Written by sdblogs2011 10:37 am Poems

বুৰবুৰণি

 জোনমণি দাস

তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত

ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই।

লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই

খালী গিলাচত বাকি লোৱা

বটলৰ ৰঙাখিনিত।

বুৰবুৰণি, তোৰ বাবে মোক মাতষাৰ দি

এইমাত্ৰ গুচি গৈছে হেমন্ত …

গোলাপ গছত এৰি গৈছে ৰঙা ৰুমাল এখন।

সাধুকথাৰ সপোন আৰু সাঁচিপাতৰ আখৰবোৰৰ কাৰণে

এইবেলি এই চহৰলৈ হেনো বসন্ত নাহে।

গছত গুণগুণনি তুলিবলৈ আঁচলৰ আখৈ সিঁচি

নিজৰাপাৰলৈ নামি নাহে আকাশ।

মোৰ ফুলনিৰ ফুল

মৃত্যুক মই কি সতে উপহাৰ দিম?

বৈ যোৱা নৈত ৰৈ যোৱা সৰু সৰু ঢৌবোৰৰ বাবে

তোৰ বুকুখন বহলাই থ’বি, বুৰবুৰণি…

তই লিখা সোণালী আখৰ মচি মচি মই ওলাই আহিম

চুৰটৰ ধোৱাঁবোৰ ঢৌ হৈ উৰিব

দূৰৈত,

নিজৰাটোত হেৰাই যাব

শিলবোৰৰ মাত।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close