Written by sdblogs2011 4:26 am Poems

বেলিটোক লগত লৈ যাওঁ ব’ল

দাদুল ভূঞা

অলপ পিছতে ইয়াত এন্ধাৰ হ’ব

বেলিটোকে লগতে

লৈ যাওঁ ব’ল

পানীগাঠি বিষত জুৰুলি-জুপুৰি

চকুৰে একোকে নমনি

জৰা, ব্যাধি সকলোতেচোন আছোঁ

ডাক্তৰৰ দীঘলীয়া পেছক্ৰিপছন

ছেগুণ কাঠৰ পুৰণি টেবুলত

ঔষধৰ বিজ্ঞাপন

যোগ, প্ৰাণায়াম, কপালভাতি

মৰ্নিং ৱাক, ইভনিং ৱাক

সকলোতে ঠেলা-হেঁচা

পুৰণি যন্ত্ৰৰ কেঁকনি-গেঁথনি

নিৰুপায়

পুৰণি গাড়ীৰ হেন্দিমেন নাই

নাই ওঁঠত এটি সেউজীয়া হাঁহি

বৃদ্ধ পেন্সনৰ দীঘলীয়া শাৰীত থিয় দি

ৰৈ থাকোঁ

কঁপা-কঁপা হাতেৰে লিখোঁ

এনে এটা দিনলৈ অপেক্ষাৰত

সকলো বেলিঘড়ী

ঠিকনা-

গহপুৰ,মাগনি,

বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ – ৮৬৩৮৭১১৯৭৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close