দীপালি দেৱী চৌধুৰী
প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ
আচলতে লওঁ কি বুলি
যি আমাৰ সুবিধাৰ্থে
নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে
চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে
ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান
চলি আছে আমাক নিচুকাবলৈ
কেতিয়াবা ভেশচনত ওলালেও সময় আমাৰ হাতত নাথাকে
পানী সৰকা তলুৱাৰ আঙুলিৰে সৰকি যায়
আৰু আমিবোৰে ক’ব পাৰিলেও ক’ব নোৱাৰাটো হওঁ
আচলতেই হিপোক্ৰেছিৰ বৃত্তত আমি একোটা লেটা নুৰিয়াই লওঁ নিজেই নিজক ৷
উত্তৰ গুৱাহাটী ( প্ৰফেচৰ কলনী )
৭৮১০৩০
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
