Written by sdblogs2011 8:35 pm Poems

বিষয় : জীৱন

 জৰসিং ইংতি ক্লেংদুন

(১)

একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত

মৰুভূত নিজৰ ছাঁ

খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ

পানী এটোপা চকুলোৰে ধোঁৱা

(২) 

খোজবোৰ বিচাৰি পোৱা-নোপোৱা অতবোৰ কথা সামৰি

কিছু দিকভ্ৰান্ত

মুঠিত শুকান বালি

সময়-অসময় এমুঠন আন্ধাৰে আৱৰি ধৰা

বুকুতে খহে

বুকুৰ চুবুৰি

(৩) 

ৰ’দত ফুলা দিনৰ ৰং কিছু বাখৰুৱা

স্মৃতি-বিস্মৃতিৰ অলেখ সাধুকথা

কিছু একাকিত্ব কিছু বিচ্ছেদবাদ

আপততঃ মাটিফুলৰ গোন্ধত

জীৱন ভাহে

ঠিকনা :

২ নং বালিজান কাথাৰ গাঁও

জিলা- গোলাঘাট, থানা-বগীজান

ডাক- ধলাগুৰি, পিন-৭৮৫৬২১

ভ্ৰাম্যভাষ : ৮৬৩৮০০৫২১৩

Visited 3 times, 1 visit(s) today
Website |  + posts
Close