Written by sdblogs2011 1:19 pm Articles

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক


(৩০)

বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ অনুৰোধ কৰি বাদশ্বাহে তাৰ কাৰণে প্ৰয়োজনীয় অৰ্থ-কড়ি ৰাজভঁৰালৰপৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল৷ লগতে তেওঁ কৈছিল,

: চৰাইটো মৰমত ৰাখিবা৷ মই যাতে চৰাইটো মৰাৰ বাতৰি নুশুনো৷ শুনিলে, বাতৰি দিওঁতাজনৰ মূৰকে কাটিম৷

দিন গৈ থাকিল৷ চৰাইটোক নতুন মালিকজনে যিমান পাৰে গুৰুত্ব সহকাৰে প্ৰতিপালন কৰিব ধৰিলে৷ কিন্তু কথা এষাৰ আছে যে মানুহে পাতে, ঈশ্বৰে ভাঙে৷

চৰাইটো এদিন হঠাতে মৰি থাকিল৷ মালিকজন ভয়ত ক’লৈ যাওঁ গোপাল, কি কৰোঁ কৃপাল  হ’ল৷ সমস্যাটো হ’ল, ৰজাক তেওঁ খবৰটো কি সাহসত দিয়ে! ইফালে খবৰটো বাদশ্বাহক নিদিয়াকৈও থাকিব নোৱাৰি৷

উপায়ান্তৰ হৈ তেওঁ বীৰবলৰ ওচৰ পালেগৈ৷ গোটেই বৃত্তান্তটো তেওঁ বীৰবলক বিৱৰি ক’লে৷ বীৰবলে কিছু পৰ চিন্তা কৰি তেওঁক কলে যে বাৰান্দাতে দলিচা এখন পাৰি চৰাইটোৰ শৱটো ওপৰমুৱাকৈ শুৱাই থওকগৈ৷ বাকীখিনি যি কৰিব লাগে বীৰবলে নিজে কৰিব বুলি প্ৰতিশ্ৰুতি দি তেওঁক নিৰ্ভয় দি ঘৰলৈ পঠাই দিলে৷

বিয়লি বেলা বাদশ্বাহৰ ওচৰলৈ গৈ বীৰবলে নিজকে কোৱাদি কৈ কৈ বাদশ্বাহক শুনাই গ’ল,

: অস্‌‌ অস্‌! মানুহৰো এনে গুণী, পুণ্যাত্মা মই কিন্তু দেখা নাই৷ সাধাৰণ চৰাই এটাহে, অথচ ইমান ভক্ত! অস্‌ অস্‌! সংসাৰৰ মানুহবোৰো যদি তেওঁৰ নিচিনা হ’লহেঁতেন!

: তুমি কাৰ কথা কৈছাহে বীৰবল? – আকবৰে কৌতূহলী হৈ সুধিলে৷

: ভাটৌ চৰাই এটি জাহাপনা ! অথচ কি ভক্ত!! কালি আবেলিৰেপৰা ভগৱানকে তপস্যা কৰি আছে৷

বাদশ্বাহ আচৰিত হ’ল৷ কি কয় এই বীৰবলটোৱে! তেওঁ বিশ্বাস নকৰা যেন দেখি বীৰবলে ক’লে,

: আপুনি বিশ্বাস নকৰিলে মই নিজে আপোনাক তেওঁৰ ওচৰলৈ নি দেখুৱাৱ পাৰোঁ৷ তদুপৰি এনে পুণ্যাত্মা চৰাইটি আপুনি নিজে গৈ এবাৰ দৰ্শন কৰা উচিত হ’ব জাহাপনা৷

অগত্যা বীৰবলৰ লগত গৈ আকবৰ সেই  ভাটৌ চৰাইটোৰ তত্বাৱধায়কজনৰ ঘৰ পালেগৈ৷ বীৰবলে চকুৰ ইঙ্গিতেৰে আকবৰক চৰাইটো দেখুৱালে৷ আকবৰে ভালদৰে চাই-চিতি ক’লে,

: বীৰবল, চৰাইটো দেখোন মৰিল৷

: মৰিল? অস্‌ অস্‌ অতি পুণ্য আত্মা আছিল৷ সেয়েহে তপস্যা কৰি কৰিয়েই গ’লগৈ দেহি!

বাদশ্বাহে বীৰবল আৰু চৰাইটোৰ তত্বাৱধায়কজনলৈ চালে৷ তেওঁ বুজি পালে যে আচলতে তত্বাৱধায়কজনক অনাহক মৃত্যুদণ্ডৰপৰা ৰক্ষা কৰিবলৈ বীৰবলেহে এই নাটকখন কৰিলে৷

(৩১)

বাদশ্বাহক বীৰবলে সদায়ে কয় যে জ্যোতিষ বিদ্যাক বিশ্বাস কৰিব নালাগে৷ বীৰবলৰ মতে জ্যোতিষে মানুহৰ ভৱিষ্যত সম্পৰ্কে একো ক’ব নোৱাৰে৷

বাদশ্বাহে কিন্তু বিশ্বাস নকৰে৷

এদিন এজন জ্যোতিষীয়ে বীৰবলৰ মুখৰ আগতে বাদশ্বাহৰ আৰু কেৱল তিনি বছৰহে আয়ুস আছে বুলি ক’লে৷ লগে লগে  বাদশ্বাহৰ মুখখন শুকাই টেমিটো যেন হৈ পৰিল; তেওঁৰ মনটো তেনেই মৰি গ’ল৷

বীৰবলে তেতিয়া জ্যোতিষীজনক সুধিলে,

: বাৰু বাপু! আপুনি কওকচোন, আপোনাৰ আৰু কিমান বছৰ আয়ুস আছে?

জ্যোতিষীয়ে কিবা কিবি গণনা কৰি ক’লে, মোৰ আছেগৈ আৰু একুৰি বছৰ৷

বীৰবলে মুহূৰ্ততে তৰোৱাল এখনেৰে জ্যোতিষীৰ মূৰটো কাটি পেলালে৷ জ্যোতিষী মৰিল৷ আকবৰ আচৰিত হ’ল আৰু ক’লে,

: বীৰবল! তুমি এয়া কি কৰিলা? নিৰ্দোষী মানুহ এজনক হত্যা কৰাৰ বাবে তোমাৰ শাস্তি কি হ’ব পাৰে জানানে?

: জানো জাহাপনা! মোৰ ওপৰত যি শাস্তিৰ বিধান হয় হওক৷ কিন্তু মই প্ৰমাণ কৰিলোঁ যে জ্যোতিষীয়ে আনৰ বাদেই, নিজৰো ভৱিষ্যৎ নাজানে৷ নহ’লে বিছ বছৰ জীয়াই থাকিবলগীয়া মানুহটো মুহূৰ্ততে মৰিল কেনেকৈ?

আকবৰে সেইদিনা মৰ্মে মৰ্মে উপলব্ধি কৰিলে যে আচলতে জ্যোতিষ ¸বিদ্যা অৰ্থহীন, কুসংস্কাৰ বা অন্ধবিশ্বাসহে৷

(৩২)

দৰবাৰৰ সকলোৱে হকে বিহকে বাদশ্বাহক প্ৰশংসাৰ ফুলজাৰিৰে ওপচাই থাকে৷ একমাত্ৰ বীৰবলেহে বাদশ্বাহক মাজে-সময়ে সমালোচনা কৰে বা কৰিবলৈ সাহস কৰে৷

এদিন এজন অমাত্যই বাদশ্বাহক ঈশ্বৰতকৈও ক্ষমতাশালী বুলি বন্দনা কৰিলে৷ বাদশ্বাহ আনন্দত ফুলি উঠিল৷

বাদশ্বাহৰ লগতে বাকী সভাসদসকলকো কিছু সাৱধান কৰি দিয়াৰ উদ্দেশ্যে বীৰবলে ক’লে.

: জাহাপনা, আপুনি যে ঈশ্বৰতকৈও শক্তিশালী এইটো কথা আমাৰ ইয়াত উপস্থিতসকলৰ কোনোবাই প্ৰমাণ কৰিব পাৰিবনে?

সভাঘৰত কাঁহ পৰি জীণ যোৱা অৱস্থা৷ সকলো গভীৰ চিন্তাত নিমগ্ন হ’ল৷ এবেলা এবেলি কাল পাৰ হোৱাৰ পাছত বাদশ্বাহে ক’লে,

: বীৰবল! আমি নোৱাৰোঁ৷ তোমাৰ প্ৰশ্নৰ উত্তৰ তুমিয়েই দিব লাগিব৷

এৰা! বীৰবলে ভাবিলে, বাদশ্বাহকো বুজাব লাগিব যে ঈশ্বৰৰ তুলনাত তেওঁ অতি ক্ষুদ্ৰ; আৰু সভাসদবৰ্গকো তেওঁলোকৰ :ান-বিদ্যাৰ পাহাৰটো যে তেনেই চাপৰ, সেইটো বুজাব লাগিব৷ ইয়াকে ভাবি তেওঁ ক’লে,

: জাহাপনা! এটা কথা সঁচা যে ঈশ্বৰ অসীম, অনন্ত৷ তেওঁৰ সাম্ৰাজ্যখনো ডাঙৰ, সীমাহীন৷ তেওঁৰ সাম্ৰাজ্যৰ কাৰোবাক তেওঁ যদি বেয়া পায়, সেইজনক আন দেশলৈ খেদি পঠাবৰ শকতি তেওঁৰ নাই৷ কিন্তু আমাৰ জাহাপনাই আমাৰ সতীৰ্থসকলৰ কথামতে বীৰবলক বেয়া পাই বাৰে বাৰে বেলেগ দেশলৈ খেদি পঠিয়াব পাৰে৷

উপসংহাৰ :

পুৰাণত স্যমন্তক মণিৰ কথা আছে৷ মণিটো বোলে য’তে থাকে ত’তে অসুখ-বিসুখ নহয়, ধন-সম্পত্তি উভৈনদী হৈ থাকে, –মুঠতে ভালেই ভাল হৈ থাকে৷

দেশে-বিদেশে বাতৰি এটা প্ৰচাৰ হ’ল : হিন্দুস্তানৰ সম্ৰাট আকবৰে স্যমন্তক মণি এটা পাইছে৷

খবৰটো সঁচা নে মিছা, ৰজা-প্ৰজা উভয়ৰ মাজতে পৃথিৱী জুৰি চৰ্চা হ’বলৈ ধৰিলে৷

তুৰস্কৰ সম্ৰাটে ভাবিলে, এবাৰ নিজে ফুৰিবলৈ যোৱাৰ ছলেৰে খবৰটো সঁচা নে মিছা বুজ লৈ আহিবগৈ লাগিব৷ লগতে পাৰিলে সেই উকমুকৰ পোৱালিটো হাত কৰিব লাগিব৷

ভবামতেই কাম৷ তুৰস্কৰ চুলতান দিল্লীলৈ আহিল আৰু আকবৰৰ অতিথি হ’লহি৷

সুবিধা বুজি তেওঁ আকবৰক সুধিলে, হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰে হেনো স্যমন্তক মণি এটা পালে?

: হয় পাইছোঁ৷ চাব নেকি?

: চাব খুজিছিলোঁ৷

: সৌৱা মোৰ স্যমন্তক মণি! – আকবৰে আঙুলি-ঠাৰেৰে দেখুউৱা পিনলৈ চাই তুৰস্ক সম্ৰাটে দেখিলে, বীৰবলে নিজৰ আসনত বহি তেওঁলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিছে৷

(সমাপ্ত)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close