ৰচনা পাঠক

বীৰবলৰ ডেকা কালৰ কথা৷
এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে?
সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি গাৰ ছালত পানীজোলা ফুটালে, আন কোনোবাই আকৌ হাতী একোটাক ভুকুৱাই মাৰিব পাৰিম বুলি কৈ তাকে কৰি দেখুৱাবলৈ গৈ হাঁহিয়াতৰ পাত্ৰ হ’ল৷
বীৰবলে প্ৰতিযোগিতাত ভাগ লোৱাৰ কোনো লক্ষণ নেদেখুউৱাত শ্বাহেনশ্বাহে ক’লে,
– মহামন্ত্ৰী বীৰবল! সকলোৱে কিবা নহয় কিবা কৰিছে৷ পাৰক বা নোৱাৰক, যত্নতো কৰিছে! তুমি ইমান উদাসীন হৈ থাকি প্ৰমাণ কৰিছা যে তুমি আচলতে এজন ভীৰু, কাপুৰুষ৷
ইমান গঞ্জনা শুনিও বীৰবলে একো নামাতিলে৷ মাথোঁ ক’লে,
– জাহাপনা, কাইলৈৰ দিনটো মোক ছুটী লাগে৷
পাছদিনা শ্বাহেনশ্বাহ আৰু বাকীসকল সভাসদ দৰবাৰত ব্যস্ত হৈ থাকোঁতে বীৰবল শ্বাহেনশ্বাহৰ অন্দৰ মহলৰ হাৰেমত অৰ্থাৎ ৰাণীসকলৰ ভিতৰ চ’ৰাত প্ৰৱেশ কৰিব খুজিলে৷ প্ৰহৰীয়ে বাধা দিয়াত বীৰবলে অৰ্থপূৰ্ণ হাঁহি এটা মাৰি ক’লে যে বেগম চাহেবাই নিজেহে তেওঁক লগ ধৰিব খুজি মাতি পঠাইছে৷ এইবুলি প্ৰহৰীৰ হাতত সোণৰ মোহৰ এটা দি বীৰবল ৰাণীৰ মহলত প্ৰৱেশ কৰিলে৷
সেই কালত মোগল শ্বাহেনশ্বাহসকলৰ ৰাণী অৰ্থাৎ বেগম চাহেবাসকল বাহিৰলৈ ওলোৱাৰ নিয়ম নাছিল৷ আনকি ৰজাৰ আটাইতকৈ মৰমৰ ৰাণীগৰাকীয়েও ৰাজ দৰবাৰখন গচকি পোৱা নাছিল৷ বীৰবলে এই নিয়মটোকে ভংগ কৰাব খুজিলে মহাৰাণী চাহেবাৰ দ্বাৰা৷
মহাৰাণী যোধা বেগম খুব ধুনীয়া আছিল৷ তদুপৰি তেওঁ আছিল শ্বাহেনশ্বাহৰ খুব মৰমৰ৷
বীৰবল গৈ মহাৰাণীৰ সম্মুখত উপস্থিত হ’লগৈ৷ মহাৰাণী আচৰিত হ’ল৷ তেওঁ নিজকে সুধিলে, বীৰবলৰ কিবা বেয়া মতলব আছে নেকি বাৰু?
– বেগম চাহেবা! মই আজি শ্বাহেনশ্বাহৰপৰা ছুটী লৈছো৷ – বীৰবলে অৰ্থপূৰ্ণ চাৱনি এটাৰে মহাৰাণীক ক’লে,
– ভাবিলোঁ, আজিৰ দিনটো আপোনাৰ লগতে কটাওঁ৷ সঁচা কথা কৈছোঁ বেগম চাহেবা, আপোনাতকৈ সুন্দৰী নাৰী আছে বুলি মই বিশ্বাস নকৰোঁ৷ আপুনি যদি দয়া কৰি শ্বাহেনশ্বাহক এৰি মোৰ লগত বিয়া হয় তেন্তে মই অতি আনন্দিত হ’ম৷
মহাৰাণীয়ে ভাবিলে, কথা দেখোন বিষম! স্বয়ং শ্বাহেনশ্বাহৰ প্ৰিয় মন্ত্ৰীজনাই এনেকৈ পাটৰাণীজনীক ভালপোৱাৰ প্ৰস্তাৱ দিবলৈ আহিছে৷ তাকো কৰিছে শ্বাহেনশ্বাহৰপৰা ছুটী লৈ…৷ এই কথাই কথা নহয়৷ শ্বাহেনশ্বাহক এই মুহূৰ্ততে জনাই এওঁক উচিত শাস্তি দিয়াব লাগিব৷ – ভাবি ভাবি মহাৰাণীৰ চকুপানী ওলাল৷ বহাৰপৰা উঠি তেওঁ ভিতৰ দুৱাৰেদি ৰাজ দৰবাৰলৈ খোজ ল’লে৷ আচলতে খোজ লোৱা নাই, তেওঁ এক প্ৰকাৰ কুকুৰ লৰহে ধৰিলে৷
বীৰবলো পিছে পিছে গ’ল৷
ৰাজ দৰবাৰত বেগম চাহেবাক দেখি শ্বাহেনশ্বাহ আচৰিত হ’ল
– আৰে! ই কি? বেগম চাহেবা তুমি?
– জাহাপনা, বীৰবলে মোক… বীৰবলে মোক … মহাৰাণীয়ে আৰু একো ক’ব নোৱাৰিলে৷ তেওঁক শোকে খুন্দা মাৰি ধৰিলে৷
তেনে সময়তে বীৰবলে মাত লগালে,
– জাহাপনা, ভুল হ’লে ক্ষমা কৰিব৷ আচলতে মই বেগম চাহেবাক এই দৰবাৰলৈ আনি এটা অসাধ্যহে সাধন কৰিবলৈ যত্ন কৰিছিলোঁ৷
বীৰবলৰ কথা শুনি বেগমে শ্বাহেনশ্বাহলৈ চালে৷ লগে লগে দুয়ো হাঁহিবলৈ ধৰিলে৷ সভাসদসকলেও হাত চাপৰি বজালে৷
সকলোকে বীৰবলে শ্ৰদ্ধাৰে অভিবাদন জনালে৷
(২২)
বীৰবলে ধঁপাত খাইছিল৷ আনহাতে আকবৰে খাইছিল পাণ৷ আকবৰে ধঁপাত খোৱাক লৈ বীৰবলক অনেক কথা শুনাইছিল৷ কিন্তু পাণ খোৱা কাৰণে বীৰবলে আকবৰক খুব প্ৰশংসা কৰিছিল৷ সেই প্ৰশংসা যে আচলতে প্ৰশংসাৰ ছলেৰে কৰা নিন্দাহে, শ্বাহেনশ্বাহ আকবৰেও নুবুজাকৈ থকা নাছিল, বুজিছিল৷ কিন্তু বীৰবলৰ নিচিনা তেওঁৰতো জিভাৰ আগত সৰস্বতী বহি থকা নাই যে তেওঁ বাক্যুদ্ধত বীৰবলক হৰুৱাব পাৰে!
এদিন ৰাজধানীৰপৰা আঁতৰৰ এখন ঠাইলৈ যাবলগীয়াত পৰিছিল শ্বাহেনশ্বাহ৷ লগত গৈছিল বীৰবল৷ এক্কা গাড়ী এখনত বহি দুয়ো প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি কৰি গৈ আছে৷ এবাৰ আকবৰে দেখিলে, বাটৰ কাষতে এখন ধঁপাতৰ বাৰী; তাতে এটা গাধ চৰি আছে৷ এই কথাও আকবৰৰ চকুত পৰিল যে গাধটোৱে তলৰ ঘাঁহহে খাইছে; ধঁপাতৰ পাত এখিলাও খোৱা নাই৷
বাদশ্বাহে ক’লে, চোৱাঁচোন বীৰবল! গাধয়ো ধঁপাত নাখায়৷
বীৰবলে সেইফালে চালে আৰু ক’লে, হয় জাহাপনা! গাধইহে ধঁপাত নাখায়!
আকবৰে আৰু কথা বিচাৰি নাপালে৷
(২৩)
মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?
এদিন দৰবাৰত উত্থাপিত এই প্ৰশ্নটোৰ উত্তৰ উপস্থিত সভাসদসকলৰ কোনেও শ্বাহেনশ্বাহ সন্তুষ্ট হোৱাকৈ দিব নোৱাৰিলে৷
সেইদিনা আক’ কিবা কাৰণত দৰবাৰলৈ বীৰবল পলমকৈ গৈছিল৷ তেওঁ দৰবাৰত উপস্থিত হওঁতে শ্বাহেনশ্বাহে বাকী সভাসদসকলক ককৰ্থনা কৰি আছে৷ বীৰবল পোনছাটেই সোমাই নগৈ প্ৰকাণ্ড স্তম্ভ এটাৰ আঁৰ হৈ শ্বাহেনশ্বাহৰ কথা শেষ হোৱালৈ ৰ’ল৷ শ্বাহেনশ্বাহে কৈ আছে –
– তোমালোকক মিছাতে মই ৰাজভঁৰালৰ সোণৰ মোহৰবোৰ হাজাৰে হাজাৰে দৰমহা দিছোঁ৷ এই সামান্য প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাঁ, ইফালে দাবী কৰাঁ যে তোমালোকতকৈ জ্ঞানী আৰু বুধিয়ক এই জগতত কোনো নাই! ধি্ক তোমালোকৰ জ্ঞান-বুদ্ধিৰ অহংকাৰ! ছেঃ আজি দৰবাৰত বীৰবলো নাই নহয়! তেওঁ থকা হ’লে এক টিলিকিতে এইটো প্ৰশ্নৰ উত্তৰ দিলেহেঁতেন৷ তেওঁৰ সফলতাত তো তোমালোকৰ কম ঈৰ্ষা নহয়৷ তেওঁৰ জ্ঞান-বুদ্ধিৰ স্বীকাৰ কৰিবা দূৰৈৰ কথা, তেওঁক তোমালোকে হিংসাহে কৰা!
শ্বাহেনশ্বাহ ৰ’ল৷ দৰবাৰ কাঁহ পৰি জীণ গৈছে৷ শ্বাহেনশ্বাহে আৰু কিবা কয় নেকি শুনিবলৈ ৰৈ একো নোকোৱা যেন দেখি বীৰবল সোমাই গ’ল আৰু শ্বাহেনশ্বাহক অভিবাদন জনাই নিজৰ আসনত বহিলগৈ৷ দৰবাৰ তেনেই থম্থমীয়া৷ বীৰবলে কাৰণটো বুজিছে, কিন্তু একো নুবুজাৰ ভাও ধৰি তেওঁ সুধিলে,
– জাহাপনা! কিবা গুৰুতৰ বিষয়ৰ আলোচনা চলি আছিল যেন পাওঁ! ময়ো ভাগ ল’ব পাৰিম নেকি?
– তুমিও মানে? – শ্বাহেনশ্বাহে আচৰিত হৈ ক’লে – তোমাৰ বাহিৰে মোৰ সোঁৱে-বাঁৱে আছে কোন বীৰবল?
– সোধক জাহাপনা৷ মোৰ জ্ঞান-বুদ্ধিৰে আপোনাক সন্তুষ্ট কৰিব পাৰিলে মই আনন্দিত হ’ম৷
আকবৰে সুধিলে,
– মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়? এই প্ৰশ্নটোৰ উত্তৰ এইসকল সভাসদৰ এজনেও দিব নোৱাৰিলেহে’!
বীৰবলে ভাবিলে, শ্বাহেনশ্বাহৰ মন ভাল লগোৱাৰ আৰু বাকীসকল সমজুৱাৰ কটা ঘাত চেঙাতেল মৰাৰ এইটো উত্তম সুবিধা৷ তেওঁ ক’লে,
– জাহাপনা! মই সাধাৰণ মানুহ৷ বিদ্যা-বুদ্ধিতো মই নিচেই সামান্য৷ গতিকে মই সকলো মানুহৰ কথা ক’ব নোৱাৰিম৷ কিন্তু আপোনাকে ধৰি এই সভাৰ উপস্থিতসকলৰ হাতৰ তলুৱাত নোম নোহোৱাৰ কাৰণটো মই বিচাৰি পাইছোঁ৷
– কোৱাঁ বীৰবল! আমাৰ কথাকে কোৱাঁ৷ – শ্বাহেনশ্বাহে অনুমতি দিলে৷ বীৰবলে চাৰিওফালে এবাৰ চকু পিৰিকিয়াই চালে আৰু ক’বলৈ ধৰিলে,
– জাহাপনা! আপুনি পৃথিৱীৰ গৰাকী, ৰাজ-ৰাজেশ্বৰ৷ ল’ৰালিৰেপৰা আপুনি ধন-সোণকে দান কৰি আহিছে, পুৰস্কাৰকে দি আহিছে৷ এতেকে আপোনাৰ হাতত ধন-সোণৰ ঘঁহনি ইমানেই খাইছে যে তাত আৰু নোম গজাৰ উপায় নাই৷
আকবৰে গোঁফকোছাৰ তলেদি মিহি হাঁহি এটা মাৰিলে আৰু সুধিলে,
– আৰু তোমাৰ?
– জাহাপনা! বীৰবলে ক’বলৈ ধৰিলে, আপুনি দিয়া ধন-সোণৰ পুৰস্কাৰ মই ইমানেই পাইছোঁ যে সেইবোৰ লওঁতে লওঁতে মোৰ হাতৰ তলুৱাত গজিবলৈ নোমে সুবিধাই নাপালে৷
আকবৰে আকৌ এবাৰ হাঁহিলে আৰু সোঁহাতখনেৰে সভাসদসকললৈ ইঙ্গিত কৰি সুধিলে,
– আৰু এওঁলোকৰ?
– জাহাপনা! বৰ দুখ লাগে যে মই পুৰস্কাৰ পোৱা দেখি মোৰ এই মাননীয় সহকৰ্মীসকলে অনবৰতে হাত মোহাৰি থাকিবলগীয়া হয়৷ আপুনিয়েই কওক, অনবৰতে মোহাৰি থকা হাতৰ তলুৱাত বাৰু নোম গজিব কেনেকৈ?
এইবাৰ আকবৰে হাঁহি সামৰি ৰাখিব নোৱাৰিলে৷ তেওঁ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে৷ সভাসদসকলে লাজত মূৰ দাঙিব নোৱৰা হ’ল৷
(২৪)
এবাৰ কিবা কথাত শ্বাহেনশ্বাহ আকবৰৰ খং উঠি বীৰবলক ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ দিলে৷ বীৰবলেও স্থিৰ কৰিলে যে এইবাৰ তেওঁ আকবৰক বিপদত পেলাইহে এৰিব৷ কাৰণ আগে-পাছেও ৰজাই তেওঁক খেদি দিয়ে আৰু দুদিনৰ পাছতে বিপদত পৰি মানুহ পঠাই ঘৰৰপৰা মতাই নিয়ে৷ এইবাৰ জাহাপনাক তেনে সুবিধা দিয়া নহ’ব, –তেওঁ থিৰাং কৰিলে৷
ঘৰতে সোমাই থাকিলেহে মতাই নিব! এইবাৰ জাহাপনাক এনে সুবিধা নিদিওঁ৷ এইবুলি বীৰবলে ছদ্মবেশ ধৰি বেলেগ এখন ৰাজ্যলৈ গুচি গ’ল৷
ইফালে বীৰবলহীন ৰাজসভাখন আকবৰৰ তেনেই নিৰস আৰু শূন্য শূন্য লাগিবলৈ ধৰিলে৷ গতিকে তেওঁ বীৰবলৰ ঘৰলৈ মানুহ পঠিয়ালে৷
বাৰ্তাবাহক ঘূৰি আহি ক’লেহি-
– বীৰবলৰ ঘৰৰ দুৱাৰত এটা প্ৰকাণ্ড তলাহে ওলমি আছে৷
আকবৰ বিবুধি হ’ল৷ ক’লৈ গ’ল মানুহটো? ছেঃ বৰ বেয়া কথা হ’ল৷ মই তেওঁক ইমান বেয়াকৈ ক’ব নালাগিছিল৷ মানুহটোৱে বাৰু মনত কমটো আঘাত পাই দেশান্তৰী হ’লনে? ক্ষমা খুজিবলৈও উপায় নাই! কি কৰোঁ? – আকবৰৰ মনত অনুশোচনা হ’বলৈ ধৰিলে৷
কিছুদিন যোৱাৰ পাছত আকবৰ অধৈৰ্য হ’ল আৰু বিভিন্ন দেশলৈ বীৰবলৰ সন্ধানত মানুহ পঠালে৷
দৰবাৰত আকবৰক ৰাজ্যশাসনত অমনোযোগী যেন দেখি বাকীসকল সভাসদে বিবিধ উপায়েৰে তেওঁৰ মন যোগাবলৈ যত্ন কৰিব ধৰিলে৷ কিন্তু আটাইখিনি ফুটুকাৰ ফেন৷ বীৰবল বীৰবলেই৷ শিল জানো সোণ হ’ব পাৰে? ম’ৰা চৰাইৰ পাখি দুটিমান গাত গুজি ল’লেই জানো কাউৰীটো কাউৰী গুচি ম’ৰা হৈ পৰিব?
শ্বাহেনশ্বাহে সদায়ে বাটচ’ৰালৈ চাই থাকে : জানোচা বীৰবল আহিছেই! পিছে নাই! এটা এটাকৈ আটাইবোৰ মানুহ ঘূৰি আহিল; বীৰবলৰহে ছাঁটোও কোনেও দেখা নাপালে হেনো৷
আকবৰে বুজিলে, বীৰবলে ওচৰৰ কোনোবা ৰাজ্যতে ছদ্মবেশ ধৰি আছে৷ নহ’লে মানুহটো বতাহৰ লগত মিলি যাব কেনেকৈ?
গতিকে আকবৰে এটা বুদ্ধি পাঙিলে৷ কাকতীৰ হতুৱাই ওচৰ-পাজৰৰ আৰু দূৰৰো চিনাকি ৰজাসকলৰ প্ৰতি তেওঁ চিঠি এখন লিখালে৷ চিঠিখনৰ সাৰমৰ্ম হ’ল যে শ্বাহেনশ্বাহ আকবৰে গঙ্গা আৰু যমুনা নৈৰ বিয়া পাতিছে৷ বিয়ালৈ সকলো ৰাজ্যৰ ৰজাই যাতে নিজৰ নিজৰ ৰাজ্যৰ নৈবোৰক পঠায়!
চিঠি পাই সকলো ৰজা হতভম্ব হ’ল৷ ইখন ৰাজ্যৰ ৰজাই আনখন ৰাজ্যৰ ৰজালৈ আনকি খবৰো পঠালে বোলে হিন্দুস্তানৰ সম্ৰাট আকবৰৰ মানসিক ৰোগ হৈছে! এৰা, আকবৰ বলিয়া হ’ল!
পিছে এখন ৰাজ্যৰ ৰজাৰপৰা আকবৰলৈ এখন চিঠি আহিল৷ চিঠিত লিখা হৈছে : যিহেতু আমাৰ ৰাজ্যৰ নৈবোৰে আপোনাৰ ৰাজ্যলৈ যোৱা বাট-পথবোৰ চিনি নাপায়; গতিকে বাট দেখুৱাই নিবলৈ আপোনাৰ ৰাজ্যৰ পুখুৰী এটাকে যদি ইয়ালৈ পঠাই দিয়ে তেন্তে আমাৰ আটাইবোৰ নৈকে বিয়া খাবলৈ পঠাই দিব পাৰোঁ৷
চিঠিখন পঢ়ি আকবৰৰ মুখমণ্ডল হাঁহিৰে উজলি উঠিল৷ তেওঁ বুজি পালে, এইখন চিঠি নিশ্চয় বীৰবলৰ বুদ্ধিমতেই লিখা হৈছে!
লগে লগে তেওঁ নিজে সৈন্য কেইজনমান লৈ সেইখন ৰাজ্য পালেগৈ৷ সেই ৰাজ্যৰ ৰজাক লগ ধৰি সুধি-পুচি তেওঁ বীৰবলক উদ্ধাৰ কৰিলে৷
আচলতে বীৰবল ছদ্মবেশী পণ্ডিত এজন হৈ সেইখন ৰাজ্যৰ ৰাজসভাতে আছিল৷
(২৫)
শ্বাহেনশ্বাহৰ বাসভৱনৰ দুজন ৰক্ষীয়ে বীৰবলক ভাল নাপাইছিল আৰু সৰু সুৰা অপকাৰ কৰি তেওঁক মাজে সময়ে আমনি কৰি আহিছিল৷ এদিন বীৰবলে সিহঁতক শাস্তি দিবলৈ মন কৰিলে৷
সেইদিনা দৰবাৰ বহা নাছিল৷ ৰাতিপুৱাৰেপৰা ভালেখিনি চিন্তা-ভাৱনা কৰি বীৰবলে এটা কবিতা ৰচনা কৰিলে আৰু আবেলি পৰত চোলাৰ জেপত কবিতাটো লৈ ৰাজভৱনলৈ বুলি খোজ দিলে৷
ৰাজভৱনৰ প্ৰথমজন ৰক্ষীয়ে বীৰবলক বাধা দিলে, বোলে জাহাপনাই এতিয়া জিৰণি লৈছে৷ বীৰবলে ক’লে বোলে, ভাই মোক সোমাবলৈ দিয়া৷ আজি জাহাপনাই মোক যি পুৰস্কাৰ দিব তাৰে পূৰাপূৰি আধা মই আজি তোমাক দিম৷
তেতিয়া পুৰস্কাৰৰ আশাত ৰক্ষীজনে তেওঁক সোমাবলৈ দিলে৷
দ্বিতীয়জন ৰক্ষীয়েও তেওঁক বাধা দিলে আৰু তেৱোঁ প্ৰথমজনক কোৱা কথাখিনিকে কৈ গৈ আকবৰৰ ওচৰ পালেগৈ৷
– জাহাপনা! অসময়ত আমনি কৰিছোঁ, ক্ষমা কৰিব৷ আচলতে মই এনেকুৱা এটা সুন্দৰ কবিতা লিখিলোঁ যে সেইটো প্ৰথম আপোনাকে শুনাবলৈ বুলি মই উধাতু খাই আহিছোঁ৷
আকবৰে কবিতা শব্দটো শুনিয়েই উৎসাহী হৈ উঠিল৷ বীৰবলে তেওঁক কবিতাটো শুনালে৷
আকবৰ প্ৰসন্ন হৈ বীৰবলক এশটা সোণৰ মোহৰ দিবলৈ ধনভঁৰালীক নিৰ্দেশ দিলে৷ বীৰবলে ক’লে,
– জাহাপনা, আজি মোক সোণৰ মোহৰ পুৰস্কাৰ নালাগে৷ মোক আজি এশটা সৌকাৰ কোব দিয়ক৷
বাদশ্বাহ আচৰিত হ’ল যদিও বীৰবলৰ কথাতে মান্তি হ’ল৷ তেতিয়া সৌকাধৰাক লৈ বীৰবল ৰক্ষী দুজনৰ ওচৰত উপস্থিত হ’ল৷ দুয়োজন ৰক্ষীকে পঞ্চাছটাকৈ সৌকাৰ কোব দিয়াই উঠি বীৰবলে বাদশ্বাহলৈ চাই ক’লে;
– জাহাপনা! আনৰ সম্পত্তিলৈ লোভ কৰা মানুহক ভগৱানে এনেকুৱা শাস্তিয়েই নিদিয়েনে?
বাদশ্বাহে হাঁহিলে৷
সেইদিনাৰপৰা ৰক্ষী দুজনে বীৰবলক অপকাৰ কৰা দূৰৰে কথা, তেওঁৰ নামটো শুনিলেও ভয়ত কঁপি থাকিবলৈ ল’লে৷
(২৬)
– এই কথাই কথা নহয়৷ তাক ভালকৈ এশিকনি দিব লাগিব৷ – ভাবি ভাবি দৰবাৰৰপৰা বীৰবল ঘৰলৈ আহি আছিল৷ দৰবাৰত ঘটা ঘটনাটো মনত পৰাত তেওঁৰ গা-মন তেনেই জ্বলি উঠিল৷
ঘটনাটো হ’ল এনেকুৱা : শ্বাহেনশ্বাহৰ নাপিতটোৱে বীৰবলক সমূলি দেখিব নোৱাৰে৷ সেইবুলি সি যে মহামন্ত্ৰী বীৰবলক প্ৰাণে মৰাৰ বুধি সাজিব পাৰে, এই কথা বীৰবলে সপোনতো ভবা নাছিল৷ পিছে বীৰবলে নভবাখিনিকো সি পাষণ্ডই ভাবিলে৷
দৰবাৰলৈ আহি নাপিতটোৱে শ্বাহেনশ্বাহক ক’লেহি,
– জাহাপনা! যোৱাৰাতি মই এটা বৰ দুখ লগা সপোন দেখিলো৷
শ্বাহেনশ্বাহে জানিবলৈ বিচৰাত সি ক’লে যে আকবৰৰ স্বৰ্গগামী পিতৃ-পিতামহসকলে বৰ দুখ কৰিছে৷ দুখৰ কাৰণ, আকবৰে তেওঁলোকৰ খবৰ-খাতি নোলোৱা হ’ল৷
নাপিতৰ কথাই আকবৰৰ মনৰ দুৰ্বল অংশতে আঘাত হানিলে৷ কেনেকৈনো স্বৰ্গগত উপৰি পুৰুষৰ খবৰ ল’ব পাৰি জানিব খোজাত নাপিতে ক’লে যে ৰজাই নিজৰ খুব বিশ্বাসী, মৰমৰ, মৰ্যাদাসম্পন্ন লোক এজনক স্বৰ্গলৈ পঠাই দিব লাগে৷
জীয়া মানুহকনো স্বৰ্গলৈ পঠাব পাৰি কেনেকৈ? শ্বাহেনশ্বাহৰ এই প্ৰশ্নৰো উত্তৰ সি ঠিক কৰি আনিছিল : বোলে খৰি-খেৰ এদ’ম গোটাই তাৰ মাজতে মানুহজনক বহুৱাই জুই দি দিব লাগে৷
তাৰ পাছতে প্ৰশ্ন হ’ল, কাক পঠাব লাগে৷
নাপিতে ক’লে,
– জাহাপনা, গোটেই দেশখনৰ ভিতৰত আপোনাৰ মৰমৰ আৰু বিশ্বাসী লোক এজনেই আছে! সেইজন হ’ল প্ৰধানমন্ত্ৰী বীৰবল৷ তেখেতৰ মৰ্যাদাও আপোনাৰ ঠিক পিছতেই!
বাকী সভাসদসকলেও যিহেতু বীৰবলক দেখিব নোৱাৰিছিল; গতিকে বাটৰ হুল আতঁৰোৱাৰ আশা এফেৰি দেখি তেওঁলোকেও নাপিতৰ মততে হয়ভৰ দিলে৷ অগত্যা বিশেষ চিন্তা-ভাৱনা নকৰাকৈয়ে শ্বাহেনশ্বাহে বীৰবলকে স্বৰ্গলৈ পঠাবলৈ সিদ্ধান্ত কৰিলে৷
বীৰবল তেনেই শ’লঠেকত পৰিল৷ পিছে সন্ধিৰ বাঁহ যে বুধিৰেহে কাটিব পাৰি তেওঁ বাৰুকৈয়ে জানে৷ সেয়েহে তেওঁ ক’লে,
– জাহাপনা! আপোনাৰ উপৰি পুৰুষসকলৰ খবৰ-বাতৰি ল’বলৈ মোক নিৰ্বাচন কৰি আপুনি যথাৰ্থতে মোক সম্মানিত কৰিছে৷ পিছে জাহাপনা, মোক পঠোৱাৰ প্ৰস্তুতি চলে মানে মোক এমাহৰ ছুটী লাগে৷
শ্বাহেনশ্বাহেও ছুটী মঞ্জুৰ কৰিলে৷
দুদিনমান ঘৰতে বহি বহি চিন্তা কৰি বীৰবলে এটা বুদ্ধি উলিয়ালে৷ যিখন ঠাইত তেওঁক পুৰিবলৈ খৰি খেৰ জমা কৰা হ’ব, সেই ঠাইলৈ নিজৰ ঘৰৰ ভিতৰৰ পৰা এটা সুৰংগ খন্দোৱাবলৈ বীৰবলে মনস্থ কৰিলে৷ কথা মতেই কাম৷ পষেক মানৰ ভিতৰতে ৰাতি ৰাতি কুৰিজন বনুৱা লাগি বীৰবলৰ ঘৰৰ শোৱনী কোঠাৰপৰা সেই নিৰ্দিষ্ট ঠাইলৈ এটা সুৰঙ্গ খান্দি উলিয়ালে৷
ইতিমধ্যে ঠাইখনত খৰি-খেৰ দ’মোৱা হৈছিল৷ পৰ্বতাকাৰ ধাৰণ কৰা কাঠ-খৰিবোৰৰ মাজেদিও মানুহ এজন তললৈ নামি সুৰঙ্গইদি বীৰবলৰ ঘৰলৈ মনে মনে গুচি আহিব পৰাকৈ ব্যৱস্থা কৰা হ’ল৷
ইমানখিনি কাম এমাহৰ ভিতৰতে হৈ উঠিল৷ এমাহৰ পাছৰ নিৰ্দিষ্ট দিনটোত শ্বাহেনশ্বাহৰপৰা বিদায় লৈ কৰ্মীবোৰে পাতি দিয়া জখলাইদি বীৰবল খৰিৰ দ’মটোৰ ওপৰত উঠিল৷ শ্বাহেনশ্বাহৰ নিৰ্দেশত সেৱকে খৰিত জুই জ্বলাই দিলে৷
দাউ দাউকৈ জ্বলি উঠা লেলিহান জুইৰ মাজেদি গৈ বীৰবল যে নিজৰ ঘৰ পালেগৈ কোনেও গমকে নাপালে৷
নাপিতটোৱে বীৰবল মৰা পৰিল বুলি ভাবি মনে মনে খুব আনন্দ পালে৷
আকবৰৰহে ভাল নলগা হ’ল৷ বীৰবলহীন ৰাজ দৰবাৰখন তেওঁৰ মনত শ্মশান শ্মশান লাগিল৷ সদায়ে তেওঁ বাটলৈ চাই থকা হ’ল : জানোচা বীৰবল আহি পায়হি!
শ্বাহেনশ্বাহে বাট চাই থকা দেখি নাপিতটোৱে মনে মনে হাঁহে আৰু নিজকে কয় : মৰা মানুহনো ঘূৰি আহেনে?
পিছে আহিল! এদিন বীৰবল স্বৰ্গৰপৰা ঘূৰি আহি আকৌ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ পালেহি।
নাপিতটোৰ মূৰত বিনা মেঘে বজ্ৰপাত ঘটাই এদিন ডাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপ লৈ বীৰবল আহি দৰবাৰ পালেহি৷ এমাহমান ঘৰতে পুথি-পাঁজি পঢ়ি-শুনি সেইদিনা মলিয়ন সাজ এজোৰ পিন্ধি বীৰবল শ্বাহেনশ্বাহক দেখা কৰিবলৈ আহিল৷
আকবৰ আনন্দিত হ’ল৷ বীৰবলক তেওঁ উপৰ্যুপৰি উপৰি পুৰুষৰ খবৰ সুধিবলৈ ধৰিলে৷
বীৰবলে কৈ গ’ল : ভাল, ভাল৷ আটায়ে পৰম সুখত আছে৷ পিছে জাহাপনা! তেওঁলোকৰ বিশেষকৈ পুৰুষসকলৰ কাৰণে এটা বৰ দুখজনক কথা হৈছে৷
– সেইটো কি? সেইটো মই দূৰ কৰিব পাৰিমনে বীৰবল?
– পাৰে জাহাপনা! আপুনি ইচ্ছা কৰিলে নোৱৰা কাম কি আছে৷
– কোৱাঁ৷ তেওঁলোকৰ দুখৰ কাৰণ কোৱাঁ৷ – বুলি কৈ আকবৰে বীৰবলৰ মলিয়ন কামিজটোত চকু পৰাত কৈ উঠিল,
– তেওঁলোকৰ কাপোৰ ধোৱা ধোবা নাই?
– আছে জাহাপনা!
– তেন্তে তোমাৰ কামিজটো ইমান লেতেৰা কিয়?
– জাহাপনা! মই স্বৰ্গলৈ যাওঁতে কানি-কাপোৰ একোকে নিয়া নাছিলোঁ নহয়৷ সেয়েহে একেযোৰকে পিন্ধোতে পিন্ধোতে অলপ লেতেৰা হৈছে আৰু৷
– ঠিক আছে৷ বীৰবল, কোৱাঁ, মোৰ পিতৃ-পিতামহৰ দুখৰ কাৰণ কি?
বীৰবলে আটাইলৈকে এবাৰ চালে আৰু লাহে লাহে নিজৰ ডাঢ়ি-চুলিত হাত ফুৰাই ফুৰাই ক’বলৈ ধৰিলে,
– দেখিছে জাহাপনা! এই কেইদিনতে মোৰ চুলি-ডাঢ়িৰ অৱস্থা কি হৈছে? এতিয়া আপোনাৰ পিতা শ্বাহেনশ্বাহ হুমায়ুন বা আপোনাৰ ককাদেউতাক শ্বাহেনশ্বাহ বাবৰৰ ডাঢ়ি-চুলিৰ অৱস্থা কি হৈছে কল্পনা কৰকচোন! তেখেতলোকে আপোনাৰ আটাইতকৈ দক্ষ ক্ষৌৰকাৰজনক অতি সোনকালে স্বৰ্গলৈ পঠাই দিবলৈ কৈছে৷
নাপিতটো ওচৰতে আছিল৷ সি মুহূৰ্ততে বীৰবলৰ বুদ্ধিৰ ওচৰত পৰাস্ত হোৱা বুলি হাড়ে হাড়ে বুজিলে৷
কেইদিনমানৰ পাছত বীৰবলক স্বৰ্গলৈ পঠোৱাৰ দৰেই নাপিতকো পঠোৱা হ’ল৷ পিছে নাপিততো আৰু বীৰবল নহয়!
এতেকে নাপিত সঁচাকৈয়ে স্বৰ্গলৈকে গ’লগৈ৷
(২৭)
তুৰস্কৰ সম্ৰাটে হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰৰ পণ্ডিতসকলৰ কথা প্ৰায়েই শুনে৷ মাজে মাজে তেওঁৰ মনত খেদ ওপজে – নিজৰ ৰাজ্যৰ পণ্ডিতসকলৰ কথা ভাবি৷ বিশেষকৈ বীৰবল নামৰ বুদ্ধিয়ক আৰু জ্ঞানী পণ্ডিতজনৰ নিচিনা অন্ততঃ এজন লোক যদি তুৰস্কৰ ৰাজসভাত থাকিলেহেঁতেন! –সম্ৰাটে ভাবিলে৷
পিছে নিজৰ উজীৰ-নাজিৰসকলে সম্ৰাটক বুজালে যে বীৰবল তেনেই সামান্য পণ্ডিত৷ বুধিৰ বেলিকাও বীৰবল তুৰস্কলৈ আহিলে তেনেই ঠোঁট-মুখ চেলেকি উভতি যাবলগীয়াতহে পৰিব৷
অৱশেষত সম্ৰাটে আকবৰলৈ চিঠি লিখিলে : কমেও দহদিনৰ কাৰণে বীৰবলক তুৰস্কলৈ পঠাওক৷ নহ’লে তুৰ্কী সেনাই হিন্দুস্তান আক্ৰমণ কৰি ছাৰখাৰ কৰি পেলাব৷
অগত্যা আকবৰেও বীৰবলক দুদিনমান বিদেশ ফুৰি আহিবলৈ পঠালে৷ বীৰবলেও বুজিলে যে তুৰস্কৰ সম্ৰাটে নিশ্চয় তেওঁৰ বুধি-বৃত্তিৰ পৰীক্ষা নোলোৱাকৈ নাথাকে৷
তেওঁ যি ভাবিছিল সেয়া ষোল অনা সঁচা বুলি প্ৰমাণিত হ’ল৷ কাৰণ, ৰাজধানী চহৰত সোমোৱা মাত্ৰকে তেওঁক দুজন কটকী আহি ক’লেহি যে চুলতানে তেওঁক পোনেই দৰবাৰলৈকে মাতি পঠাইছে৷ তেঁৱো কিবা এটা বুজি পালে আৰু ৰং মনেৰে ৰাজ দৰবাৰলৈ সোমাই গ’ল৷
কিন্তু ই কি? সিংহাসনত দেখোন চুলতান নাই! সভাসদসকলেও তেওঁক একোকে কোৱা নাই৷ বীৰবলক অপ্ৰস্তুত কৰাৰ ফাকটি!
যি হ’ল হ’ল৷ বীৰবলে চাৰিওফালে চালে৷ এজন সভাসদৰ ওচৰলৈ গৈ তেওঁ ক’লে,
– চুলতান, আপুনি সিংহাসনতহে বহিব লাগে! এনেকৈ চুচুক্ চামাক্ কৰি সভাসদসকলৰ মাজত লুকাই থাকিব লাগে কিয়?
সঁচাকৈ, সেইজনেই আছিল চুলতান৷ তেওঁ ততালিকে উঠি গৈ সিংহাসনত বহিলগৈ৷ বাকী সভাসদসকলে বীৰবলক প্ৰশংসা কৰিলে৷ চুলতানে সুধিলে,
– বীৰবল ডাঙৰীয়া, মই লুকাই থাকোঁতে আপুনি কেনেদৰে চিনি পালে যে ময়েই মই? আগে-পাছেতো আপোনাৰ আৰু মোৰ দেখা-সাক্ষাৎ হোৱা নাই!
বীৰবলে ক’লে, পৰ্যবেক্ষণ শক্তিৰ বলতে মই আপোনাক চিনি উলিয়ালোঁ মহামান্য চুলতান৷ আপুনি পিৰিক্ পাৰাক্কৈ বাকীসকলৰ পিনে চাই আছিল আৰু বাকীসকলে আটায়ে কেৱল আপোনাৰ পিনেই চাই আছিল৷
(২৮)
দিল্লীত এজন প্ৰখ্যাত চিত্ৰকৰ আছিল৷ বিশেষকৈ প্ৰতিকৃতি অঁকাত তেওঁৰ খ্যাতি দেশে-বিদেশে ৰজন্জনা হৈ পৰিছিল৷ দেশ-বিদেশৰ অনেক ৰজা-মহাৰজাই তেওঁক নিমন্ত্ৰণ কৰি নিজৰ নিজৰ প্ৰতিকৃতি অঁকাই লৈছিল৷ সম্ৰাট আকবৰ আছিল প্ৰতিভাক শ্ৰদ্ধা জনাব জনা ব্যক্তি৷ সেয়ে তেওঁ চিত্ৰকৰজনক মাটি-ভেটি, লগুৱা-লিগিৰী দি চিত্ৰকলাৰ চৰ্চা কৰিবলৈ সুবিধা কৰি দিছিল৷
দিল্লীতে এজন সদাগৰ আছিল৷ মানুহজন আছিল মহা কৃপণ৷ শুকান জেওৰা খৰি এডাল চেপিলে ৰস ওলাব পাৰে, কিন্তু সেই সদাগৰৰ হাতেৰে ফুটাকড়ি এটাও এনেয়ে সৰি নপৰে৷ বিলাসিতা কৰিবলৈ তেওঁৰ বৰ মন, পিছে বিলাসিতাৰ নামত ধন খৰচ কৰিবলৈ তেওঁ নাৰাজ৷
সেই বিশ্ববিখ্যাত চিত্ৰকৰৰ হতুৱাই নিজৰ প্ৰতিকৃতি এখন অঁকাবলৈ তেওঁৰ বৰ আশা আছিল৷ কিন্তু চিত্ৰকৰজনক ধন দিব লগা হ’ব বাবে তেওঁ মনৰ আশা মনতে সামৰি যত্ন কৰি আছিল : কি বুধিৰেনো ধন খৰচ নকৰাকৈ ছবিখন অঁকাই ল’ব পৰা যাব৷
ভাবোঁতে ভাবোঁতে তেওঁৰ মনত কুটবুধি এটাই উখল-মাখল লগালে৷ সেয়ে এদিন গৈ তেওঁ চিত্ৰকৰৰ বহা পালৈগৈ৷
– তুমি বোলে খুব সুন্দৰ প্ৰতিকৃতি আঁকিব পাৰাঁ?
– ঈশ্বৰৰ অনুগ্ৰহত যত্ন কৰি কৰি পৰা হৈছোঁ আৰু৷
– তুমি এখন ছবিত কিমান ধন লোৱাঁ?
– এহাজাৰ স্বৰ্ণমুদ্ৰা৷
– তোমাক মই দহ হাজাৰ স্বৰ্ণমুদ্ৰা দিম৷ কিন্তু মোৰ ছবিখন অবিকল হ’ব লাগিব৷ সামান্য বিকৃত হ’লেও তুমি ধন নোপোৱাঁ৷
– ঠিক আছে৷ – চিত্ৰকৰে ক’লে৷
সেই চুক্তিমতেই কেইবাদিনো যত্ন কৰি চিত্ৰকৰে প্ৰতিকৃতিখন আঁকি উলিয়ালে৷ ছবিখন দিবলৈ তেওঁ যেতিয়া সদাগৰৰ ঘৰলৈ গ’ল তেতিয়া সদাগৰে আগৰপৰা পাঙি থোৱা বুধি মতেই ক’লে,
– নাকটো বেঁকা হ’ল দেখোন! কি ছবি আঁকিছা এইখন?
চিত্ৰকৰে ছবিখন ঘূৰাই আনিলে৷ ঘৰত বহুপৰ একেৰাহে চায়ো তেওঁ নাকটো বেঁকা হোৱা নেদেখিলে৷ ছবিখন একেদৰেই পাছদিনা সদাগৰৰ ঘৰলৈ নিয়াত সদাগৰে ক’লে,
– ওঁ, নাকটো এতিয়া ভাল হৈছে৷ কিন্তু এই চকুটো অলপ গণ্ডগোলীয়া হোৱা নাইনে? এইটো ঠিক কৰি দিবা৷
চিত্ৰকৰ পুনৰ উভতিল৷ সেইদিনাও চিত্ৰকৰে ছবিখনত অকণো বিকৃতি দেখা নাপালে৷ পাছদিনা পুনৰ সেইখন লৈ তেওঁ সদাগৰৰ ঘৰ পালেগৈ৷ সদাগৰে পুনৰ একেদৰেই ক’লে৷ মুঠতে সদাগৰৰ মতে ছবিখন ভাল হোৱা নাই৷
তাৰ পাছতে সদায়ে একেটা ঘটনাই ঘটিল৷ প্ৰতি দিনেই সদাগৰে ছবিখনৰ কিবা নহয় কিবা এটা খুঁত উলিয়ায় আৰু চিত্ৰকৰক বিফল মনোৰথ কৰি ঘূৰাই পঠায়৷
চিত্ৰকৰে বুজিলে, আচলতে সদাগৰৰ ধন দিবলৈ মন নাই৷ তেওঁ চিন্তা-ভাৱনা কৰি অৱশেষত বীৰবলৰ কাষ চাপিল৷
আদিৰপৰা অন্তলৈ গোটেইখিনি কথা শুনি বীৰবলে চিত্ৰকৰক এটা পৰামৰ্শ দিলে৷
পাছদিনা চিত্ৰকৰ পুনৰ গ’ল সদাগৰৰ ঘৰলৈ৷ এইবাৰ তেওঁ চিত্ৰখন কাপোৰেৰে মেৰিয়াই লৈ গ’ল৷ সদাগৰক চিত্ৰখন দিয়াত সদাগৰে কাপোৰৰ আৱৰণ গুচালে৷ কিন্তু আৰে! ই কি? এইখনতো চিত্ৰ নহয়, এখন দাপোণহে!
– সদাগৰ মহোদয়, আপোনাৰ অবিকৃত প্ৰতিকৃতি এইখনেই৷ এতিয়া মোক দহ হাজাৰ স্বৰ্ণমুদ্ৰা আৰু ইমানদিনে কৰা লটিঘটিৰ বাবদ আৰু দুহাজাৰ স্বৰ্ণমুদ্ৰা – মুঠ বাৰ হাজাৰ স্বৰ্ণমুদ্ৰা আদায় দিয়ক৷ অন্যথা মই শ্বাহেনশ্বাহৰ দৰবাৰলৈ যাম৷
সদাগৰৰ মুখে তেনেই কেঁহেৰাজ বটাৰ বৰণ ধৰিলে৷ লাজে অপমানে তেওঁ চিত্ৰকৰক ধন-বিত দি বিদায় দিলে৷
(২৯)
এবাৰ শ্বাহেনশ্বাহৰ টান নৰিয়া হৈছিল৷ দেশ-বিদেশৰ নানান কবিৰাজ-বেজ জ্ঞানীয়েও তেওঁৰ নৰিয়া ভাল কৰিব পৰা নাছিল৷
অৱশেষত আকবৰে জীয়াই থকাৰ আশাকে এৰিব খুজিলে৷ পিছে তেনে সময়তে এজন কবিৰাজ আহি দেখিলে যে মহাৰাজৰ আচলতে জ্বৰহে হৈছে! সাধাৰণ জ্বৰ, অথচ অসাধাৰণ ৰোগী! গণ্য-মান্য লোকে হাঁচি এটা মাৰিলেও গোটেইখন ৰৌজাল-বৌজাল লাগে৷ আকবৰৰো সাধাৰণ জ্বৰকে অসাধাৰণভাৱে জটিল ৰোগ বুলি ভাবি বিবিধ দৰব-জাতি খুৱাই থকা কাৰণে তেখেতৰ শৰীৰ বেছিকৈ দুৰ্বল হৈ পৰিছে!
কবিৰাজজনৰ কথা আকবৰে কিন্তু বিশ্বাস নকৰিলে৷ তেওঁৰ মতে তেওঁ কিবা মাৰাত্মক ৰোগত ভোগাটোৱেই সত্য৷
অৱশেষত কবিৰাজে বীৰবলৰ শৰণাপন্ন হৈ আটাইবোৰ কথা ভাঙি-পাতি ক’লে৷ তেতিয়া বীৰবলে কবিৰাজজনক কাণে কাণে এটা বুধি দিলে৷
পাছদিনা কবিৰাজজন পুনৰ আহিল আৰু বাদশ্বাহক ক’লে,
– জাহাপনা, মোক ক্ষমা কৰিব৷ কালি আপোনাৰ ৰোগটো চিনাক্তকৰণত মই ভুল কৰাটো হয়৷ ঘৰলৈ গৈ নানান পুথি-পাঁজি পঢ়ি দেখিলোঁ যে হয়, আপোনাৰ নৰিয়া জটিল৷ পিছে আশা এৰিবলগীয়া নাই৷ এটা বস্তু খালেই আপোনাৰ অসুখ নোহোৱা হ’ব৷
– বস্তুটো কি? – সম্ৰাটে অধৈৰ্য হৈ সুধিলে৷
– এগিলাছ মাথোঁ বলদৰ গাখীৰ৷ সেইটো ঔষধ যোগাৰ নোহোৱালৈকে আপোনাক মই এইকেইটা ঔষধ খাবলৈ অনুৰোধ কৰিছোঁ৷ – এইবুলি কবিৰাজে শ্বাহেনশ্বাহৰ দাসীৰ হাতত জ্বৰৰ দৰব আৰু সেইখিনি খোৱাৰ নিয়ম বুজাই দি গুচি গ’ল৷ সম্ৰাটে তেওঁক দিব খোজা মাননিও তেওঁ নল’লে৷ মাথোঁন ক’লে যে সম্ৰাট আৰোগ্য হ’লেহে তেওঁ বক্ছিছ ল’বলৈ আহিব৷
শ্বাহেনশ্বাহে মুহূৰ্ততে বীৰবলক মতাই পঠালে৷ বীৰবলো আহি হাজিৰ হ’লহি৷
– বীৰবল, মোক এগিলাছ বলদৰ গাখীৰ লাগে৷
– বলদৰ গাখীৰ? জাহাপনা, বলদেতো গাখীৰ নিদিয়ে!
– বীৰবল, মই কোনো কথাই নুশুনো৷ তুমি মোক অনেক বিপদৰ মুহূৰ্তত সহায় কৰিছা৷ এইটো বিপদো পাৰ কৰাৰ দায়িত্ব তোমাৰ৷
– কিন্তু জাহাপনা!
– কোনো কিন্তু মই শুনিব নোখোজো৷ মোক যদি জীৱন্ত অৱস্থাত চাবলৈ বিচাৰাঁ তেন্তে মোক এগিলাছ বলদৰ গাখীৰ আনি খুউৱাঁ৷ অন্যথা মোলৈ আশা নকৰিবা বীৰবল৷
শ্বাহেনশ্বাহৰ কথাৰ সুৰটো তেনেই নিশকতীয়া হৈ পৰিল৷ বীৰবলে খন্তেক চিন্তা কৰাৰ ভাও জুৰি ক’লে,
– জাহাপনা, আপুনি মোক মাত্ৰ দুটা দিনৰ সময় দিয়ক আৰু এই দুটা দিনত আপুনি আজিৰ কবিৰাজজনে দিয়া ঔষধকে খাই থাকক৷ দুদিনৰ পাছত মই আপোনাক বলদৰ গাখীৰ খুৱাম৷
এইবুলি বীৰবলে শ্বাহেনশ্বাহৰপৰা বিদায় লৈ তেওঁৰ হাতধৰী লিগিৰী কেইজনীৰ ওচৰলৈ গৈ ক’লে,
– জাহাপনাক আগৰ দৰববোৰ নিদিবি৷ অকল আজিৰ কবিৰাজজনে দিয়া দৰবটোহে দিবি৷
বীৰবল ঘৰ পালেহি৷
ইতিমধ্যে শ্বাহেনশ্বাহে নতুন দৰবটো খাবলৈ আৰম্ভ কৰিলে৷
পাছদিনা বীৰবল দৰবাৰলৈ নগ’ল৷ শ্বাহেনশ্বাহৰ লিগিৰীয়ে তেওঁলৈ খবৰ পঠিয়ালে যে নৰিয়া কমিছে৷
সেইদিনাৰ ৰাতিলৈ ৰাজ কাৰেঙৰ গাতে লাগি থকা যমুনা নৈৰ ঘাটত তিৰোতা এজনীয়ে বৰ বৰ মাতেৰে গান গাই গাই কাপোৰ থুকুচিবলৈ লাগিল৷ ৰজাৰ শোৱনী কোঠাটোৰ একেবাৰে তলতে নৈৰ ঘাটটো৷ এতেকে তিৰোতাজনীৰ গান শুনি শুনি ৰজা বিৰক্ত হ’ল৷ ইমান বেসুৰা গান, তাতে গাইছে ডাঙৰ ডাঙৰকৈ৷
বহুপৰ বহু ধৈৰ্য ধৰি কাপোৰ থুকুচাৰ শব্দ আৰু তাল-মান নোহোৱা গান শুনি আকবৰৰ মূৰ বিষাবলৈ ধৰিলে৷ তেওঁ ততালিকে ৰক্ষী দুজনক মাতি আনি তিৰোতাজনীক ধৰি আনিবলৈ হুকুম দিলে৷
ৰক্ষী দুজনে তিৰোতা এজনীক ধৰি আনিলে৷ শ্বাহেনশ্বাহো শোৱনী কোঠাৰ পৰা ওলাই আহিল৷ তিৰোতাজনীক দেখা মাত্ৰেই তেওঁৰ খঙে চুলিৰ আগত ধৰিলেগৈ৷
– হেৰ’ তই কেনে তিৰোতা হোঁ? এই মাজ ৰাতিখন কাপোৰ ধুবলৈ আহিছ কেলেই? কাম কৰাৰ সময় অসময়ৰ জ্ঞানকণো তোৰ নাইনে? তিৰোতাজনীয়ে তলমূৰকৈ ক’লে,
– অপৰাধ মাৰ্জনা কৰিব জাহাপনা! কথা হ’ল, আমাৰ মালিকে আজি আবেলি ল’ৰা এটা প্ৰসৱ কৰিলে৷ কেঁচুৱাৰ লগত লাগি-ভাগি কাপোৰ-কানিবোৰ ধুবলৈ এতিয়াহে সময় ওলাইছে হুজুৰ! ভাগৰ লাগিছে যদিও মালিকৰ কেঁচুৱা হোৱাৰ আনন্দতে মুখেদি ক’ব নোৱাৰাকৈয়ে দুই-এফাঁকি গীতো ওলাইছে৷
মালিকে ল’ৰা জন্ম দিলে! – ই কেনে কথা? শ্বাহেনশ্বাহে ভাবিলে, তিৰোতাজনী চেৰাবলিয়া নেকি?
– হেৰ’ তই মোক চিনি পোৱা নাই হ’বলা? মিছা কথা কৈ মোৰ শান্তি ভংগ কৰা, মোৰ লগত চুপতি কৰাৰ শাস্তি কিমান ভয়াৱহ তই নাজাননে?
– মই মিছা কোৱা নাই হুজুৰ! আপোনাৰ যদি সন্দেহ হৈছে তেন্তে মোৰ মালিকক মতাই আনি সুধি চাব পাৰে৷
আও! এই ইমানকৈ ন-দি কৈছে যে? মতা মানুহৰ কেঁচুৱা জন্ম হৈছে?
– তোৰ মালিকে যে মিছা কথা নক’ব বা আনৰ কেঁচুৱা এটাকে আনি নিজৰ বুলি মোক নেদেখুৱাবহি তাৰ কি নিশ্চয়তা আছে?
– আছে হুজুৰ৷ আমাৰ মালিকে কৈছে, মোৰনো ল’ৰা জনম দি লাজ পাবলগীয়া কিটো আছে? জাহাপনাৰ সাম্ৰাজ্যত আজিকালি বলদ গৰুৱেও গাখীৰ দিয়ে হেনো!
কথাষাৰ শুনি শ্বাহেনশ্বাহ চক্ খাই গ’ল৷ বলদে গাখীৰ দিয়ে? মানে?
– হেৰ’ তোৰ মালিকৰ নাম কি?
– জাহাপনা, মই আপোনাৰ প্ৰধান মন্ত্ৰী বীৰবল মহাশয়ৰ ঘৰতে ইখন-সিখন কৰোঁ৷
আকবৰে বুজি পালে৷ গোটেই ঘটনাটো যে বীৰবলৰ পৰিকল্পিত সেয়া বুজি উঠি তেওঁৰ হাঁহি উঠিল৷ ইতিমধ্যে আগদিনাৰ আবেলি সময়ৰপৰা দৰব খাই খাই তেওঁৰ গাটোও অকণমান ভাল লাগিছিল৷ তেওঁ ক’লে,
– হ’ব হ’ব৷ তই এতিয়া কাপোৰ ধুব নালাগে– মোৰ হুকুম৷ তই তোৰ মালিকৰ ঘৰলৈ যা৷ আৰু কাইলৈ ৰাতিপুৱাতে মালিকক মই মাতিছোঁ বুলি কবিগৈ৷
তিৰোতাজনীয়ে ক’লে, তেখেত আক’ ভয়ত কঁপি আছে৷ জাহাপনাক হেনো তেখেতে কিবা এটা আনি দিব লাগিব৷
– হেৰ’ তেওঁক তই ক’বি যে মই বিচৰা বস্তুটো ইতিমধ্যে পালোঁ৷ গতিকে তেওঁ আৰু বিচাৰিব নালাগে৷ আৰু শুন, তই আজি ভয়-ডৰ নকৰি মোৰ আগত যিখন নাটক কৰিলি তাৰ কাৰণেও মহাৰাণীৰ ওচৰৰপৰা কাইলৈ পুৰস্কাৰ লৈ যাবিহি যা!
এইবুলি কৈ সম্ৰাট নিজৰ শোৱনী কোঠাত সোমাল৷ বিছনাত দীঘল দি তেওঁ ভাবিলে – বাঃ! বীৰবল কম বুদ্ধিয়ক নহয়৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
