Written by sdblogs2011 7:54 am Articles

বিভ্ৰমৰ জগত আৰু বাস্তৱৰ জন্নত

পৰিস্মিতা বৰদলৈ

(জীৱনৰ পৰা পলাই নহয় জীৱনক প্ৰত্যাহ্বান জনাই উদ্‌যাপন কৰিব বিচৰা প্ৰতিজনৰ হাততে)

আগকথা : জীৱন দূবৰিবনৰ দলিচাৰ দৰে নিমজ নহয়, নহয় সমতলৰ দৰেই সমান৷ সেইবুলি পংকিল সময়ৰ অজুহাত লৈ সমগ্ৰতাক দোষ দিয়াটো জানো সমীচীন? কাঁইটৰ মাজতেই গোলাপ ফুলে৷ গোবৰৰ সাৰতেই শইচ গজে, তেনেহ’লে সেউজৰ সন্ধানত নামিবলৈ কিয়নো বাট বোলা নাযায় প্ৰতিঘাতৰ মাজেৰে! কিয়! 

খবৰটো বনজুইৰ দৰে বিয়পি পৰিল৷ কোনোবা লেখিকা এগৰাকীৰ ফেইচবুকৰ প’ষ্ট এটাই প্ৰথম ভুন্‌ভুননিটোৰ সৃষ্টি কৰিলে৷ তাৰ পাছত প’ষ্টটোৰ কমেণ্টবোৰৰ আঁত ধৰি কথাটো সদৰি হৈ পৰিল সকলোৰে মাজত৷ সকলোৱেই আচৰিত হ’ল৷ আশ্চৰ্যত চকুবোৰ ডাঙৰ ডাঙৰ হৈ গ’ল৷ এনেকুৱাও হয়নে! আচৰিত! একেবাৰে আচৰিত! 

এৰা আচৰিতেই৷ নহ’লেনো তাইক জনা, তাইক চিনা মানুহবোৰৰ মুখৰ মাত হৰেনে এনেদৰে? তাই দেখোন এখন খোলা ডায়েৰি‍ৰ দৰেই আছিল, প্ৰতিখিলা পাত পঢ়ি চালেই দেখোন বুজিব পৰা বিধৰ আছিল, ইমান দুৰ্বোধ্যতো তাই কোনোদিনেই নাছিল৷ নে আনে বুজাৰ দৰেহে তাই প্ৰকৃততে নাছিল৷ এতিয়া এই কথাবোৰৰ বাৰু কিবা প্ৰয়োজন আছেনে? সকলোৱেই ভাবিছে৷ মনত পেলাইছে তাইৰে কথা, কেৱল তাইৰ৷ 

মূলতঃ বিক্ষিপ্ত ভাৱনাবোৰে তাইৰ আশে-পাশে প্ৰদক্ষিণ কৰে৷ ঘুম মাৰি বহি থাকে তাই৷ তাইৰ কাণত এক অদ্ভুত গুম্‌গুমনিয়ে অহৰহ ক্ৰিয়া কৰি থাকে৷ তাই একো ক’ব নোৱাৰে৷ বুকুত শিল তাইৰ৷ চকুপানীবোৰ বৰফ, গলিবৰ বাবে এধানিমান উমৰ প্ৰয়োজন হয়৷ ওঁহো, ঘূৰ্মুটিয়াই ফুৰে তাই৷ নাপায়, ক’তো নাপায় সেইকণ উম৷ কাৰোবাৰ মৰমৰ এষাৰ মাতৰ সন্ধানত তাই চলাথ কৰে মাটি, পানী, বতাহ কিম্বা আকাশ! 

আকাশ? আকাশ? আকাশলৈ মূৰ তুলি চায় তাই৷ 

নাঃ আকাশ চুবলৈ হাবিয়াস নাছিল তাইৰ কোনোদিনেই, কোনো কালেই, মাথোঁ শিপা খামুচি থাকিয়েই নীলিমত বিলীন হোৱাৰ দুৰ্বাৰ বাসনাক পোহন দি ৰাখে তাই আলফুলে৷ নিজেই নিজক জীয়ন দিয়ে তাই৷ কেতিয়াবা জাকি মাৰি যোৱা চৰাইৰ জাকবোৰৰ মাজত নিজকে কল্পনা কৰে, পুনঃ পুখুৰীত আপোন মনে চৰি থকা হাঁহপালৰ মাজতো নিজক বিচাৰি চায়, পাছে তাইৰ নিজকে পাখিকটা ভাটৌটোৰ দৰেহে লাগে, যাক পিঞ্জৰাত ৰখা যদিও নাই,তথাপি যেন উৰণৰ পথ ৰুদ্ধ৷

তাই বাৰে বাৰে চেষ্টা কৰে কিবা ক’বলৈ৷ কিন্তু অস্ফুট গেঙনিৰ বাহিৰে একোৱেই ওলাই নাহে৷ তাই দেখি থাকে মাকে আঁৰ চকুৰে আঁচলেৰে চকুহালি হেঁচি ধৰা, পিতাকে  জুহালৰ ওচৰত ধোঁৱাই ধৰা চেলু লৈ ঢুলঢুলীয়া চকুহালিক পহৰা দিয়া৷ কেতিয়াবা মাজনিশাও তাই কাণ উনাই নুশুনা শব্দবোৰক হৃদয়ংগম কৰাৰ চেষ্টা কৰে৷ টিপচাকিৰ পোহৰত সৰুতেই কিতাপৰ আখৰবোৰৰ মাজত জীৱনৰ আখৰা চলোৱা ছোৱালীজনী কেতিয়াবা ভাগৰি পৰে৷ আমুৱাই যায় তাইৰ নিৰ্বাক নীৰৱ বে-ৰং জীৱনটো৷ অকণমান ৰং বিচাৰিবলৈকে তাই বেলেগ এখন জগতৰ বাসিন্দা হ’বলৈ মন মেলে৷ 

সেইখন এখন বেলেগ জগত৷ নানান তৰহৰ মানুহ, নানা ঠাইৰ৷ তাৰে মাজৰ কোনোবাজন হয়তো তাইৰ পূৰ্বপৰিচিত৷ পাছে প্ৰায়ভাগেই তাইৰ অচিন-চিনাকি৷ এইখন জগতৰ মানুহবোৰে বাস্তৱ জগতৰ মানুহৰ দৰেই ফুৰিবলৈ যায়, কিতাপ পঢ়ে, সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে৷ তাতোকৈও মজাৰ কথা, এইখন জগতৰ কোনো কোনো মানুহে কবিতা লিখে, গল্প লিখে, অনুভৱবোৰ বাকি দিয়ে৷ কবিতাৰ শব্দবোৰৰ মাজেৰে তাইৰ চকুত কোনোবাই সপোন সিঁচি দিয়ে৷ তাই এটা সেউজীয়া বাটৰ পম খেদিবলৈ আৰম্ভ কৰে৷ সেউজীয়া লাইট এটি জ্বলি থাকে কেতিয়াবা ওৰেটো নিশা৷ তাই ক’ব নোৱৰা, শুনিব নোৱৰা কথাবোৰৰ আদান-প্ৰদান চলে সেউজীয়া লাইটৰ পোহৰত৷ তাই যেন এখন সুন্দৰ পৃথিৱীৰ সন্ধান পাই যায়৷ পলকতে তাইৰ চকুৰ বৰফবোৰ গলিবলৈ ধৰে কবিতাৰ উমেৰে৷

হঠাতে এদিন কি জানো হয়৷ কবিতাৰ ভাষাবোৰ সলনি হয়৷ শব্দবোৰে বেলেগ ফাললৈ গতি কৰে৷ তাই গোটেইজনী আহি উবুৰি খাই পৰেহি নিৰলা পঁজাটিত তাইৰ৷ এইবাৰ বহু দিনলৈ সেউজীয়া লাইটটো নজ্বলে৷ তাৰ ঠাইত তাইৰ আকাশখনলৈ বিজুলীৰ দৰে এচমকা পোহৰ আহে৷ ঘৰৰ মানুহবোৰ ব্যস্ত হৈ পৰে তাইৰ বাবে৷ তাইৰ কিয় জানো এই ব্যস্ততা অসহনীয় হয়৷ তাইৰ নিজকে আনৰ বাবে হাৰমাল যেন অনুভৱ হয়, ক্ৰমান্বয়ে  ভাৰী হৈ আহে তাইৰ বুকু৷ কোনেও তাইক ক’ব নোখোজা কথাবোৰ তাইৰ চকুৰ পৰা সাৰি নাযায়৷ কাণত নপৰাকৈ ৰখা কথাবোৰে তাইৰ বুকুত বিন্ধে৷ তাই মুখ ফুটাই ক’ব নোৱৰা কথাবোৰে তাইৰ ভিতৰখনত উখল-মাখল লগায়৷

শেতেলিত ইকাটি-সিকাটিকৈ পাৰ কৰে নিশাবোৰ৷ ছয়াময়াকৈ এটি সপোন দেখে৷ সপোনত তাই জাল বাই ধৰি আনে চক্‌চকীয়া কাৱৈ, খলিহনা মাছ৷ গোবৰ মাটিৰে লেপি ৰাখে গাধৈৰ বেৰাখন৷ পদূলিৰ পৰা ঘৰৰ পিৰালিলৈকে থকা শাৰী শাৰী গুটিমালীৰ মাজেৰে আহে কোনোবা এজন৷ তাই আথে বেথে তামুলী পীৰাত বহিবলৈ দিয়ে তেওঁক৷ তেওঁ কবিতা আওৰাই যায়, তাই মনপুতি শুনে৷ চকু মুদ খাই আহে৷ ঠিক তেনেতেই তাই সাৰ পাই যায়৷ ক’ৰবাত বজ্ৰপাত পৰা শব্দত৷ থক্‌থক্‌কৈ কঁপে তাই ভয়ত৷ অণ্ঠ-কণ্ঠ শুকাই যায়৷ শেহৰাতি টোপনি নাহে তাইৰ৷ 

পুৱাটি ৰ’দত জল্‌মলাই উঠে৷ মৰমৰ বায়েকজনী, ভিনিহিয়েক আৰু ভাগিনজনী আহে ঘৰলৈ সিহঁতৰ৷ ডালিমগুটীয়া দুটি দাঁতৰ ফাঁকেৰে ভাগিনজনীয়ে ফেলেককৈ হাঁহি মাৰি দুহাত মেলি দিয়ে তাইৰ ফালে৷ তাই কোলাত লয় মৰমেৰে৷ গধূলিলৈ পায়স সিজায় তাই৷ গোসাঁইঘৰত সকলোৱে প্ৰাৰ্থনা কৰে তাইৰ বাদে৷ চিঞৰি চিঞৰি৷ কীৰ্তন পুথিৰ শ্লোক আওৰায় বাপেকে…

মুকং কৰোতি বাচালং পংগু লংঘয়তে গিৰিম্

যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱম্৷৷

তাইৰ কাণত নপৰে অথচ তাই অনুভৱ কৰিব পাৰে৷ তাইক দেউতাকে সৰুতেই শ্লোকবোৰৰ ভাঙনি কৰি দিছিল বাহিৰা বহীৰ পাতত৷ এইমাত্ৰ গাই শেষ হোৱা শ্লোকটোৰ অৰ্থটো অনুমান কৰি তাই হৃদয়ংগম কৰাৰ চেষ্টা কৰে৷ হয় জানো সঁচা কথাবোৰ শ্লোকটোত কোৱাৰ দৰেই? যিজনৰ কৃপাত মুকজনে বাকশক্তি লাভ কৰে, পংগুজনে বগাব পাৰে সুউচ্চ গিৰিমালা, সেইজন পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰণিপাত জনোৱাৰ কথা আছে শ্লোকটোত৷ পাছে পৰমপিতাৰ আছেনে ইমান শক্তি! ইমান তাগজ যি ফুটাই তুলিব পাৰে মুকজনৰ মুখত মাত! নাঃ এই সকলো মিছা! নহ’লেনো… সমস্ত ভাৱনাবোৰ জাৰি-জোকাৰি তাই ভাগিনীয়েকৰ সৈতে খেলাত ব্যস্ত হৈ পৰে৷ 

ভাতৰ পাতত সকলোৱে নীলা ফাইলটোৰ বিষয়ে পাতে৷ তাইৰ কাণত নপৰে কথাবোৰ তথাপি বুজে তাই সকলো৷ ভিনিহিয়েকে কাৰোবাৰ সৈতে ফ’নত কথা হয়, সকলো বুজে তাই৷ তাই যে আনৰ চিন্তাৰ কাৰণ হোৱা কথাটোৱেই এতিয়া তাইৰ মূৰত পাকঘূৰণি খাব লাগিছে৷ তাই কি কৰে! ক’লৈ যায় এতিয়া!

এয়াতো আজিৰ কথা নহয়৷ সুদীৰ্ঘ বাইছটা বসন্ত গৰকি তাই একেখন যুদ্ধৰে আখৰা কৰি আহিছে৷ মাত্ৰ আচল যুদ্ধখন ঘোষণা কৰাহে পলম কৰিলে নিয়তিয়ে, যিখন যুদ্ধৰ সবিশেষ আবদ্ধ হৈ আছে নীলা কভাৰৰ ফাইলটোৰ ভিতৰত৷ তাইৰ আক্ষেপ নাছিল জীৱনটোক লৈ৷ তেজৰ সম্পৰ্ক নোহোৱা অথচ নিজৰ বায়েকৰ দৰে মৰম কৰা মল্লিকা বায়েকে মেছেজত কোৱা কথাষাৰে তাইক সাহস দিছিল যুঁজ দিবলৈ৷ এদিন মল্লিকা বায়েকে লিখিছিল তাইলৈ কথা প্ৰসংগত, “সময়ৰ সৈতেই ঠিক হৈ পৰাটো আমাৰ অভ্যাসেই নে আমাৰ নিয়ম নাজানো৷ কিন্তু আমি ঠিক হৈ যাওঁ৷ তুমিও হ’বা জানানে?” ঠিক তেতিয়াৰে পৰাই তাই কেৱল অভ্যস্ত হৈ পৰিছিল ঠিকে থকাৰ৷ মাত্ৰ এই নীলা ৰঙৰ ফাইলটোৱেই যত চব পয়মাল লগাই দিলে৷ নিজে ঠিকেই থাকিম বুলি ভাবিলেও আপোন মানুহবোৰক তাই ঠিকেই কেনেকৈ ৰাখে? কেনেকৈ কয় চিন্তামুক্ত হ’বলৈ, যিহেতু তাই জানেই সকলোৰেই চিন্তাৰ মূল তাই, কেৱল তাই৷

তাই কেনেকৈ পাহৰে সেই আঘোণমহীয়া আবেলিটোৰ কথা যিটো আবেলিয়ে সিহঁতৰ ঘৰখনলৈ ঘোৰ অমাৱস্যা কঢ়িয়াই আনিছিল! কেনেকৈ পাহৰে তাই চকুৰ আগত বৈ যোৱা তেজৰ নৈখনৰ কথা৷ সৰুপেহীয়েকৰ উকা কাগজৰ দৰে শেঁতা দেহটোৰ কথা আৰু…৷ তজবজীয়া পেহাকটো নোহোৱা হৈ পৰাৰে পৰাই সিহঁতৰ ঘৰতে থকা পেহীয়েকক উকা সাজযোৰেও সিমান শেঁতা লগা নাছিল যিমান সেই আবেলিটোত পাষণ্ডটোৱে পিষ্ট কৰি নিয়াৰ পাছত  লাগিছিল৷ তাই মুক হৈ পৰিছিল৷ সেইদিনা নিউমোনিয়াত ভুগি থকা তাইক চহৰলৈ মাক-বাপেকে চিকিৎসা কৰোৱাবলৈ নিছিল, বায়েক আছিলগৈ মোমায়েকৰ ঘৰত বছৰেকীয়া পৰীক্ষা শেষ কৰি৷ ঘৰত কেৱল পেহীয়েক আছিল৷ সাজ লাগি ভগালৈকে ডাক্তৰৰ ওচৰৰ পৰা ঘূৰি আহি যেতিয়া সিহঁত ঘৰ পাইছিলহি এখিলা উকা কাগজৰ দৰে পেহীয়েক পৰি আছিল তেজৰ নৈ এখনৰ ওপৰত৷ এখন ঘৰ তচনচ কৰিব পৰাকৈ সেই ঘটনাই যথেষ্ট আছিল৷ সেই ঘটনাটোৰ পাছৰে পৰা তাইৰ মুখৰ মাত হৰিছিল৷ দুৰ্বল দেহটোত দৰৱে প্ৰতিক্ৰিয়া কৰাৰ ফলত জন্মৰে পৰা নিশকতীয়া অথচ নিঘুণী ছোৱালীজনী হৈ পৰিছিল বধিৰ৷ বহু চেষ্টা কৰিও বাকশক্তি আৰু শ্ৰৱণশক্তি ঘূৰাই আনিব পৰা নাছিল পৰিয়ালৰ মানুহে৷ 

কেলেণ্ডাৰবোৰ বদলি হৈছিল৷ সময়বোৰে নিজে নিজে বাট বুলিছিল৷ ক’ব নোৱৰা, শুনিব নোৱৰা সেই যাতনাৰ পৰা নিজকে মোকলাই ল’বলৈকে তাই আভাসী দুনিয়াখনত পদাৰ্পণ কৰিছিল৷ সেই দুনিয়াৰে চিনাকি হোৱা কোনোবাজন তাইৰ বুকুৰ একোণতো নিগাজীকৈ বহি ৰৈছিল৷ লাহে লাহে নোকোৱা কথাবোৰ নুশুনা কথাবোৰ বুকুৰ অলিন্দ-নিলয় ভেদি সিৰাই সিৰাই প্ৰৱাহিত হৈছিল৷ সেয়াই কি ভালপোৱা আছিল! তাই সিমানলৈকে ভাবিব বিচৰা নাছিল৷ নিজৰ প্ৰতিবন্ধকতাখিনিৰ সৈতে মোকাবিলা কৰিব পৰা হৈ পৰিছিলগৈ তাই৷ কিন্তু হঠাৎ সেই আপদীয়া অসুখটোৱে…

কিছু দিন আগতে অহা তাইৰ বেলেগ এটা অসুখৰ ৰিপৰ্টটোৱেহে তাইক পুনৰ অন্ধকূপলৈ ঠেলা মাৰি দিলে৷  তাইৰ বাবে পৰিয়ালৰ মানুহখিনিৰ হ’বলগীয়া আলৈ-আথানিখিনিৰ বাবে বাৰে বাৰে অন্তৰ্দ্বন্দ্বত ভুগিবলৈ ধৰিলে তাই৷

 এটা সিদ্ধান্ত :

নিমাত-নিতাল নিশাটিত শিয়ালবোৰে আৰাও কৰি কৰি ভাগৰি পৰি শুই গৈছিল৷ ক’ৰবাত নিশাচৰ পখী এটিয়ে কৰুণভাৱে ৰোল তুলিছিল, ঠিক তেতিয়াই তাই আকাশৰ তৰাবোৰৰ ওচৰলৈ গুচি গৈছিল৷ নিৰ্বাক, নিস্পন্দ, স্থবিৰ হৈ পৰিছিল নৈখন৷ নৈখন চিৰদিনৰ বাবে স্থবিৰ হোৱা কথাতো নাছিল৷ কিন্তু সেয়াই হৈছিল কিয়নো নৈৰ বুকুৰ শিলবোৰ দেখা পোৱা নাছিল কোনেও, দেখিলেও তাৰ ভৰ কিমান হয়তো উপলব্ধি কৰা নাছিল৷ তাই দুলি লৈছিল গা ধোৱা ঘৰৰ চিলিংখনত লাগি ৰোৱা চিলাখনৰ দৰেই৷

পৰিশিষ্ট : 

তাই এখন নদী আছিল অথবা এটি পাহাৰী নিজৰা৷ ঐয়াঙে-দৈয়াঙে ঘূৰি ফুৰিছিল৷ কেতিয়াবা নদীৰ বুকুৰ পিছল শিলবোৰৰ ওপৰেদি খুপি খুপি খোজ দিছিল, আকৌ কেতিয়াবা স্থিৰ দৃষ্টি ৰাখি গতিশীল নৈখনৰ বুকুত আত্মবিভোৰ হৈছিল, জাল বাবলৈ গৈছিল, গোবৰ-মাটিৰে গাধৈৰ বেৰ লিপিছিল৷ মুঠতে মাটিৰ মানুহ আছিল তাই৷ আমোলমোল কেঁচা মাটিৰ ঘ্ৰাণ উজাই ল’ব জানিছিল তাই আৰু আকণ্ঠ ডুবিবলৈ শিকিছিল জীৱনৰ নিচাত৷ কেতিয়াবা মেলা চুলিটাৰিৰে তাইক কোনোবা অচিন দেশৰ পৰী যেনো লাগিছিল৷ খিৰিকীৰে কি জানো চাই থাকিছিল তাই৷ হয়তো সুনীল আকাশত তিৰবিৰাই থকা তৰাবোৰৰ সৈতে আলাপ চলিছিল তাইৰ৷ নৰমনিচৰ ভাষাবোৰ বোধগম্য নহ’লেও কিন্তু প্ৰকৃতিৰ প্ৰতিটো কথাই তাই বুজিছিল, জানিছিল৷ আৰু তাইক? কোনে বাৰু বুজিছিল?

নৈ ভাল পোৱা ছোৱালীজনীৰ বুকুৰ মাজেৰে বোৱা ভৰুণ নৈখন জানো দেখিছিল কোনোবাই? হয়তো দেখা নাছিল৷ তাইৰ ওঁঠৰ হাঁহিটোৱে যে কি সুদৃঢ় আচ্ছাদন তৰি দিছিল দুখৰ আঁচলখনক৷ সেয়েতো তাইৰ হিয়াৰ কাষৰ লগৰীকেইজনীয়েও নাজানিলে কোনোটো কথাই৷ তাইৰ অদেখা ঘাডোখৰৰ কথাও৷

যুঁজখন তাইৰ নিজৰ আছিল৷ সেইমতে যুঁজিছিলো তাই৷ পৰাজয় স্বীকাৰ কৰা মানসিকতাৰ পৰাতো হাজাৰ যোজন দূৰৈত আছিল তাই৷ তথাপি  কিবা অজুহাতত তাই ঘূৰি আহিব নোৱৰা বাটটো বিচাৰি ল’লে সিদিনা পুৱতি নিশা৷

সাঁচতীয়া সঁচাবোৰ : 

তাই নাজানিলে ছয়াময়াকৈ দেখা সপোনটো যে দিঠক হোৱাৰ আশঙ্কা আছিল৷ তাই নাজানিলে তাইক ‘বোজা’ বুলি নহয় তাইৰ বোজা পাতলাবলৈহে সকলোৱে অহোপুৰুষাৰ্থ কৰিছিল৷ তাই নাজানিলে সেউজীয়া লাইটৰ পোহৰত তাই কবিতা পঢ়া কবিজনে দিনমণিৰ পোহৰত তাইৰ বাবে এটা সেন্দূৰীয়া বাট কাটিব খুজিছিল৷ তাই এয়াও নাজানিলে তাইৰ ভিনিহিয়েকৰ লগত তাইৰে নীলা কভাৰৰ ফাইলটোৰ কথা পতা ইথাৰৰ সিপাৰৰ মানুহজনেই আছিল তাইৰ সপোনকোঁৱৰ৷ তাই নুবুজিলে হেৰাই যাবলৈ বিচাৰি লোৱা অজুহাততকৈ হাতে ঢুকি পোৱাতে যে তাইৰ বাবে মুঠি মুঠি সেউজীয়া আছিল তাই জীৱনটো জীয়াব পৰাকৈ৷ 

কেৱল নোকোৱা-নুশুনা কথাবোৰৰ বাহিৰেও যে অনুভৱৰ পৃথিৱীখনত তাইৰ বাবে ঐশ্বৰ্যৰ খনি আছিল তাই নুবুজিলে, নাজানিলে৷

ঠিকনা :

পৰ্বতীয়া ৰোড,তিনিচুকীয়া

ভ্ৰাম্যভাষ-৯১০১৩০৪৫৯০ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close