Written by sdblogs2011 10:56 am Poems

বেথা

লুইত কিৰণ দাস

লেচেৰী ধান ফুটিছে

কঁঠালপতীয়া চকৰিত যেন ব্ৰহ্মাণ্ড ঘূৰিছে

মাঘৰ মেজিত যিদিনা আমি জহিছিলোঁ

মাছ পোৰা গোন্ধাইছিল চুবুৰী

নীড়হীন পক্ষী আৰু লেলিহান জিভাৰ পোহৰত

মাজনিশাই পুৱাইছিল ৰাতি

কোনে কাৰ ৰেপিছিল ডিঙি?

দহনত জন্মে যদি আমৃত্যু ভালপোৱা

ব’লা, জঁপিয়াই দিওঁ একেলগে

প্ৰেম হওঁ

এইজাক এজাক কালিন্দী ৰাতিৰ মহাবৰষুণ

টোপাল ভৰি অঙঠা

গছ আৰু পানীৰ প্ৰচ্ছায়াৰ ছায়া

দুপৰৰ আঘোণ

শীৰ্ণ নদীৰ দুছটা নিস্তেজ শিল

আটাইবোৰ মানুহ অন্ধ হৈ পৰিছে

এন্ধাৰত তুমি কাক নিচুকাই উচুপি আছা?

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close