Written by sdblogs2011 1:57 pm Poems

বিষাদৰ ছাঁ

উত্তম লইং

শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক,

বৰষুণ মোৰো প্ৰিয়

অথচ মই আজি কাৰো প্ৰমিক নহওঁ

প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন যন্ত্ৰণাসিক্ত ভোকাতুৰ শিলৰ দৰে কঠিন নহয়

শুনিছোঁ প্ৰেমিক হʼবলৈ

কঠিন হʼব লাগে হৃদয়

সোঁৱৰণীৰ কথাবোৰ কেতিয়াও পুৰণি নাছিল

অথচ অপেক্ষাৰ ছাঁ গচকি বাউলী কৰা এজাক বলিয়া বতাহ…

উঃ! অশান্ত উশাহ,

কি যে দু:সময়…! সকলো ধোঁৱা ধোঁৱা।

পুনৰ জী উঠা চহৰখন কিয়  উচুপি উঠে অন্ধকাৰত,

বুকুখন কিয় কঁপি উঠে সঘনে…?

চুই দিলে  জামৰি যোৱা

সেই যে লাজুকী লতাডাল

উঠি আৰু নহা হ’ল,

কিহৰ বাবে

লাজত নে ভয়ত

সুখত নে শোকৰ ভৰত…!

লাজুকীবন মৌন, তপত উচুপনি…

চকু চলচলীয়া দুবৰিৰো কি যে আস্ফালন!

প্ৰাণোচ্ছ্বল সেউজীয়াবোৰেও আজি সৰাপাত হৈ উচুপিছে

সপোনৰ বাট কাটি নিগাজি ঠিকনা এটা কৰাৰ কথা আছিল

অথচ সময়ৰ যে নানান অজুহাত

সময়বোৰ তৰাং কাৰণেই হয়তো

তুমি তুমি নহয় আৰু মই মই নহওঁ

তুমি তুমি হৈ থকা নাই বাবে তোমাৰ চোতালত হিমশীতল সেউজীয়া ,

আৰু মই মই হৈ থকা নাই বাবে আজি মোৰ চোতালত শিল গধুৰ বিষাদৰ ছাঁ…।ভ্ৰাম্যভাষ : ৯১০১৫৬২৩৪৩

Visited 2 times, 1 visit(s) today
Website |  + posts
Close