৰতিধ্বনি 

অথচ দেখা নাই  মোক

শুনা নাই আত্মাৰ কম্পন

স্পৰ্শ পোৱা নাই

উশাহ এপাহিৰ

ক’ত এৰি আহিলোঁ

মই মোক !

তাহানিতে হেৰুৱা ছাতি এটাৰ শোক

হেৰুৱা কাঠ পেঞ্চিলডালৰ মৰম,

শুকাই যোৱা বকুলডালৰ দৰে হেঁপাহবোৰক বিচাৰিবলৈ হোৱা হুতাশটোক বিচাৰি বিচাৰি

হায়ৰাণ হৈছোঁ –  

সঁচাই মই মোক ক’ত এৰি থৈ আহিলোঁ !

পুখুৰীৰ পাৰৰ ঘাঁহবোৰত ,

পথাৰ খনৰ সেউজীয়াখিনিত, তামোলবাৰীত, নেমুবাগানত, স্কুলৰ ফিল্ডত,

শনিবৰীয়া বজাৰখনত –

ক’ত এৰি থৈ আহিলোঁ মই মোক !

কবিতা বুলি যি লিখিলোঁ তাতো নাই মই

অভিনয় বুলি যি কৰিলোঁ তাতো নাই মই

গল্পৰ কথাবোৰতো নাই

শব্দৰ ৰঙত নাই

নাই – হাঁহি নাই৷ নাই চকুলো৷ হুমুনিয়াহবোৰো হ’ল  ঠৰঙা

নাই যে, এতিয়া জোনাকী সাধু এটা কৈ কৈ নিজক নিচুকাই তোলাৰ

অৱকাশ অকণো !

Visited 3 times, 1 visit(s) today
Website |  + posts
Close