Written by sdblogs2011 8:24 pm Poems

বিশাল

প্ৰয়াগ শইকীয়া

তুমি যদি অনুভৱ কৰি আছা বিষ

জীৱনে সলোৱা নাই এতিয়াও দিশ

তুমি যদি অনুভৱ কৰিছা আনৰ বিষ

বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা

মানুহৰ আশীষ

বিষৰ পৰা বিষাল

বিষালক জিনি বিশাল

সীৰলুৰ শইচৰ আগেয়ে ধাৰাল নাঙলৰ ফাল

এই অনুভৱ থাকিলে

তুমি সহনশীল ধৰণীৰ সন্তান ভাল

বিষক পান কৰি নীললোহিত

নীললোহিত সৌন্দৰ্যৰ ঋত

সমুদ্ৰ মন্থনত দেৱ-দানবে বিচাৰিছিল অমৃত

কিন্তু নীললোহিতে বিচাৰিছিল জীৱনৰ হিত

বিষে নিদিয়ে কেৱল প্ৰস্থানৰ শীত

বিষে দিব পাৰে বিশাল হোৱাৰ গীত

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close