Written by sdblogs2011 7:06 pm Poems

বুদ্ধই যুদ্ধ কৰিব জানে

অৰ্চনা ঠাকুৰীয়া

পানীৰ জ্বৰ হৈছে

কঁপি কঁপি উঠে

মেলেৰিয়া হেনো

দুখত মাছৰ চকুও ঘোলা

আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ

যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ

‘মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত

উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত…’

পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ নোৱাৰে কমাব

সেয়ে, যন্ত্ৰটোক বনবাস দিয়া হওক আৰু

গৰ্ভ-সংস্কাৰ কৰা হওক পানীৰ

মহাজনৰ স্পট লাইট বৰ্তমান মাছৰ ওপৰত

কেনেবাকৈ বিশ্বাসৰ অন্তিমটো শ্বাস মাছক দিব পৰাহ’লে…

ৰজাঘৰৰ লোভৰ  জুইকুৰা দপ্দপাই জ্বলিছে জ্বলক, 

জ্বলি থাকক

অঘটন ঘটিছে ঘটক, 

ঘটি থাকক

আমি সকলোৱে

ধূলি ছটিয়াম …

প্ৰতিজন মানুহেই আজি বুদ্ধ

বুদ্ধই যুদ্ধ কৰিব জানে

কথাৰেই কথাক উত্তম-মাধ্যম দিয়ে

‘আঘুৰ ঘুৰ মাগুৰ জালি

ঘোঁৰাৰ নাকত দিলোঁ জৰি …’

লাইট -কেমেৰা- একশ্যন

এয়া চাওক, মহাজনৰ স্পট লাইট বৰ্তমান মাছৰ চকুত 

লাহে লাহে মাছে লুটিবাগৰ মাৰিছে

ফিছা কোবাই অস্তিত্বৰ ইংগিত দিছে

প্ৰলয় জলত মাছেই উদ্ধাৰ কৰিব বুদ্ধক

বুদ্ধই কৰিব সকলো শুদ্ধ 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close